< পাঁচনি 8 >

1 স্তিফানক বধ কৰা কথাত চৌলৰো সন্মতি আছিল। সেই সময়ত যিৰূচালেমত থকা মণ্ডলীৰ বিৰুদ্ধে বৰ তাড়না হৈছিল আৰু পাঁচনি সকলৰ বাহিৰে আন বিশ্বাসী সকল সমগ্র যিহূদা আৰু চমৰীয়া দেশৰ ঠায়ে ঠায়ে সিচঁৰিত হৈ গ’ল।
তস্য হত্যাকরণং শৌলোপি সমমন্যত| তস্মিন্ সমযে যিরূশালম্নগরস্থাং মণ্ডলীং প্রতি মহাতাডনাযাং জাতাযাং প্রেরিতলোকান্ হিৎৱা সর্ৱ্ৱেঽপরে যিহূদাশোমিরোণদেশযো র্নানাস্থানে ৱিকীর্ণাঃ সন্তো গতাঃ|
2 ভক্ত লোক সকলে স্তিফানক মৈদাম দিলে আৰু তেওঁৰ কাৰণে বৰকৈ ক্রন্দন কৰিলে।
অন্যচ্চ ভক্তলোকাস্তং স্তিফানং শ্মশানে স্থাপযিৎৱা বহু ৱ্যলপন্|
3 কিন্তু চৌলে ঘৰে ঘৰে গৈ পুৰুষ আৰু মহিলাক বলেৰে ধৰি আনি বন্দীশালত থৈ মণ্ডলীত উৎপাত কৰিব ধৰিলে।
কিন্তু শৌলো গৃহে গৃহে ভ্রমিৎৱা স্ত্রিযঃ পুরুষাংশ্চ ধৃৎৱা কারাযাং বদ্ধ্ৱা মণ্ডল্যা মহোৎপাতং কৃতৱান্|
4 কিন্তু, যি সকল বিশ্বাসী সিচঁৰিত হৈ গ’ল, তেওঁলোকে সকলো ঠাইতে শুভবার্তাৰ বাক্য প্রচাৰ কৰিলে।
অন্যচ্চ যে ৱিকীর্ণা অভৱন্ তে সর্ৱ্ৱত্র ভ্রমিৎৱা সুসংৱাদং প্রাচারযন্|
5 ফিলিপে চমৰীয়া নগৰলৈ গৈ খ্ৰীষ্টৰ কথা ঘোষণা কৰিবলৈ ধৰিলে।
তদা ফিলিপঃ শোমিরোণ্নগরং গৎৱা খ্রীষ্টাখ্যানং প্রাচারযৎ;
6 তাতে ফিলিপে কৰা আচৰিত কৰ্মবোৰ শুনি আৰু দেখি লোক সকলে একান্ত মনেৰে তেওঁৰ কথা শুনিব ধৰিলে।
ততোঽশুচি-ভৃতগ্রস্তলোকেভ্যো ভূতাশ্চীৎকৃত্যাগচ্ছন্ তথা বহৱঃ পক্ষাঘাতিনঃ খঞ্জা লোকাশ্চ স্ৱস্থা অভৱন্|
7 কিয়নো অশুচি আত্মাই ধৰা অনেক মানুহৰ পৰা ভূতবোৰে আটাহ পাৰি ওলাই গল; বহুতো পক্ষাঘাত ৰোগী আৰু খোৰা লোক সকলক সুস্থ কৰা হল।
তস্মাৎ লাকা ঈদৃশং তস্যাশ্চর্য্যং কর্ম্ম ৱিলোক্য নিশম্য চ সর্ৱ্ৱ একচিত্তীভূয তেনোক্তাখ্যানে মনাংসি ন্যদধুঃ|
8 তাতে সেই নগৰত মহা আনন্দ হ’ল।
তস্মিন্নগরে মহানন্দশ্চাভৱৎ|
9 সেই নগৰতে আগেয়ে মায়াকর্ম্ম অভ্যাস কৰা চিমোন নামেৰে এজন মানুহ আছিল। সেই মানুহ জনে চমৰীয়া বাসীৰ আগত নিজকে বৰ এজন লোক বুলি দাবী কৰি চমক লগাইছিল।
