< 出エジプト記 26 >

1 あなたはまた十枚の幕をもって幕屋を造らなければならない。すなわち亜麻の撚糸、青糸、紫糸、緋糸で幕を作り、巧みなわざをもって、それにケルビムを織り出さなければならない。
তুমি দহখন পৰ্দাৰে আবাস যুগুত কৰিবা; সেই পৰ্দাৰ কাপোৰ কেইখন পকোৱা মিহি শণ সূতা, আৰু নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতাৰে নিপুণ শিল্পকাৰৰ দ্বাৰাই কৰূবৰ নক্সাৰে তৈয়াৰ কৰিবা।
2 幕の長さは、おのおの二十八キュビト、幕の幅は、おのおの四キュビトで、幕は皆同じ寸法でなければならない。
প্ৰত্যেক খন পৰ্দা আঁঠাইশ হাত দীঘল, আৰু চাৰি হাত বহল, এইদৰে সকলোবোৰ পৰ্দা একে জোখৰ হ’ব লাগিব।
3 その幕五枚を互に連ね合わせ、また他の五枚の幕をも互に連ね合わせなければならない。
পাঁচখন পৰ্দা ইখনৰ লগত সিখন একেলগে জোৰা দিব লাগিব, আৰু আন পাঁচখন পৰ্দাও একেদৰে যোৰা দিব লাগিব।
4 その一連の端にある幕の縁に青色の乳をつけ、また他の一連の端にある幕の縁にもそのようにしなければならない。
প্ৰথম জোৰা দিয়া পৰ্দা কেইখনৰ শেষৰ খনৰ চুকত, আৰু দ্বিতীয়তে জোৰা দিয়া পৰ্দা কেইখনৰ শেষৰ খনৰ চুকত নীলা বৰণীয়া জৰীৰ পাক লগাবা।
5 あなたは、その一枚の幕に乳五十をつけ、また他の一連の幕の端にも乳五十をつけ、その乳を互に相向かわせなければならない。
সেই প্ৰথম খন পৰ্দাৰ কিনাৰত পঞ্চাশটা জৰীৰ পাক লগাবা, আৰু জোৰা দিয়া দ্বিতীয়খন পৰ্দাৰ শেষৰ কিনাৰতো পঞ্চাশটা জৰীৰ পাক লগাবা। এইদৰে কৰিবা যাতে, জৰীৰ পাক দুশাৰী মুখামুখি হ’ব।
6 あなたはまた金の輪五十を作り、その輪で幕を互に連ね合わせて一つの幕屋にしなければならない。
সোণৰ পঞ্চাশটা হাঁকোটা গঢ়াই সেই হাঁকোটাৰে কাপোৰ দুখন ইখনৰ সৈতে সিখনক বান্ধিবা; সেইদৰে কৰিলে আবাস একলগ হ’ব।
7 また幕屋をおおう天幕のためにやぎの毛糸で幕を作らなければならない。すなわち幕十一枚を作り、
সেই আবাস ঢাকিবলৈ তম্বুৰ দৰে ছাগলীৰ নোমেৰে পৰ্দা যুগুত কৰিবা। তুমি এঘাৰখন পৰ্দা যুগুত কৰিব লাগিব।
8 その一枚の幕の長さは三十キュビト、その一枚の幕の幅は四キュビトで、その十一枚の幕は同じ寸法でなければならない。
প্ৰতিখন পৰ্দা দীঘলে ত্রিশ হাত আৰু বহলে চাৰি হাত হ’ব; সেই এঘাৰখন পৰ্দা একে জোখৰ হ’ব লাগিব।
9 そして、その幕五枚を一つに連ね合わせ、またその幕六枚を一つに連ね合わせて、その六枚目の幕を天幕の前で折り重ねなければならない。
পাঁচখন পৰ্দা ইখনৰ লগত সিখনক জোৰা লগাবা, আৰু আন ছয়খন পৰ্দাও ইখনৰ লগত সিখনক জোৰা লগাবা। তুমি ষষ্ঠ পৰ্দাখন দুতৰপিয়া কৰি তম্বুৰ সন্মুখত থবা।
10 またその一連の端にある幕の縁に乳五十をつけ、他の一連の幕の縁にも乳五十をつけなさい。
১০প্ৰথম জোৰা দিয়া পাঁচখন পৰ্দাৰ শেষৰ খনৰ আউঠিত পঞ্চাশটা জৰীৰ পাক লগাবা, আৰু সেই দৰে জোৰা দিয়া দ্বিতীয়খন পৰ্দাৰ শেষৰ আউঠিতো পঞ্চাশটা জৰীৰ পাক লগাবা।
11 そして青銅の輪五十を作り、その輪を乳に掛け、その天幕を連ね合わせて一つにし、
১১পিতলৰ পঞ্চাশটা হাঁকোটা গঢ়াই, সেই হাঁকোটাৰে জৰীৰ পাক যোৰা দি তম্বু ল’গ লগাবা। তাৰ পাছত তম্বুৰ ঢাকনিৰ দৰে একেলগে যোৰা দিবা, সেয়ে এটাৰ দৰে হ’ব।
12 その天幕の幕の残りの垂れる部分、すなわちその残りの半幕を幕屋のうしろに垂れさせなければならない。
