< যোহন 12 >

1 নিস্তাৰ-পৰ্বৰ ছয় দিনৰ আগতে যীচু বৈথনিয়া গাওঁলৈ আহিল, সেই ঠাইত লাজাৰে বাস কৰিছিল৷ এই জন লাজাৰকে যীচুৱে মৃত্যুৰ পৰা তুলিছিল।
Siku sita kabla ya sikukuu ya Pasaka, Yesu alifika Bethania alikoishi Lazaro ambaye Yesu alikuwa amemfufua kutoka wafu.
2 সেই ঠাইতে তেওঁলোকে যীচুৰ কাৰণে ৰাতিৰ আহাৰ যুগুত কৰিলে। মাৰ্থাই খোৱা আহাৰ বাঢ়ি দিছিল, যীচুৰ লগত যি সকলে ভোজনত বহিছিল তেওঁলোকৰ মাজতে লাজাৰো আছিল।
Huko walimwandalia chakula cha jioni, naye Martha akawa anawatumikia. Lazaro alikuwa mmoja wa wale waliokuwa mezani pamoja na Yesu.
3 তেতিয়া মৰিয়মে বহুমুল্য বিশুদ্ধ জটামাংসীৰ সুগন্ধি তেল আনি যীচুৰ চৰণত ঘঁহিলে আৰু নিজৰ চুলিৰে যীচুৰ চৰণ মচি সেই তেল সানি দিলে; তেতিয়া সেই তেলৰ সু-গন্ধই গোটেই ঘৰ জুৰিলে।
Basi, Maria alichukua chupa ya marashi ya nardo safi ya thamani kubwa, akampaka Yesu miguu na kuipangusa kwa nywele zake. Nyumba yote ikajaa harufu ya marashi.
4 তেতিয়া তেওঁৰ শিষ্য সকলৰ মাজৰ যি জনে তেওঁক শত্ৰুৰ হাতত শোধাই দিব, সেই ঈষ্কৰিয়োতীয়া যিহূদাই মৰিয়মৰ এই কার্যক বিৰোধ কৰিলে আৰু ক’লে,
Basi, Yuda Iskarioti, mmoja wa wale kumi na wawili ambaye ndiye atakayemsaliti Yesu, akasema,
5 “আমি এই তেল তিনি শ আধলিত বিক্ৰী কৰি, দৰিদ্ৰ সকলৰ মাজত কিয় দান নকৰিলোঁ?”
“Kwa nini marashi hayo hayakuuzwa kwa fedha dinari mia tatu, wakapewa maskini?”
6 তেওঁ যে দৰিদ্ৰ সকললৈ চিন্তা কৰি এই কথা কৈছিল, এনে নহয়, কিন্তু তেওঁ চোৰ; তেওঁৰ হাতত ধনৰ জোলোঙা আছিল, সেই কাৰণে তাৰ ভিতৰত যি দিয়া যায়, তাকে তেওঁ চোৰ কৰে, এই কাৰণতে তেওঁ এনে কথা কৈছিল।
Alisema hivyo, si kwa kuwa alijali chochote juu ya maskini, bali kwa sababu alikuwa mweka hazina, na kwa kuwa alikuwa mwizi, mara kwa mara aliiba kutoka katika hiyo hazina.
7 তেতিয়া যীচুৱে ক’লে, “তেওঁক অকলে থাকিবলৈ দিয়া! মোক মৈদামত থোৱা দিনৰ কাৰণে তেওঁক এই সুগন্ধি ৰাখিবলৈ দিয়া হৈছিল৷
Lakini Yesu akasema, “Msimsumbue huyu mama! Mwacheni ayaweke kwa ajili ya siku ya mazishi yangu.
8 কিয়নো দৰিদ্ৰ সকল তোমালোকৰ লগত সদায় থাকিব; কিন্তু মই তোমালোকৰ লগত সদায় নাথাকো।”
Maskini mtakuwa nao siku zote, lakini hamtakuwa nami siku zote.”
