< পাঁচনি 9 >

1 সেই সময়ত চৌলে প্ৰভুৰ শিষ্য সকলক ভয় দেখুওৱাৰ লগতে বধ কৰাৰ ভাবুকিও দিবলৈ ধৰিলে৷ তেওঁ যিৰূচালেমত মহা-পুৰোহিতৰ ওচৰলৈ গ’ল,
তৎকালপর্য্যনতং শৌলঃ প্রভোঃ শিষ্যাণাং প্রাতিকূল্যেন তাডনাবধযোঃ কথাং নিঃসারযন্ মহাযাজকস্য সন্নিধিং গৎৱা
2 আৰু দম্মেচক নগৰত থকা নাম-ঘৰৰ সমাজলৈ লিখা অনুমতি পত্ৰ ললে যাতে তেওঁ সেই পথৰ যি কোনো পুৰুষ বা মহিলাক পালেই তেওঁলোকক যেন ধৰি বান্ধি যিৰূচালেমলৈ আনিব পাৰে।
স্ত্রিযং পুরুষঞ্চ তন্মতগ্রাহিণং যং কঞ্চিৎ পশ্যতি তান্ ধৃৎৱা বদ্ধ্ৱা যিরূশালমম্ আনযতীত্যাশযেন দম্মেষক্নগরীযং ধর্ম্মসমাজান্ প্রতি পত্রং যাচিতৱান্|
3 এই উদ্দেশ্যৰে যাত্ৰা কৰি দম্মেচক নগৰৰ ওচৰ পাওঁতে অকস্মাতে আকাশৰ পৰা পোহৰ ওলাই তেওঁৰ চাৰিওফালে প্ৰকাশিত হ’ল;
গচ্ছন্ তু দম্মেষক্নগরনিকট উপস্থিতৱান্; ততোঽকস্মাদ্ আকাশাৎ তস্য চতুর্দিক্ষু তেজসঃ প্রকাশনাৎ স ভূমাৱপতৎ|
4 তেওঁ তৎক্ষণাৎ মাটিত পৰিল আৰু এক আকাশ-বাণী শুনিবলৈ পালে, বোলে, “হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা?”
পশ্চাৎ হে শৌল হে শৌল কুতো মাং তাডযসি? স্ৱং প্রতি প্রোক্তম্ এতং শব্দং শ্রুৎৱা
5 চৌলে উত্তৰ দি কলে- “হে প্ৰভু, আপুনি কোন?” তেতিয়া প্ৰভুৱে কলে, “যি জনক তুমি তাড়না কৰি আছা, মই সেই যীচু;
স পৃষ্টৱান্, হে প্রভো ভৱান্ কঃ? তদা প্রভুরকথযৎ যং যীশুং ৎৱং তাডযসি স এৱাহং; কণ্টকস্য মুখে পদাঘাতকরণং তৱ কষ্টম্|
6 কিন্তু উঠা, নগৰত সোমোৱা, তাতে তুমি কি কৰিব লাগিব, সেই বিষয়ে তোমাক কোৱা হ’ব।”
তদা কম্পমানো ৱিস্মযাপন্নশ্চ সোৱদৎ হে প্রভো মযা কিং কর্ত্তৱ্যং? ভৱত ইচ্ছা কা? ততঃ প্রভুরাজ্ঞাপযদ্ উত্থায নগরং গচ্ছ তত্র ৎৱযা যৎ কর্ত্তৱ্যং তদ্ ৱদিষ্যতে|
7 তেওঁৰ লগত যোৱা মানুহবোৰে তাত কোনো ব্যক্তিক দেখা নাপালে কিন্তু সেই আকাশ-বাণী শুনি অবাক হৈ থাকিল।
তস্য সঙ্গিনো লোকা অপি তং শব্দং শ্রুতৱন্তঃ কিন্তু কমপি ন দৃষ্ট্ৱা স্তব্ধাঃ সন্তঃ স্থিতৱন্তঃ|
8 পাছত চৌলে মাটিৰ পৰা উঠি চকু মেলি একো নেদেখিলে। তেতিয়া আন লোকে তেওঁক হাতত ধৰি দম্মেচক নগৰলৈ আনিলে৷
