< পাঁচনি 4 >

1 পিতৰ আৰু যোহনে লোক সকলৰ মাজত কথা কৈ থাকোতে মন্দিৰৰ পুৰোহিত, সেনাপতি আৰু চদ্দূকী সকলে তেওঁলোকৰ ওচৰত আহি উপস্থিত হল৷
Petro na Yohane walipokuwa bado wanawahutubia watu, makuhani na mkuu wa walinzi wa Hekalu pamoja na Masadukayo walifika.
2 পিতৰ আৰু যোহনে লোক সকলক যীচুৰ বিষয়ে শিক্ষা দিয়াত আৰু মৃত লোকৰ মাজৰ পৰা যীচুৰ পুনৰুত্থান হোৱা বিষয়তো ঘোষণা কৰি থকাত তেওঁলোক অতি বিৰক্ত হ’ল।
Walikasirika sana, maana hao mitume walikuwa wanawahubiria watu kwamba Yesu alifufuka, jambo ambalo linaonyesha wazi kwamba wafu watafufuka.
3 তেওঁলোকে পিতৰ আৰু যোহনক ধৰিলে আৰু তেতিয়া সন্ধিয়া সময় হোৱা বাবে, পাছদিনা পুৱা নোহোৱালৈকে কাৰাগাৰত বন্দী কৰি থলে।
Basi, waliwatia nguvuni na kwa kuwa usiku ulikuwa umekaribia, wakawaweka chini ya ulinzi mpaka kesho yake.
4 কিন্তু যি সকলে শিক্ষা শুনিছিল, তেওঁলোকৰ মাজৰ বহুত মানুহে বিশ্বাস কৰিলে; সেই বিশ্বাসী সকলৰ সংখ্যা হিচাপ কৰোঁতে প্ৰায় পাঁচ হাজাৰ পোৱা গ’ল।
Lakini wengi kati ya wale waliosikia ujumbe wao waliamini, na idadi ya waumini ikawa imefika karibu elfu tano.
5 পাছদিনা ইহুদী সকলৰ অধিকাৰী, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকল একেলগে যিৰূচালেমত মিলিত হ’ল।
Kesho yake, viongozi wa Wayahudi, wazee na walimu wa Sheria, walikusanyika pamoja huko Yerusalemu.
6 তাতে মহা-পুৰোহিত হানন উপস্থিত আছিল। তেওঁৰ বাহিৰেও কায়াফা, যোহন, আলেকজেন্দাৰ আৰু মহা-পুৰোহিতৰ পৰিয়ালৰ বহুত লোক উপস্থিত আছিল।
Walikutana pamoja na Anasi, Kayafa, Yohane, Aleksanda na wengine waliokuwa wa ukoo wa Kuhani Mkuu.
7 তেওঁলোকে পিতৰ আৰু যোহনক মাজত থিয় কৰাই সুধিলে- “তোমালোকে কি শক্তিৰে বা কি নামেৰে এই কাৰ্য কৰিছা?”
Waliwasimamisha mitume mbele yao, wakawauliza, “Ninyi mmefanya jambo hili kwa nguvu gani na kwa jina la nani?”
8 তেতিয়া পিতৰে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ তেওঁলোকক কলে- “হে লোক সকলৰ শাসনকৰ্তা আৰু পৰিচাৰক সকল,
Hapo, Petro, akiwa amejawa na Roho Mtakatifu, akawaambia, “Viongozi na wazee wa watu!
9 আজি এজন অসুস্থ মানুহলৈ কৰা উপকাৰ দেখি, তেওঁ কি উপায়েৰে সুস্থ হ’ল সেই বিষয় জানিবৰ বাবে আপোনালোকে আমাক এই বিষয়ে সোধ-বিচাৰ কৰি প্রশ্ন সুধিছে নেকি?
Ikiwa mnatuuliza leo juu ya kile kitendo chema alichofanyiwa yule mtu aliyekuwa kiwete na jinsi alivyopata kuwa mzima,
10 ১০ সেয়াই যদি হয়, আপোনালোক আৰু ইস্ৰায়েলৰ আটাইলোকে ইয়াকে জানক যে, যি যীচু খ্ৰীষ্টক আপোনালোকে ক্রুচত দিছিল আৰু তেওঁক ঈশ্বৰে মৈদামৰ পৰা তুলিলে আৰু সেই নাচৰতীয়া যীচুৰ নামেৰে এই ব্যক্তি জন সুস্থ হৈ ইয়াত আপোনালোকৰ আগত থিয় হৈ আছে।
basi, ninyi na watu wote wa Israeli mnapaswa kujua kwamba mtu huyu anasimama mbele yenu leo, mzima kabisa, kwa nguvu ya jina lake Yesu wa Nazareti ambaye ninyi mlimsulubisha, lakini Mungu akamfufua kutoka wafu.
