< 出エジプト記 28 >

1 またイスラエルの人々のうちから、あなたの兄弟アロンとその子たち、すなわちアロンとアロンの子ナダブ、アビウ、エレアザル、イタマルとをあなたのもとにこさせ、祭司としてわたしに仕えさせ、
পুৰোহিত হৈ মোৰ পৰিচৰ্যা কৰিবলৈ, ইস্ৰায়েলী লোকসকলৰ মাজৰ পৰা তোমাৰ ককায়েক হাৰোণক আৰু তেওঁৰ লগত তেওঁৰ পুত্ৰ নাদব, অবীহূ, ইলিয়াজৰ, আৰু ঈথামৰক তুমি নিজে মাতি আনিবা।
2 またあなたの兄弟アロンのために聖なる衣服を作って、彼に栄えと麗しきをもたせなければならない。
তোমাৰ ককায়েৰা হাৰোণৰ বস্ত্র মোৰ উদ্দেশ্যে পবিত্ৰ কৰি সংৰক্ষিত কৰি ৰাখিবা।
3 あなたはすべて心に知恵ある者、すなわち、わたしが知恵の霊を満たした者たちに語って、アロンの衣服を作らせ、アロンを聖別し、祭司としてわたしに仕えさせなければならない。
মোৰ অৰ্থে পুৰোহিতৰ কাৰ্য কৰিবলৈ হাৰোণক পবিত্ৰকৃত কৰিবলৈ মই দিয়া জ্ঞানৰ আত্মাৰে পৰিপূৰ্ণ হোৱা নিপূণ লোকসকলক তেওঁৰ বস্ত্ৰ যুগুত কৰিবলৈ তুমি আজ্ঞা কৰিবা।
4 彼らの作るべき衣服は次のとおりである。すなわち胸当、エポデ、衣、市松模様の服、帽子、帯である。彼らはあなたの兄弟アロンとその子たちとのために聖なる衣服を作り、祭司としてわたしに仕えさせなければならない。
তেওঁলোকে তৈয়াৰ কৰিব লগীয়া বস্ত্ৰ এইবোৰ: এটা বুকুপটা, এফোদ, চোলা, হাতে বোৱা কোট চোলা, পাগুৰি, আৰু টঙালি। তেওঁলোকে এইসকলো বস্ত্র তৈয়াৰ কৰি পবিত্ৰ কৰিব; আৰু মোৰ উদ্দেশ্যে সংৰক্ষিত কৰি ৰাখিব। পুৰোহিত হৈ মোৰ পৰিচৰ্যা কৰিবলৈ, তোমাৰ ককায়েক হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ কাৰণে এই সকলো বস্ত্ৰ হ’ব।
5 彼らは金糸、青糸、紫糸、緋糸、亜麻の撚糸を受け取らなければならない。
শিল্পকাৰে সোণালী, নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু মিহি শণ সূতা ব্যৱহাৰ কৰিব লাগিব।
6 そして彼らは金糸、青糸、紫糸、緋糸、亜麻の撚糸を用い、巧みなわざをもってエポデを作らなければならない。
তেওঁলোকে সোণালী আৰু নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া ঊল, আৰু মিহি পকোৱা শণ সূতাৰে সেই এফোদ বস্ত্ৰ তৈয়াৰ কৰিব। সেয়ে নিপুণ শিল্পকাৰৰ কাৰ্য হ’ব।
7 これに二つの肩ひもを付け、その両端を、これに付けなければならない。
এফোদৰ ওপৰৰ দুয়ো কান্ধৰ চুকত লগাবলৈ দুপাত স্কন্ধপটি থাকিব।
8 エポデの上で、これをつかねる帯は、同じきれでエポデの作りのように、金糸、青糸、紫糸、緋糸、亜麻の撚糸で作らなければならない。