অনন্তরং শৌলো ভূমিত উত্থায চক্ষুষী উন্মীল্য কমপি ন দৃষ্টৱান্| তদা লোকাস্তস্য হস্তৌ ধৃৎৱা দম্মেষক্নগরম্ আনযন্|
9 তাতে তেওঁ তিন দিনলৈকে দৃষ্টিহীন হৈ থাকিল আৰু ভোজন-পানো নকৰিলে।
ততঃ স দিনত্রযং যাৱদ্ অন্ধো ভূৎৱা ন ভুক্তৱান্ পীতৱাংশ্চ|
10 ১০ সেই সময়ত দম্মেচক নগৰত থকা অননিয় নামেৰে এজন শিষ্যক প্ৰভুৱে দৰ্শন দি কলে, “হে অননিয়।” তেওঁ ক’লে, “হে প্ৰভু, চাওক, মই আছোঁ।”
১০তদনন্তরং প্রভুস্তদ্দম্মেষক্নগরৱাসিন একস্মৈ শিষ্যায দর্শনং দৎৱা আহূতৱান্ হে অননিয| ততঃ স প্রত্যৱাদীৎ, হে প্রভো পশ্য শৃণোমি|
11 ১১ তেতিয়া প্ৰভুৱে তেওঁক কলে, “তুমি উঠা, পোন নামৰ আলিবাটেৰে যোৱা, আৰু যিহূদাৰ ঘৰলৈ গৈ তাৰ্চ নগৰৰ চৌল নামৰ ব্যক্তি জনৰ খবৰ লোৱা৷ তাতে তুমি দেখিবা, তেওঁ প্ৰাৰ্থনা কৰি আছে৷”
১১তদা প্রভুস্তমাজ্ঞাপযৎ ৎৱমুত্থায সরলনামানং মার্গং গৎৱা যিহূদানিৱেশনে তার্ষনগরীযং শৌলনামানং জনং গৱেষযন্ পৃচ্ছ;
12 ১২ তেতিয়া চৌলে দৃষ্টি পাবৰ কাৰণে অননিয় নামেৰে এজন মানুহ তেওঁৰ ওচৰলৈ আহি তেওঁৰ গাত হাত দিয়া, এনে দৰ্শনত দেখা পালে।
১২পশ্য স প্রার্থযতে, তথা অননিযনামক একো জনস্তস্য সমীপম্ আগত্য তস্য গাত্রে হস্তার্পণং কৃৎৱা দৃষ্টিং দদাতীত্থং স্ৱপ্নে দৃষ্টৱান্|
13 ১৩ কিন্তু অননিয়ই উত্তৰ দিলে, “হে প্ৰভু, সেই মানুহে যিৰূচালেমত আপোনাৰ নিযুক্ত পবিত্ৰ লোক সকলৰ কিমান অপকাৰ কৰিলে, সেই বিষয়ে মই অনেকৰ পৰা শুনিলোঁ৷
১৩তস্মাদ্ অননিযঃ প্রত্যৱদৎ হে প্রভো যিরূশালমি পৱিত্রলোকান্ প্রতি সোঽনেকহিংসাং কৃতৱান্;
14 ১৪ আৰু ইয়াতো আপোনাৰ নামেৰে প্ৰাৰ্থনা কৰা লোক সকলক বান্ধিবলৈ তেওঁ প্ৰধান পুৰোহিত সকলৰ পৰা ক্ষমতালৈ আহিছে৷”
১৪অত্র স্থানে চ যে লোকাস্তৱ নাম্নি প্রার্থযন্তি তানপি বদ্ধুং স প্রধানযাজকেভ্যঃ শক্তিং প্রাপ্তৱান্, ইমাং কথাম্ অহম্ অনেকেষাং মুখেভ্যঃ শ্রুতৱান্|
15 ১৫ কিন্তু প্ৰভুৱে তেওঁক কলে, “তুমি যোৱা, কিয়নো অনা-ইহুদী আৰু ৰজা সকলৰ লগতে ইস্ৰায়েলৰ সন্তান সকলৰ আগত মোৰ নাম প্ৰচাৰ কৰিবলৈ, সেই জন মোৰ মনোনীত পাত্ৰ।
১৫কিন্তু প্রভুরকথযৎ, যাহি ভিন্নদেশীযলোকানাং ভূপতীনাম্ ইস্রাযেল্লোকানাঞ্চ নিকটে মম নাম প্রচারযিতুং স জনো মম মনোনীতপাত্রমাস্তে|