11 ১১ যি শিলক আপোনালোকৰ দৰে ঘৰ সাজোতাই অৱহেলা কৰিলে, সেই যীচু খ্রীষ্টই হৈছে সেই শিল৷ সেই শিলক চুকৰ প্ৰধান শিল কৰা হ’ল।
Huyu ndiye ambaye Maandiko Matakatifu yanasema: Jiwe mlilokataa ninyi waashi, sasa limekuwa jiwe kuu la msingi.
12 ১২ তেওঁৰ বাহিৰে আন কতো পৰিত্রাণ নাই, কিয়নো স্বৰ্গৰ তলত আৰু মানুহৰ মাজত যাৰ দ্বাৰা আমি উদ্ধাৰ পাম, এনে আন কোনো নাম নাই।”
Wokovu haupatikani kwa mtu mwingine yeyote, kwa maana duniani pote, binadamu hawakupewa jina la mtu mwingine ambaye sisi tunaweza kuokolewa naye.”
13 ১৩ পিতৰ আৰু যোহনৰ সাহস দেখি আৰু তেওঁলোক লিখা-পঢ়া নজনা লোক বুলি জানিবলৈ পোৱাত, তেওঁলোকে বিস্ময় মানিলে৷ তেওঁলোকে জনিলে যে, পিতৰ আৰু যোহন যীচুৰ লগত আছিল।
Hao wazee wa baraza, wakiwa wanajua kwamba Petro na Yohane walikuwa watu wasio na kisomo wala elimu yoyote, walishangaa juu ya jinsi walivyosema kwa uhodari. Wakatambua kwamba walikuwa wamejiunga na Yesu.
14 ১৪ সেই সুস্থ হোৱা লোক জন তেওঁলোকৰ মাজত থিয় হৈ থকা দেখি, ইহুদী নেতা সকলে পিতৰ আৰু যোহনৰ বিৰুদ্ধে একো কব নোৱাৰিলে।
Lakini walipomwona yule mtu aliyeponywa amesimama pamoja nao, hawakuweza kusema kitu.
15 ১৫ তেওঁলোকে পাঁচনি সকলক সভা কক্ষৰ পৰা ওলাই যাবলৈ আজ্ঞা দিলে আৰু নিজৰ মাজতে আলোচনা কৰি ক’লে-
Hivyo, waliwaamuru watoke nje ya baraza, nao wakabaki ndani wakizungumza kwa faragha.
16 ১৬ “এই লোক সকলক লৈ কি কৰা যায়? এওঁলোকে যে এক আচৰিত কাম কৰিলে যিৰূচালেমত থকা সকলোৱে জানিছে আৰু আমিও তাক অস্বীকাৰ কৰিব নোৱাৰোঁ।
Wakaulizana, “Tufanye nini na watu hawa? Kila mtu anayeishi Yerusalemu anajua kwamba mwujiza huu wa ajabu umefanyika, nasi hatuwezi kukana jambo hilo.
17 ১৭ কিন্তু মানুহৰ মাজত যেন এই কথা বিয়পি নাযায়, সেই কাৰণে এওঁলোকক এই নামেৰে আন লোকৰ আগত কোনো কথা নকবলৈ আমি সাৱধান কৰি দিওঁহক”।
Lakini ili tupate kuzuia jambo hili lisienee zaidi kati ya watu, tuwaonye wasiongee na mtu yeyote kwa jina la Yesu.”
18 ১৮ তেতিয়া তেওঁলোকে পিতৰ আৰু যোহনক মাতি আনি, যীচুৰ নামেৰে কোনো কথা নকবলৈ আৰু উপদেশ নিদিবলৈ আজ্ঞা দিলে।
Kwa hiyo wakawaita tena ndani, wakawaonya wasiongee tena hadharani, wala kufundisha kwa jina la Yesu.
19 ১৯ কিন্তু পিতৰ আৰু যোহনে উত্তৰত তেওঁলোকক ক’লে- “আপোনালোকেই বিচাৰ কৰি কওক ‘ঈশ্বৰৰ আজ্ঞা অমান্য কৰা বা আপোনালোকৰ আজ্ঞা পালন কৰা’ ইয়াৰ ভিতৰত কোনটো বিষয় আমি পালন কৰা উচিত হব?
