< 列王記Ⅱ 4 >

1 預言者のともがらの、ひとりの妻がエリシャに呼ばわって言った、「あなたのしもべであるわたしの夫が死にました。ごぞんじのように、あなたのしもべは主を恐れる者でありましたが、今、債主がきて、わたしのふたりの子供を取って奴隷にしようとしているのです」。
এদিন শিষ্য ভাববাদী দ’লৰ এজনৰ ভার্য্যাই কান্দি কান্দি ইলীচাৰ ওচৰলৈ আহি ক’লে, “আপোনাৰ দাস মোৰ স্বামীৰ মৃত্যু হ’ল আৰু আপুনি জানে যে, আপোনাৰ দাস এজন যিহোৱাৰ ভয়কাৰী লোক আছিল। এতিয়া মহাজনে মোৰ পুত্ৰ দুটিক তেওঁৰ দাস কৰিবৰ কাৰণে লৈ যাবলৈ আহিছে।”
2 エリシャは彼女に言った、「あなたのために何をしましょうか。あなたの家にどんな物があるか、言いなさい」。彼女は言った、「一びんの油のほかは、はしための家に何もありません」。
ইলীচাই তেওঁক সুধিলে, “মইনো তোমাক কিদৰে সহায় কৰিব পাৰোঁ? বাৰু, মোক কোৱাচোন, তোমাৰ ঘৰত কি আছে?” মহিলাগৰাকীয়ে ক’লে, “এবাটি তেলৰ বাহিৰে আপোনাৰ দাসীৰ ঘৰত একোৱেই নাই।”
3 彼は言った、「ほかへ行って、隣の人々から器を借りなさい。あいた器を借りなさい。少しばかりではいけません。
তেতিয়া ইলীচাই ক’লে, “তুমি তোমাৰ সকলো প্রতিবেশীসকলৰ পৰা কিছুমান খালী পাত্র ধাৰলৈ আনিবলৈ ওলাই যোৱা। যিমান সম্ভৱ হয়, সিমান বেছিকৈ আনিবা।
4 そして内にはいって、あなたの子供たちと一緒に戸の内に閉じこもり、そのすべての器に油をついで、いっぱいになったとき、一つずつそれを取りのけておきなさい」。
তাৰ পাছত তুমি তোমাৰ ল’ৰা দুজনৰে সৈতে ঘৰৰ ভিতৰত সোমাই দুৱাৰ বন্ধ কৰি দিবা আৰু সেই পাত্ৰবোৰত তেল ঢালিবা। এটা এটাকৈ পাত্ৰবোৰ ভৰি পৰাৰ পাছত একাষৰিয়াকৈ থবা।”
5 彼女は彼を離れて去り、子供たちと一緒に戸の内に閉じこもり、子供たちの持って来る器に油をついだ。
তেতিয়া মহিলাগৰাকী ইলীচাৰ ওচৰৰ পৰা গুছি গ’ল; তেওঁ নিজৰ ল’ৰা দুটিক লৈ ঘৰত সোমাই দুৱাৰ বন্ধ কৰি দিলে। ল’ৰা দুজনে তেওঁৰ ওচৰলৈ পাত্রবোৰ আনিবলৈ ধৰিলে আৰু তেওঁ সেইবোৰত তেল ঢালিয়েই থাকিল।
6 油が満ちたとき、彼女は子供に「もっと器を持ってきなさい」と言ったが、子供が「器はもうありません」と言ったので、油はとまった。
সকলোবোৰ পাত্ৰ ভৰাৰ পাছত তেওঁ এজন পুতেকক ক’লে, “আন এটা পাত্ৰ লৈ আনা।” ল’ৰাজনে ক’লে, “আৰু একো পাত্ৰই বাকী নাই।” তেতিয়া তেল পৰা বন্ধ হৈ গ’ল।
7 そこで彼女は神の人のところにきて告げたので、彼は言った、「行って、その油を売って負債を払いなさい。あなたと、あなたの子供たちはその残りで暮すことができます」。
তাৰ পাছত মহিলাগৰাকীয়ে আহি ঈশ্বৰৰ লোকৰ আগত সকলোবোৰ কথা ক’লে; তেওঁ ক’লে, “যোৱা, সেই তেল বেচি তোমাৰ ধাৰ পৰিশোধ কৰা আৰু অৱশিষ্ট যি থাকিব, তাৰে তোমাৰ আৰু ল’ৰাহঁতৰ জীৱিকা চলাবা।”
