< যোহন 1 >

1 আদিতে বাক্য আছিল; বাক্য ঈশ্বৰৰ সৈতে আছিল আৰু সেই বাক্যই স্বয়ং ঈশ্বৰ।
আদৌ ৱাদ আসীৎ স চ ৱাদ ঈশ্ৱরেণ সার্ধমাসীৎ স ৱাদঃ স্ৱযমীশ্ৱর এৱ|
2 এই বাক্য আদিতে ঈশ্বৰে সৈতে আছিল।
স আদাৱীশ্ৱরেণ সহাসীৎ|
3 তেওঁৰ দ্বাৰাই সকলো সৃষ্টি হ’ল আৰু যি সকলো হ’ল, সেইবোৰৰ এটাও তেওঁৰ অবিহনে নহ’ল।
তেন সর্ৱ্ৱং ৱস্তু সসৃজে সর্ৱ্ৱেষু সৃষ্টৱস্তুষু কিমপি ৱস্তু তেনাসৃষ্টং নাস্তি|
4 জীৱন বাক্যতেই আৰু সেই জীৱনেই সকলো মানুহৰ বাবে পোহৰ।
স জীৱনস্যাকারঃ, তচ্চ জীৱনং মনুষ্যাণাং জ্যোতিঃ
5 সেই পোহৰ আন্ধাৰত উজ্বলি উঠিল আৰু আন্ধাৰে তাক পৰাভূত নকৰিলে।
তজ্জ্যোতিরন্ধকারে প্রচকাশে কিন্ত্ৱন্ধকারস্তন্ন জগ্রাহ|
6 ঈশ্বৰে যোহন নামেৰে এজন মানুহক পঠিয়াইছিল।
যোহন্ নামক একো মনুজ ঈশ্ৱরেণ প্রেষযাঞ্চক্রে|
7 তেওঁ সেই পোহৰৰ বিষয়ে সাক্ষ্য দিবলৈ এজন সাক্ষীৰূপে আহিছিল যাতে তেওঁৰ দ্বাৰাই সকলোৱে বিশ্বাস কৰে।
তদ্ৱারা যথা সর্ৱ্ৱে ৱিশ্ৱসন্তি তদর্থং স তজ্জ্যোতিষি প্রমাণং দাতুং সাক্ষিস্ৱরূপো ভূৎৱাগমৎ,
8 যোহন নিজে সেই পোহৰ নাছিল; তেওঁ সেই পোহৰৰ বিষয়ে সাক্ষ্য দিবলৈহে আহিছিল।
স স্ৱযং তজ্জ্যোতি র্ন কিন্তু তজ্জ্যোতিষি প্রমাণং দাতুমাগমৎ|
9 সেই পোহৰ জগতলৈ আহিছিল আৰু সকলো মানুহকে পোহৰ দিয়া, সেই সত্য পোহৰ আছিল।
জগত্যাগত্য যঃ সর্ৱ্ৱমনুজেভ্যো দীপ্তিং দদাতি তদেৱ সত্যজ্যোতিঃ|
10 ১০ তেওঁ জগততে আছিল; জগত তেওঁৰ দ্বাৰাই সৃষ্টি হৈছিল, কিন্তু জগতে তেওঁক নাজানিলে।
১০স যজ্জগদসৃজৎ তন্মদ্য এৱ স আসীৎ কিন্তু জগতো লোকাস্তং নাজানন্|
11 ১১ যি জগত তেওঁৰ নিজৰেই, তেওঁ সেই ঠাইলৈ আহিল, কিন্তু তেওঁৰ নিজৰ লোকেই তেওঁক গ্ৰহণ নকৰিলে।
১১নিজাধিকারং স আগচ্ছৎ কিন্তু প্রজাস্তং নাগৃহ্লন্|
12 ১২ কিন্তু যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে আৰু তেওঁৰ নামত বিশ্বাস কৰিলে, সেই লোক সকলক ঈশ্বৰৰ সন্তান হ’বলৈ তেওঁ ক্ষমতা দিলে।
১২তথাপি যে যে তমগৃহ্লন্ অর্থাৎ তস্য নাম্নি ৱ্যশ্ৱসন্ তেভ্য ঈশ্ৱরস্য পুত্রা ভৱিতুম্ অধিকারম্ অদদাৎ|
13 ১৩ তেওঁলোকৰ জন্ম তেজৰ পৰা বা মাংসিক অভিলাষৰ পৰা বা মানুহৰ ইচ্ছাৰ পৰা হ’ল, এনে নহয়, কিন্তু ঈশ্বৰৰ ইচ্ছাৰ পৰাহে হৈছে।
১৩তেষাং জনিঃ শোণিতান্ন শারীরিকাভিলাষান্ন মানৱানামিচ্ছাতো ন কিন্ত্ৱীশ্ৱরাদভৱৎ|