9 ইহুদী সকলৰ বহুতে গম পালে যে, যীচু বৈথনিয়াতে আছে। তেতিয়া তেওঁলোক তালৈ আহিল, কিন্তু যীচুক চাবৰ কাৰণে যে আহিল এনে নহয়, যি জন লাজাৰক মৃত লোকৰ মাজৰ পৰা যীচুৱে তুলিছিল, সেই জন লাজাৰক চাবলৈহে তেওঁলোক আহিল।
Wayahudi wengi walisikia kwamba Yesu alikuwa Bethania. Basi, wakafika huko si tu kwa ajili ya kumwona Yesu, ila pia wapate kumwona Lazaro ambaye Yesu alimfufua kutoka wafu.
10 ১০ সেয়েহে প্ৰধান পুৰোহিত সকলে লাজাৰক বধ কৰিবলৈ চক্ৰান্ত কৰিব ধৰিলে;
Makuhani wakuu waliamua pia kumwua Lazaro,
11 ১১ কিয়নো সেই কাৰণে বহুতো ইহুদী লোকে যীচুত বিশ্বাস কৰিছিল।
Maana kwa sababu ya Lazaro Wayahudi wengi waliwaasi viongozi wao, wakamwamini Yesu.
12 ১২ পাছদিনা নিস্তাৰপৰ্বলৈ অহা লোক সকলে শুনিবলৈ পালে যে, যীচু যিৰূচালেমলৈ আহিছে ৷
Kesho yake, kundi kubwa la watu waliokuja kwenye sikukuu walisikia kuwa Yesu alikuwa njiani kuja Yerusalemu.
13 ১৩ তেতিয়া তেওঁলোকে খেজুৰ পাত হাতত লৈ তেওঁক আগ বঢ়াবলৈ নগৰলৈ গল আৰু চিঞৰি-চিঞৰি ক’লে, “হোচানা! হোচানা! যি জন প্ৰভুৰ নামেৰে আহিছে, ঈশ্বৰে তেওঁক আশীর্বাদ কৰক৷ ইস্ৰায়েলৰ ৰজাক ঈশ্বৰে আশীর্বাদ কৰক।”
Basi, wakachukua matawi ya mitende, wakatoka kwenda kumlaki; wakapaaza sauti wakisema: “Hosana! Abarikiwe huyo ajaye kwa jina la Bwana. Abarikiwe mfalme wa Israeli.”
14 ১৪ তেতিয়া যীচুৱে এটা গাধ পোৱালি দেখা পালে আৰু তেওঁ তাৰ ওপৰত বহিল, যেনেকৈ শাস্ত্ৰত লিখা আছে
Yesu akampata mwana punda mmoja akapanda juu yake kama yasemavyo Maandiko:
15 ১৫ “তোমালোকে ভয় নকৰিবা, হে চিয়োন জীয়ৰী; চোৱা তোমালোকৰ ৰজা আহিছে, তেওঁ গাধ পোৱালিৰ ওপৰত উঠি আহিছে৷”
“Usiogope mji wa Sioni! Tazama, Mfalme wako anakuja, Amepanda mwana punda.”
16 ১৬ এই সকলো বিষয় তেওঁৰ শিষ্য সকলে প্ৰথমতে বুজি পোৱা নাছিল; কিন্তু যেতিয়া যীচু মহিমাম্বিত হৈ উত্তোলিত হ’ল, তেতিয়া তেওঁলোকৰ মনত পৰিল যে, শাস্ত্ৰত এই বিষয়ে লিখা আছিল আৰু তেওঁলোকে তেওঁৰ কাৰণে এনে কৰ্ম কৰিছিল।
Wakati huo wanafunzi wake hawakuelewa mambo hayo, lakini Yesu alipokwisha tukuzwa, ndipo walipokumbuka kwamba hayo yalikuwa yameandikwa juu yake, na kwamba watu walikuwa wamemtendea hivyo.
