< ミカ書 2 >

1 その床の上で不義を計り、悪を行う者はわざわいである。彼らはその手に力あるゆえ、夜が明けるとこれを行う。
যিবোৰে নিজৰ নিজৰ শয্যাত অধৰ্ম কল্পনা কৰে, আৰু কুকৰ্ম চিন্তা কৰে, তেওঁলোকৰ সন্তাপ হ’ব। ৰাতিপুৱাৰ পোহৰত তেওঁলোকে এইবোৰ কৰে; কাৰণ তেওঁলোকৰ ক্ষমতা আছে।
2 彼らは田畑をむさぼってこれを奪い、家をむさぼってこれを取る。彼らは人をしえたげてその家を奪い、人をしえたげてその嗣業を奪う。
তেওঁলোকে পথাৰলৈ লোভ কৰে আৰু সেইবোৰ কাঢ়ি লয়, আৰু তেওঁলোকে ঘৰবোৰলৈ লোভ কৰে আৰু সেইবোৰ দখল কৰি লয়; এইদৰে তেওঁলোকে মানুহ আৰু তেওঁলোকৰ ঘৰ, মানুহ আৰু তেওঁলোকৰ উত্তৰাধিকাৰিক অত্যাচাৰ কৰে।
3 それゆえ、主はこう言われる、見よ、わたしはこのやからにむかって災を下そうと計る。あなたがたはその首をこれから、はずすことはできない。また、まっすぐに立って歩くことはできない。これは災の時だからである。
সেই কাৰণে যিহোৱাই এই কথা কৈছে: “চোৱা, মই এই জাতিৰ বিৰুদ্ধে দুৰ্যোগ আনিম, সেই দুৰ্যোগৰ পৰা তোমালোকে নিজৰ ডিঙি গুচাব নোৱাৰিবা, আৰু তোমালোক গৰ্ব্বেৰে চলিব নোৱাৰিবা, কাৰণ এয়া অমঙ্গলৰ সময়।
4 その日、人々は歌を作ってあなたがたをののしり、悲しみの歌をもって嘆き悲しみ、「われわれはことごとく滅ぼされる、わが民の分は人に与えられる。どうしてこれはわたしから離れるのであろう。われわれの田畑はわれわれを捕えた者の間に分け与えられる」と言う。
সেই দিনা তোমাৰ শত্রুসকলে বিলাপৰ কৰি ক্রন্দনেৰে তোমাৰ বিষয়ে এটি গীত গাব, তেওঁলোকে গাব, ‘আমি ইস্রায়েলীসকল সম্পূৰ্ণৰূপে ধ্বংস হলোঁ; যিহোৱাই মোৰ লোকসকলৰ অঞ্চল সলনি কৰিছে; তেওঁ ইয়াক মোৰ পৰা কেনেকৈ দূৰ কৰিব? বিদ্ৰোহী সকলক তেওঁ আমাৰ পথাৰবোৰ ভগাই দিছে।
5 それゆえ、主の会衆のうちにはくじによって測りなわを張る者はひとりもなくなる。
সেই বাবে যিহোৱাৰ সমাজত চিঠি খেলৰ দ্বাৰাই অঞ্চল ভাগ কৰিবলৈ ধনী লোকসকলৰ কোনো বংশধৰ নাথাকিব।
6 彼らは言う、「あなたがたは説教してはならない。そのような事について説教してはならない。そうすればわれわれは恥をこうむることがない」と。
“ভাববাণী প্ৰচাৰ নকৰিবা,” তেওঁলোকে কয়, “তেওঁলোকে এইবোৰৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা উচিত নহয়; আৰু নিন্দা অহা উচিত নহয়।”
7 ヤコブの家よ、そんなことは言えるのだろうか。主は気短な方であろうか。これらは主のみわざなのであろうか。わが言葉は正しく歩む者に、益とならないのであろうか。
যাকোবৰ বংশক প্রকৃততে এইদৰে কোৱা উচিত নে? “যিহোৱাৰ আত্মা ক্রোধত আছে নে? এইবোৰ সঁচাই তেওঁৰ কাৰ্য নে?” যি জনে ন্যায়ত চলে, মোৰ বাক্যই তেওঁক উপকাৰ নকৰিব নে?