14 ১৪ সেই বাক্যই মাংস হ’ল; অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে; তাতে পিতৃৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁৰ যি মহিমা, সেই মহিমা আমি দেখিলোঁ।
১৪স ৱাদো মনুষ্যরূপেণাৱতীর্য্য সত্যতানুগ্রহাভ্যাং পরিপূর্ণঃ সন্ সার্ধম্ অস্মাভি র্ন্যৱসৎ ততঃ পিতুরদ্ৱিতীযপুত্রস্য যোগ্যো যো মহিমা তং মহিমানং তস্যাপশ্যাম|
15 ১৫ যোহনে তেওঁৰ বিষয়ে সাক্ষ্য দি চিঞৰি ক’লে, “যি জনৰ বিষয়ে মই কৈছিলোঁ, এৱেঁই সেই জন। যি জন মোৰ পাছত আহিছে, তেওঁ মোতকৈ আগ হ’ল, কাৰণ তেওঁ মোৰ পূৰ্বেও আছিল।”
১৫ততো যোহনপি প্রচার্য্য সাক্ষ্যমিদং দত্তৱান্ যো মম পশ্চাদ্ আগমিষ্যতি স মত্তো গুরুতরঃ; যতো মৎপূর্ৱ্ৱং স ৱিদ্যমান আসীৎ; যদর্থম্ অহং সাক্ষ্যমিদম্ অদাং স এষঃ|
16 ১৬ আমি সকলোৱে তেওঁৰ সেই পূৰ্ণতাৰ পৰা অনুগ্রহৰ ওপৰিও বিনামূলীয়া অনুগ্রহ পালোঁ।
১৬অপরঞ্চ তস্য পূর্ণতাযা ৱযং সর্ৱ্ৱে ক্রমশঃ ক্রমশোনুগ্রহং প্রাপ্তাঃ|
17 ১৭ কাৰণ মোচিৰ দ্বাৰা বিধান দিয়া হৈছিল; কিন্তু অনুগ্ৰহ আৰু সত্যতা যীচু খ্ৰীষ্টৰ দ্বাৰাহে আহিল।
১৭মূসাদ্ৱারা ৱ্যৱস্থা দত্তা কিন্ত্ৱনুগ্রহঃ সত্যৎৱঞ্চ যীশুখ্রীষ্টদ্ৱারা সমুপাতিষ্ঠতাং|
18 ১৮ ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই; পিতৃৰ কোলাত থকা একমাত্ৰ পুত্ৰই তেওঁক প্ৰকাশ কৰিলে।
১৮কোপি মনুজ ঈশ্ৱরং কদাপি নাপশ্যৎ কিন্তু পিতুঃ ক্রোডস্থোঽদ্ৱিতীযঃ পুত্রস্তং প্রকাশযৎ|
19 ১৯ যোহনে এই সাক্ষ্য দিলে: ইহুদী সকলে যিৰূচালেমৰ পৰা কেইজনমান পুৰোহিত আৰু লেবীক যোহনৰ ওচৰলৈ পঠালে। তেওঁলোকে আহি যোহনক সুধিলে, “আপুনি কোন?”
১৯ৎৱং কঃ? ইতি ৱাক্যং প্রেষ্টুং যদা যিহূদীযলোকা যাজকান্ লেৱিলোকাংশ্চ যিরূশালমো যোহনঃ সমীপে প্রেষযামাসুঃ,
20 ২০ যোহনে অস্বীকাৰ নকৰি মুকলিকৈ উত্তৰ দিলে, “মই খ্ৰীষ্ট নহয়।”
২০তদা স স্ৱীকৃতৱান্ নাপহ্নূতৱান্ নাহম্ অভিষিক্ত ইত্যঙ্গীকৃতৱান্|
21 ২১ তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “তেনেহলে কোন? আপুনি এলিয়া নেকি?” তেওঁ ক’লে, “নহয়, মই নহওঁ;” তেওঁলোকে ক’লে, “তেনেহলে আপুনি সেই ভাৱবাদী নেকি?” তেওঁ উত্তৰ দিলে, “নহওঁ।”
২১তদা তেঽপৃচ্ছন্ তর্হি কো ভৱান্? কিং এলিযঃ? সোৱদৎ ন; ততস্তেঽপৃচ্ছন্ তর্হি ভৱান্ স ভৱিষ্যদ্ৱাদী? সোৱদৎ নাহং সঃ|
22 ২২ তেতিয়া তেওঁলোকে তেওঁক ক’লে, “তেনেহলে আপুনি কোন হয়? আমাক কওক যাতে যি সকলে আমাক পঠাইছে, তেওঁলোকক আমি উত্তৰ দিব পাৰোঁ। আপোনাৰ নিজৰ বিষয়ে আপুনি কি কয়?”
