< পাঁচনি 2 >

1 পঞ্চাশ-দিনীয়া পৰ্বৰ দিনা যীচুৱে মনোনীত কৰা পাঁচনি সকল এঠাইত একেলগে গোট খাই আছিল।
Siku ya Pentekoste ilipofika, waumini wote walikuwa wamekusanyika pamoja.
2 সেই সময়ত অতিশয় বেগেৰে ধুমুহা বতাহ ব’লাৰ নিচিনা এটা শব্দ স্বৰ্গৰ পৰা অকস্মাতে আহি যি ঘৰত পাঁচনি সকল বহি আছিল, সেই গোটেই ঘৰটো জুৰিলে।
Ghafla, sauti ikasikika kutoka angani; sauti iliyokuwa kama ya upepo mkali, ikajaza ile nyumba yote walimokuwa wamekaa.
3 তেতিয়া তেওঁলোকৰ আগত জিভাৰ সদৃশ জুই ওলাই প্ৰতিজনৰ ওপৰত ৰৈ থাকিল।
Kisha, vikatokea vitu vilivyoonekana kama ndimi za moto, vikagawanyika na kutua juu ya kila mmoja wao.
4 সেই সময়ত তেওঁলোক সকলোৱে পবিত্ৰ আত্মাৰে পূৰ হৈ, আত্মাই নিৰ্দেশ দিয়াৰ দৰে আন আন ভাষাৰে কথা কবলৈ ধৰিলে।
Wote wakajazwa Roho Mtakatifu, wakaanza kusema lugha mbalimbali kadiri Roho alivyowawezesha.
5 সেই সময়ত যিৰূচালেমত বাস কৰা ইহুদী লোক আৰু আকাশৰ তলত থকা সকলো দেশৰ পৰা অহা ধৰ্মীয় ভক্ত সকল সেই ঠাইত আছিল।
Na huko Yerusalemu walikuwako Wayahudi, watu wamchao Mungu, waliotoka katika kila nchi duniani.
6 যেতিয়া স্বৰ্গৰ পৰা অহা সেই শব্দ তেওঁলোকে শুনিবলৈ পালে, তেতিয়া তেওঁলোক একগোট হ’ল আৰু প্ৰতিজনে তেওঁলোকৰ নিজ ভাষাৰে পাঁচনি সকলক কথা কোৱা শুনি কিংকৰ্তব্যবিমূঢ় হ’ল;
Waliposikia sauti hiyo, kundi kubwa la watu lilikusanyika. Wote walishtuka sana kwani kila mmoja wao aliwasikia hao waumini wakisema kwa lugha yake mwenyewe.
7 তাতে তেওঁলোকে বিস্ময় মানিলে আৰু আচৰিত হৈ নিজৰ মাজতে ভুৰভুৰালে আৰু ক’লে, “যি সকলে এই কথা কৈছে, তেওঁলোক গালীলীয়া মানুহ নহয় নে?
Walistaajabu na kushangaa, wakisema, “Je, hawa wote tunaowasikia wakisema hivi, si wenyeji wa Galilaya?
8 যদি সেয়ে সত্য হয়, তেনেহলে আমি প্ৰতিজনে নিজ নিজ মাতৃ-ভাষাত কেনেকৈ শুনিবলৈ পাইছোঁ?”
Imekuwaje, basi, kwamba kila mmoja wetu anawasikia wakisema kwa lugha yake mwenyewe?
9 পাৰ্থিয়া, মাদিয়া, এলাম, মেচোপতেমিয়া, যিহূদা, কোপ্পাদকিয়া, পন্ত, এচিয়া,
Baadhi yetu ni Waparthi, Wamedi na Waelami; wengine ni wenyeji wa Mesopotamia, Yudea, Kapadokia, Ponto na Asia,
10 ১০ ফিৰুগিয়া, পাম্ফুলিয়া, মিচৰ, এই সকলো দেশৰ মানুহ আৰু কুৰীণীৰ ওচৰৰ লুবিয়াৰ সীমাত থকা সকল, ৰোম নগৰৰ পৰা অহা ইহুদী সকল আৰু ইহুদী ধৰ্ম লোৱা বিদেশী লোক সকল,
Frugia na Pamfulia, Misri na sehemu za Libya karibu na Kurene; wengine wetu ni wageni kutoka Roma,
11 ১১ ক্ৰীত আৰু আৰব দেশৰ মানুহবোৰে নিজ নিজ মাতৃ-ভাষাত ঈশ্বৰৰ মহৎ আচৰিত কাৰ্যৰ কথা কৈ থকা শুনিবলৈ পোৱাত
Wayahudi na watu walioongokea dini ya Kiyahudi; wengine wametoka Krete na Arabia. Sisi sote tunasikia wakisema kwa lugha zetu wenyewe mambo makuu ya Mungu.”
