< Salmos 31 >

1 Al Vencedor: Salmo de David. En ti, oh SEÑOR, he esperado; no sea yo avergonzado para siempre; líbrame en tu justicia.
হে যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছোঁ; মোক কেতিয়াও লাজত পৰিবলৈ নিদিবা; তোমাৰ ধাৰ্মিকতাৰ গুণেৰে মোক ৰক্ষা কৰা।
2 Inclina a mí tu oído, líbrame presto; seme por roca de fortaleza, por casa fuerte para salvarme.
মোলৈ কাণ পাতা, মোক শীঘ্ৰে উদ্ধাৰ কৰা; মোক ৰক্ষা কৰিবলৈ তুমিয়েই মোৰ আশ্রয়-শিলা হোৱা, মোৰ দৃঢ় কোঁঠ হোৱা।
3 Porque tú eres mi roca y mi castillo; y por tu Nombre me guiarás, y me encaminarás.
তুমি মোৰ শিলা, আৰু মোৰ দুৰ্গ; এই হেতুকে তোমাৰ নামৰ কাৰণে তুমি মোৰ পথ-দৰ্শক হৈ মোক চলাই নিবা।
4 Me sacarás de la red que han escondido para mí; porque tú eres mi fortaleza.
মোৰ কাৰণে গোপনে পতা জালৰ পৰা তুমি মোক উদ্ধাৰ কৰা; কাৰণ তুমিয়েইতো মোৰ আশ্ৰয়।
5 En tu mano encomendaré mi espíritu; tú me redimirás, oh SEÑOR, Dios de verdad.
হে যিহোৱা, হে মোৰ বিশ্ৱস্ত ঈশ্বৰ, তুমিয়েই মোক মুক্ত কৰিলা; মই তোমাৰ হাতত মোৰ আত্মা শোধাই দিছোঁ;
6 Aborrecí a los que esperan en vanidades ilusorias; mas yo en el SEÑOR he esperado.
যিসকলে অসাৰ মূর্তিবোৰৰ সেৱা-পূজা কৰে, মই তেওঁলোকক ঘিণ কৰোঁ; কিন্তু মই যিহোৱাত ভাৰসা কৰোঁ।
7 Me gozaré y alegraré en tu misericordia; porque has visto mi aflicción; has conocido mi alma en las angustias;
তোমাৰ গভীৰ প্রেমত মই আনন্দ কৰিম, উল্লাসিত হ’ম; কিয়নো তুমি মোৰ দুখলৈ দৃষ্টি কৰিলা; মোৰ দুর্দশাত তুমি চিন্তিত থ’লো
8 y no me encerraste en mano del enemigo; hiciste estar mis pies en anchura.
তুমি মোক শত্রুৰ হাতত শোধাই নিদিলা; বহল ঠাইত তুমি মোৰ ভৰি ৰাখিলা।
9 Ten misericordia de mí, oh SEÑOR, que estoy en angustia; se han carcomido de pesar mis ojos, mi alma, y mis entrañas.
হে যিহোৱা, মোক কৃপা কৰা, কিয়নো মই অতি কষ্টৰ মাজত আছোঁ; দুখত মোৰ চকু সোমাই গৈছে; মোৰ দেহ আৰু প্ৰাণ দুর্বল হৈ গৈছে।
10 Porque se ha acabado mi vida con dolor, y mis años con suspiro; se ha enflaquecido mi fuerza a causa de mi iniquidad, y mis huesos se han consumido.
১০মই শোকতে মোৰ জীৱন পাৰ কৰিলোঁ, হুমুনিয়াহ কাঢ়ি কাঢ়ি মোৰ বছৰ কেইটাৰ অন্ত হৈছে; মোৰ দূখৰ কাৰণে মোৰ শক্তি লোপ পাইছে, আৰু মোৰ অস্থিবোৰ শুকাই গৈছে।
11 De todos mis enemigos he sido oprobio, y de mis vecinos en gran manera, y horror a mis conocidos; los que me ven fuera, huyen de mí.
১১মোৰ সকলো শত্রুৰ ওচৰত মই ঘৃণাৰ পাত্র, চুবুৰীয়াৰ ওচৰত মই অত্যন্ত নিন্দনীয়, মোৰ পৰিচিতসকলৰ ওচৰত মই শঙ্কাৰ বিষয় হৈছোঁ; বাটত মোক দেখিলে মানুহবোৰ পলাই যায়।
12 He sido olvidado del todo como un muerto; he venido a ser como un vaso perdido.
১২মৃত ব্যক্তিক পাহৰি যোৱাৰ দৰে, মানুহবোৰে মোক পাহৰি গৈছে; মই যেন এটা ভগা পাত্ৰৰ দৰে হ’লো।
13 Porque he oído afrenta de muchos, cerrado de temores; cuando consultaban juntos contra mí, e ideaban para prenderme el alma.
