< ミカ書 3 >

1 わたしは言った、ヤコブのかしらたちよ、イスラエルの家のつかさたちよ、聞け、公義はあなたがたの知っておるべきことではないか。
মই কলোঁ, “যাকোবৰ মূখ্য লোকসকল, আৰু ইস্রায়েলৰ বংশৰ শাসনকৰ্ত্তাসকল এতিয়া শুনা: ন্যায় বুজি পোৱাটো তোমালোকৰ বাবে উচিত নহয় নে?
2 あなたがたは善を憎み、悪を愛し、わが民の身から皮をはぎ、その骨から肉をそぎ、
তোমালোকৰ যিসকলে ভাল কৰ্ম ঘিণ কৰে, আৰু পাপক ভাল পায়, তেওঁলোকৰ তোমালোকে ছাল বখলিয়াবা, আৰু তেওঁলোকৰ হাড়ৰ পৰা মাংস এৰুৱাবা,
3 またわが民の肉を食らい、その皮をはぎ、その骨を砕き、これを切りきざんで、なべに入れる食物のようにし、大なべに入れる肉のようにする。
তোমালোকে মোৰ লোকসকলৰ মাংসও খোৱা, তোমালোকে মোৰ লোকসকলৰো ছাল বখলিওৱা, তেওঁলোকৰ হাড় ভাঙা, পাত্রৰ বাবে মাংস, আৰু কেৰাহীত দিয়া মাংসৰ দৰে, তোমালোকে তেওঁলোকক টুকুৰা টুকুৰ কৰা আৰু খোৱা।
4 こうして彼らが主に呼ばわっても、主はお答えにならない。かえってその時には、み顔を彼らに隠される。彼らのおこないが悪いからである。
তেতিয়া শাসনকৰ্ত্তাসকলে যিহোৱাৰ আগত কাতৰোক্তি কৰিব, কিন্তু তেওঁ তোমালোকক উত্তৰ নিদিব। সেই সময়ত তেওঁ তোমালোকৰ পৰা মুখ লুকুৱাব, কাৰণ তোমালোকে পাপ কৰ্ম কৰিছা।”
5 わが民を惑わす預言者について主はこう言われる、彼らは食べ物のある時には、「平安」を叫ぶけれども、その口に何も与えない者にむかっては、宣戦を布告する。
ভাববাদীসকলৰ বিষয়ে যিহোৱাই এইদৰে কৈছে, মোৰ লোকসকলক কোনে ভ্ৰান্ত কৰে: যিসকলে তেওঁলোকক আহাৰ খুৱাই, তেওঁলোকৰ বাবে তেওঁলোকে ঘোষণা কৰে, ‘তাত উন্নতি হ’ব।’ কিন্তু যিসকলে নিজৰ মুখত একো নলয়, তেওঁলোকৰ বাবে তেওঁলোকে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
6 それゆえ、あなたがたには夜があっても幻がなく、暗やみがあっても占いがない。太陽はその預言者たちに没し、昼も彼らの上に暗くなる。
সেই কাৰণে কোনো দৰ্শন নোহোৱাকৈ তোমালোকলৈ ৰাতি হ’ব; আৰু তোমালোকে ভৱিষ্যৎ গণনা কৰিব নোৱাৰাকৈ তোমালোকলৈ আন্ধাৰ হ’ব; ভাববাদীসকলৰ ওপৰত সূৰ্য মাৰ যাব, আৰু সেই দিনা তেওঁলোকৰ ওপৰত আন্ধাৰ হ’ব।
7 先見者は恥をかき、占い師は顔をあからめ、彼らは皆そのくちびるをおおう。神の答がないからである。
দৰ্শকসকলক লাজত পেলোৱা হ’ব, আৰু ভৱিষ্যৎ গণনা কৰা সকল বিভ্রান্ত হ’ব। তেওঁলোক সকলোৱে নিজৰ মুখ ঢাকিব; কাৰণ মোৰ পৰা তেওঁলোকলৈ একো উত্তৰ নাহিব;”
8 しかしわたしは主のみたまによって力に満ち、公義と勇気とに満たされ、ヤコブにそのとがを示し、イスラエルにその罪を示すことができる。
কিন্তু মোৰ ক্ষেত্রত, যাকোবক তেওঁৰ অপৰাধ আৰু ইস্ৰায়েলক তেওঁৰ পাপ ঘোষণা কৰিবলৈ, মই যিহোৱাৰ আত্মাৰ দ্বাৰাই শক্তি, ন্যায় বিচাৰ, আৰু পৰাক্রমেৰে পৰিপূৰ্ণ।
9 ヤコブの家のかしらたち、イスラエルの家のつかさたちよ、すなわち公義を憎み、すべての正しい事を曲げる者よ、これを聞け。
সকলো সৎ কৰ্মত বিপথে যোৱা, আৰু ন্যায় ঘৃণা কৰা হে যাকোবৰ বংশৰ মূখ্য লোকসকল, আৰু ইস্ৰায়েল বংশৰ শাসনকৰ্ত্তাসকল, এতিয়া এই কথা শুনা;
10 あなたがたは血をもってシオンを建て、不義をもってエルサレムを建てた。
১০তোমালোকে ৰক্তপাতেৰে চিয়োন, আৰু পাপেৰে যিৰূচালেম নিৰ্মাণ কৰিলা;
11 そのかしらたちは、まいないをとってさばき、その祭司たちは価をとって教え、その預言者たちは金をとって占う。しかもなお彼らは主に寄り頼んで、「主はわれわれの中におられるではないか、だから災はわれわれに臨むことがない」と言う。
১১তোমালোকৰ মুখ্য লোকসকলে উৎকোচৰ বাবে বিচাৰ কৰে, তোমালোকৰ পুৰোহিতসকলে মূল্যৰ বাবে শিক্ষা দিয়ে, আৰু তোমালোকৰ ভাববাদীসকলে ধনৰ বাবে ভৱিষ্যত বাণী কৰে, তথাপি তোমালোকে যিহোৱাৰ ওপৰত ভাৰসা কৰি কোৱা, “যিহোৱা আমাৰ লগত নাই নে? কোনো আপদ আমালৈ নাহিব;
12 それゆえ、シオンはあなたがたのゆえに田畑となって耕され、エルサレムは石塚となり、宮の山は木のおい茂る高い所となる。
১২এই হেতুকে তোমালোকৰ কাৰণে পথাৰ চহোৱাৰ দৰে চিয়োনক চহোৱা হ’ব, যিৰূচালেম ধ্বংসৰ স্তূপ হ’ব, আৰু মন্দিৰ থকা পাহাৰ জংঘলৰ দৰে হ’ব।

< ミカ書 3 >