< যোহন 15 >

1 “ময়েই প্ৰকৃত দ্ৰাক্ষালতা; মোৰ পিতৃ খেতিয়ক
“Mimi ni mzabibu wa kweli, na Baba yangu ndiye mkulima.
2 গুচাই পেলায় আৰু যি যি ডালত গুটি ধৰে; সেইবোৰ ডালত পুনৰ অধিক গুটি ধৰিবলৈ তেওঁ পৰিষ্কাৰ কৰি দিয়ে।
Yeye huliondoa ndani yangu kila tawi lisilozaa matunda, na kila tawi lizaalo hulisafisha lipate kuzaa zaidi.
3 মই তোমালোকক কোৱা শিক্ষাৰ যোগেদি তোমালোক এতিয়া পৰিষ্কৃত হৈছা।
Ninyi mmekwisha kuwa safi kwa sababu ya ule ujumbe niliowaambieni.
4 তোমালোক মোত সংযুক্ত হৈ থাকা, ময়ো তোমালোকৰ সৈতে সংযুক্ত হৈ থাকিম। দ্ৰাক্ষালতাত লাগি নাথাকিলে, ডালত যেনেকৈ গুটি ধৰিব নোৱাৰে, তেনেকৈ মোৰ লগত নাথাকিলে, তোমালোকে ফলবন্ত হব নোৱাৰিবা।
Kaeni ndani yangu, nami nikae ndani yenu. Tawi haliwezi peke yake kuzaa matunda lisipokaa katika mzabibu hali kadhalika nanyi hamwezi kuzaa matunda msipokaa ndani yangu.
5 ময়েই দ্ৰাক্ষালতা, তোমালোক ডাল; যি জন মোৰ লগত থাকে আৰু ময়ো যি জনত থাকোঁ, সেই জন বহু ফলৱান হয়; কিয়নো মোৰ বাহিৰে তোমালোকে একো কৰিব নোৱাৰা।
“Mimi ni mzabibu, nanyi ni matawi yake. Akaaye ndani yangu, nami ndani yake, huyo atazaa matunda mengi, maana bila mimi hamwezi kufanya chochote.
6 কোনোৱে যদি মোৰ লগত নাথাকে, তেনেহ’লে তেওঁক শুকান ডালৰ দৰে বাহিৰলৈ পেলোৱাত, সি শুকাই যায় আৰু সেইবোৰ গোটাই জুইত পেলাই দিয়া হয়, তাতে সেইবোৰ পোৰা যায়।
Mtu yeyote asipokaa ndani yangu hutupwa nje kama tawi litupwalo nje hata likakauka. Watu huliokota tawi la namna hiyo na kulitupa motoni liungue.
7 তোমালোক যদি মোত থাকা আৰু মোৰ শিক্ষাও যদি তোমালোকত থাকে, তেনেহ’লে যি ইচ্ছা কৰা, তাকে খোজা, সেয়াই তোমালোকলৈ কৰা হব।
Mkikaa ndani yangu na maneno yangu yakikaa ndani yenu, basi, ombeni chochote mtakacho nanyi mtapewa.
8 ইয়াতে মোৰ পিতৃ মহিমান্বিত হয়, তোমালোকে অধিক ফল ধৰি নিজকে প্ৰমাণ কৰা যে, তোমালোক মোৰ প্ৰকৃত শিষ্য।
Baba yangu hutukuzwa kama mkizaa matunda mengi na kuwa wanafunzi wangu.
9 পিতৃয়ে যেনেকৈ মোক প্ৰেম কৰিলে, ময়ো তোমালোকক তেনেকৈ প্ৰেম কৰিলোঁ; তোমালোকে মোৰ প্ৰেমতে থাকা।
Mimi nimewapenda ninyi kama vile Baba alivyonipenda mimi. Kaeni katika pendo langu.
