< ヨナ書 3 >

1 時に主の言葉は再びヨナに臨んで言った、
তাৰ পাছত দ্বিতীয়বাৰৰ বাবে যিহোৱাৰ বাক্য যোনাৰ ওচৰলৈ আহিল।
2 「立って、あの大きな町ニネベに行き、あなたに命じる言葉をこれに伝えよ」。
তেওঁ ক’লে, “তুমি উঠি সেই মহানগৰ নীনবিলৈ যোৱা আৰু মই যি কথা তোমাক ক’বলৈ দিম, সেই কথা তাত ঘোষণা কৰিবা।”
3 そこでヨナは主の言葉に従い、立って、ニネベに行った。ニネベは非常に大きな町であって、これを行きめぐるには、三日を要するほどであった。
তেতিয়া যোনাই যিহোৱাৰ কথা অনুসাৰে নীনবিলৈ গ’ল। নীনবি এখন অতি ডাঙৰ নগৰ আছিল; গোটেই নগৰখন ঘূৰিবলৈ তিনি দিনৰ সময় লাগে।
4 ヨナはその町にはいり、初め一日路を行きめぐって呼ばわり、「四十日を経たらニネベは滅びる」と言った。
যোনাই সেই নগৰত সোমাই এদিনৰ বাট গ’ল আৰু এই কথা ঘোষণা কৰিলে, “চল্লিশ দিনৰ পাছত নীনবি ধ্বংস হৈ যাব।”
5 そこでニネベの人々は神を信じ、断食をふれ、大きい者から小さい者まで荒布を着た。
তেতিয়া নীনবিৰ লোকসকলে ঈশ্বৰক বিশ্বাস কৰিলে আৰু তাৰ কাৰণে উপবাস ঘোষণা কৰিলে; ডাঙৰৰ পৰা সৰুলৈকে সকলোৱে চট্ কাপোৰ পিন্ধিলে।
6 このうわさがニネベの王に達すると、彼はその王座から立ち上がり、朝服を脱ぎ、荒布をまとい、灰の中に座した。
শীঘ্রেই সেই খবৰ গৈ ৰজাৰ কাণত পৰিল। তেতিয়া তেওঁ সিংহাসন এৰি উঠি আহিল আৰু গাৰ পৰা ৰাজবস্ত্ৰ সোলোকাই চট্ কাপোৰ পিন্ধি ছাঁইত বহিল।
7 また王とその大臣の布告をもって、ニネベ中にふれさせて言った、「人も獣も牛も羊もみな、何をも味わってはならない。物を食い、水を飲んではならない。
তাৰ পাছত তেওঁ নীনবিত তেওঁৰ আৰু তেওঁৰ মন্ত্ৰীসকলৰ যোগেদি এই আদেশ ঘোষণা কৰালে: “মানুহ বা পশু, গৰু বা মেৰ-ছাগৰ জাক কোনেও একো বস্তুৰ আস্বাদ নলওক; আহাৰ কি পানী নাখাওঁক।
8 人も獣も荒布をまとい、ひたすら神に呼ばわり、おのおのその悪い道およびその手にある強暴を離れよ。
মানুহ আৰু পশু সকলোৱে গাত চট্ কাপোৰ পিন্ধক আৰু ঈশ্বৰৰ আগত উচ্চ স্বৰেৰে কাতৰোক্তি কৰক। প্ৰত্যেকে নিজ নিজ মন্দ পথৰ পৰা ঘূৰক আৰু হিংস্রতাৰ কার্য এৰি দিয়ক।
9 あるいは神はみ心をかえ、その激しい怒りをやめて、われわれを滅ぼされないかもしれない。だれがそれを知るだろう」。
কোনে জানে? হয়তো ঈশ্বৰে তেওঁৰ প্ৰচণ্ড ক্ৰোধৰ পৰা মন ঘূৰাই কোমল হ’ব, আৰু তেতিয়া আমিও ধ্বংস হৈ নাযাম।”
10 神は彼らのなすところ、その悪い道を離れたのを見られ、彼らの上に下そうと言われた災を思いかえして、これをおやめになった。
১০পাছত তেওঁলোকে যি কৰিলে আৰু কেনেকৈ তেওঁলোকে নিজ নিজ মন্দ পথৰ পৰা ঘূৰিলে, সেই বিষয়ে যেতিয়া ঈশ্বৰে দেখিলে, তেতিয়া তেওঁ নিজৰ মন ঘূৰালে। তাতে তেওঁ যি শাস্তি দিব বুলি মনস্থ কৰিছিল, তাক তেওঁ নকৰিলে।

< ヨナ書 3 >