ততঃ পূর্ৱ্ৱং তস্মিন্নগরে শিমোন্নামা কশ্চিজ্জনো বহ্ৱী র্মাযাক্রিযাঃ কৃৎৱা স্ৱং কঞ্চন মহাপুরুষং প্রোচ্য শোমিরোণীযানাং মোহং জনযামাস|
10 ১০ সৰুৰ পৰা ডাঙৰলৈকে সকলো চমৰীয়া বাসীয়ে তেওঁৰ কথাত মনোযোগ দিছিল; তেওঁলোকে কৈছিল, “এই জন ঈশ্বৰৰ মহান শক্তিশালী ব্যক্তি”।
১০তস্মাৎ স মানুষ ঈশ্ৱরস্য মহাশক্তিস্ৱরূপ ইত্যুক্ত্ৱা বালৱৃদ্ধৱনিতাঃ সর্ৱ্ৱে লাকাস্তস্মিন্ মনাংসি ন্যদধুঃ|
11 ১১ তেওঁ ভালেমান দিন ধৰি মায়াকর্ম্মৰে চমক দেখুৱাৰ কাৰণে মানুহবোৰে তেওঁক মানিছিল।
১১স বহুকালান্ মাযাৱিক্রিযযা সর্ৱ্ৱান্ অতীৱ মোহযাঞ্চকার, তস্মাৎ তে তং মেনিরে|
12 ১২ কিন্তু ফিলিপে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা ঘোষণা কৰাত তেওঁলোকে বিশ্বাস কৰিলে আৰু বিশ্বাস কৰা সকলো পুৰুষ আৰু মহিলাক যীচু খ্ৰীষ্টৰ নামত বাপ্তিস্ম দিয়া হ’ল।
১২কিন্ত্ৱীশ্ৱরস্য রাজ্যস্য যীশুখ্রীষ্টস্য নাম্নশ্চাখ্যানপ্রচারিণঃ ফিলিপস্য কথাযাং ৱিশ্ৱস্য তেষাং স্ত্রীপুরুষোভযলোকা মজ্জিতা অভৱন্|
13 ১৩ পাছত সেই চিমোনে নিজেও বিশ্বাস কৰি বাপ্তিস্ম ল’লে; তাৰ পাছত তেওঁ ফিলিপৰ লগত থাকি আচৰিত চিন আৰু কার্যবোৰ সিদ্ধ হোৱা দেখি বিস্ময় মানিলে।
১৩শেষে স শিমোনপি স্ৱযং প্রত্যৈৎ ততো মজ্জিতঃ সন্ ফিলিপেন কৃতাম্ আশ্চর্য্যক্রিযাং লক্ষণঞ্চ ৱিলোক্যাসম্ভৱং মন্যমানস্তেন সহ স্থিতৱান্|
14 ১৪ চমৰীয়া বাসীয়ে এনেদৰে ঈশ্বৰৰ বাক্য গ্ৰহণ কৰা শুনি যিৰূচালেমত থকা পাঁচনি সকলে পিতৰ আৰু যোহনক তেওঁলোকৰ ওচৰলৈ পঠিয়াই দিলে।
১৪ইত্থং শোমিরোণ্দেশীযলোকা ঈশ্ৱরস্য কথাম্ অগৃহ্লন্ ইতি ৱার্ত্তাং যিরূশালম্নগরস্থপ্রেরিতাঃ প্রাপ্য পিতরং যোহনঞ্চ তেষাং নিকটে প্রেষিতৱন্তঃ|
15 ১৫ পিতৰ আৰু যোহনে সেই ঠাইলৈ আহি তাত থকা লোক সকলে যেন পবিত্ৰ আত্মা পায়, তাৰ বাবে প্ৰাৰ্থনা কৰিলে।
১৫ততস্তৌ তৎ স্থানম্ উপস্থায লোকা যথা পৱিত্রম্ আত্মানং প্রাপ্নুৱন্তি তদর্থং প্রার্থযেতাং|