২২তদা তেঽপৃচ্ছন্ তর্হি ভৱান্ কঃ? ৱযং গৎৱা প্রেরকান্ ৎৱযি কিং ৱক্ষ্যামঃ? স্ৱস্মিন্ কিং ৱদসি?
23 ২৩ তেওঁ ক’লে, “যিচয়া ভাববাদীয়ে যি দৰে কৈছিল, ‘ময়েই সেই মাত, যি জনে মৰুপ্রান্তত ৰিঙিয়াই কয়, প্ৰভুৰ পথ পোন কৰা’।”
২৩তদা সোৱদৎ| পরমেশস্য পন্থানং পরিষ্কুরুত সর্ৱ্ৱতঃ| ইতীদং প্রান্তরে ৱাক্যং ৱদতঃ কস্যচিদ্রৱঃ| কথামিমাং যস্মিন্ যিশযিযো ভৱিষ্যদ্ৱাদী লিখিতৱান্ সোহম্|
24 ২৪ যোহনৰ ওচৰলৈ যি সকলক পঠোৱা হৈছিল, তেওঁলোক ফৰীচী সম্প্রদায়ৰ আছিল। তেওঁলোকে যোহনক সুধিলে,
২৪যে প্রেষিতাস্তে ফিরূশিলোকাঃ|
25 ২৫ “আপুনি যদি খ্ৰীষ্টও নহয়, এলিয়াও নহয় বা ভাৱবাদীও নহয়, তেনেহলে কিয় বাপ্তিস্ম দিছে?”
২৫তদা তেঽপৃচ্ছন্ যদি নাভিষিক্তোসি এলিযোসি ন স ভৱিষ্যদ্ৱাদ্যপি নাসি চ, তর্হি লোকান্ মজ্জযসি কুতঃ?
26 ২৬ যোহনে তেওঁলোকক উত্তৰ দি ক’লে, “মই হ’লে পানীতহে বাপ্তিস্ম দিছোঁ, কিন্তু আপোনালোকৰ মাজত এনে এজন থিয় হৈ আছে, যি জনক আপোনালোকে চিনি নাপায়।
২৬ততো যোহন্ প্রত্যৱোচৎ, তোযেঽহং মজ্জযামীতি সত্যং কিন্তু যং যূযং ন জানীথ তাদৃশ একো জনো যুষ্মাকং মধ্য উপতিষ্ঠতি|
27 ২৭ তেৱেঁই সেই লোক যি জন মোৰ পাছত আহিছে। মই তেওঁৰ ভৰিৰ পাদুকাৰ ফিটাৰ বান্ধ খুলিবৰো যোগ্য নহওঁ।”
২৭স মৎপশ্চাদ্ আগতোপি মৎপূর্ৱ্ৱং ৱর্ত্তমান আসীৎ তস্য পাদুকাবন্ধনং মোচযিতুমপি নাহং যোগ্যোস্মি|
28 ২৮ যৰ্দ্দন নদীৰ সিপাৰে বৈৎথনিয়া গাৱঁত, য’ত যোহনে বাপ্তিস্ম দি আছিল, তাতে এই সকলো ঘটিল।
২৮যর্দ্দননদ্যাঃ পারস্থবৈথবারাযাং যস্মিন্স্থানে যোহনমজ্জযৎ তস্মিন স্থানে সর্ৱ্ৱমেতদ্ অঘটত|
29 ২৯ পাছদিনা যোহনে যীচুক তেওঁৰ ওচৰলৈ অহা দেখি ক’লে, “সৌৱা চোৱা, ঈশ্বৰৰ মেৰ-পোৱালি, জগতৰ পাপ বহন কৰি নিওঁতা জন!