এফোদৰ দৰেই কঁকালত বান্ধিবৰ বাবে এডাল টঙালি এফোদৰ সৈতে সোণোৱালী, নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা, ও পকোৱা মিহি শণ সূতাৰে তৈয়াৰ কৰা হ’ব।
9 あなたは二つの縞めのうを取って、その上にイスラエルの子たちの名を刻まなければならない。
তুমি দুটা গোমেদক বাখৰ ল’বা, আৰু তাৰ ওপৰত ইস্ৰায়েলৰ বাৰ জন পুত্ৰৰ নাম খোদিত কৰাবা।
10 すなわち、その名六つを一つの石に、残りの名六つを他の石に、彼らの生れた順に刻まなければならない。
১০তেওঁলোকৰ জন্মৰ ক্ৰম অনুসাৰে ছয় জনৰ নাম এটা বাখৰত আৰু বাকী ছয় জনৰ নাম আন এটা বাখৰৰ ওপৰত ক্ষোদিত কৰাবা।
11 宝石に彫刻する人が印を彫刻するように、イスラエルの子たちの名をその二つの石に刻み、それを金の編細工にはめ、
১১পাথৰৰ খনিকৰে মোহৰত খোদিত কৰাৰ দৰেই সেই দুটা বাখৰৰ ওপৰতো ইস্ৰায়েলৰ পুত্ৰসকলৰ নাম ক্ষোদিত কৰাবা। তুমি সেই বাখৰ দুটা সোণত খটোৱাব লাগিব।
12 この二つの石をエポデの肩ひもにつけて、イスラエルの子たちの記念の石としなければならない。こうしてアロンは主の前でその両肩に彼らの名を負うて記念としなければならない。
১২ইস্ৰায়েলৰ সন্তান সকলৰ সোঁৱৰণীয় বাখৰ হ’বলৈ, তুমি সেই দুটা বাখৰ এফোদৰ দুয়ো কান্ধত লগাবা। সেয়ে হাৰোণে তেওঁৰ দুয়ো কান্ধত তেওঁলোকৰ নাম সোঁৱৰণৰ অৰ্থে যিহোৱাৰ সাক্ষাতে বহন কৰিব।
13 あなたはまた金の編細工を作らなければならない。
১৩তুমি নিশ্চয়কৈ সেই বাখৰ দুটা লগাবলৈ সোণ ব্যৱহাৰ কৰিবা।
14 そして二つの純金の鎖を、ひも細工にねじて作り、そのひもの鎖をかの編細工につけなければならない。
১৪দুটা পকোৱা ৰচিৰ দৰে দুডাল শুদ্ধ সোণৰ শিকলি তৈয়াৰ কৰি, বাখৰ লগোৱা সোণত লগাই দিবা।
15 あなたはまたさばきの胸当を巧みなわざをもって作り、これをエポデの作りのように作らなければならない。すなわち金糸、青糸、紫糸、緋糸、亜麻の撚糸で、これを作らなければならない。
১৫তুমি সিদ্ধান্ত ল’বলৈ এটা বুকুপটা তৈয়াৰ কৰিবা। সেয়ে নিপুণ শিল্পকাৰৰ কাৰ্য হ’ব; এফোদ বস্ত্ৰৰ দৰে তাক প্রস্তুত কৰিবা। নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা ও পকোৱা মিহি শণ সূতাৰ লগত সোণেৰে তৈয়াৰ কৰিবা।
16 これは二つに折って四角にし、長さは一指当り、幅も一指当りとしなければならない。
১৬তুমি বুকুপতাৰ চাৰিওদিশ সমানে দুতৰপীয়াকৈ ভাজ কৰিবা। সেয়ে দীঘলে এবেগেত আৰু পথালিয়েও এবেগেত হ’ব।
17 またその中に宝石を四列にはめ込まなければならない。すなわち紅玉髄、貴かんらん石、水晶の列を第一列とし、
১৭বুকুপতাত চাৰি শাৰী বহুমূলীয়া পাথৰ খুৱাবা। তাৰ প্ৰথম শাৰীত এটা ৰুবী, এটা পোখৰাজ, আৰু এটা ৰক্তমণি।
