Preface
Read
+
Publisher
Nainoia, Inc.
PO Box 462, Bellefonte, PA 16823
(814) 470-8028
Nainoia Inc, Publisher
LinkedIn/NAINOIA-INC
Third Party Publisher Resources
Request Custom Formatted Verses
Please contact us below
Submit your proposed corrections
I understand that the Aionian Bible republishes public domain and Creative Commons Bible texts and that volunteers may be needed to present the original text accurately. I also understand that apocryphal text is removed and most variant verse numbering is mapped to the English standard. I have entered my corrections under the verse(s) below. Proposed corrections to the Assamese Bible, Hosea Chapter 11 https://www.AionianBible.org/Bibles/Assamese---Assamese-Bible/Hosea/11 1 ১) ইস্ৰায়েল যেতিয়া শিশু আছিল তেতিয়া মই তেওঁক প্ৰেম কৰিছিলোঁ, মই মিচৰৰ পৰা মোৰ পুত্ৰক মাতি আনিছিলোঁ। 2 ২) মই তেওঁলোকক যিমানে মাতিছিলোঁ, সিমানেই তেওঁলোক মোৰ ওচৰৰ পৰা দূৰলৈ আঁতৰি গ’ল; তেওঁলোকে বাল দেৱতাবোৰৰ উদ্দেশ্যে বলি উৎসর্গ কৰিছিল, আৰু কটা মূৰ্ত্তিবোৰৰ কাৰণে ধূপ জ্বলাইছিল। 3 ৩) তথাপিও ময়েই ইফ্ৰয়িমক খোজ কাঢ়িবলৈ শিকালোঁ। ময়েই তেওঁক মোৰ কোলাত লৈ ফুৰিলোঁ; কিন্তু তেওঁলোকে নাজানিলে যে মই তেওঁলোকৰ কাৰণে চিন্তা কৰোঁ। 4 ৪) মই তেওঁলোকক প্ৰেমজৰী আৰু প্রেমৰ বান্ধোনেৰে চলাই আনিলোঁ; মই তেওঁলোকৰ বাবে কান্ধৰ ওপৰৰ পৰা যুৱলিখন তুলি ধৰা লোকৰ নিচিনা হলোঁ; পাছত কুজাঁ হৈ তেওঁলোকক আহাৰ খোৱাই প্রতিপালন কৰিলোঁ। 5 ৫) যিহেতু ইস্রায়েলীয়াসকল মোলৈ উলটি আহিবলৈ অসন্মত হ’ল, সেয়ে তেওঁলোক মিচৰলৈ উলটি নাযাব। আৰু অচূৰীয়াই তেওঁলোকৰ ওপৰত শাসন কৰিব। 6 ৬) তেওঁলোকৰ নগৰবোৰৰ ওপৰত যুদ্ধৰ তৰোৱাল পৰিব; তাতে তেওঁলোকৰ দুৱাৰবোৰৰ ডাংবোৰ নষ্ট হ’ব; নিজৰ পৰিকল্পনাৰ দ্বাৰাই তেওঁলোক বিনষ্ট হ’ব। 7 ৭) মোৰ লোকসকল মোৰ পৰা ঘূৰি যাবলৈ স্থিৰ কৰিছে; যদিও তেওঁলোকে মোক অর্থাৎ অতি উর্দ্ধত থকা জনাক মাতিলেও, তেওঁ তেওঁলোকক মুঠেই উর্দ্ধত তুলি নলব। 8 ৮) হে ইফ্ৰয়িম, মই তোমাক কেনেকৈ ত্যাগ কৰিম? হে ইস্ৰায়েল, মই তোমাক কেনেকৈ আনৰ হাতত শোধাই দিম? মই তোমাক কেনেকৈ অদ্মাৰ নিচিনা কৰিম? মই তোমাৰ অৱস্থা কেনেকৈ চবোয়ীমৰ নিচিনা কৰিম? মোৰ হৃদয় ব্যাকুল হৈছে; মোৰ সকলো মমতা জাগি উঠিছে। 9 ৯) মোৰ প্ৰচণ্ড ক্ৰোধ মই তোমালোকৰ বিৰুদ্ধে প্রকাশ নকৰিম; মই ইফ্ৰয়িমক পুনৰ বিনষ্ট নকৰিম; কিয়নো মই ঈশ্বৰ, মানুহ নহওঁ; মই তোমালোকৰ মাজত থকা পবিত্ৰ জনা; মই ক্ৰোধেৰে উপস্থিত নহম। 10 ১০) তোমাৰ লোকসকল মোৰ (যিহোৱাৰ) পাছত চলিব; মই সিংহৰ নিচিনাকৈ গৰ্জ্জন কৰি মাতিম; মই গৰ্জ্জন কৰি মাতিলে মোৰ সন্তান সকল পশ্চিম ফালৰ পৰা কঁপি কঁপি আহিব। 11 ১১) মিচৰ দেশৰ পৰা চৰাইৰ নিচিনাকৈ, অচূৰীয়াৰ পৰা কপৌৰ নিচিনাকৈ তেওঁলোক কপিঁ কপিঁ আহিব; মই তেওঁলোকক নিজ নিজ ঘৰত বাস কৰাম। মই যিহোৱাই এই কথা কৈছো। 12 ১২) যিহোৱাই কৈছে, “ইফ্ৰয়িমৰ মিছা কথা, ইস্ৰায়েল বংশৰ ছলনাই মোক চাৰিওফালে বেৰি ৰাখিছে; কিন্তু যিহূদাই এতিয়াও মোৰ অর্থাৎ ঈশ্বৰৰ লগত অহা-যোৱা কৰিছে আৰু মোলৈ অর্থাৎ পবিত্ৰ জনালৈ বিশ্বস্ত হৈ আছে। Additional comments?
Refresh Captcha
The world's first Holy Bible un-translation!