16 ১৬ কিয়নো তেওঁ মোৰ নামৰ কাৰণে কিমান দুখভোগ কৰিব লাগিব, ইয়াকে মই তেওঁক দেখুৱাম।”
১৬মম নামনিমিত্তঞ্চ তেন কিযান্ মহান্ ক্লেশো ভোক্তৱ্য এতৎ তং দর্শযিষ্যামি|
17 ১৭ তেতিয়াই অননিয় গ’ল আৰু সেই ঘৰত সোমাই চৌলক বিচাৰি উলিয়ালে৷ তাৰ পাছত তেওঁ চৌলৰ গাত হাত দি কলে, “হে ভাই চৌল, আপুনি যেন দৃষ্টি পায় আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হয়, এই কাৰণে আপুনি অহা বাটত যি জন প্ৰভু যীচুৱে অাপোনাক দেখা দিলে, তেৱেঁই মোক আপোনাৰ ওচৰলৈ পঠালে।”
১৭ততো ঽননিযো গৎৱা গৃহং প্রৱিশ্য তস্য গাত্রে হস্তার্প্রণং কৃৎৱা কথিতৱান্, হে ভ্রাতঃ শৌল ৎৱং যথা দৃষ্টিং প্রাপ্নোষি পৱিত্রেণাত্মনা পরিপূর্ণো ভৱসি চ, তদর্থং তৱাগমনকালে যঃ প্রভুযীশুস্তুভ্যং দর্শনম্ অদদাৎ স মাং প্রেষিতৱান্|
18 ১৮ তেতিয়াই তেওঁৰ চকুৰ পৰা মাছৰ বাকলিৰ নিচিনা এচটা ওলাই আহিল আৰু পুনৰায় দৃষ্টি পালে; তাৰ পাছত তেওঁ উঠি বাপ্তাইজিত হ’ল৷
১৮ইত্যুক্তমাত্রে তস্য চক্ষুর্ভ্যাম্ মীনশল্কৱদ্ ৱস্তুনি নির্গতে তৎক্ষণাৎ স প্রসন্নচক্ষু র্ভূৎৱা প্রোত্থায মজ্জিতোঽভৱৎ ভুক্ত্ৱা পীৎৱা সবলোভৱচ্চ|
19 ১৯ ইয়াৰ পাছত তেওঁ খোৱা-বোৱা কৰি বলৱান হ’ল৷ এনেদৰে কিছুদিন তেওঁ শিষ্য সকলৰ সৈতে দম্মেচক নগৰতে থাকিল৷
১৯ততঃ পরং শৌলঃ শিষ্যৈঃ সহ কতিপযদিৱসান্ তস্মিন্ দম্মেষকনগরে স্থিৎৱাঽৱিলম্বং
20 ২০ আৰু যীচু যে ঈশ্বৰৰ পুত্ৰ হয়, এই কথা নাম-ঘৰবোৰত তেওঁ ঘোষণা কৰিবলৈ ধৰিলে।
২০সর্ৱ্ৱভজনভৱনানি গৎৱা যীশুরীশ্ৱরস্য পুত্র ইমাং কথাং প্রাচারযৎ|
21 ২১ তাতে সকলোৱে শুনি বিস্ময় মানি কলে, “বোলে, যি জনে যিৰূচালেমত এই নামেৰে প্ৰাৰ্থনা কৰা সকলক লণ্ড-ভণ্ড কৰিছিল আৰু এতিয়াও তেনেলোকক বান্ধি প্ৰধান পুৰোহিতৰ আগলৈ নিবৰ আশয়েৰে এই ঠাইলৈকো আহিছে, সেই জন এৱেই নহয় নে?”
২১তস্মাৎ সর্ৱ্ৱে শ্রোতারশ্চমৎকৃত্য কথিতৱন্তো যো যিরূশালম্নগর এতন্নাম্না প্রার্থযিতৃলোকান্ ৱিনাশিতৱান্ এৱম্ এতাদৃশলোকান্ বদ্ধ্ৱা প্রধানযাজকনিকটং নযতীত্যাশযা এতৎস্থানমপ্যাগচ্ছৎ সএৱ কিমযং ন ভৱতি?