18 第二列は、ざくろ石、るり、赤縞めのう。
১৮দ্বিতীয় শাৰীত এটা মৰকত, এটা নীলকান্ত, আৰু এটা হীৰা।
19 第三列は黄水晶、めのう、紫水晶。
১৯তৃতীয় শাৰীত এটা নীলকান্তমণি, এটা আকীক, আৰু এটা নীলা।
20 第四列は黄碧玉、縞めのう、碧玉であって、これらを金の編細工の中にはめ込まなければならない。
২০আৰু চতুৰ্থ শাৰীত এটা পান্না, গোমেদক, আৰু জ্যাসপাৰ। এই সকলোবোৰ সোণৰ ওপৰত খটোৱাব লাগিব।
21 その宝石はイスラエルの子らの名に従い、その名とひとしく十二とし、おのおの印の彫刻のように十二の部族のためにその名を刻まなければならない。
২১এই পাথৰবোৰ ইস্ৰায়েলৰ পুত্ৰসকলৰ নাম অনুসাৰে স্থিৰ কৰা হ’ব। মোহৰত খোদিত কৰাৰ দৰেই তেওঁলোকৰ নাম প্ৰত্যেক পাথৰত বাৰ ফৈদ অনুসাৰে ক্ষোদিত কৰা হ’ব লাগিব।
22 またひも細工にねじた純金の鎖を胸当につけなければならない。
২২বুকুপটাত লগাবলৈ, তুমি পকোৱা ৰচীৰ দৰে দুডাল শুদ্ধ সোণৰ শিকলি তৈয়াৰ কৰিবা।
23 また、胸当のために金の環二つを作り、胸当の両端にその二つの環をつけ、
২৩তুমি বুকুপটাৰ বাবে সোণৰ দুটা আঙঠি গঢ়াই, সেই দুটা আঙঠি বুকুপটাৰ দুই মুৰত লগাবা।
24 かの二筋の金のひもを胸当の端の二つの環につけなければならない。
২৪সোণৰ সেই শিকলি দুডাল বুকুপটাৰ দুই চুকত লগাবা।
25 ただし、その二筋のひもの他の両端をかの二つの編細工につけ、エポデの肩ひもにつけて、前にくるようにしなければならない。
২৫শিকলি দুডালৰ দুই মুৰ, পাথৰ খটোৱা সোণত লগাবা। তাৰ পাছত এফোদৰ আগফালৰ কান্ধৰ ওপৰত লগাবা।
26 あなたはまた二つの金の環を作って、これを胸当の両端につけなければならない。すなわちエポデに接する内側の縁にこれをつけなければならない。
২৬তুমি সোণৰ দুটা আঙঠি গঢ়াবা, আৰু বুকুপটাৰ দুই মুৰত, এফোদৰ সন্মুখত থকা ভিতৰ দাঁতিত লগাবা।
27 また二つの金の環を作って、これをエポデの二つの肩ひもの下の部分につけ、前の方で、そのつなぎ目に近く、エポデの帯の上の方にあるようにしなければならない。
২৭তুমি আৰু দুটা সোণৰ আঙঠি গঢ়াবা, আৰু এফোদৰ আগফালে থকা দুপাত স্কন্ধপটিৰ তল ভাগত লগাবা। অৱশেষত এফোদৰ বাবে বোৱা টঙালি বান্ধিবলৈ ইয়াৰ ওপৰত লগাবা।
28 胸当は青ひもをもって、その環をエポデの環に結びつけ、エポデの帯の上の方にあるようにしなければならない。こうして胸当がエポデから離れないようにしなければならない。
২৮বুকুপটা যেন এফোদৰ বোৱা টঙালিৰ ওপৰত থাকে, আৰু এফোদৰ পৰা এৰাই নাযায়, সেই বাবে নীলা বৰণীয়া ফিতাৰে সেই বুকুপটাক তাৰ আঙঠিৰে সৈতে এফোদৰ আঙঠিত বান্ধিবা।