8 ところが、あなたがたは立ってわが民の敵となり、いくさのことを知らずに、安らかに過ぎゆく者から、平和な者から、上着をはぎ取り、
ইতিমধ্যে মোৰ লোকসকল শত্রুৰ দৰে হৈ উঠিছে; নিৰাপদে আছোঁ বুলি ভাবি যুদ্ধৰ পৰা ঘূৰি অহা সৈন্যসকলৰ দৰে, সন্দেহ নোহোৱা পথিকৰ পৰা তুমি পোচাক, আৰু বস্ত্র খুলি লৈছা;
9 わが民の女たちをその楽しい家から追い出し、その子どもから、わが栄えをとこしえに奪う。
তোমালোকে মোৰ লোকসকলৰ মহিলাসকলক তেওঁলোকৰ আনন্দদায়ক ঘৰৰ পৰা খেদি দিছা; তুমি তেওঁলোকৰ তৰুণ সন্তান সকলৰ পৰা মোৰ আশীৰ্ব্বাদ চিৰকাললৈকে কাঢ়ি লৈছা।
10 立って去れ、これはあなたがたの休み場所ではない。これは汚れのゆえに滅びる。その滅びは悲惨な滅びだ。
১০উঠা, আৰু এই ঠাই এৰি যোৱা, অশুচিতাৰ কাৰণে এই ঠাই তোমালোক থাকিবৰ বাবে নহয়; ইয়াক সম্পূৰ্ণৰূপে ধ্বংস কৰা হ’ব।
11 もし人が風に歩み、偽りを言い、「わたしはぶどう酒と濃き酒とについて、あなたに説教しよう」と言うならば、その人はこの民の説教者となるであろう。
১১মিথ্যা আত্মা আৰু মিছা কথাৰে কোনো এজনে যদি তোমাৰ ওচৰলৈ আহি কয়, “মই দ্ৰাক্ষাৰস আৰু সুৰা পানৰ বিষয়ে তোমাৰ আগত ভাববাণী প্ৰচাৰ কৰিম;” তেনেহ’লে তেওঁক এই লোকসকলৰ কাৰণে ভাববাদী হ’বলৈ বিবেচনা কৰা হ’ব।
12 ヤコブよ、わたしは必ずあなたをことごとく集め、イスラエルの残れる者を集める。わたしはこれをおりの羊のように、牧場の中の群れのように共におく。これは人の多きによって騒がしくなる。
১২হে যাকোব, মই নিশ্চয়ে তোমাৰ সকলো লোকক সমবেত কৰিম; মই নিশ্চয় ইস্ৰায়েলৰ অৱশিষ্ট ভাগক একগোট কৰিম; গৰালত থকা মেৰ-ছাগবোৰৰ দৰে, আৰু চৰণীয়া পথাৰৰ মাজত থকা এজাক পশুৰ দৰে, মই তেওঁলোক একত্রিত কৰিম। অধিক লোক হোৱাৰ কাৰণে তাত কোলাহলপূৰ্ণ শব্দ হ’ব।
13 打ち破る者は彼らに先だって登りゆき、彼らは門を打ち破り、これをとおって外に出て行く。彼らの王はその前に進み、主はその先頭に立たれる。
১৩কোনো এজনে তেওঁলোকৰ বাবে বাট ভাঙি উলিয়াবলৈ তেওঁলোকৰ আগে আগে যাব; তেওঁলোকে দুৱাৰ ভাঙিব; আৰু দুৱাৰৰ মাজেৰে বাহিৰ ওলাই যাব; তেওঁলোকৰ ৰজা তেওঁলোকৰ আগেয়ে ওলাই যাব, যিহোৱা তেওঁলোকৰ আগধৰোঁতা হ’ব।

< ミカ書 2 >