১৩মোৰ সম্বন্ধে দিয়া অনেকৰ অপবাদ মোৰ কাণত পৰিছে, মোৰ চাৰিওফালে ভীষণ ভয় আছে। তেওঁলোকে মোৰ বিৰুদ্ধে একেলগে পৰামর্শ কৰিছে, মোৰ প্ৰাণ ল’বলৈ ষড়যন্ত্র কৰিছে।
14 Mas yo en ti confié, oh SEÑOR; yo dije: Dios mío eres tú.
১৪কিন্তু, হে যিহোৱা, মই তোমাতেই ভাৰসা কৰিছোঁ; মই কওঁ, “তুমিয়েই মোৰ ঈশ্বৰ।”
15 En tu mano están mis tiempos; líbrame de la mano de mis enemigos, y de mis perseguidores.
১৫তোমাৰ হাততেই মোৰ সকলো সময় আছে, মোৰ শত্রু আৰু তাড়নাকাৰীবোৰৰ হাতৰ পৰা তুমি মোক উদ্ধাৰ কৰা।
16 Haz resplandecer tu rostro sobre tu siervo; sálvame por tu misericordia.
১৬তোমাৰ দাসৰ প্রতি তোমাৰ মুখ উজ্জ্বল কৰা; তোমাৰ অসীম প্রেমত মোক ৰক্ষা কৰা।
17 SEÑOR, no sea yo confundido, porque te he invocado; sean confusos los impíos, sean cortados para el infierno. (Sheol h7585)
১৭হে যিহোৱা, মই তোমাক মাতিছো, তুমি মোক লাজত পৰিবলৈ নিদিবা; দুষ্ট লোক বৰং লাজত পৰক, চিয়োলত নীৰৱে থাকক। (Sheol h7585)
18 Enmudezcan los labios mentirosos, que hablan contra el justo cosas duras, con soberbia y menosprecio.
১৮অহংকাৰ আৰু তুচ্ছ ভাব লৈ যিসকলে ধাৰ্মিকসকলৰ বিৰুদ্ধে দর্প কথা কয়, সেই মিছলীয়া ওঁঠবোৰ বোবা হওঁক।
19 ¡Cuán grande es tu bien, que has guardado para los que te temen, que has obrado para los que esperan en ti, delante de los hijos de los hombres!
১৯অহ! তোমাৰ মঙ্গল কিমান যে মহান! যি মঙ্গল তুমি তোমাক ভয় কৰোঁতা লোকসকলৰ বাবে সঞ্চয় কৰি থৈছা; তোমাত আশ্ৰয় লোৱা সকলোৰে সন্মুখতে তুমি সেই মঙ্গল সিদ্ধ কৰি থাকা।
20 Los esconderás en el escondedero de tu rostro de las arrogancias del hombre; los esconderás en el tabernáculo a cubierto de contención de lenguas.
২০তুমি তেওঁলোকক তোমাৰ উপস্থিতিৰ আশ্রয় স্থানত ৰাখি, মানুহৰ কুমন্ত্ৰণাৰ পৰা লুকুৱাই ৰাখা; বিতর্কমূলক জিভাবোৰৰ পৰা তোমাৰ নিৰাপদ আশ্রয় স্থানত তুমি তেওঁলোকক আঁতৰাই ৰাখা।
21 Bendito el SEÑOR, porque ha hecho maravillosa su misericordia para conmigo en ciudad fuerte.
২১যিহোৱা ধন্য হওঁক; যেতিয়া মই ঘেৰি থকা এখন নগৰৰ মাজত আছিলোঁ, তেওঁ মোলৈ আশ্চর্যজনক ভাৱে তেওঁৰ গভীৰ প্রেম দেখুৱালে।
22 Y decía yo en mi premura: cortado soy de delante de tus ojos; mas tú ciertamente oíste la voz de mis ruegos, cuando a ti clamaba.
২২মই আতঙ্কিত হৈ যদিও কৈছিলোঁ, “তোমাৰ দৃষ্টিৰ পৰা মই বিছিন্ন হৈ পৰিলো”; তথাপিও মই তোমাৰ আগত সহায়ৰ বাবে কাতৰোক্তি কৰাত, তুমি মোৰ কাকুতি শুনিলা।
23 Amad al SEÑOR todos vosotros sus misericordiosos; a los fieles guarda el SEÑOR, y paga abundantemente al que obra con soberbia.
২৩হে যিহোৱাৰ ভক্ত লোকসকল, তোমালোকে তেওঁক প্ৰেম কৰা; যিহোৱাই বিশ্বাসীসকলক ৰক্ষা কৰে, কিন্তু অহংকাৰীবোৰক তেওঁ অধিক প্ৰতিফল দিয়ে।
24 Esforzaos y esfuércese vuestro corazón todos los que esperáis en el SEÑOR.
২৪তোমালোক যিসকলে যিহোৱালৈ অপেক্ষা কৰা, তোমালোক বলৱন্ত হোৱা, তোমালোকৰ হৃদয় সাহিয়াল হওঁক।

< Salmos 31 >