29 アロンが聖所にはいる時は、さばきの胸当にあるイスラエルの子たちの名をその胸に置き、主の前に常に覚えとしなければならない。
২৯হাৰোণ যেতিয়া পবিত্ৰ স্থানলৈ যাব, তেতিয়া তেওঁ হৃদয়ত সিদ্ধান্ত ল’বলৈ, ইস্ৰায়েলৰ পুত্ৰসকলৰ নাম নিজৰ বুকুপটাত কঢ়িয়াব।
30 あなたはさばきの胸当にウリムとトンミムを入れて、アロンが主の前にいたる時、その胸の上にあるようにしなければならない。こうしてアロンは主の前に常にイスラエルの子たちのさばきを、その胸に置かなければならない。
৩০সেই সিদ্ধান্ত লোৱা বুকুপটাত ঊৰীম আৰু তুম্মীম লগাবা। হাৰোণে যি সময়ত যিহোৱাৰ আগলৈ যাব, সেই সময়ত হাৰোণৰ বুকুৰ ওপৰত সেইবোৰ থাকিব। যিহোৱাৰ আগত হাৰোণে ইস্ৰায়েলীসকলৰ বাবে সিদ্ধান্ত ল’বলৈ সেইবোৰ সদায় নিজৰ বুকুত কঢ়িয়াব।
31 あなたはまた、エポデに属する上服をすべて青地で作らなければならない。
৩১তুমি এফোদৰ চোলা সম্পূৰ্ণ বেঙুনীয়া ৰঙৰ কাপোৰেৰে তৈয়াৰ কৰিবা।
32 頭を通す口を、そのまん中に設け、その口の周囲には、よろいのえりのように織物の縁をつけて、ほころびないようにし、
৩২তাৰ সোঁ মাজত, মুৰ সুমুৱাবলৈ এটা বাট থাকিব। সেয়ে নাফালিবলৈ মুৰ সোমোৱা অংশৰ চাৰিওফাল সিপিনীয়ে বোৱা হ’ব লাগিব।
33 そのすそには青糸、紫糸、緋糸で、ざくろを作り、そのすその周囲につけ、また周囲に金の鈴をざくろの間々につけなければならない。
৩৩তুমি তাৰ তল দাঁতিৰ চাৰিওফালে নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতাৰে ডালিমৰ চানেকী তুলিবা, আৰু তাৰ মাজে মাজে চাৰিওফালে সোণৰ জুনুকা থাকিব।
34 すなわち金の鈴にざくろ、また金の鈴にざくろと、上服のすその周囲につけなければならない。
৩৪সেই এফোদৰ তল দাঁতিত চাৰিওফালে এটা সোণৰ জুনুকা এটা ডালিম, আৰু এটা সোণৰ জুনুকা এটা ডালিম এইদৰে থাকিব।
35 アロンは務の時、これを着なければならない。彼が聖所にはいって主の前にいたる時、また出る時、その音が聞えて、彼は死を免れるであろう。
৩৫হাৰোণে যেতিয়া পৰিচৰ্যা কৰিব, তেতিয়া সেই বস্ত্র পিন্ধিব। তেওঁ যেতিয়া যিহোৱাৰ পবিত্র-স্থানত যিহোৱাৰ আগলৈ যাব, আৰু ওলাই আহিব, তেতিয়া সেই জুনুকাৰ শব্দ শুনা যাব। এইদৰে কৰাত তেওঁৰ মৃত্যু নহ’ব।
36 あなたはまた純金の板を造り、印の彫刻のように、その上に『主に聖なる者』と刻み、
৩৬তুমি শুদ্ধ সোণৰ এচটা পতা গঢ়িবা, আৰু মোহৰত খোদিত কৰাৰ দৰে সেই পতাৰ ওপৰত “যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ” এই কথা ক্ষোদিত কৰিবা।