12 ১২ তেওঁলোকে বিস্ময় মানি সংশয় মনেৰে কোৱা-কুই কৰি ক’লে, “এই সকলোবোৰৰ অৰ্থ কি?”
Wote walishangaa na kufadhaika huku wakiulizana, “Hii ina maana gani?”
13 ১৩ কিন্তু কিছু সংখ্যক লোকে ক’লে, “এইবোৰ মানুহ নতুন দ্ৰাক্ষাৰস পান কৰি মতলীয়া হৈছে।”
Lakini wengine wakawadhihaki wakisema, “Watu hawa wamelewa divai mpya!”
14 ১৪ তেতিয়া পিতৰে এঘাৰ জন পাঁচনিৰে সৈতে থিয় হৈ বৰ মাতেৰে ক’লে, “হে যিহুদী লোক সকল, হে আটাই যিৰূচালেম নিবাসী সকল, এই কথা আপনালোকৰ জ্ঞাত হওক আৰু মোৰ কথালৈ কাণ দিয়ক।
Lakini Petro alisimama pamoja na wale kumi na mmoja akaanza kuwahutubia watu kwa sauti kubwa: “Ndugu Wayahudi nanyi nyote mnaokaa hapa Yerusalemu, sikilizeni kwa makini maneno yangu.
15 ১৫ আপোনালোকে যেনেকৈ ভাবিছে, তেনেকৈ এওঁলোক মতলীয়া নহয়, কাৰণ এতিয়া পুৱাৰ ন মানহে বাজিছে৷
Watu hawa hawakulewa kama mnavyodhani; mbona ni saa tatu tu asubuhi?
16 ১৬ কিয়নো এই সকলো কথা যোৱেল ভাববাদীৰ যোগে কোৱা হৈছিলঃ
Ukweli ni kwamba jambo hili ni lile alilosema nabii Yoeli:
17 ১৭ ‘ঈশ্বৰে কৈছে, শেষৰ দিনা সকলো মানুহৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তোমালোকৰ সতি-সন্ততি সকলে ভাববাণী প্ৰচাৰ কৰিব, তোমালোকৰ যুৱক সকলে দৰ্শন পাব, তোমালোকৰ বৃদ্ধ লোক সকলে সপোন দেখিব।
Katika siku zile za mwisho, asema Bwana, nitawamiminia binadamu wote Roho wangu. Watoto wenu, wanaume kwa wanawake, watautangaza ujumbe wangu; vijana wenu wataona maono, na wazee wenu wataota ndoto.
18 ১৮ আৰু সেই কালত মই তোমালোকৰ দাস, দাসী সকলৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তেওঁলোকে ভাববাণী প্ৰচাৰ কৰিব,
Naam, hata watumishi wangu, wanaume kwa wanawake, nitawamiminia Roho wangu, siku zile, nao watautangaza ujumbe wangu.
19 ১৯ আৰু মই আকাশত অদ্ভুত লক্ষণ আৰু পৃথিৱীতো নানা পৰাক্ৰমৰ চিন যেনে, তেজ, জুই আৰু ধোঁৱা স্বৰূপ মেঘ দেখুৱাম৷
Nitatenda miujiza juu angani, na ishara chini duniani; kutakuwa na damu, moto na moshi mzito;
20 ২০ প্ৰভুৰ সেই মহৎ আৰু প্ৰসিদ্ধ দিন অহাৰ পুৰ্বেই, সূৰ্য আন্ধাৰ আৰু চন্দ্ৰ তেজৰ দৰে হ’ব।
jua litatiwa giza, na mwezi utakuwa mwekundu kama damu, kabla ya kutokea ile siku kuu na tukufu ya Bwana.
21 ২১ কিন্তু যি কোনোৱে প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে, সি পৰিত্ৰাণ পাব।’
Hapo, yeyote atakayeomba kwa jina la Bwana, ataokolewa.