10 ১০ যদি মোৰ আজ্ঞা পালন কৰা, তেনেহলে, মই যেনেকৈ পিতৃৰ আজ্ঞা পালন কৰি, তেওঁৰ প্ৰেমত থাকোঁ; তোমালোকো তেনেকৈ তেওঁৰ প্ৰেমতে থাকিবা।
Mkizishika amri zangu mtakaa katika pendo langu, kama vile nami nilivyozishika amri za Baba yangu na kukaa katika pendo lake.
11 ১১ মোৰ আনন্দ তোমালোকত যেন থাকে আৰু তোমালোকৰ আনন্দ যেন সম্পূৰ্ণ হয়, এই কাৰণে তোমালোকক এইবোৰ কথা মই ক’লোঁ।
Nimewaambieni mambo haya ili furaha yangu ikae ndani yenu, na furaha yenu ikamilike.
12 ১২ এই মোৰ আজ্ঞা, মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰিবা।
Hii ndiyo amri yangu: pendaneni; pendaneni kama nilivyowapenda ninyi.
13 ১৩ বন্ধুৰ বাবে নিজৰ প্ৰাণ দিয়াৰ দৰে শ্ৰেষ্ঠ প্ৰেম আন ক’তো নাই।
Hakuna upendo mkuu zaidi kuliko upendo wa mtu atoaye uhai wake kwa ajili ya rafiki zake.
14 ১৪ তোমালোকক মই যি যি আজ্ঞা দিওঁ, সেইবোৰ যদি পালন কৰা, তেনেহলে তোমালোক মোৰ বন্ধু।
Ninyi ni rafiki zangu mkifanya ninayowaamuru.
15 ১৫ এতিয়াৰ পৰা মই তোমালোকক দাস বুলি নকওঁ, কিয়নো প্ৰভুৱে যি কৰে দাসে সেই বিষয়ে নাজানে। মই তোমালোকক বন্ধু বুলি কওঁ, কিয়নো মোৰ পিতৃৰ পৰা যি যি শুনিলোঁ; সেই বিষয়বোৰ তোমালোকক জনালোঁ।
Ninyi siwaiti tena watumishi, maana mtumishi hajui anachofanya bwana wake. Lakini mimi nimewaita ninyi rafiki, kwa sababu nimewajulisha yote ambayo nimeyasikia kutoka kwa Baba yangu.
16 ১৬ তোমালোকে যে মোক মনোনীত কৰিলা এনে নহয়, মইহে তোমালোকক মনোনীত কৰিলোঁ; আৰু তোমালোক যেন ফলৱন্ত হোৱা, তাতে তোমালোকৰ ফল যেন স্থায়ী হয়। মোৰ নামেৰে পিতৃৰ আগত যি খুজিবা, সেয়াই তেওঁ তোমালোকক দিব, এই কাৰণে তোমালোকক নিযুক্ত কৰিলোঁ।
Ninyi hamkunichagua mimi; mimi niliwachagueni na kuwatuma mwende mkazae matunda, matunda yadumuyo, naye Baba apate kuwapa ninyi chochote mumwombacho kwa jina langu.
17 ১৭ মই তোমালোকক এইবোৰ আজ্ঞা দিছোঁ, তোমালোকে পৰস্পৰে ইজনে সিজনক প্ৰেম কৰিবা।
Basi, amri yangu kwenu ndiyo hii: pendaneni.
18 ১৮ জগতে যদি তোমালোকক ঘৃণা কৰে, তেনেহলে জানিব লাগে যে তোমালোকক ঘৃণা কৰাৰ পূর্বে মোকেই ঘৃণা কৰিলে।
“Kama ulimwengu ukiwachukia ninyi, kumbukeni kwamba umenichukia mimi kabla haujawachukia ninyi.
19 ১৯ তোমালোক জগতৰ হোৱা হ’লে, জগতে তোমালোকক নিজৰ লোকৰ দৰে প্ৰেম কৰিলেহেঁতেন; কিন্তু তোমালোক জগতৰ নোহোৱা। মই তোমালোকক জগতৰ মাজৰ পৰা মনোনীত কৰিলোঁ, এই কাৰণে জগতে তোমালোকক ঘৃণা কৰে।
Kama mngalikuwa watu wa ulimwengu, ulimwengu ungaliwapenda ninyi kama watu wake. Lakini kwa vile ninyi si wa ulimwengu, ila mimi nimewachagueni kutoka ulimwenguni, kwa sababu hiyo ulimwengu unawachukieni.