Lakini Petro na Yohane wakawajibu, “Amueni ninyi wenyewe kama ni haki mbele ya Mungu kuwatii ninyi kuliko kumtii yeye.
20 ২০ কিয়নো আমি যিবোৰ দেখিলোঁ আৰু শুনিলো, সেই বিষয়বোৰ নোকোৱাকৈ থাকিব নোৱাৰোঁ”।
Kwa maana hatuwezi kuacha kusema juu ya mambo yale tuliyoyaona na kuyasikia.”
21 ২১ পাছত পুনৰবাৰ সতৰ্ক কৰি পিতৰ আৰু যোহনক যাবলৈ এৰি দিলে। কিয়নো তেওঁলোকে পিতৰ আৰু যোহনক শাস্তি দিবলৈ একো উপায় নাপালে, ইয়াৰ উপৰি তেওঁলোকে কৰা কার্যবোৰ দেখি লোক সকলে ঈশ্বৰৰ স্তুতি কৰি আছিল৷
Basi, hao wazee wa Baraza wakawaonya kwa ukali zaidi, halafu wakawaacha huru. Hawakuweza kuwapa adhabu kwa sababu watu wote walikuwa wakimtukuza Mungu kwa sababu ya tukio hilo.
22 ২২ আৰু যি জন লোক সুস্থ হৈছিল, সেই মানু্হজনৰ বয়স চল্লিশ বছৰৰ বেচি আছিল।
Huyo mtu aliyeponywa alikuwa na umri wa miaka zaidi ya arobaini.
23 ২৩ পিতৰ আৰু যোহনক এৰি দিয়াৰ পাছত, তেওঁলোক সঙ্গী সকলৰ ওচৰলৈ গ’ল আৰু প্ৰধান পুৰোহিত, পৰিচাৰক সকলে যি যি কৈছিল, সেই সকলোবোৰ কথা তেওঁলোকক জনালে।
Mara tu walipoachwa huru, Petro na Yohane walirudi kwa wenzao, wakawaeleza yale waliyoambiwa na makuhani wakuu na wazee.
24 ২৪ এইবোৰ কথা শুনি সকলোৱে একেলগে উচ্চস্বৰে ঈশ্বৰৰ উদ্দেশ্যে প্রার্থনা কৰিলে, “প্ৰভু, আকাশমণ্ডল, পৃথিৱী, সাগৰ আৰু এই সকলোৰে মাজত যি যি আছে, সকলোৰে সৃষ্টিকর্তা তুমিয়েই।
Waliposikia habari hiyo waliungana pamoja katika kumwomba Mungu wakisema, “Bwana, wewe ni Muumba wa mbingu na nchi, bahari na vyote vilivyomo!
25 ২৫ তুমি তোমাৰ দাস, আমাৰ পিতৃপুৰুষ দায়ুদৰ মুখেৰে পবিত্ৰ আত্মাৰ দ্বাৰা এই কথা কৈছিলা, জাতিবোৰ কিয় ক্রুদ্ধ হ’ল? সকলো লোকে কিয় অসাৰ চিন্তা কৰে?
Ndiwe uliyemfanya mtumishi wako, babu yetu Daudi, aseme kwa nguvu ya Roho Mtakatifu: Kwa nini mataifa yameghadhibika? Mbona watu wamefanya mipango ya bure?
26 ২৬ ঈশ্বৰ আৰু তেওঁৰ অভিষিক্ত জনৰ বিৰুদ্ধে জগতৰ ৰজা সকল একেলগে উঠিছে, শাসনকর্তা সকল একগোট হৈছে।
Wafalme wa dunia walijiweka tayari, na watawala walikutana pamoja, ili kumwasi Bwana na Kristo wake.
27 ২৭ হয়, এই নগৰতে তুমি অভিষিক্ত কৰা তোমাৰ পবিত্ৰ দাস যীচুৰ বিৰুদ্ধে হেৰোদ আৰু পন্তীয় পীলাত; অনা-ইহুদী আৰু ইস্ৰায়েলী সকলৰ সৈতে একেলগ হৈছিল।
“Maana, kwa hakika, ndivyo Herode, Pontio Pilato, watu wa Israeli na watu wa mataifa walivyokutanika papa hapa mjini, kumpinga Yesu Mtumishi wako Mtakatifu ambaye umemtia mafuta.
28 ২৮ তোমাৰ হাতেৰে আৰু তোমাৰ ইচ্ছাত যি ঘটিব বুলি তুমি পূর্বতে ঠিক কৰিছিলা, সেই কার্য সিদ্ধ হ’বলৈকে তেওঁলোক একত্ৰিত হ’ল।।
Naam, walikutana ili wafanye yale ambayo ulikusudia na kupanga tangu mwanzo kwa uwezo wako na mapenzi yako.