২৯পরেঽহনি যোহন্ স্ৱনিকটমাগচ্ছন্তং যিশুং ৱিলোক্য প্রাৱোচৎ জগতঃ পাপমোচকম্ ঈশ্ৱরস্য মেষশাৱকং পশ্যত|
30 ৩০ এৱেঁই সেই লোক যি জনৰ বিষয়ে মই কৈছিলোঁ যে, ‘যি জন মোৰ পাছত আহিছে, তেওঁ মোতকৈ আগ হ’ল, কাৰণ তেওঁ মোৰ বহু আগেয়ে আছিল’।
৩০যো মম পশ্চাদাগমিষ্যতি স মত্তো গুরুতরঃ, যতো হেতোর্মৎপূর্ৱ্ৱং সোঽৱর্ত্তত যস্মিন্নহং কথামিমাং কথিতৱান্ স এৱাযং|
31 ৩১ মই তেওঁক চিনি পোৱা নাছিলো; কিন্তু তেওঁ যেন ইস্ৰায়েলবাসীৰ আগত প্রকাশিত হব পাৰে, সেই বাবে মই আহি পানীত বাপ্তিস্ম দিছোঁ।”
৩১অপরং নাহমেনং প্রত্যভিজ্ঞাতৱান্ কিন্তু ইস্রাযেল্লোকা এনং যথা পরিচিন্ৱন্তি তদভিপ্রাযেণাহং জলে মজ্জযিতুমাগচ্ছম্|
32 ৩২ তাৰ পাছত যোহনে সাক্ষ্য দি ক’লে, “মই স্বৰ্গৰ পৰা আত্মাক কপৌৰ নিচিনাকৈ নামি অহা, আৰু তেওঁৰ ওপৰত থকা দেখিলোঁ।
৩২পুনশ্চ যোহনপরমেকং প্রমাণং দৎৱা কথিতৱান্ ৱিহাযসঃ কপোতৱদ্ অৱতরন্তমাত্মানম্ অস্যোপর্য্যৱতিষ্ঠন্তং চ দৃষ্টৱানহম্|
33 ৩৩ মই তেওঁক চিনি নাপালোঁ। কিন্তু যি জনে পানীত বাপ্তিস্ম দিবলৈ মোক পঠালে, তেৱেঁ মোক কৈছিল, ‘তুমি যি জনৰ ওপৰত আত্মাক নামি অহা দেখিবা, তেৱেঁ সেই জন, সেই জনে পবিত্ৰ আত্মাত বাপ্তিস্ম দিব।’
৩৩নাহমেনং প্রত্যভিজ্ঞাতৱান্ ইতি সত্যং কিন্তু যো জলে মজ্জযিতুং মাং প্রৈরযৎ স এৱেমাং কথামকথযৎ যস্যোপর্য্যাত্মানম্ অৱতরন্তম্ অৱতিষ্ঠন্তঞ্চ দ্রক্ষযসি সএৱ পৱিত্রে আত্মনি মজ্জযিষ্যতি|
34 ৩৪ মই সেয়া দেখিলোঁ আৰু সাক্ষ্যও দিওঁ যে, এওঁ ঈশ্বৰৰ পুত্র।”
৩৪অৱস্তন্নিরীক্ষ্যাযম্ ঈশ্ৱরস্য তনয ইতি প্রমাণং দদামি|
35 ৩৫ পাছদিনা যোহন, তেওঁৰ দুজন শিষ্যৰে সৈতে থিয় হৈ আছিল।
৩৫পরেঽহনি যোহন্ দ্ৱাভ্যাং শিষ্যাভ্যাং সার্দ্ধেং তিষ্ঠন্
36 ৩৬ সেই সময়তে তেওঁলোকে যীচুক খোজকাঢ়ি যোৱা দেখি যোহনে ক’লে, “সৌৱা, ঈশ্বৰৰ মেৰ-পোৱালিক চোৱা!”
৩৬যিশুং গচ্ছন্তং ৱিলোক্য গদিতৱান্, ঈশ্ৱরস্য মেষশাৱকং পশ্যতং|
37 ৩৭ সেই দুজন শিষ্যই যোহনৰ কথা শুনি যীচুক অনুসৰণ কৰিবলৈ ধৰিলে।
৩৭ইমাং কথাং শ্রুৎৱা দ্ৱৌ শিষ্যৌ যীশোঃ পশ্চাদ্ ঈযতুঃ|
38 ৩৮ যীচুৱে মুখ ঘূৰাই তেওঁলোকক পাছে পাছে অহা দেখি ক’লে, “তোমালোকক কি লাগে?” তেওঁলোকে যীচুক ক’লে, “ৰব্বি, অৰ্থাৎ গুৰু, আপুনি ক’ত থাকে?”