16 ১৬ কিয়নো তেতিয়ালৈকে তেওঁলোকৰ ওপৰত পবিত্ৰ আত্মা অহা নাছিল; কেৱল তেওঁলোকক প্ৰভু যীচুৰ নামত বাপ্তিস্মহে দিয়া হৈছিল৷
১৬যতস্তে পুরা কেৱলপ্রভুযীশো র্নাম্না মজ্জিতমাত্রা অভৱন্, ন তু তেষাং মধ্যে কমপি প্রতি পৱিত্রস্যাত্মন আৱির্ভাৱো জাতঃ|
17 ১৭ পাছত পাঁচনি সকলে লোক সকলৰ ওপৰত হাত থলে আৰু তেওঁলোকে তেতিয়া পবিত্ৰ আত্মা পালে।
১৭কিন্তু প্রেরিতাভ্যাং তেষাং গাত্রেষু করেষ্ৱর্পিতেষু সৎসু তে পৱিত্রম্ আত্মানম্ প্রাপ্নুৱন্|
18 ১৮ চিমোনে যেতিয়া দেখিলে যে পাঁচনি সকলে হাত দিয়াত পবিত্ৰ আত্মা দান কৰা হৈছে, তেতিয়া তেওঁ পাঁচনি সকলক ধন যাচি কলে,
১৮ইত্থং লোকানাং গাত্রেষু প্রেরিতযোঃ করার্পণেন তান্ পৱিত্রম্ আত্মানং প্রাপ্তান্ দৃষ্ট্ৱা স শিমোন্ তযোঃ সমীপে মুদ্রা আনীয কথিতৱান্;
19 ১৯ “এই শক্তি মোকো দিয়ক, ময়ো যেন যি জনৰ ওপৰতে হাত ৰাখো, তেওঁ যেন পবিত্ৰ আত্মা পায়।”
১৯অহং যস্য গাত্রে হস্তম্ অর্পযিষ্যামি তস্যাপি যথেত্থং পৱিত্রাত্মপ্রাপ্তি র্ভৱতি তাদৃশীং শক্তিং মহ্যং দত্তং|
20 ২০ কিন্তু পিতৰে চিমোনক ক’লে, “তুমি আৰু তোমাৰ ধন ধ্বংস হওক; কিয়নো তুমি ভাবিলা ঈশ্বৰৰ দান ধনেৰে কিনিব পৰা যায়।
২০কিন্তু পিতরস্তং প্রত্যৱদৎ তৱ মুদ্রাস্ত্ৱযা ৱিনশ্যন্তু যত ঈশ্ৱরস্য দানং মুদ্রাভিঃ ক্রীযতে ৎৱমিত্থং বুদ্ধৱান্;
21 ২১ আমাৰ এই কামত তোমাৰ কোনো ভাগ বা অংশ নাই, যিহেতু ঈশ্বৰৰ আগত তোমাৰ হৃদয় সৰল নহয়।
২১ঈশ্ৱরায তাৱন্তঃকরণং সরলং নহি, তস্মাদ্ অত্র তৱাংশোঽধিকারশ্চ কোপি নাস্তি|
22 ২২ তুমি এই দুষ্টতাৰ পৰা মন-পালটন কৰা আৰু প্রভুৰ ওচৰত প্রার্থনা কৰা; হয়তো তোমাৰ মনৰ এই মন্দ চিন্তা তেওঁ ক্ষমাও কৰিব পাৰে।
২২অত এতৎপাপহেতোঃ খেদান্ৱিতঃ সন্ কেনাপি প্রকারেণ তৱ মনস এতস্যাঃ কুকল্পনাযাঃ ক্ষমা ভৱতি, এতদর্থম্ ঈশ্ৱরে প্রার্থনাং কুরু;
23 ২৩ কিয়নো মই দেখিছোঁ, তোমাৰ মন তিতা পিত্তৰ নিচিনা আৰু তুমি পাপৰ বন্ধনত আছা।”
২৩যতস্ত্ৱং তিক্তপিত্তে পাপস্য বন্ধনে চ যদসি তন্মযা বুদ্ধম্|
