< ヨナ書 4 >

1 ところがヨナはこれを非常に不快として、激しく怒り、
সেয়ে যোনা অতিশয় অসন্তুষ্ট হ’ল আৰু ক্রোধিত হৈ পৰিল।
2 主に祈って言った、「主よ、わたしがなお国におりました時、この事を申したではありませんか。それでこそわたしは、急いでタルシシにのがれようとしたのです。なぜなら、わたしはあなたが恵み深い神、あわれみあり、怒ることおそく、いつくしみ豊かで、災を思いかえされることを、知っていたからです。
তেওঁ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে যিহোৱা, মই নিজ দেশত থাকোঁতেই ভাবিছিলো যে, এনেকুৱাই হ’ব। সেই কাৰণেই মই প্রথমে তৰ্চীচলৈ পলাই গৈছিলোঁ; কিয়নো মই জানিছিলোঁ যে, আপুনি কৃপালু ঈশ্বৰ, প্রেমেৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ, দয়াত মহান আৰু ধ্বংস কৰাৰ পৰা মন পৰিবর্তন কৰোঁতা।
3 それで主よ、どうぞ今わたしの命をとってください。わたしにとっては、生きるよりも死ぬ方がましだからです」。
এতিয়া হে যিহোৱা, মিনতি কৰোঁ, আপুনি মোৰ প্ৰাণ লওক; কিয়নো মই জীয়াই থকাতকৈ মৰি যোৱাই ভাল।”
4 主は言われた、「あなたの怒るのは、よいことであろうか」。
তেতিয়া যিহোৱাই ক’লে, “তুমি খং কৰাটো জানো উচিত হৈছে?”
5 そこでヨナは町から出て、町の東の方に座し、そこに自分のために一つの小屋を造り、町のなりゆきを見きわめようと、その下の日陰にすわっていた。
তাৰ পাছত যোনা নগৰখনৰ পৰা ওলাই গ’ল। তেওঁ নগৰখনৰ পূবদিশে এটা আশ্রয় গৃহ সাজি তাৰ ছাঁয়াত বহিল আৰু নগৰখনৰ কি দশা হ’ব, তাক চাবলৈ অপেক্ষা কৰি থাকিল।
6 時に主なる神は、ヨナを暑さの苦痛から救うために、とうごまを備えて、それを育て、ヨナの頭の上に日陰を設けた。ヨナはこのとうごまを非常に喜んだ。
পাছত ঈশ্বৰ যিহোৱাই এজোপা এৰাগছ নিৰূপণ কৰিলে আৰু যোনাই কষ্ট নাপাবলৈ তেওঁৰ গাত ছাঁ পৰিবৰ বাবে মূৰৰ ওপৰলৈকে গছ পুলিতো বঢ়ালে। সেই গছ জোপাৰ কাৰণে যোনা অতি আনন্দিত হ’ল।
7 ところが神は翌日の夜明けに虫を備えて、そのとうごまをかませられたので、それは枯れた。
কিন্তু পাছদিনা অতি ৰাতিপুৱাতে ঈশ্বৰে এটা পোক পঠালে আৰু সেই পোকটোৱে গছডাল কুটাত, গছডাল শুকাই গ’ল।
8 やがて太陽が出たとき、神が暑い東風を備え、また太陽がヨナの頭を照したので、ヨナは弱りはて、死ぬことを願って言った、「生きるよりも死ぬ方がわたしにはましだ」。
পাছত সূর্যোদয়ৰ সময়ত ঈশ্বৰে পূবৰ পৰা গৰম বতাহ বলিবলৈ দিলে; তাতে যোনাৰ মূৰত এনেকৈ ৰ’দ পৰিল যে, তেওঁ অজ্ঞান হোৱাৰ দৰে হ’ল। তেতিয়া যোনাই নিজৰ মৃত্যু বিচাৰি ক’লে, “মই জীয়াই থকাতকৈ মৰি যোৱাই ভাল।”
9 しかし神はヨナに言われた、「とうごまのためにあなたの怒るのはよくない」。ヨナは言った、「わたしは怒りのあまり狂い死にそうです」。
কিন্তু ঈশ্বৰে যোনাক ক’লে, “এৰা গছজোপাৰ কাৰণে খং কৰি তুমি ভাল কৰিছা নে?” যোনাই ক’লে, “হয়, মই খং কৰি ভালেই কৰিছোঁ, এনেকি মৃত্যু পর্যন্ত কৰিম।”
10 主は言われた、「あなたは労せず、育てず、一夜に生じて、一夜に滅びたこのとうごまをさえ、惜しんでいる。
১০তেতিয়া যিহোৱাই ক’লে, “তুমি পৰিশ্ৰম নকৰা, নবঢ়োৱা, একে ৰাতিতে গজি একে ৰাতিতে মৰা এৰাগছ জোপালৈ তোমাৰ মৰম লাগিল;
11 ましてわたしは十二万あまりの、右左をわきまえない人々と、あまたの家畜とのいるこの大きな町ニネベを、惜しまないでいられようか」。
১১কিন্তু যি নীনবিত সোঁহাত আৰু বাওঁহাতৰ মাজৰ প্ৰভেদ নজনা একলাখ বিশ হাজাৰতকৈও অধিক সন্তান আছে আৰু অনেক পশুও আছে; তেনেহ’লে মোৰ জানো সেই মহানগৰ নীনবিলৈ দয়া নালাগিব?”

< ヨナ書 4 >