17 ১৭ যেতিয়া যীচুৱে লাজাৰক মৈদামৰ পৰা উঠি আহিবলৈ কৈছিল আৰু তেওঁক মৃত লোকৰ মাজৰ পৰা জীৱিত কৰি তুলিছিল, সেই সময়ত যি সকল লোক তেওঁৰ লগত আছিল, তেওঁলোকে এই বিষয়ে আন লোকৰ আগত সাক্ষ্য দিবলৈ ধৰিলে।
Kundi la watu wale waliokuwa pamoja naye wakati alipomwita Lazaro kutoka kaburini, akamfufua kutoka wafu, walisema yaliyotukia.
18 ১৮ এই কাৰণে লোক সকলে তেওঁক দেখা কৰিবলৈ আহিল, কিয়নো তেওঁলোকে শুনিছিল যে, এই আচৰিত কার্যবোৰ তেওঁ কৰিছে।
Kwa hiyo umati huo wa watu ulimlaki, maana wote walisikia kwamba Yesu alikuwa amefanya ishara hiyo.
19 ১৯ তাতে ফৰীচী সকলে ইজনে সিজনৰ মাজত কোৱা-কুই কৰি ক’লে, “তোমালোকে দেখিলা, আমাৰ সকলো চেষ্টা ব্যর্থ হল৷ চোৱা, গোটেই জগত খনে তেওঁৰ পাছত গ’ল।”
Basi, Mafarisayo wakaambiana, “Mnaona? Hatuwezi kufanya chochote! Tazameni, ulimwengu wote unamfuata.”
20 ২০ সেই সময়ত নিস্তাৰ পর্ব উপলক্ষে উপাসনা কৰিবৰ বাবে লোক সকল যিৰূচালেমলৈ আহিছিল, তেওঁলোকৰ মাজত কেইজনমান গ্ৰীক মানুহ আছিল।
Kulikuwa na Wagiriki kadhaa miongoni mwa watu waliokuwa wamefika Yerusalemu kuabudu wakati wa sikukuu hiyo.
21 ২১ তেওঁলোকে গালীল দেশৰ বৈৎ-চৈদা গাওঁৰ পৰা ফিলিপৰ ওচৰলৈ আহি অনুৰোধ কৰি ক’লে, “হে মহাশয়, আমি যীচুক চাবলৈ ইচ্ছা কৰোঁ।”
Hao walimwendea Filipo, mwenyeji wa Bethsaida katika Galilaya, wakasema, “Mheshimiwa, tunataka kumwona Yesu.”
22 ২২ ফিলিপে আহি আন্দ্ৰিয়ক এই কথা ক’লে; তেতিয়া আন্দ্ৰিয়ই ফিলিপে সৈতে আহি যীচুক জনালে।
Filipo akaenda akamwambia Andrea, nao wawili wakaenda kumwambia Yesu.
23 ২৩ যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “মানুহৰ পুত্ৰ মহিমান্বিত হ’বৰ সময় হৈছে।
Yesu akawaambia, “Saa ya kutukuzwa kwa Mwana wa Mtu imefika!
24 ২৪ মই তোমালোকক অতি স্বৰূপকৈ কওঁ, ধানৰ গুটি এটি যদি মাটিত পৰি মৰি নাযায়, তাতে সি অকল এটা গুটি হৈয়েই থাকে; কিন্তু যদি মৰে, তেনেহলে তাত অনেক গুটি ধৰে।
Kweli nawaambieni, punje ya ngano hubaki punje tu isipokuwa ikianguka katika udongo na kufa. Kama ikifa, basi huzaa matunda mengi.