22 ২২ হে ইস্ৰায়েলী লোক সকল, এই কথাবোৰ শুনক; নাচৰতীয়া যীচু আপোনালোকলৈ ঈশ্বৰৰ মনোনীত জন যে হয়, এই বিষয়ে আপোনালোকে জানি আছে। ঈশ্বৰে যে তেওঁৰ দ্বাৰাই আচৰিত আৰু অদ্ভুত কৰ্ম আৰু চিন অাপোনালোকৰ আগত দেখুৱালে, সেয়াও আপোনালোকে জানে৷
“Wananchi wa Israeli, sikilizeni maneno haya! Yesu wa Nazareti alikuwa mtu ambaye mamlaka yake ya kimungu yalithibitishwa kwenu kwa miujiza, maajabu na ishara Mungu alizofanya kati yenu kwa njia yake, kama mnavyojua.
23 ২৩ কাৰণ ঈশ্বৰৰ দ্বাৰা তেওঁ নিৰ্ণীত আৰু পূৰ্বজ্ঞানেৰে তেওঁক তোলা হ’ল, কিন্তু আপোনালোকে তেওঁক বিধানহীনৰ হাতৰ দ্বাৰাই ক্ৰুচত তুলি বধ কৰিলে।
Kufuatana na mpango wake mwenyewe Mungu alikwisha amua kwamba Yesu angetiwa mikononi mwenu; nanyi mkamuua kwa kuwaachia watu wabaya wamsulubishe.
24 ২৪ কিন্তু ঈশ্বৰে তেওঁক মৃত্যুৰ যাতনাৰ পৰা মুক্ত কৰি জীয়ালে, কিয়নো তেওঁ মৃত্যুৰ বন্ধনত থকা অসাধ্য।
Lakini Mungu alimfufua kutoka wafu akamwokoa katika maumivu ya kifo kwa maana haingewezekana kabisa kifo kimfunge.
25 ২৫ তেওঁৰ বিষয়ে দায়ুদে কৈছিল, বোলে, ‘মই সদায় প্ৰভুক মোৰ সন্মুখত দেখিলোঁ; মই লৰচৰ নহবলৈ তেওঁ মোৰ সোঁফালে থাকে;
Maana Daudi alisema juu yake hivi: Nilimwona Bwana mbele yangu daima; yuko nami upande wangu wa kulia, na hivyo sitatikisika.
26 ২৬ এই হেতুকে মোৰ মন আনন্দিত হৈছে, মোৰ জিভাই উল্লাস কৰিছে, আৰু মোৰ শৰীৰেও ভাৰসাৰে বাস কৰিব;
Kwa hiyo, moyo wangu ulifurahi; tena nilipiga vigelegele vya furaha. Mwili wangu utakaa katika tumaini;
27 ২৭ কিয়নো তুমি মৃতলোকত মোৰ আত্মাক নেৰিবা, আৰু তোমাৰ পবিত্ৰ জনক ক্ষয় পাবলৈ নিদিবা৷ (Hadēs g86)
kwa kuwa hutaiacha roho yangu katika kuzimu, wala kumruhusu mtakatifu wako aoze. (Hadēs g86)
28 ২৮ তুমি মোক জীৱনৰ পথ দেখুৱাবা আৰু তোমাৰ সন্মুখত যি আনন্দ, তাৰে মোক পূৰ কৰিবা।’
Umenionyesha njia za kuufikia uzima, kuwako kwako kwanijaza furaha!
29 ২৯ হে ভাইসকল, পিতৃ কুলপতি দায়ুদৰ কথা আপোনালোকৰ আগত স্পষ্টকৈ কব পাৰোঁ যে, তেওঁ মৰিল আৰু তেওঁক মৈদামত থোৱা হ’ল, তেওঁৰ সেই মৈদাম আজিলৈকে আমাৰ মাজত আছে৷
“Ndugu zangu, napenda kuwaambieni waziwazi juu ya mambo yaliyompata Daudi, babu yetu. Yeye alikufa, akazikwa, tena kaburi lake liko papa hapa petu mpaka leo.