22 ২২ কিন্তু চৌলে অধিক শক্তিমান হৈ, এই যীচুৱেই যে খ্ৰীষ্ট হয়, ইয়াৰ প্ৰমাণ দি দম্মেচকত থকা ইহুদী সকলক নিৰুত্তৰ কৰিলে।
২২কিন্তু শৌলঃ ক্রমশ উৎসাহৱান্ ভূৎৱা যীশুরীশ্ৱরেণাভিষিক্তো জন এতস্মিন্ প্রমাণং দৎৱা দম্মেষক্-নিৱাসিযিহূদীযলোকান্ নিরুত্তরান্ অকরোৎ|
23 ২৩ এনেদৰে বহু দিনৰ পাছত ইহুদী সকলে তেওঁক বধ কৰিবলৈ চক্ৰান্ত কৰিলে৷
২৩ইত্থং বহুতিথে কালে গতে যিহূদীযলোকাস্তং হন্তুং মন্ত্রযামাসুঃ
24 ২৪ আৰু তেওঁলোকে তেওঁক বধ কৰিবলৈ দিনে-ৰাতিয়ে দুৱাৰ বোৰত খাপ দি থাকিল; কিন্তু চৌলে তেওঁলোকৰ চক্ৰান্ত বুজি পালে৷
২৪কিন্তু শৌলস্তেষামেতস্যা মন্ত্রণাযা ৱার্ত্তাং প্রাপ্তৱান্| তে তং হন্তুং তু দিৱানিশং গুপ্তাঃ সন্তো নগরস্য দ্ৱারেঽতিষ্ঠন্;
25 ২৫ তাৰ পাছত তেওঁৰ শিষ্য সকলে ৰাতিতেই তেওঁক পাচিত ভৰাই, গড়েদি নমাই দিলে।
২৫তস্মাৎ শিষ্যাস্তং নীৎৱা রাত্রৌ পিটকে নিধায প্রাচীরেণাৱারোহযন্|
26 ২৬ পাছত চৌলে যিৰূচালেমলৈ গৈ শিষ্য সকলৰ লগ লবলৈ চেষ্টা কৰাত, সকলোৱে তেওঁলৈ ভয় কৰিলে, আৰু তেওঁ যে শিষ্য হয়, ইয়াকো বিশ্বাস নকৰিলে।
২৬ততঃ পরং শৌলো যিরূশালমং গৎৱা শিষ্যগণেন সার্দ্ধং স্থাতুম্ ঐহৎ, কিন্তু সর্ৱ্ৱে তস্মাদবিভযুঃ স শিষ্য ইতি চ ন প্রত্যযন্|
27 ২৭ কিন্তু বাৰ্ণব্বাই তেওঁক পাঁচনি সকলৰ আগলৈ আনিলে৷ ইয়াৰ পাছত দম্মেচকৰ পথত কেনেকৈ চৌলে প্ৰভুক দেখা পাইছিল, আৰু প্ৰভুৱে তেওঁৰ আগত কি কথা কৈছিল, আৰু তেওঁ কেনেকৈ দম্মেচকত যীচুৰ নামত সাহসেৰে প্ৰচাৰ কৰিছিল, সেই সকলো কথা তেওঁলোকৰ আগত বৰ্ণনা কৰিলে।
২৭এতস্মাদ্ বর্ণব্বাস্তং গৃহীৎৱা প্রেরিতানাং সমীপমানীয মার্গমধ্যে প্রভুঃ কথং তস্মৈ দর্শনং দত্তৱান্ যাঃ কথাশ্চ কথিতৱান্ স চ যথাক্ষোভঃ সন্ দম্মেষক্নগরে যীশো র্নাম প্রাচারযৎ এতান্ সর্ৱ্ৱৱৃত্তান্তান্ তান্ জ্ঞাপিতৱান্|
28 ২৮ চৌলে তেওঁলোকৰ লগত যিৰূচালেমত অহা-যোৱা কৰি প্ৰভু যীচুৰ নামেৰে সাহসেৰে প্ৰচাৰ কৰিলে।
২৮ততঃ শৌলস্তৈঃ সহ যিরূশালমি কালং যাপযন্ নির্ভযং প্রভো র্যীশো র্নাম প্রাচারযৎ|
29 ২৯ তাতে তেওঁ গ্ৰীকভাষী ইহুদী সকলৰ সৈতে কথোপকথন আৰু বাদ-বিবাদ কৰিলে, কিন্তু তেওঁলোকে তেওঁক বধ কৰিবলৈ চেষ্টা কৰি আছিল।