29 ২৯ হে প্ৰভু, এতিয়া তেওঁলোকৰ এই ভীতি প্ৰদৰ্শন শুনা! তোমাৰ দাস সকলক তোমাৰ বাক্য অতি সাহসেৰে কবলৈ অনুগ্রহ দান কৰা।
Lakini sasa, ee Bwana, angalia vitisho vyao. Utuwezeshe sisi watumishi wako kuhubiri neno lako kwa uhodari.
30 ৩০ তোমাৰ পবিত্ৰ দাস যীচুৰ নামেৰে সুস্থ কৰিবলৈ, আচৰিত কার্য আৰু চিন দেখুৱাবলৈ তুমি তোমাৰ হাত আগবঢ়াই দিয়া”।
Nyosha mkono wako uponye watu. Fanya ishara na maajabu kwa jina la Yesu Mtumishi wako Mtakatifu.”
31 ৩১ এনেদৰে প্ৰাৰ্থনা কৰাৰ পাছত, যি ঠাইত তেওঁলোক গোট খাই আছিল; সেই ঠাই কঁপিবলৈ ধৰিলে আৰু সকলোৱে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ’ল। তাৰ পাছত তেওঁলোকে ঈশ্বৰৰ বাক্য সাহসেৰে কবলৈ ধৰিলে।
Walipomaliza kusali, pale mahali walipokuwa wamekutanika pakatikiswa, nao wote wakajazwa Roho Mtakatifu. Wote wakaanza kuhubiri neno la Mungu bila uoga.
32 ৩২ বিশ্বাসী সকল মনে-প্ৰাণে এক হৈ আছিল। তেওঁলোকৰ কোনেও নিজৰ সম্পত্তিক নিজৰ বুলি দাবী নকৰিলে, বৰং তেওঁলোকে আটাই বস্তু উমৈহতীয়াকৈ ৰাখিলে।
Jumuiya yote ya waumini ilikuwa moyo mmoja na roho moja. Hakuna hata mmoja aliyekuwa na kitu chochote akakiweka kuwa mali yake binafsi, ila waligawana vyote walivyokuwa navyo.
33 ৩৩ পাঁচনি সকলে মহান শক্তিৰ প্ৰভাৱেৰে প্ৰভু যীচুৰ পুনৰুত্থানৰ সাক্ষ্য দিলে আৰু তেওঁলোক সকলোৱে মহা অনুগ্ৰহ প্ৰাপ্ত হল।
Mitume walishuhudia kwa nguvu nyingi kufufuka kwa Bwana Yesu, naye Mungu akawapa baraka nyingi.
34 ৩৪ তেওঁলোকৰ মাজত কোনো এজনৰে একো অভাৱ নাছিল, কিয়নো যি সকলৰ ঘৰ-বাৰী বা মাটি আছিল, তেওঁলোকে সেইবোৰ বেচি সেই সম্পত্তিৰ মূল্য আনি পাঁচনি সকলৰ চৰণত থৈছিল।
Hakuna mtu yeyote aliyetindikiwa kitu, maana waliokuwa na mashamba au nyumba walikuwa wanaviuza
35 ৩৫ পাছত বিশ্বাসী সকলৰ যাৰ যেনেকৈ প্ৰয়োজন, তেনেকৈ পাঁচনি সকলে সকলোকে ভগাই দিয়ে।
na kuwakabidhi mitume fedha hizo, zikagawiwa kila mmoja kadiri ya mahitaji yake.
36 ৩৬ যোচেফ নামৰ লেবী বংশৰ এজন মানুহ আছিল। তেওঁ কুপ্র দ্বীপৰ পৰা আহিছিল আৰু পাঁচনি সকলে তেওঁক বার্ণব্বা বুলি মাতিছিল। এই নামৰ অর্থ “উৎসাহদাতা”।।
Kulikuwa na Mlawi mmoja, mzaliwa wa Kupro, jina lake Yosefu, ambaye mitume walimwita jina Barnaba (maana yake, “Mtu mwenye kutia moyo”).
37 ৩৭ যোচেফৰ এডোখৰ মাটি আছিল। তেওঁ সেই মাটি বেচি পোৱা ধন পাঁচনি সকলৰ চৰণত আনি থলে।
Yeye pia alikuwa na shamba lake, akaliuza; akazichukua zile fedha, akawakabidhi mitume.

< পাঁচনি 4 >