৩৮ততো যীশুঃ পরাৱৃত্য তৌ পশ্চাদ্ আগচ্ছন্তৌ দৃষ্ট্ৱা পৃষ্টৱান্ যুৱাং কিং গৱেশযথঃ? তাৱপৃচ্ছতাং হে রব্বি অর্থাৎ হে গুরো ভৱান্ কুত্র তিষ্ঠতি?
39 ৩৯ যীচুৱে তেওঁলোকক ক’লে, “আহা, চোৱাহি।” তেতিয়া তেওঁলোকে গৈ তেওঁৰ থকা ঠাই চালে আৰু সেইদিনা তেওঁৰ লগতে থাকিল, কাৰণ তেতিয়া প্ৰায় সন্ধিয়া হবলৈ হৈছিল।
৩৯ততঃ সোৱাদিৎ এত্য পশ্যতং| ততো দিৱসস্য তৃতীযপ্রহরস্য গতৎৱাৎ তৌ তদ্দিনং তস্য সঙ্গেঽস্থাতাং|
40 ৪০ যি দুজনে যোহনৰ কথা শুনি, তেওঁৰ পাছে পাছে গৈছিল তেওঁলোকৰ মাজৰ এজন হৈছে চিমোন পিতৰৰ ভায়েক আন্দ্ৰিয়।
৪০যৌ দ্ৱৌ যোহনো ৱাক্যং শ্রুৎৱা যিশোঃ পশ্চাদ্ আগমতাং তযোঃ শিমোন্পিতরস্য ভ্রাতা আন্দ্রিযঃ
41 ৪১ তেওঁ প্ৰথমতে তেওঁৰ ককায়েক চিমোনক লগ পাই ক’লে, “আমি মচীহক অৰ্থাৎ খ্ৰীষ্টক দেখা পালোঁ।”
৪১স ইৎৱা প্রথমং নিজসোদরং শিমোনং সাক্ষাৎপ্রাপ্য কথিতৱান্ ৱযং খ্রীষ্টম্ অর্থাৎ অভিষিক্তপুরুষং সাক্ষাৎকৃতৱন্তঃ|
42 ৪২ আন্দ্রিয়ই চিমোনক যীচুৰ ওচৰলৈ লৈ আহিল। যীচুৱে তেওঁলৈ চাই ক’লে, “তুমি যোহনৰ পুতেক চিমোন, তোমাক কৈফা বুলি মতা হব।” “কৈফা” নামৰ অৰ্থ ‘পিতৰ’ অৰ্থাৎ শিল।
৪২পশ্চাৎ স তং যিশোঃ সমীপম্ আনযৎ| তদা যীশুস্তং দৃষ্ট্ৱাৱদৎ ৎৱং যূনসঃ পুত্রঃ শিমোন্ কিন্তু ৎৱন্নামধেযং কৈফাঃ ৱা পিতরঃ অর্থাৎ প্রস্তরো ভৱিষ্যতি|
43 ৪৩ পাছদিনা যীচুৱে যেতিয়া গালীল প্ৰদেশলৈ যাবৰ বাবে ইচ্ছা কৰিলে, তেতিয়া যীচুৱে ফিলিপক দেখা পাই ক’লে, “মোৰ পাছে পাছে আহা।”
৪৩পরেঽহনি যীশৌ গালীলং গন্তুং নিশ্চিতচেতসি সতি ফিলিপনামানং জনং সাক্ষাৎপ্রাপ্যাৱোচৎ মম পশ্চাদ্ আগচ্ছ|
44 ৪৪ ফিলিপ বৈৎ-চৈদা গাৱঁৰ লোক আছিল। আন্দ্রিয় আৰু পিতৰো সেই একে গাৱঁৰে লোক আছিল।
৪৪বৈৎসৈদানাম্নি যস্মিন্ গ্রামে পিতরান্দ্রিযযোর্ৱাস আসীৎ তস্মিন্ গ্রামে তস্য ফিলিপস্য ৱসতিরাসীৎ|
45 ৪৫ ফিলিপে পাছত নথনেলক দেখা পাই ক’লে, “মোচিয়ে বিধান-শাস্ত্রত যি জনৰ বিষয়ে লিখিছিল আৰু ভাৱবাদী সকলেও যি জনৰ বিষয়ে লিখিছে, আমি তেওঁক দেখা পালোঁ; তেওঁ নাচৰত নিবাসী যোচেফৰ পুতেক যীচু।”
৪৫পশ্চাৎ ফিলিপো নিথনেলং সাক্ষাৎপ্রাপ্যাৱদৎ মূসা ৱ্যৱস্থা গ্রন্থে ভৱিষ্যদ্ৱাদিনাং গ্রন্থেষু চ যস্যাখ্যানং লিখিতমাস্তে তং যূষফঃ পুত্রং নাসরতীযং যীশুং সাক্ষাদ্ অকার্ষ্ম ৱযং|
46 ৪৬ নথনেলে ফিলিপক ক’লে, “নাচৰতৰ পৰা কোনো উত্তম বস্তু জানো ওলাব পাৰে?” ফিলিপে তেওঁক ক’লে, “আহি চোৱাহি।”
৪৬তদা নিথনেল্ কথিতৱান্ নাসরন্নগরাত কিং কশ্চিদুত্তম উৎপন্তুং শক্নোতি? ততঃ ফিলিপো ঽৱোচৎ এত্য পশ্য|
47 ৪৭ যীচুৱে নথনেলক নিজৰ ফালে আহি থকা দেখি, তেওঁৰ বিষয়ে ক’লে, “এওঁক চোৱা, এজন প্রকৃত ইস্ৰায়েলী লোক। তেওঁৰ ভিতৰত একো ছলনা নাই!”