১২সেই তম্বুৰ পৰ্দা কেইখনৰ পৰা ওলমি থকা আধা কাপোৰ আবাসৰ পাছফালে ওলমি থাকিব লাগিব।
13 そして天幕の幕のたけで余るものの、こちらのキュビトと、あちらのキュビトとは、幕屋をおおうように、その両側のこちらとあちらとに垂れさせなければならない。
১৩তম্বুৰ পৰ্দা কেইখনৰ এফালে এহাত দীঘল, আৰু আনফালে এহাত দীঘল হ’ব লাগিব। তম্বুৰ বাকী থকা পৰ্দাৰ দীঘল অংশ আবাসৰ এটা ফালে ওলমি থাকিব লাগিব, আৰু আন ফালৰ ওলমি থকা অংশ আবাস ঢাকি ৰাখিব।
14 また、あかね染めの雄羊の皮で天幕のおおいと、じゅごんの皮でその上にかけるおおいとを造らなければならない。
১৪তুমি ৰঙা ৰং কৰা মেৰ-ছাগ পোৱালীৰ ছালেৰে তম্বুৰ বাবে এটা আবৰণ যুগুত কৰিবা। তাৰ ওপৰত আন এটা আবৰণ মিহি ছালেৰে যুগুত কৰিবা।
15 あなたは幕屋のために、アカシヤ材で立枠を造らなければならない。
১৫তুমি আবাসৰ বাবে চিটীম কাঠৰ থিয়কৈ তক্তা যুগুত কৰিবা।
16 枠の長さを十キュビト、枠の幅を一キュビト半とし、
১৬প্রতিখন তক্তা দহ হাত দীঘল, আৰু ডেৰ হাত বহল হ’ব।
17 枠ごとに二つの柄を造って、かれとこれとを食い合わさせ、幕屋のすべての枠にこのようにしなければならない。
১৭প্ৰতিখন তক্তাত একে ধৰণৰ দুটা ভাগ ওলাই থকা হ’ব লাগিব; যাতে ইখন তক্তা সিখন তক্তাৰ লগত যোৰা দিব পাৰি। আবাসৰ কাৰণে এইদৰেই তক্তা তৈয়াৰ কৰিবা।
18 あなたは幕屋のために枠を造り、南側のために枠二十とし、
১৮তুমি আবাসৰ বাবে তক্তা যুগুত কৰোঁতে, বিশখন তক্তা দক্ষিণ দিশৰ বাবে তৈয়াৰ কৰিবা।
19 その二十の枠の下に銀の座四十を造って、この枠の下に、その二つの柄のために二つの座を置き、かの枠の下にもその二つの柄のために二つの座を置かなければならない。
১৯সেই বিশখন তক্তাৰ তলত চল্লিশটা ৰূপৰ চুঙী লগাবা, এখন তক্তাৰ তলত দুটা স্তম্ভমূলৰ বাবে দুটা চুঙী, আৰু আনবোৰ তক্তাৰ তলতো দুটা দুটাকৈ স্তম্ভমূলৰ বাবে দুটাকৈ চুঙী লগাবা।
20 また幕屋の他の側、すなわち北側のためにも枠二十を造り、
২০তুমি আবাসৰ দ্বিতীয় ফালৰ উত্তৰদিশত বিশখন তক্তা তৈয়াৰ কৰিব লাগিব।
21 その銀の座四十を造って、この枠の下に、二つの座を置き、かの枠の下にも二つの座を置かなければならない。
২১আৰু সেইবোৰত চল্লিশটা ৰূপৰ চুঙী লগাবা; প্রথম তক্তাৰ তলত দুটা চুঙী, আৰু আনবোৰ তক্তাৰ তলতো দুটাকৈ চুঙী থাকিব।
22 また幕屋のうしろ、すなわち西側のために枠六つを造り、
২২আবাসৰ পশ্চিমদিশে পাছফালৰ বাবে ছয়খন তক্তা তৈয়াৰ কৰিবা।
23 幕屋のうしろの二つのすみのために枠二つを造らなければならない。
২৩তুমি আবাসৰ পাছফালৰ চুক দুটাৰ বাবে দুখন তক্তা যুগুত কৰিবা।
24 これらは下で重なり合い、同じくその頂でも第一の環まで重なり合うようにし、その二つともそのようにしなければならない。それらは二つのすみのために設けるものである。
২৪প্ৰত্যেক তক্তা তলৰ ফালে খোলা হৈ থাকিব, কিন্তু ওপৰফালে একেডাল আঙঠিতে যোৰা লাগি থাকিব। এইদৰেই পিছফালৰ দুয়োটা চুকৰ বাবেও হ’ব।
25 こうしてその枠は八つ、その銀の座は十六、この枠の下に二つの座、かの枠の下にも二つの座を置かなければならない。
২৫তাত আঠখন তক্তা ৰূপৰ চুঙীৰ সৈতে একেলগে থাকিব লাগিব। সৰ্ব্বমুঠ ষোল্লটা চুঙী হ’ব লাগিব। প্রথম তক্তাৰ তলত দুটা চুঙী, আৰু আনখন তক্তাৰ তলতো দুটা চুঙী থাকিব। এইদৰে বাকিবোৰ তক্তাতো থাকিব লাগিব।