24 ২৪ তেতিয়া চিমোনে উত্তৰ দিলে, “আপোনালোকে যি কৈছে, তাৰ কোনো কথাই মোৰ জীৱনত যেন নঘটে, এই কাৰণে আপোনালোকেই মোৰ বাবে প্রার্থনা কৰক।”
২৪তদা শিমোন্ অকথযৎ তর্হি যুৱাভ্যামুদিতা কথা মযি যথা ন ফলতি তদর্থং যুৱাং মন্নিমিত্তং প্রভৌ প্রার্থনাং কুরুতং|
25 ২৫ এইদৰে পিতৰ আৰু যোহনে প্রভুৰ বিষয়ে সাক্ষ্য দি বাক্য প্রচাৰ কৰি যিৰূচালেমলৈ উলটি আহিল; বাটত তেওঁলোকে চমৰীয়া সকলৰ বিভিন্ন গাৱঁত শুভবার্তা প্রচাৰ কৰিলে।
২৫অনেন প্রকারেণ তৌ সাক্ষ্যং দত্ত্ৱা প্রভোঃ কথাং প্রচারযন্তৌ শোমিরোণীযানাম্ অনেকগ্রামেষু সুসংৱাদঞ্চ প্রচারযন্তৌ যিরূশালম্নগরং পরাৱৃত্য গতৌ|
26 ২৬ পাছত ঈশ্বৰৰ এজন দূতে ফিলিপক কলে, “উঠা, দক্ষিণ ফাললৈ যি পথ যিৰূচালেমৰ পৰা গাজালৈ নামি গৈছে, সেই পথেদি নামি যোৱা” (এই পথটো মৰুভূমিৰ মাজত আছিল) ৷
২৬ততঃ পরম্ ঈশ্ৱরস্য দূতঃ ফিলিপম্ ইত্যাদিশৎ, ৎৱমুত্থায দক্ষিণস্যাং দিশি যো মার্গো প্রান্তরস্য মধ্যেন যিরূশালমো ঽসানগরং যাতি তং মার্গং গচ্ছ|
27 ২৭ তেতিয়া ফিলিপে প্রস্তুত হৈ সেই বাটেদি গ’ল। বাটত ইথিওপিয়া দেশৰ এজন মানুহক লগ পালে; তেওঁ ইথিওপিয়াৰ ৰাণী কান্দাকীৰ সকলো ধন-সম্পদ চোৱা-চিতা কৰিবলৈ ক্ষমতা পোৱা নপুংসক ৰাজকর্মচাৰী আছিল। ঈশ্বৰৰ ভজনা কৰিবলৈ তেওঁ যিৰূচালেমলৈ আহিছিল।
২৭ততঃ স উত্থায গতৱান্; তদা কন্দাকীনাম্নঃ কূশ্লোকানাং রাজ্ঞ্যাঃ সর্ৱ্ৱসম্পত্তেরধীশঃ কূশদেশীয একঃ ষণ্ডো ভজনার্থং যিরূশালম্নগরম্ আগত্য
28 ২৮ তেওঁ নিজৰ ৰথত বহি উভটি গৈ থাকোতে যিচয়া ভাববাদীৰ পুস্তক পঢ়ি গৈছিল।
২৮পুনরপি রথমারুহ্য যিশযিযনাম্নো ভৱিষ্যদ্ৱাদিনো গ্রন্থং পঠন্ প্রত্যাগচ্ছতি|
29 ২৯ এনে সময়তে আত্মাই ফিলিপক কলে, “তুমি কাষলৈ গৈ সেই ৰথৰ লগে লগে যোৱা।”
২৯এতস্মিন্ সমযে আত্মা ফিলিপম্ অৱদৎ, ৎৱম্ রথস্য সমীপং গৎৱা তেন সার্দ্ধং মিল|
30 ৩০ তেতিয়া ফিলিপে ওচৰলৈ লৰি গৈ, তেওঁ যিচয়া ভাববাদীৰ পুস্তক পঢ়া শুনি সুধিলে, “আপুনি যি পঢ়িছে, সেই বিষয়ৰ অর্থ জানো বুজি পাইছে?”