25 ২৫ যি কোনোৱে নিজৰ জীৱনক প্ৰেম কৰে, তেওঁ তাক হেৰুৱাই আৰু যি কোনোৱে এই জগতত নিজৰ জীৱনক প্ৰেম নকৰে, তেওঁ অনন্ত জীৱনলৈ তাক ৰক্ষা কৰে। (aiōnios g166)
Anayependa maisha yake, atayapoteza; anayeyachukia maisha yake katika ulimwengu huu, atayaweka kwa ajili ya uzima wa milele. (aiōnios g166)
26 ২৬ কোনোৱে যদি মোৰ পৰিচৰ্যা কৰিব খোজে, তেনেহলে তেওঁ মোৰ পাছে পাছে আহক; তাতে মই যি ঠাইত থাকোঁ, মোৰ সেৱক জনো সেই ঠাইতে থাকিব; কোনোৱে যদি মোৰ সেৱা কৰে, তেনেহলে মোৰ পিতৃয়ে তেওঁক সমাদৰ কৰিব।
Anayetaka kunitumikia ni lazima anifuate, hivyo kwamba popote pale nilipo mimi ndipo na mtumishi wangu atakapokuwa. Mtu yeyote anayenitumikia Baba yangu atampa heshima.
27 ২৭ এতিয়া মোৰ প্ৰাণ ব্যাকুল হৈছে আৰু মই কি ক’ম? হে পিতৃ, এই সময়ৰ পৰা মোক ৰক্ষা কৰা, ইয়াকে ক’ম নে? কিন্তু এই কাৰণেহে মই এই সময়লৈ আহিলোঁ।
“Sasa roho yangu imefadhaika, na niseme nini? Je, niseme: Baba, usiruhusu saa hii inifikie? Lakini ndiyo maana nimekuja—ili nipite katika saa hii.
28 ২৮ হে পিতৃ, তোমাৰ নাম মহিমাম্বিত কৰা৷” তেতিয়া স্বৰ্গৰ পৰা এটা বাণী আহিল আৰু ক’লে, “মই মহিমান্বিত কৰিলোঁ, আকৌ মহিমান্বিত কৰিম”।
Baba, ulitukuze jina lako.” Hapo sauti ikasema kutoka mbinguni, “Nimelitukuza, na nitalitukuza tena.”
29 ২৯ তেতিয়া তাতে লোক সকল থিয় হৈ আছিল আৰু তেওঁলোকে ইয়াক মেঘ-গর্জন বুলি কলে; কিছুমানে কলে, “স্বর্গৰ দূতে তেওঁৰ সৈতে কথা ক’লে।”
Umati wa watu waliokuwa wamesimama hapo walisikia sauti hiyo, na baadhi yao walisema, “Malaika ameongea naye!”
30 ৩০ যীচুৱে উত্তৰ দি ক’লে, “মোৰ কাৰণে এই বাণী হোৱা নাই, তোমালোকৰ কাৰণেহে এই বাণী হ’ল।
Lakini Yesu akawaambia, “Sauti hiyo haikutokea kwa ajili yangu mimi, ila kwa ajili yenu.
31 ৩১ এতিয়া এই জগতৰ সোধ-বিচাৰ হৈছে; এতিয়া এই জগতৰ অধিকাৰীক বাহিৰ কৰা হ’ব;
Sasa ndio wakati wa ulimwengu huu kuhukumiwa; sasa mtawala wa ulimwengu huu atapinduliwa.
32 ৩২ আৰু মই পৃথিৱীৰ পৰা উত্তোলিত হ’লে, সকলোকে মোৰ ওচৰলৈ আকৰ্ষণ কৰিম।”
Nami nitakapoinuliwa juu ya nchi nitamvuta kila mmoja kwangu.”
33 ৩৩ তেওঁৰ মৃত্যু কেনে ধৰণে হব, সেই বিষয়ে বুজাবলৈ তেওঁ এই কথা ক’লে।
(Kwa kusema hivyo alionyesha atakufa kifo gani).