২৯তস্মাদ্ অন্যদেশীযলোকৈঃ সার্দ্ধং ৱিৱাদস্যোপস্থিতৎৱাৎ তে তং হন্তুম্ অচেষ্টন্ত|
30 ৩০ ভাই সকলে এই বিষয়ে জানিবলৈ পোৱাত তেওঁক চীজাৰিয়ালৈ নি তাৰ্চ নগৰলৈ পঠাই দিলে।
৩০কিন্তু ভ্রাতৃগণস্তজ্জ্ঞাৎৱা তং কৈসরিযানগরং নীৎৱা তার্ষনগরং প্রেষিতৱান্|
31 ৩১ সেই সময়ত গোটেই যিহুদীয়া, গালীল, আৰু চমৰীয়া দেশৰ মণ্ডলী সমূহ শান্তিত আছিল; বিশ্বাসী সকল সংখ্যাত বৃদ্ধি হৈ প্ৰভুৰ ভক্তিত আৰু পবিত্ৰ আত্মাই দিয়া উদগণিত জীৱন-যাপন কৰিছিল ৷
৩১ইত্থং সতি যিহূদিযাগালীল্শোমিরোণদেশীযাঃ সর্ৱ্ৱা মণ্ডল্যো ৱিশ্রামং প্রাপ্তাস্ততস্তাসাং নিষ্ঠাভৱৎ প্রভো র্ভিযা পৱিত্রস্যাত্মনঃ সান্ত্ৱনযা চ কালং ক্ষেপযিৎৱা বহুসংখ্যা অভৱন্|
32 ৩২ তাৰ পাছত পিতৰে ঠায়ে ঠায়ে ফুৰি লুদ্দা নগৰৰ নিবাসী পবিত্ৰ লোক সকলৰ ওচৰ পালেগৈ৷
৩২ততঃ পরং পিতরঃ স্থানে স্থানে ভ্রমিৎৱা শেষে লোদ্নগরনিৱাসিপৱিত্রলোকানাং সমীপে স্থিতৱান্|
33 ৩৩ সেই ঠাইতে পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ আঠ বছৰ শয্যাত পৰি থকা ঐনিয়া নামেৰে এজন মানু্হক দেখিলে।
৩৩তদা তত্র পক্ষাঘাতৱ্যাধিনাষ্টৌ ৱৎসরান্ শয্যাগতম্ ঐনেযনামানং মনুষ্যং সাক্ষৎ প্রাপ্য তমৱদৎ,
34 ৩৪ পিতৰে তেওঁক কলে, “হে ঐনিয়া, যীচু খ্ৰীষ্টই আপোনাক সুস্হ কৰিছে; আপুনি উঠি আপোনাৰ শয্যা চপাই লওঁক;” তাতে তেওঁ তেতিয়াই উঠি থিয় হ’ল।
৩৪হে ঐনেয যীশুখ্রীষ্টস্ত্ৱাং স্ৱস্থম্ অকার্ষীৎ, ৎৱমুত্থায স্ৱশয্যাং নিক্ষিপ, ইত্যুক্তমাত্রে স উদতিষ্ঠৎ|
35 ৩৫ পাছত লুদ্দা আৰু চাৰোণ-নিবাসী সকলেও প্ৰভুলৈ মন-পালটালে।
৩৫এতাদৃশং দৃষ্ট্ৱা লোদ্শারোণনিৱাসিনো লোকাঃ প্রভুং প্রতি পরাৱর্ত্তন্ত|
36 ৩৬ আৰু যাক ভাষাত দৰ্কা অৰ্থাৎ হৰিণী বুলি মাতে, দান দিয়া আৰু সৎকৰ্মেৰে পূৰ্ণ হৈ থকা টাবিথা নামৰ শিষ্যা এজনী যাফোত আছিল৷
৩৬অপরঞ্চ ভিক্ষাদানাদিষু নানক্রিযাসু নিত্যং প্রৱৃত্তা যা যাফোনগরনিৱাসিনী টাবিথানামা শিষ্যা যাং দর্ক্কাং অর্থাদ্ হরিণীমযুক্ত্ৱা আহ্ৱযন্ সা নারী
37 ৩৭ সেই সময়ত তেওঁ নৰিয়াত পৰি মৃত্যু হোৱাত, লোক সকলে তেওঁক ধুৱাই ওপৰৰ কোঠালিত শুৱাই থলে।