20 ২০ মই তোমালোকক যি শিক্ষা দিলোঁ সেই বিষয়ে সোঁৱৰণ কৰা, ‘এজন দাস তেওঁৰ গৰাকীতকৈ ডাঙৰ নহয়৷’ তেওঁলোকে যদি মোক তাড়না কৰিলে, তেনেহলে তোমালোককো তাড়না কৰিব; মোৰ বাক্য যদি পালন কৰে, তেনেহলে তোমালোকৰ বাক্যও পালন কৰিব।
Kumbukeni niliyowaambieni: mtumishi si mkuu zaidi kuliko bwana wake. Ikiwa wamenitesa mimi, watawatesa na ninyi pia; kama wameshika neno langu, watalishika na lenu pia.
21 ২১ কিন্তু যি জনে মোক পঠিয়ালে, তেওঁক তেওঁলোকে নজনাৰ কাৰণে, মোৰ নামৰ কাৰণে তোমালোকক এইদৰে কৰিব।
Lakini hayo yote watawatendeeni ninyi kwa sababu ya jina langu, kwani hawamjui yeye aliyenituma.
22 ২২ মই আহি তেওঁলোকক কথা নোকোৱা হ’লে, তেওঁলোকৰ পাপ নহ’লহেঁতেন; কিন্তু এতিয়া পাপৰ বিষয়ে আপত্তি দৰ্শাবলৈ তেওঁলোকৰ কোনো উপায় নাই।
Kama nisingalikuja na kusema nao wasingalikuwa na hatia; lakini sasa hawawezi kujitetea kwamba hawana dhambi.
23 ২৩ যি জনে মোক ঘৃণা, সেই জনে মোৰ পিতৃকো ঘৃণা কৰে।
Anayenichukia mimi, anamchukia na Baba yangu pia.
24 ২৪ যি কর্ম আন কোনোৱে কেতিয়াও কৰা নাই, মই তেওঁলোকৰ মাজত তেনে কৰ্ম নকৰা হ’লে, তেওঁলোকৰ পাপ নহলহেঁতেন; কিন্তু এতিয়া মোক আৰু মোৰ পিতৃৰ কর্মবোৰক তেওঁলোকে দেখিলে, তথাপি তেওঁলোকে আমাক ঘৃণা কৰিলে।
Kama nisingalifanya kwao mambo ambayo hakuna mtu mwingine amekwisha yafanya wasingalikuwa na hatia; lakini sasa wameona niliyoyafanya wakinichukia mimi, wakamchukia na Baba yangu pia.
25 ২৫ বিধান-শাস্ত্ৰৰ এই বাক্য পূর্ণ হবলৈ, এই সকলো ঘটিল; যেনেদৰে তেওঁলোকৰ শাস্ত্রত লিখা আছে, ‘কোনো কাৰণ নোহোৱাতো তেওঁলোকে মোক ঘৃণা কৰিলে’।
Na hivi ni lazima yatimie yale yaliyoandikwa katika Sheria yao: Wamenichukia bure!
26 ২৬ কিন্তু পিতৃৰ পৰা ওলোৱা সেই সহায়কর্তা আহিব, সেই অগ্রসৰ হোৱা সত্যৰ আত্মাক মই যেতিয়া তোমালোকলৈ পঠাম, তেতিয়া তেওঁ মোৰ বিষয়ে সাক্ষ্য দিব।
“Atakapokuja huyo Msaidizi nitakayemtuma kwenu kutoka kwa Baba, huyo Roho wa kweli atokaye kwa Baba, yeye atanishuhudia mimi.
27 ২৭ তোমালোক আদিৰে পৰা মোৰ লগত থকাৰ কাৰণে, তোমালোকেও সাক্ষ্য দিবা।”
Nanyi pia mtanishuhudia kwa kuwa mmekuwa nami tangu mwanzo.

< যোহন 15 >