8 ある日エリシャはシュネムへ行ったが、そこにひとりの裕福な婦人がいて、しきりに彼に食事をすすめたので、彼はそこを通るごとに、そこに寄って食事をした。
এদিন ইলীচাই খোজ কাঢ়ি চুনেমলৈ গৈছিল। সেই ঠাইত বাস কৰা এগৰাকী ধনী মহিলাই তেওঁক নিজৰ ঘৰত আহাৰ গ্রহণ কৰিবলৈ বৰকৈ মিনতি কৰাত, তেওঁ তাত আহাৰ কৰিলে। পাছত তেওঁ যিমানবাৰ চুনেমৰ মাজেদি যায়, সিমানবাৰ সেই ঘৰত খোৱা-বোৱা কৰিবলৈ সোমায়।
9 その女は夫に言った、「いつもわたしたちの所を通るあの人は確かに神の聖なる人です。
মহিলাগৰাকীয়ে তেওঁৰ স্বামীক ক’লে, “এই যি লোকজন প্রায়ে আমাৰ বাটেদি অহা-যোৱা কৰে, মই এতিয়া বুজিব পাৰিছোঁ যে, তেওঁ ঈশ্বৰৰ এজন পবিত্ৰ লোক।
10 わたしたちは屋上に壁のある一つの小さいへやを造り、そこに寝台と机といすと燭台とを彼のために備えましょう。そうすれば彼がわたしたちの所に来るとき、そこに、はいることができます」。
১০আহঁক না, আমি ছাদৰ ওপৰতে এটি সৰু কোঁঠালি সাজি তাৰ ভিতৰত তেওঁৰ কাৰণে এখন বিচনা, মেজ, চকী আৰু এটা চাকি ৰাখি থওঁ; তাতে তেওঁ আমাৰ ইয়ালৈ আহিলে, সেই কোঁঠালিত থাকিব পাৰিব।”
11 さて、ある日エリシャはそこにきて、そのへやにはいり、そこに休んだが、
১১এদিন ইলীচা যেতিয়া পুনৰ আহিছিল, তেওঁ সেই ওপৰ কোঁঠালিত গৈ বিশ্রাম লৈছিল।
12 彼はそのしもべゲハジに「このシュネムの女を呼んできなさい」と言った。彼がその女を呼ぶと、彼女はきてエリシャの前に立ったので、
১২তেওঁ তেওঁৰ দাস গেহজীক ক’লে, “তুমি সেই চূনেমীয়া মহিলাগৰাকীক মাতা।” তাতে দাসজনে মহিলাগৰাকীক মাতিলে আৰু মহিলাগৰাকী আহি তেওঁৰ আগত থিয় হ’ল।
13 エリシャはゲハジに言った、「彼女に言いなさい、『あなたはこんなにねんごろに、わたしたちのために心を用いられたが、あなたのためには何をしたらよいでしょうか。王または軍勢の長にあなたの事をよろしく頼むことをお望みですか』」。彼女は答えて言った、「わたしは自分の民のうちに住んでいます」。
১৩তেতিয়া ইলীচাই তেওঁৰ দাসক ক’লে, “তেওঁক কোৱা, ‘আপুনি আমাৰ কাৰণে এই সকলো কষ্ট কৰিলে, এতিয়া আপোনাৰ কাৰণে আমি কি কৰিব পাৰোঁ? ৰজা বা প্রধান সেনাধ্যক্ষৰ ওচৰত আমি আপোনাৰ কাৰণে কিবা অনুৰোধ কৰিমনে?’” উত্তৰত মহিলাগৰাকীয়ে ক’লে, “মই মোৰ নিজৰ পৰিয়ালৰ মাজত ভালে আছোঁ।”
14 エリシャは言った、「それでは彼女のために何をしようか」。ゲハジは言った、「彼女には子供がなく、その夫は老いています」。
১৪ইলীচাই ক’লে, “তেন্তে আমি তেওঁৰ কাৰণে কি কৰিব পাৰোঁ?” গেহজীয়ে উত্তৰ দিলে, “অৱশ্যে, তেওঁৰ কোনো পুত্র নাই আৰু তেওঁৰ স্বামীও বৃদ্ধ হ’ল।”