৩০তস্মাৎ স ধাৱন্ তস্য সন্নিধাৱুপস্থায তেন পঠ্যমানং যিশযিযথৱিষ্যদ্ৱাদিনো ৱাক্যং শ্রুৎৱা পৃষ্টৱান্ যৎ পঠসি তৎ কিং বুধ্যসে?
31 ৩১ তেওঁ ক’লে- “কোনোবাই মোক বুজাই নিদিলে, মই কেনেকৈ বুজি পাম?” তাতে তেওঁ ফিলিপক ৰথত উঠি তেওঁৰ সৈতে বহিবলৈ অনুৰোধ কৰিলে।
৩১ততঃ স কথিতৱান্ কেনচিন্ন বোধিতোহং কথং বুধ্যেয? ততঃ স ফিলিপং রথমারোঢুং স্ৱেন সার্দ্ধম্ উপৱেষ্টুঞ্চ ন্যৱেদযৎ|
32 ৩২ ধৰ্মশাস্ত্ৰৰ যি অংশটো তেওঁ পঢ়িছিল, সেয়া এই- “মাৰিবলৈ নিয়া মেৰ-পোৱালিৰ নিচিনাকৈ তেওঁক আনিলে আৰু নোম কটীয়াৰ আগত মেৰ-পোৱালি নিজম হৈ থকাৰ দৰে তেওঁ নিজৰ মুখ নেমেলিলে।
৩২স শাস্ত্রস্যেতদ্ৱাক্যং পঠিতৱান্ যথা, সমানীযত ঘাতায স যথা মেষশাৱকঃ| লোমচ্ছেদকসাক্ষাচ্চ মেষশ্চ নীরৱো যথা| আবধ্য ৱদনং স্ৱীযং তথা স সমতিষ্ঠত|
33 ৩৩ তেওঁ অপমানিত হোৱা কালত, ন্যায়-বিচাৰ কৰা নহ’ল, তেওঁৰ বংশৰ কথা কোনে কব? কিয়নো পৃথিৱীৰ পৰা তেওঁৰ জীৱন লৈ যোৱা হ’ল।”
৩৩অন্যাযেন ৱিচারেণ স উচ্ছিন্নো ঽভৱৎ তদা| তৎকালীনমনুষ্যান্ কো জনো ৱর্ণযিতুং ক্ষমঃ| যতো জীৱন্নৃণাং দেশাৎ স উচ্ছিন্নো ঽভৱৎ ধ্রুৱং|
34 ৩৪ এই কথা পঢ়ি নপুংসকে ফিলিপক সুধিলে, “অনুৰোধ কৰিছোঁ, ভাববাদীয়ে কাৰ বিষয়ে এই কথা কৈছে, ক’ব নে? নিজৰ বিষয়ে নে অন্য কাৰোবাৰ বিষয়ে কৈছে?”
৩৪অনন্তরং স ফিলিপম্ অৱদৎ নিৱেদযামি, ভৱিষ্যদ্ৱাদী যামিমাং কথাং কথযামাস স কিং স্ৱস্মিন্ ৱা কস্মিংশ্চিদ্ অন্যস্মিন্?