৪৭অপরঞ্চ যীশুঃ স্ৱস্য সমীপং তম্ আগচ্ছন্তং দৃষ্ট্ৱা ৱ্যাহৃতৱান্, পশ্যাযং নিষ্কপটঃ সত্য ইস্রাযেল্লোকঃ|
48 ৪৮ নথনেলে যীচুক সুধিলে, “আপুনি মোক কেনেকৈ চিনি পালে?” যীচুৱে উত্তৰ দি তেওঁক ক’লে, “ফিলিপে তোমাক মতাৰ আগেয়ে যেতিয়া তুমি ডিমৰু গছৰ তলত আছিলা, মই তেতিয়াই তোমাক দেখিছিলোঁ।”
৪৮ততঃ সোৱদদ্, ভৱান্ মাং কথং প্রত্যভিজানাতি? যীশুরৱাদীৎ ফিলিপস্য আহ্ৱানাৎ পূর্ৱ্ৱং যদা ৎৱমুডুম্বরস্য তরোর্মূলেঽস্থাস্তদা ৎৱামদর্শম্|
49 ৪৯ নথনেলে তেওঁক উত্তৰ দিলে, “ৰব্বি, আপুনিয়েই ঈশ্বৰৰ পুত্ৰ! আপুনিয়েই ইস্ৰায়েলৰ ৰজা!”
৪৯নিথনেল্ অচকথৎ, হে গুরো ভৱান্ নিতান্তম্ ঈশ্ৱরস্য পুত্রোসি, ভৱান্ ইস্রাযেল্ৱংশস্য রাজা|
50 ৫০ যীচুৱে উত্তৰ দি তেওঁক ক’লে, “তোমাক ডিমৰু গছৰ তলত দেখিছিলোঁ, এই কথা কোৱাৰ কাৰণেই বিশ্বাস কৰিছা নেকি? ইয়াতকৈয়ো অনেক মহৎ বিষয় তুমি দেখিবলৈ পাবা।”
৫০ততো যীশু র্ৱ্যাহরৎ, ৎৱামুডুম্বরস্য পাদপস্য মূলে দৃষ্টৱানাহং মমৈতস্মাদ্ৱাক্যাৎ কিং ৎৱং ৱ্যশ্ৱসীঃ? এতস্মাদপ্যাশ্চর্য্যাণি কার্য্যাণি দ্রক্ষ্যসি|
51 ৫১ যীচুৱে ক’লে, “মই তোমালোকক সঁচাকৈয়ে কওঁ, তোমালোকে স্বৰ্গৰ দুৱাৰ মুকলি হোৱা দেখিবা আৰু ঈশ্বৰৰ দূত সকলে মানুহৰ পুত্ৰৰ ওপৰেদি উঠি যোৱা আৰু নামি অহা দেখিবা।”
৫১অন্যচ্চাৱাদীদ্ যুষ্মানহং যথার্থং ৱদামি, ইতঃ পরং মোচিতে মেঘদ্ৱারে তস্মান্মনুজসূনুনা ঈশ্ৱরস্য দূতগণম্ অৱরোহন্তমারোহন্তঞ্চ দ্রক্ষ্যথ|

< যোহন 1 >