34 ৩৪ তাতে লোক সকলে তেওঁক উত্তৰ দি কলে, “আমি বিধান-শাস্ত্ৰত শুনিছোঁ, খ্ৰীষ্ট চিৰকাল থাকিব; তেনেহলে এনে কথা আপুনি কেনেকৈ কৈছে যে, ‘মানুহৰ পুত্ৰ উত্তোলিত হব? মানুহৰ পুত্ৰ নো কোন’?” (aiōn g165)
Basi, umati huo ukamjibu, “Sisi tunaambiwa na Sheria yetu kwamba Kristo atadumu milele. Wawezaje basi, kusema ati Mwana wa Mtu anapaswa kuinuliwa? Huyo Mwana wa Mtu ni nani?” (aiōn g165)
35 ৩৫ তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ মাজত এতিয়াও অলপ কাল পোহৰ আছে। যেতিয়ালৈকে পোহৰ আছে, আগবাঢ়ি থাকা; যাতে আন্ধাৰে তোমালোকক পাছ নেপেলাই। যি জন আন্ধাৰত ফুৰে, তেওঁ ক’লৈ যায় সেই বিষয়ে নাজানে।
Yesu akawaambia, “Mwanga bado uko nanyi kwa muda mfupi. Tembeeni mngali mnao huo mwanga ili giza lisiwapate; maana atembeaye gizani hajui aendako.
36 ৩৬ যেতিয়ালৈ পোহৰ আছে, তেতিয়ালৈকে পোহৰৰ ওপৰত বিশ্বাস ৰাখা; যাতে তোমালোক পোহৰৰ সন্তান হোৱা।” যীচুৱে এই সকলো কথা কৈ তেওঁলোকৰ ওচৰৰ পৰা গৈ নিজক লুকুৱালে।
Basi, wakati mnao huo mwanga uaminini ili mpate kuwa watu wa mwanga.” Baada ya kusema maneno hayo, Yesu alikwenda zake na kujificha mbali nao.
37 ৩৭ সেই কথা সিদ্ধ হ’বলৈ, তেওঁ তেওঁলোকৰ আগত বহুত আচৰিত কৰ্ম কৰিলে, কিন্তু তেওঁলোকে তেওঁত বিশ্বাস নকৰিলে;
Ingawa Yesu alifanya miujiza hii yote mbele yao, wao hawakumwamini.
38 ৩৮ যাতে যিচয়া ভাববাদীৰ সেই কথাষাৰ যেন সম্পূর্ণ হয়, কিয়নো তেওঁ কৈছিল, “হে প্ৰভু, আমি কোৱা সংবাদ কোনে বিশ্বাস কৰিলে? আৰু প্ৰভুৰ বাহুবল কাৰ আগত প্ৰকাশিত হ’ব?”
Hivyo maneno aliyosema nabii Isaya yakatimia: “Bwana, nani aliyeuamini ujumbe wetu? Na uwezo wa Bwana umedhihirishwa kwa nani?”
39 ৩৯ কাৰণ এই বিষয়ে তেওঁলোকে বিশ্বাস নকৰিলে, যিচয়াই আকৌ তেওঁলোকক কৈছিল,
Hivyo hawakuweza kuamini, kwani Isaya tena alisema:
40 ৪০ “তেওঁ তেওঁলোকৰ চকু অন্ধ কৰিলে আৰু তেওঁলোকৰ অন্তৰ কঠোৰ কৰিলে, নহ’লে তেওঁলোকে নিজ চকুৰে দেখিলেহেঁতেন আৰু হৃদয়েৰে নিজকে বুজিলেহেঁতেন আৰু ঘুৰিলেহেঁতেন আৰু মই তেওঁলোকক সুস্থ কৰিলোঁহেতেন।”
“Mungu ameyapofusha macho yao, amezipumbaza akili zao; wasione kwa macho yao, wasielewe kwa akili zao; wala wasinigeukie, asema Bwana, ili nipate kuwaponya.”
41 ৪১ এইদৰে যিচয়াই এই বিষয়ে ক’লে, কাৰণ যীচুৰ গৌৰৱ তেওঁ দেখিছিল আৰু সেয়েহে তেওঁ কৈছিল।
Isaya alisema maneno haya kwa sababu aliuona utukufu wa Yesu, akasema habari zake.