35 ৩৫ তেতিয়া ফিলিপে মাত লগাই যিচয়া পুস্তকৰ এই শাস্ত্রাংশৰ পৰা আৰম্ভ কৰি তেওঁৰ আগত যীচুৰ শুভবার্তা প্রচাৰ কৰিলে।
৩৫ততঃ ফিলিপস্তৎপ্রকরণম্ আরভ্য যীশোরুপাখ্যানং তস্যাগ্রে প্রাস্তৌৎ|
36 ৩৬ এইদৰে বাটত যাওঁতে যাওঁতে এডোখৰ জলাশয়ৰ ওচৰ পোৱাত নপুংসকে কলে, “চাওক, ইয়াতে পানী আছে; গতিকে বাপ্তিস্ম লোৱাত এতিয়া মোৰ কি বাধা আছে?”
৩৬ইত্থং মার্গেণ গচ্ছন্তৌ জলাশযস্য সমীপ উপস্থিতৌ; তদা ক্লীবোঽৱাদীৎ পশ্যাত্র স্থানে জলমাস্তে মম মজ্জনে কা বাধা?
37 ৩৭ ফিলিপে কলে, “যদি সমস্ত মনেৰে বিশ্বাস কৰিছা, তেনেহলে বাধা নাই।” তেতিয়া বিষয়াজনে কলে, “যীচু খ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ, ইয়াক মই বিশ্বাস কৰিছোঁ।”
৩৭ততঃ ফিলিপ উত্তরং ৱ্যাহরৎ স্ৱান্তঃকরণেন সাকং যদি প্রত্যেষি তর্হি বাধা নাস্তি| ততঃ স কথিতৱান্ যীশুখ্রীষ্ট ঈশ্ৱরস্য পুত্র ইত্যহং প্রত্যেমি|
38 ৩৮ তাতে বিষয়াজনে ৰথ ৰাখিবলৈ আজ্ঞা কৰিলে৷ ফিলিপ আৰু নপুংসক বিষয়াজন পানীত নামিল; ফিলিপে তেওঁক বাপ্তিস্ম দিলে।
৩৮তদা রথং স্থগিতং কর্ত্তুম্ আদিষ্টে ফিলিপক্লীবৌ দ্ৱৌ জলম্ অৱারুহতাং; তদা ফিলিপস্তম্ মজ্জযামাস|
39 ৩৯ যেতিয়া তেওঁলোক পানীৰ পৰা উঠিল, প্রভুৰ আত্মাই ফিলিপক কাঢ়ি লৈ গল; তাতে নপুংসকে তেওঁক পুনৰ দেখা নাপালে৷ তেওঁ আনন্দ মনেৰে নিজ বাটে গুছি গ’ল।
৩৯তৎপশ্চাৎ জলমধ্যাদ্ উত্থিতযোঃ সতোঃ পরমেশ্ৱরস্যাত্মা ফিলিপং হৃৎৱা নীতৱান্, তস্মাৎ ক্লীবঃ পুনস্তং ন দৃষ্টৱান্ তথাপি হৃষ্টচিত্তঃ সন্ স্ৱমার্গেণ গতৱান্|
40 ৪০ কিন্তু ফিলিপ পুনৰ আচদোদ নগৰত উপস্থিত হ’ল আৰু সেই অঞ্চলৰ সকলো নগৰে নগৰে গৈ শুভবার্তা প্রচাৰ কৰি চীজাৰিয়া পালে।
৪০ফিলিপশ্চাস্দোদ্নগরম্ উপস্থায তস্মাৎ কৈসরিযানগর উপস্থিতিকালপর্য্যনতং সর্ৱ্ৱস্মিন্নগরে সুসংৱাদং প্রচারযন্ গতৱান্|

< পাঁচনি 8 >