< পাঁচনি 1 >

1 হে থিয়ফিল, মই প্রথম প্রৱন্ধত আৰম্ভণীৰে পৰা যীচুক স্বর্গলৈ নিয়া দিনলৈকে তেওঁ যি যি কর্ম কৰিলে আৰু উপদেশ দিলে, সেই সকলোবোৰৰ বিষয়ে লিখিলোঁ।
হে থিযফিল, যীশুঃ স্ৱমনোনীতান্ প্রেরিতান্ পৱিত্রেণাত্মনা সমাদিশ্য যস্মিন্ দিনে স্ৱর্গমারোহৎ যাং যাং ক্রিযামকরোৎ যদ্যদ্ উপাদিশচ্চ তানি সর্ৱ্ৱাণি পূর্ৱ্ৱং মযা লিখিতানি|
2 পাছত তেওঁক ওপৰলৈ তুলি নিয়া দিনলৈকে তেওঁ মনোনীত কৰা পাঁচনি সকলক পবিত্ৰ আত্মাৰ দ্বাৰাই আজ্ঞা দিলে৷
স স্ৱনিধনদুঃখভোগাৎ পরম্ অনেকপ্রত্যযক্ষপ্রমাণৌঃ স্ৱং সজীৱং দর্শযিৎৱা
3 ক্রুচীয়‍ মৃত্যুৰ দুখভোগৰ পাছত তেওঁ পাঁচনি সকলৰ আগত সময়ে সময়ে দেখা দি নিজকে জীয়াই থকাৰ প্রমাণ দিলে। এইদৰে যীচুৱে চল্লিশ দিনলৈকে দৰ্শন দি ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰিলে।
চৎৱারিংশদ্দিনানি যাৱৎ তেভ্যঃ প্রেরিতেভ্যো দর্শনং দত্ত্ৱেশ্ৱরীযরাজ্যস্য ৱর্ণনম অকরোৎ|
4 এদিন পাঁচনি সকলৰ সৈতে সমবেত হোৱা সময়ত তেওঁ এই আজ্ঞা দিলে, “তোমালোকে যিৰূচালেম এৰি নাযাবা, কিন্তু মোৰ পৰা পিতৃৰ যি প্ৰতিজ্ঞা শুনিলা, সেই প্ৰতিজ্ঞালৈকে বাট চাই থাকা।
অনন্তরং তেষাং সভাং কৃৎৱা ইত্যাজ্ঞাপযৎ, যূযং যিরূশালমোঽন্যত্র গমনমকৃৎৱা যস্তিন্ পিত্রাঙ্গীকৃতে মম ৱদনাৎ কথা অশৃণুত তৎপ্রাপ্তিম্ অপেক্ষ্য তিষ্ঠত|
5 যোহনে পানীতহে বাপ্তিস্ম দিলে, কিন্তু কিছুদিনৰ পাছত তোমালোকক পবিত্ৰ আত্মাত বাপ্তিস্ম দিয়া হব।”
যোহন্ জলে মজ্জিতাৱান্ কিন্ত্ৱল্পদিনমধ্যে যূযং পৱিত্র আত্মনি মজ্জিতা ভৱিষ্যথ|
6 পুনৰ গোট খোৱা সময়ত তেওঁলোকে যীচুক সুধিলে, “হে প্ৰভু, ইস্ৰায়েলক আপুনি এই কালতে পুনৰাই ৰাজ্য দিব নে?”
পশ্চাৎ তে সর্ৱ্ৱে মিলিৎৱা তম্ অপৃচ্ছন্ হে প্রভো ভৱান্ কিমিদানীং পুনরপি রাজ্যম্ ইস্রাযেলীযলোকানাং করেষু সমর্পযিষ্যতি?