42 ৪২ তথাপি শাসনকৰ্তা সকলৰ মাজৰ অনেকে যীচুত বিশ্বাস কৰিলে; কিন্তু তেওঁলোকক নাম-ঘৰৰ পৰা নিষিদ্ধ কৰাৰ ভয়তে ফৰীচী সকলৰ কাৰণে তেওঁলোকে স্বীকাৰ নকৰিলে;
Hata hivyo, wengi wa viongozi wa Wayahudi walimwamini Yesu. Lakini kwa sababu ya Mafarisayo, hawakumkiri hadharani kwa kuogopa kwamba watatengwa na sunagogi.
43 ৪৩ কিয়নো তেওঁলোকে ঈশ্বৰৰ পৰা পোৱা প্ৰশংসা তকৈ মানুহৰ পৰা পোৱা প্ৰশংসাক বেছি প্ৰেম কৰিছিল।
Walipendelea kusifiwa na watu kuliko kusifiwa na Mungu
44 ৪৪ যীচুৱে অতি উচ্চস্বৰে ক’লে, “যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ মোক নহয়, কিন্তু মোক পঠাৱা জনকহে বিশ্বাস কৰে।
Kisha Yesu akasema kwa sauti kubwa, “Mtu aliyeniamini, haniamini mimi tu, ila anamwamini pia yule aliyenituma.
45 ৪৫ আৰু যি কোনোৱে মোক দেখে, তেওঁ মোক পঠোৱা জনকেই দেখে।
Anayeniona mimi anamwona pia yule aliyenituma.
46 ৪৬ মই এই জগতলৈ পোহৰ হৈ আহিছোঁ, গতিকে যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ যেন আন্ধাৰত নাথাকে।
Mimi ni mwanga, nami nimekuja ulimwenguni ili wote wanaoniamini wasibaki gizani.
47 ৪৭ কোনোৱে মোৰ কথা শুনিও যদি পালন নকৰে, তথাপি মই তেওঁৰ সোধ-বিচাৰ নকৰোঁ; কিয়নো মই জগতৰ সোধ-বিচাৰ কৰিবলৈ অহা নাই; কিন্তু জগতৰ পৰিত্ৰাণ কৰিবলৈহে আহিলোঁ।
Anayeyasikia maneno yangu lakini hayashiki mimi sitamhukumu; maana sikuja kuhukumu ulimwengu bali kuuokoa.
48 ৪৮ যি কোনোৱে মোক অগ্ৰাহ্য কৰে, আৰু মোৰ কথাও গ্ৰহণ নকৰে, তেওঁৰ সোধ-বিচাৰ কৰোঁতা এজন আছে, আৰু মই যি বার্তা দিছোঁ শেষৰ দিনা সেই বার্তাই তেওঁৰ সোধ-বিচাৰ কৰিব।
Asiyeyashika maneno yangu anaye wa kumhukumu: neno lile nililosema ni hakimu wake siku ya mwisho.
49 ৪৯ কিয়নো মই নিজৰ পৰা এই কথা কোৱা নাই; কিন্তু মোক পঠোৱা পিতৃয়ে মই কি কব লাগে, আৰু কেনেদৰে কব লাগিব, এই বিষয়ে মোক আজ্ঞা কৰিলে।
Mimi sikunena kwa mamlaka yangu mwenyewe, ila Baba aliyenituma ndiye aliyeniamuru niseme nini na niongee nini.
50 ৫০ মই জানো যে, তেওঁৰ আজ্ঞাত অনন্ত জীৱন আছে; এই হেতুকে মই যি যি কথা কওঁ, পিতৃয়ে মোক কোৱাৰ দৰেই কওঁ।” (aiōnios g166)
Nami najua kuwa amri yake huleta uzima wa milele. Basi, mimi nasema tu yale Baba aliyoniagiza niyaseme.” (aiōnios g166)

< যোহন 12 >