30 ৩০ কিন্তু নিজে এজন ভাববাদী হৈ তেওঁৰ বংশৰ পৰা এজনক তেওঁৰ সিংহাসনত বহুৱাবলৈ, ঈশ্বৰে শপত খাই যি প্ৰতিজ্ঞা কৰিছিল,
Lakini kwa vile Daudi alikuwa nabii, alijua kuwa Mungu alimwapia kiapo kwamba atamtawaza mmoja wa uzawa wake kuwa mfalme mahali pake.
31 ৩১ সেই প্ৰতিজ্ঞাৰ বিষয়ে জানিবলৈ পোৱাত, ভবিষ্যতৰ ঘটনালৈ চাই খ্ৰীষ্টৰেই পুনৰুত্থানৰ বিষয়ে ক’লে যে, ‘তেওঁক মৃতলোকত ত্যাগ কৰা নহ’ল আৰু তেওঁৰ শৰীৰো ক্ষয় নাপালে৷’ (Hadēs g86)
Daudi aliona kabla mambo yatakayofanywa na Mungu na hivyo akasema juu ya ufufuo wa Kristo wakati aliposema: Hakuachwa kuzimu, mwili wake haukuoza. (Hadēs g86)
32 ৩২ সেই যীচুকে ঈশ্বৰে পুনৰায় মৈদামৰ পৰা জীৱিত কৰিলে, সেই ঘটনাৰ সাক্ষী আমি আছোঁ৷
Basi, Mungu alimfufua huyo Yesu na sisi sote ni mashahidi wa tukio hilo.
33 ৩৩ এতেকে উত্তোলিত হৈ ঈশ্বৰৰ সোঁ হাতে ওখ পদ পাই আৰু পবিত্ৰ আত্মাৰ বিষয়ে পিতৃৰ পৰা প্ৰতিজ্ঞা পাই আপোনালোকে যি দেখিছে আৰু শুনি আছে, এইবোৰ তেওঁ বাকি দিলে৷
Yesu aliinuliwa juu mpaka upande wa kulia wa Mungu, akapokea kutoka kwa Baba ile zawadi aliyoahidi yaani Roho Mtakatifu; na mnachoona sasa na kusikia ni mmiminiko wa huyo Roho.
34 ৩৪ কিয়নো দায়ুদ হ’লে স্বৰ্গলৈ উঠা নাই, কিন্তু তেওঁ নিজেই এই কথা ক’লে, “প্ৰভুৱে মোৰ প্ৰভুক ক’লে, মোৰ সোঁফালে বহি থাকা,
Maana Daudi mwenyewe, hakupanda mpaka mbinguni; ila yeye alisema: Bwana alimwambia Bwana wangu: Keti upande wangu wa kulia,
35 ৩৫ “যেতিয়ালৈকে মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁ।”
hadi nitakapowafanya adui zako kibao cha kukanyagia miguu yako.
36 ৩৬ এই কাৰণে ইস্ৰায়েলৰ সকলো মানুহে ইয়াক নিশ্চয়কৈ জনা উচিত যে, যি জনক অৰ্থাৎ যি জন যীচুক আপোনালোকে ক্রুচত দিলে, ঈশ্বৰে হলে তেওঁক প্ৰভু আৰু খ্ৰীষ্ট পাতিলে।
“Watu wote wa Israeli wanapaswa kufahamu kwa hakika kwamba huyo Yesu mliyemsulubisha ninyi, ndiye huyo ambaye Mungu amemfanya kuwa Bwana na Kristo.”
37 ৩৭ এই কথা শুনি তেওঁলোকৰ হৃদয় বিন্ধাত, পিতৰ আৰু আন পাঁচনি সকলক তেওঁলোকে কলে, “হে ভাই সকল, আমি এতিয়া কি কৰিম?”
Basi, watu waliposikia hayo, walichomwa moyo, wakawauliza Petro na wale mitume wenzake: “Ndugu zetu, tufanye nini?”
38 ৩৮ তেতিয়া পিতৰে তেওঁলোকক কলে, “আপোনালোকে পাপ ক্ষমা পাবলৈ অনুতপ্ত হওক আৰু যীচু খ্ৰীষ্টৰ নামেৰে প্ৰতিজনে বাপ্তিস্ম গ্ৰহণ কৰক, তেনে কৰিলেহে আপোনালোকে পবিত্ৰ আত্মা পাব৷
Petro akajibu, “Tubuni na kila mmoja wenu abatizwe kwa jina la Yesu Kristo ili mpate kuondolewa dhambi zenu na kupokea ile zawadi ya Roho Mtakatifu.