7 তেতিয়া তেওঁলোকক তেওঁ ক’লে, “যি কাল আৰু সময় পিতৃয়ে নিজৰ ক্ষমতাৰ অধীনত ৰাখিছে, সেই বিষয়ে তোমালোকে জানিবলৈ নোপোৱা।
ততঃ সোৱদৎ যান্ সর্ৱ্ৱান্ কালান্ সমযাংশ্চ পিতা স্ৱৱশেঽস্থাপযৎ তান্ জ্ঞাতৃং যুষ্মাকম্ অধিকারো ন জাযতে|
8 কিন্তু যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোক আত্মাত শক্তিশালী হবা৷ তেতিয়া তোমালোকে যিৰূচালেম আদি কৰি গোটেই যিহুদীয়া, চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে মোৰ সাক্ষী হবা।”
কিন্তু যুষ্মাসু পৱিত্রস্যাত্মন আৱির্ভাৱে সতি যূযং শক্তিং প্রাপ্য যিরূশালমি সমস্তযিহূদাশোমিরোণদেশযোঃ পৃথিৱ্যাঃ সীমাং যাৱদ্ যাৱন্তো দেশাস্তেষু যর্ৱ্ৱেষু চ মযি সাক্ষ্যং দাস্যথ|
9 এই কথা কোৱাৰ পাছত প্রভু যীচুক আকাশলৈ তুলি নিয়া হ’ল আৰু এচপৰা মেঘে তেওঁক ঢাকি ধৰিলে। তাতে তেওঁলোকে ওপৰলৈ ৰ’ লাগি চাই থাকিল, কিন্তু পুনৰবাৰ প্রভু যীচুক দেখা নাপালে।
ইতি ৱাক্যমুক্ত্ৱা স তেষাং সমক্ষং স্ৱর্গং নীতোঽভৱৎ, ততো মেঘমারুহ্য তেষাং দৃষ্টেরগোচরোঽভৱৎ|
10 ১০ এইদৰে আকাশলৈ একেথৰে চাই থাকোতে, হঠাৎ বগা বস্ত্ৰ পৰিধান কৰা দুজন লোক তেওঁলোকৰ ওচৰত থিয় হ’ল আৰু তেওঁলোকক কলে,
১০যস্মিন্ সমযে তে ৱিহাযসং প্রত্যনন্যদৃষ্ট্যা তস্য তাদৃশম্ ঊর্দ্ৱ্ৱগমনম্ অপশ্যন্ তস্মিন্নেৱ সমযে শুক্লৱস্ত্রৌ দ্ৱৌ জনৌ তেষাং সন্নিধৌ দণ্ডাযমানৌ কথিতৱন্তৌ,
11 ১১ “হে গালীল দেশৰ গালীলীয়া সকল, তোমালোকে কিয় আকাশলৈ ৰ’ লাগি চাই ৰৈছা? এই জন যীচুক তোমালোকৰ কাষৰ পৰা স্বৰ্গলৈ নিয়া হল। তোমালোকে তেওঁক যেনেকৈ স্বৰ্গলৈ যোৱা দেখিলা, সেইৰূপে তেওঁ আকৌ আহিব।”
১১হে গালীলীযলোকা যূযং কিমর্থং গগণং প্রতি নিরীক্ষ্য দণ্ডাযমানাস্তিষ্ঠথ? যুষ্মাকং সমীপাৎ স্ৱর্গং নীতো যো যীশুস্তং যূযং যথা স্ৱর্গম্ আরোহন্তম্ অদর্শম্ তথা স পুনশ্চাগমিষ্যতি|
12 ১২ তাৰ পাছত পাঁচনি সকল জৈতুন নামৰ পাহাৰৰ পৰা যিৰূচালেমলৈ উভতি আহিল৷ এই পাহাৰ যিৰূচালেমৰ পৰা বিশ্ৰামবাৰে যোৱা বাটৰ সমান দূৰৈত অৱস্থিত
১২ততঃ পরং তে জৈতুননাম্নঃ পর্ৱ্ৱতাদ্ ৱিশ্রামৱারস্য পথঃ পরিমাণম্ অর্থাৎ প্রাযেণার্দ্ধক্রোশং দুরস্থং যিরূশালম্নগরং পরাৱৃত্যাগচ্ছন্|