৩৭তস্মিন্ সমযে রুগ্না সতী প্রাণান্ অত্যজৎ, ততো লোকাস্তাং প্রক্ষাল্যোপরিস্থপ্রকোষ্ঠে শাযযিৎৱাস্থাপযন্|
38 ৩৮ তাতে লুদ্দা নগৰ যাফোৰ ওচৰ হোৱাত, আৰু পিতৰো তাতে আছে বুলি শুনি, শিষ্য সকলে তেওঁৰ ওচৰলৈ দুজন মানুহ পঠিয়াই মিনতি কৰালে, বোলে, “পলম নকৰি আমাৰ ইয়ালৈ আহক।”
৩৮লোদ্নগরং যাফোনগরস্য সমীপস্থং তস্মাত্তত্র পিতর আস্তে, ইতি ৱার্ত্তাং শ্রুৎৱা তূর্ণং তস্যাগমনার্থং তস্মিন্ ৱিনযমুক্ত্ৱা শিষ্যগণো দ্ৱৌ মনুজৌ প্রেষিতৱান্|
39 ৩৯ তেতিয়া পিতৰ উঠি তেওঁলোকৰ লগত গৈ তাত উপস্থিত হোৱাত, লোক সকলে তেওঁক ওপৰৰ কোঠালিলৈ নিলে আৰু বিধৱা সকলে তেওঁৰ ওচৰত থিয় হৈ কান্দি কান্দি, দৰ্কাই তেওঁলোকৰ লগত থাকোতে প্ৰস্তুত কৰা চোলা আদি কাপোৰ দেখুৱাবলৈ ধৰিলে।
৩৯তস্মাৎ পিতর উত্থায তাভ্যাং সার্দ্ধম্ আগচ্ছৎ, তত্র তস্মিন্ উপস্থিত উপরিস্থপ্রকোষ্ঠং সমানীতে চ ৱিধৱাঃ স্ৱাভিঃ সহ স্থিতিকালে দর্ক্কযা কৃতানি যান্যুত্তরীযাণি পরিধেযানি চ তানি সর্ৱ্ৱাণি তং দর্শযিৎৱা রুদত্যশ্চতসৃষু দিক্ষ্ৱতিষ্ঠন্|
40 ৪০ কিন্তু পিতৰে তেওঁলোক আটাইকে বাহিৰলৈ যাব দি আঁঠুকাঢ়ি প্ৰাৰ্থনা কৰিলে; পাছত মৃতদেহৰ ফাললৈ ঘূৰি চাই কলে, “হে টাবিথা উঠা।” তেতিয়া তেওঁ চকু মেলি পিতৰক দেখি বহিল৷
৪০কিন্তু পিতরস্তাঃ সর্ৱ্ৱা বহিঃ কৃৎৱা জানুনী পাতযিৎৱা প্রার্থিতৱান্; পশ্চাৎ শৱং প্রতি দৃষ্টিং কৃৎৱা কথিতৱান্, হে টাবীথে ৎৱমুত্তিষ্ঠ, ইতি ৱাক্য উক্তে সা স্ত্রী চক্ষুষী প্রোন্মীল্য পিতরম্ অৱলোক্যোত্থাযোপাৱিশৎ|
41 ৪১ তাতে তেওঁ টাবিথাক হাতত ধৰি তুলিলে; আৰু পবিত্ৰ লোক আৰু বিধৱা সকলক মাতি, তেওঁলোকৰ আগত জীয়াই উঠা দেখুৱালে।
৪১ততঃ পিতরস্তস্যাঃ করৌ ধৃৎৱা উত্তোল্য পৱিত্রলোকান্ ৱিধৱাশ্চাহূয তেষাং নিকটে সজীৱাং তাং সমার্পযৎ|
42 ৪২ এই কথা যাফোৰ সকলো ঠাইতে জনাজাত হৈ যোৱাত, অনেক মানুহে প্ৰভুত বিশ্বাস কৰিলে।
৪২এষা কথা সমস্তযাফোনগরং ৱ্যাপ্তা তস্মাদ্ অনেকে লোকাঃ প্রভৌ ৱ্যশ্ৱসন্|
43 ৪৩ তাৰ পাছত পিতৰে যাফোত, চিমোন নামেৰে এজন মুচিয়াৰৰ ঘৰত বহু দিন থাকিল।
৪৩অপরঞ্চ পিতরস্তদ্যাফোনগরীযস্য কস্যচিৎ শিমোন্নাম্নশ্চর্ম্মকারস্য গৃহে বহুদিনানি ন্যৱসৎ|

< পাঁচনি 9 >