39 ৩৯ কিয়নো আপোনালোক আৰু আপোনালোকৰ সন্তান সকললৈ আৰু দূৰৈত থকা লোক সকলৰ কাৰণেও এই প্ৰতিজ্ঞা আছে যে, আমাৰ প্ৰভু পৰমেশ্বৰে সকলোকে নিমন্ত্ৰণ কৰিব।
Maana, ahadi ile ilikuwa kwa ajili yenu, kwa ajili ya watoto wenu, kwa ajili ya wote wanaokaa mbali; na kwa ajili ya kila mtu ambaye Bwana Mungu wetu atamwita kwake.”
40 ৪০ ইয়াৰ উপৰি তেওঁ ভালেমান কথাৰে সাক্ষ্য দি তেওঁলোকক উদগণি দিলে আৰু ক’লে, “এই কুটিল লোকৰ পৰা নিজকে ৰক্ষা কৰক।”
Kwa maneno mengine mengi, Petro alisisitiza na kuwahimiza watu akisema, “Jiokoeni katika kizazi hiki kiovu.”
41 ৪১ তেতিয়া তেওঁলোকে তেওঁৰ কথা গ্ৰহণ কৰি বাপ্তিস্ম ললে আৰু সেই দিনাই প্ৰায় তিনি হাজাৰ লোকক তেওঁলোকৰ লগত লগ লগোৱা হ’ল৷
Wengi waliyakubali maneno yake, wakabatizwa. Watu wapatao elfu tatu wakaongezeka katika kile kikundi siku hiyo.
42 ৪২ পাছত তেওঁলোকে পাঁচনি সকলৰ উপদেশত, সহভাগিতাত, পিঠা ভঙাত আৰু প্ৰাৰ্থনাত লাগি থাকিল।
Hawa wote waliendelea kujifunza kutoka kwa mitume, kuishi pamoja kidugu, kumega mkate na kusali.
43 ৪৩ তাতে পাঁচনি সকলৰ দ্বাৰাই অনেক অদ্ভুত লক্ষণ আৰু আচৰিত চিন যেতিয়া দেখুওঁৱা হ’ল, তেতিয়া সকলো লোকৰ ভয় লাগিল
Miujiza na maajabu mengi yalifanyika kwa njia ya mitume hata kila mtu akajawa na hofu.
44 ৪৪ আৰু বিশ্বাস কৰা সকলোৱে একলগ হৈ সকলো সম্পত্তি উমৈহতীয়াকৈ ভাগ কৰিলে।
Waumini wote waliendelea kuwa kitu kimoja na mali zao waligawana pamoja.
45 ৪৫ আৰু তেওঁলোকৰ স্হাৱৰ আৰু অস্হাৱৰ সম্পত্তি বেচি যাৰ যি প্ৰয়োজন, সেইদৰে সকলোকে ভগাই দিলে।
Walikuwa wakiuza mali na vitu vyao kisha wakagawana fedha kadiri ya mahitaji ya kila mmoja.
46 ৪৬ তাৰ পাছত সকলোৱে এক উদ্দেশ্যেত সদায় মন্দিৰলৈ গৈ থাকিল আৰু ঘৰে ঘৰে পিঠা ভাঙি ঈশ্বৰৰ স্তুতি কৰি, সকলোৱে আনন্দেৰে আৰু নম্ৰ হৃদয়েৰে খোৱা-বোৱা কৰিলে;
Waliendelea kukutana pamoja kila siku Hekaluni. Lakini wakati wa kumega mkate, walikutana katika nyumba zao na wakakishiriki chakula hicho kwa furaha na moyo mkunjufu.
47 ৪৭ আৰু ঈশ্বৰৰ স্তুতি কৰি সকলো লোকৰ আদৰৰ পাত্ৰ হ’ল৷ প্ৰভুৱে দিনে দিনে পৰিত্ৰাণ পোৱা লোক সকলক তেওঁলোকৰ লগত লগ লগাই দিলে।
Walimtukuza Mungu, wakapendwa na watu wote. Kila siku Bwana aliwaongezea idadi ya watu waliokuwa wakiokolewa.

< পাঁচনি 2 >