37 これを青ひもで帽子に付け、それが帽子の前の方に来るようにしなければならない。
৩৭তুমি সেই পতা নীলা বৰণীয়া ফিতাৰে পাগুৰিৰ আগফালে লগাবা।
38 これはアロンの額にあり、そしてアロンはイスラエルの人々がささげる聖なる物、すなわち彼らのもろもろの聖なる供え物についての罪の責めを負うであろう。これは主の前にそれらの受けいれられるため、常にアロンの額になければならない。
৩৮সেয়ে হাৰোণৰ কপালত থাকিব। ইস্ৰায়েলীসকলে পবিত্র কৰি উৎসৰ্গ কৰা পবিত্ৰ দানত থকা যিকোনো দোষ হাৰোণে বব। তেওঁলোক যেন যিহোৱাৰ আগত গ্ৰহণীয় হোৱা, সেইবাবে পাগুৰি সদায় তেওঁৰ কপালৰ ওপৰত থাকিব।
39 あなたは亜麻糸で市松模様に下服を織り、亜麻布で、ずきんを作り、また、帯を色とりどりに織って作らなければならない。
৩৯তুমি মিহি শণ সূতাৰে কোট চোলা আৰু পাগুৰি তৈয়াৰ কৰিবা, আৰু এটা ফুল বছা টঙালিও তৈয়াৰ কৰিবা।
40 あなたはまたアロンの子たちのために下服を作り、彼らのために帯を作り、彼らのために、ずきんを作って、彼らに栄えと麗しきをもたせなければならない。
৪০হাৰোণৰ পুত্ৰসকলৰ বাবে কোট চোলা, টঙালি, আৰু পাগুৰি তেওঁলোকৰ মৰ্য্যদা আৰু শোভাৰ বাবে তৈয়াৰ কৰিবা।
41 そしてあなたはこれをあなたの兄弟アロンおよび彼と共にいるその子たちに着せ、彼らに油を注ぎ、彼らを職に任じ、彼らを聖別し、祭司として、わたしに仕えさせなければならない。
৪১তোমাৰ ককায়েক হাৰোণ, আৰু তেওঁৰ সৈতে তেওঁৰ পুত্ৰসকলক সেইবোৰ পিন্ধিবা, আৰু মোৰ পৰিচৰ্যাৰ বাবে পুৰোহিতৰ কাৰ্য কৰিবলৈ তুমি তেওঁলোকক পবিত্ৰ কৰি অভিষিক্ত কৰিবা, আৰু পুৰোহিত পদত নিযুক্ত কৰিবা।
42 また、彼らのために、その隠し所をおおう亜麻布のしたばきを作り、腰からももに届くようにしなければならない。
৪২তেওঁলোকৰ গোপনীয় অংশ ঢাকিবলৈ, কঁকালৰ পৰা কৰঙণলৈকে তুমি তেওঁলোকলৈ শণ সূতাৰ বস্ত্র তৈয়াৰ কৰিবা।
43 アロンとその子たちは会見の幕屋にはいる時、あるいは聖所で務をするために祭壇に近づく時に、これを着なければならない。そうすれば、彼らは罪を得て死ぬことはないであろう。これは彼と彼の後の子孫とのための永久の定めでなければならない。
৪৩যেতিয়া হাৰোণ আৰু তেওঁৰ পুত্ৰসকল সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ সোমাব, বা পবিত্ৰ-স্থানত পৰিচৰ্যা কৰিবলৈ বেদীৰ ওচৰ চাপিব, তেতিয়া তেওঁলোকে যেন সেইবস্ত্র পৰিধান কৰে। তেওঁলোকে নিশ্চয়কৈ এইদৰে কৰিব লাগিব যাতে তেওঁলোকে পাপৰ ভাৰ বব লগা নহয় আৰু তেওঁলোকৰ মৃত্যু নহয়। এয়ে হাৰোণ আৰু তেওঁৰ ভাবি বংশৰ পালন কৰিবলগীয়া চিৰস্থায়ী বিধি।

< 出エジプト記 28 >