13 ১৩ যেতিয়া তেওঁলোকে যিৰূচালেম নগৰ গৈ পালে, তাত তেওঁলোকে পিতৰ, যোহন, যাকোব, আন্দ্রিয়, ফিলিপ, থোমা, বাৰ্থলময়, মথি, আলফয়ৰ পুতেক যাকোব, উদ্যোগী চিমোন আৰু যাকোবৰ পুতেক যিহুদা থকা ঘৰৰ ওপৰৰ কোঠালিলৈ গ’ল।
১৩নগরং প্রৱিশ্য পিতরো যাকূব্ যোহন্ আন্দ্রিযঃ ফিলিপঃ থোমা বর্থজমযো মথিরাল্ফীযপুত্রো যাকূব্ উদ্যোগা শিমোন্ যাকূবো ভ্রাতা যিহূদা এতে সর্ৱ্ৱে যত্র স্থানে প্রৱসন্তি তস্মিন্ উপরিতনপ্রকোষ্ঠে প্রাৱিশন্|
14 ১৪ তাতে তেওঁলোকে কেইগৰাকীমান মহিলা, যীচুৰ মাক মৰিয়ম আৰু তেওঁৰ ভায়েক সকলৰ সৈতে সকলোৱে এক মনেৰে প্ৰাৰ্থনাত লাগি থাকিল।
১৪পশ্চাদ্ ইমে কিযত্যঃ স্ত্রিযশ্চ যীশো র্মাতা মরিযম্ তস্য ভ্রাতরশ্চৈতে সর্ৱ্ৱ একচিত্তীভূত সততং ৱিনযেন ৱিনযেন প্রার্থযন্ত|
15 ১৫ সেই সময়ছোৱাত প্রায় এশ বিশ জন লোক গোট খাই আছিল, তাতে পিতৰে উঠি ক’লে,
১৫তস্মিন্ সমযে তত্র স্থানে সাকল্যেন ৱিংশত্যধিকশতং শিষ্যা আসন্| ততঃ পিতরস্তেষাং মধ্যে তিষ্ঠন্ উক্তৱান্
16 ১৬ “হে ভাই সকল, ধৰ্মশাস্ত্ৰৰ বচন সিদ্ধ হ’বলৈ যীচুক বন্দী কৰাৰ প্ৰয়োজন আছিল; কিয়নো যীচুক বন্দী কৰা সকলক যিহূদাই বাট দেখুউৱাৰ বিষয়ে পবিত্ৰ আত্মাই দায়ুদৰ মুখেৰে পূৰ্বতে প্রকাশ কৰিছিল।
১৬হে ভ্রাতৃগণ যীশুধারিণাং লোকানাং পথদর্শকো যো যিহূদাস্তস্মিন্ দাযূদা পৱিত্র আত্মা যাং কথাং কথযামাস তস্যাঃ প্রত্যক্ষীভৱনস্যাৱশ্যকৎৱম্ আসীৎ|
17 ১৭ তেওঁ আমাৰ মাজৰেই এজন আছিল আৰু এই পৰিচর্যা কার্যৰ ভাগো পাইছিল।
১৭স জনোঽস্মাকং মধ্যৱর্ত্তী সন্ অস্যাঃ সেৱাযা অংশম্ অলভত|
18 ১৮ দুষ্কর্ম্ম কৰি পোৱা ধনেৰে তেওঁ এডোখৰ মাটি কিনিলে আৰু তাতে তলমূৰকৈ পৰি যিহূদাৰ পেট ফাটি নাড়ী ভুঁৰু সকলো ওলাল।
১৮তদনন্তরং কুকর্ম্মণা লব্ধং যন্মূল্যং তেন ক্ষেত্রমেকং ক্রীতম্ অপরং তস্মিন্ অধোমুখে ভৃমৌ পতিতে সতি তস্যোদরস্য ৱিদীর্ণৎৱাৎ সর্ৱ্ৱা নাড্যো নিরগচ্ছন্|
19 ১৯ এই কথা যিৰূচালেমত নিবাস কৰা আটাই মানুহৰ মাজত বিয়পি পৰিল আৰু সেয়েহে তেওঁলোকৰ ভাষাত সেই মাটিৰ নাম হকলদামা, অৰ্থাৎ তেজৰ মাটি হ’ল।”
