< Salmos 30 >

1 Salmo de canción al estrenar la casa de David: Te ensalzaré, oh SEÑOR; porque me has ensalzado; y no hiciste alegrar mis enemigos de mí.
হে যিহোৱা, মই তোমাৰ প্ৰশংসা কৰিম; কিয়নো তুমিয়েই মোক উঠাই আনিলা। মোৰ শত্রুবোৰক তুমি মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিলা।
2 SEÑOR Dios mío, clamé a ti, y me sanaste.
হে মোৰ ঈশ্বৰ যিহোৱা, মই সহায়ৰ বাবে তোমাৰ আগত কাতৰোক্তি কৰাত, তুমি মোক সুস্থ কৰিলা।
3 Oh SEÑOR, hiciste subir mi alma del sepulcro; me diste vida de mi descendimiento a la sepultura. (Sheol h7585)
হে যিহোৱা, তুমি মোৰ প্ৰাণ চিয়োলৰ পৰা তুলি আনিলা, তুমি মোক গাতলৈ যাব নিদি জীয়াই ৰাখিলা। (Sheol h7585)
4 Cantad al SEÑOR sus misericordiosos, y celebrad la memoria de su santidad.
হে যিহোৱাৰ ভক্তগণ, তোমালোকে তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।
5 Porque un momento hay en su furor; mas en su voluntad está la vida: por la tarde durará el lloro, y a la mañana vendrá la alegría.
কিয়নো তেওঁৰ ক্ৰোধ খন্তেকীয়া, তেওঁৰ দয়া হ’লে আজীৱন কাললৈকে; ৰাতিৰ দীর্ঘসময়ত ক্ৰন্দন থাকিব পাৰে, কিন্তু ৰাতিপুৱাতে আনন্দ আহে।
6 Y dije yo en mi prosperidad: No seré jamás conmovido;
সুখৰ দিনত মই কৈছিলোঁ, “মোক কোনেও লৰাব নোৱাৰিব।”
7 porque tú, SEÑOR, por tu benevolencia has asentado mi monte con fortaleza. Escondiste tu rostro, fui conturbado.
হে যিহোৱা, তোমাৰ অনুগ্ৰহেৰেই তুমি মোক শক্তিশালী পৰ্ব্বতস্বৰূপে স্থাপন কৰিলা; কিন্তু, যেতিয়া তুমি তোমাৰ মুখ লুকুৱাই ৰাখিছিলা, তেতিয়া মই ভীষণ ব্যাকুল হৈছিলোঁ।
8 A ti, oh DIOS, llamaré; y al Señor suplicaré.
হে যিহোৱা, মই তোমাকেই চিঞঁৰি মাতিছিলোঁ, মোৰ যিহোৱাৰ ওচৰত দয়া বিচাৰি মই মিনতি কৰি কৈছিলোঁ:
9 ¿Qué provecho hay en mi muerte, cuando yo descendiere al hoyo? ¿Te alabará el polvo? ¿Anunciará tu verdad?
“মোৰ মৃত্যুত বা মই গাতলৈ নামি যোৱাত জানো কিবা লাভ আছে? ধুলিয়ে জানো তোমাৰ প্ৰশংসা নাইবা তোমাৰ বিশ্ৱস্ততাৰে প্ৰচাৰ কৰিব?
10 Oye, oh SEÑOR, y ten misericordia de mí: SEÑOR, sé tú mi ayudador.
১০হে যিহোৱা, শুনা, মোক কৃপা কৰা, হে যিহোৱা, মোৰ সহায় হোৱা।”
11 Has tornado mi endecha en baile; desataste mi cilicio, y me ceñiste de alegría.
১১শোক অৱস্থাৰ পৰা তুমি মোক নৃত্যৰ উৎসৱলৈ আনিলা; শোকৰ চট কাপোৰ খুলি তুমি মোক আনন্দৰ বস্ত্র পিন্ধালা,
12 Por tanto a ti canté gloria, y no callé; SEÑOR Dios mío, te alabaré para siempre.
১২যাতে মোৰ অন্তৰ নীৰৱে নাথাকে বৰং তোমাৰ উদ্দেশ্যে প্রশংসাৰ গীত গায়; হে মোৰ ঈশ্বৰ যিহোৱা, মই অনন্ত কাললৈকে তোমাৰ ধন্যবাদ কৰিম।

< Salmos 30 >