26 またアカシヤ材で横木を造らなければならない。すなわち幕屋のこの側の枠のために五つ、
২৬তুমি আবাসৰ এটা ফালৰ তক্তাৰ বাবে চিটীম কাঠৰ ছয়ডাল পথালি ডাং বনাবা।
27 また幕屋のかの側の枠のために横木五つ、幕屋のうしろの西側の枠のために横木五つを造り、
২৭আবাসৰ আনফালৰ তক্তাৰ বাবে পাঁচডাল, আৰু আবাসৰ পশ্চিমদিশে থকা পাছফালৰ তক্তাৰ বাবেও পাঁচডাল; চিটীম কাঠৰ পথলি ডাং বনাবা।
28 枠のまん中にある中央の横木は端から端まで通るようにしなければならない。
২৮তক্তাৰ মাজত থকা ডাং ডাল তক্তাবোৰৰ মাজেদি এমুৰৰ পৰা আন মুৰলৈকে যাব।
29 そしてその枠を金でおおい、また横木を通すその環を金で造り、また、その横木を金でおおわなければならない。
২৯সেই তক্তাবোৰত সোণৰ পতা মাৰিবা, আৰু ডাংবোৰ সুমুউৱাবলৈ, সোণৰ চক্র গঢ়াবা; আৰু ডাংবোৰতো সোণৰ পতা মাৰিবা।
30 こうしてあなたは山で示された様式に従って幕屋を建てなければならない。
৩০তোমাক পৰ্ব্বতত আবাসৰ যি আচনি দেখুউৱা হৈছিল, তুমি সেইদৰেই তাক তৈয়াৰ কৰিবা।
31 また青糸、紫糸、緋糸、亜麻の撚糸で垂幕を作り、巧みなわざをもって、それにケルビムを織り出さなければならない。
৩১তুমি নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে এখন পৰ্দা যুগুত কৰিবা। সেই পৰ্দা নিপুণ শিল্পকাৰে কৰূবৰ নক্সাৰে তৈয়াৰ কৰিব লাগিব।
32 そして金でおおった四つのアカシヤ材の柱の金の鉤にこれを掛け、その柱は四つの銀の座の上にすえなければならない。
৩২তুমি সেই পৰ্দাবোৰ, সোণৰ পতা মৰা চিটীম কাঠৰ চাৰিটা খুটাৰ ওপৰত ওলমাই দিবা। সেই খুটাবোৰৰ হাঁকোটা সোণৰ হ’ব লাগিব, আৰু সেই খুঁটা ৰূপৰ চাৰিটা চুঙীৰ ওপৰত থাকিব।
33 その垂幕の輪を鉤に掛け、その垂幕の内にあかしの箱を納めなさい。その垂幕はあなたがたのために聖所と至聖所とを隔て分けるであろう。
৩৩তুমি পৰ্দাবোৰ হাঁকোটাবোৰত ওলমাবা; আৰু তাৰ ভিতৰলৈ নিয়ম চন্দুকৰ সাক্ষ্য ফলি আনিবা। সেই পৰ্দাই পবিত্ৰ-স্থান আৰু অতি পবিত্ৰ-স্থানৰ মাজত প্ৰভেদ ৰাখিব।
34 また至聖所にあるあかしの箱の上に贖罪所を置かなければならない。
৩৪তুমি অতি পবিত্ৰ-স্থানত সাক্ষ্য-ফলিৰ নিয়ম চন্দুকৰ ওপৰত পাপাবৰণ থ’বা।
35 そしてその垂幕の外に机を置き、幕屋の南側に、机に向かい合わせて燭台を置かなければならない。ただし机は北側に置かなければならない。
৩৫মেজখন পৰ্দাৰ বাহিৰত ৰাখিবা, মেজৰ বিপৰীতে আবাসৰ দক্ষিণ ফালে দীপাধাৰ ৰাখিবা, আৰু মেজখন উত্তৰফালে থ’ব লাগিব।
36 あなたはまた天幕の入口のために青糸、紫糸、緋糸、亜麻の撚糸で、色とりどりに織ったとばりを作らなければならない。
৩৬তম্বুৰ প্রবেশ দুৱাৰৰ বাবে নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে ফুল বছা এখন পৰ্দা যুগুত কৰিবা।
37 あなたはそのとばりのためにアカシヤ材の柱五つを造り、これを金でおおい、その鉤を金で造り、またその柱のために青銅の座五つを鋳て造らなければならない。
৩৭সেই পৰ্দা ওলমাবলৈ চিটীম কাঠৰ পাঁচটা খুঁটা যুগুত কৰিবা, আৰু সেইবোৰত সোণৰ পতা মাৰিবা। সেইবোৰৰ হাঁকোটা সোণৰ হ’ব; আৰু সেইবোৰৰ বাবে পিতলৰ পাঁচটা চুঙী সাঁচত ঢালিবা।

< 出エジプト記 26 >