১৯এতাং কথাং যিরূশালম্নিৱাসিনঃ সর্ৱ্ৱে লোকা ৱিদান্তি; তেষাং নিজভাষযা তৎক্ষেত্রঞ্চ হকল্দামা, অর্থাৎ রক্তক্ষেত্রমিতি ৱিখ্যাতমাস্তে|
20 ২০ পিতৰে পুনৰ ক’লে, “কিয়নো গীতমালা পুস্তকত লিখা আছে, ‘তেওঁৰ থকা ঠাই নিৰ্জন হওক, ‘তাত কোনো মানুহ নাথাকক; আৰু আনে তেওঁৰ অধ্যক্ষ পদ পাওঁক।’
২০অন্যচ্চ, নিকেতনং তদীযন্তু শুন্যমেৱ ভৱিষ্যতি| তস্য দূষ্যে নিৱাসার্থং কোপি স্থাস্যতি নৈৱ হি| অন্য এৱ জনস্তস্য পদং সংপ্রাপ্স্যতি ধ্রুৱং| ইত্থং গীতপুস্তকে লিখিতমাস্তে|
21 ২১ গতিকে, প্রভু যীচুক যোহনে বাপ্তিস্ম দিয়া দিনৰে পৰা স্বৰ্গলৈ নিয়া দিনলৈকে যি সকল লোকে আমাৰ মাজত চলা-ফুৰা কৰিছিল,
২১অতো যোহনো মজ্জনম্ আরভ্যাস্মাকং সমীপাৎ প্রভো র্যীশোঃ স্ৱর্গারোহণদিনং যাৱৎ সোস্মাকং মধ্যে যাৱন্তি দিনানি যাপিতৱান্
22 ২২ সেই লোক সকলৰ মাজৰ বাপ্তিস্ম লোৱা এজন লোক নিশ্চয়কৈ আমাৰ সৈতে তেওঁৰ পুনৰুত্থানৰ সাক্ষী হোৱাৰ প্রয়োজন আছে।”
২২তাৱন্তি দিনানি যে মানৱা অস্মাভিঃ সার্দ্ধং তিষ্ঠন্তি তেষাম্ একেন জনেনাস্মাভিঃ সার্দ্ধং যীশোরুত্থানে সাক্ষিণা ভৱিতৱ্যং|
23 ২৩ তেতিয়া লোক সকলে যোচেফ, যি জনক বার্চব্বা অথবা যুষ্ট নামেৰেও জনা যায় আৰু মত্তথিয়; এই দুয়োজনকে আগলৈ আনিলে।
২৩অতো যস্য রূঢি র্যুষ্টো যং বর্শব্বেত্যুক্ত্ৱাহূযন্তি স যূষফ্ মতথিশ্চ দ্ৱাৱেতৌ পৃথক্ কৃৎৱা ত ঈশ্ৱরস্য সন্নিধৌ প্রার্য্য কথিতৱন্তঃ,
24 ২৪ পাছত তেওঁলোকে প্ৰাৰ্থনা কৰি ক’লে, “হে প্রভু, তুমি অন্তর্যামী, সকলোৰে হৃদয় জানা৷ সেয়েহে এই দুজনৰ মাজৰ পৰা এজনক মনোনীত কৰা;
২৪হে সর্ৱ্ৱান্তর্য্যামিন্ পরমেশ্ৱর, যিহূদাঃ সেৱনপ্রেরিতৎৱপদচ্যুতঃ
25 ২৫ কিয়নো যিহূদাই পাপ কৰি নিজৰ যাবলগীয়া ঠাইলৈ গ’ল৷ সেই ঠাইত এই দুয়ো জনৰ মাজৰ কোন জনক তুমি এই পৰিচর্যা আৰু পাঁচনি পদ পাবলৈ মনোনীত কৰিছা, সেয়া প্রকাশ কৰা।”
২৫সন্ নিজস্থানম্ অগচ্ছৎ, তৎপদং লব্ধুম্ এনযো র্জনযো র্মধ্যে ভৱতা কোঽভিরুচিতস্তদস্মান্ দর্শ্যতাং|
26 ২৬ পাছত তেওঁলোকে দুয়ো জনৰ কাৰণে চিঠি খেলোতে মত্তথিয়ৰ নাম উঠিল আৰু তেওঁ এঘাৰ জন পাঁচনিৰ লগত গণিত হ’ল।
২৬ততো গুটিকাপাটে কৃতে মতথির্নিরচীযত তস্মাৎ সোন্যেষাম্ একাদশানাং প্ররিতানাং মধ্যে গণিতোভৱৎ|

< পাঁচনি 1 >