15 するとエリシャが「彼女を呼びなさい」と言ったので、彼女を呼ぶと、来て戸口に立った。
১৫ইলীচাই ক’লে, “তেওঁক মাতি আনা।” তেতিয়া গেহজীয়ে চুনেমীয়ানীক মাতি আনিলে আৰু তেওঁ আহি দুৱাৰ মুখত থিয় হ’ল।
16 エリシャは言った、「来年の今ごろ、あなたはひとりの子を抱くでしょう」。彼女は言った、「いいえ、わが主よ、神の人よ、はしためを欺かないでください」。
১৬ইলীচাই ক’লে, “অহা বছৰৰ এই সময়ত আপুনি কোলাত এটি পুত্ৰ সন্তান ল’বলৈ পাব।” মহিলাগৰাকীয়ে ক’লে, “হে মোৰ প্ৰভু, হে ঈশ্বৰৰ লোক, আপোনাৰ দাসীক মিছা আশা নিদিব।”
17 しかし女はついに身ごもって、エリシャが彼女に言ったように、次の年のそのころに子を産んだ。
১৭পাছত মহিলাগৰাকী গর্ভৱতী হ’ল আৰু ইলীচাই যেনেকৈ কৈছিল ঠিক সেইদৰেই পিছৰ বছৰৰ একে সময়ত তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিলে।
18 その子が成長して、ある日、刈入れびとの所へ出ていって、父のもとへ行ったが、
১৮ল’ৰাটি ডাঙৰ হ’বলৈ ধৰিলে। এদিন তেওঁৰ পিতৃ যেতিয়া শস্য দোৱা লোকসকলৰ লগত আছিল, তেতিয়া সি তাৰ বাপেকৰ ওচৰলৈ গ’ল।
19 父にむかって「頭が、頭が」と言ったので、父はしもべに「彼を母のもとへ背負っていきなさい」と言った。
১৯ল’ৰাটিয়ে বাপেকক ক’লে, “ওহ! মোৰ মূৰটো, মোৰ মূৰটো।” বাপেকে এজন দাসক ক’লে, “ইয়াক দাঙি মাকৰ ওচৰলৈ লৈ ব’লা।”
20 彼を背負って母のもとへ行くと、昼まで母のひざの上にすわっていたが、ついに死んだ。
২০সেই দাসে যেতিয়া তাক দাঙি আনি মাকৰ ওচৰত দিলেহি, সি দুপৰীয়া পর্যন্ত মাকৰ কোলাতে বহি থাকিল আৰু তাৰ পাছত তাৰ মৃত্যু হ’ল।
21 母は上がっていって、これを神の人の寝台の上に置き、戸を閉じて出てきた。
২১তেতিয়া মাকে ল’ৰাটিক ওপৰলৈ নি ঈশ্বৰৰ লোকজনৰ বিচনাত শুৱাই থলে। তাৰ পাছত দুৱাৰ বন্ধ কৰি তেওঁ বাহিৰলৈ ওলাই আহিল।
22 そして夫を呼んで言った、「どうぞ、しもべひとりと、ろば一頭をわたしにかしてください。急いで神の人の所へ行って、また帰ってきます」。
২২তেওঁ গিৰীয়েকক মাতি ক’লে, “আপুনি এতিয়াই এজন দাস আৰু এটা গাধ মোৰ ওচৰলৈ পঠাই দিয়ক। মই তৎক্ষণাত ঈশ্বৰৰ লোকজনৰ ওচৰলৈ গৈ আকৌ ঘূৰি আহিম।”
23 夫は言った、「どうしてきょう彼の所へ行こうとするのか。きょうは、ついたちでもなく、安息日でもない」。彼女は言った、「よろしいのです」。
২৩তেওঁৰ গিৰিয়েকে ক’লে, “তুমি তেওঁৰ ওচৰলৈ আজিয়েই কিয় যাব বিচাৰিছা? আজিটো ন-জোন নহয়, বিশ্ৰামবাৰও নহয়।” তেওঁ উত্তৰ দি’লে, “তাতে ভালেই হ’ব।”
24 そして彼女はろばにくらを置いて、しもべに言った、「速く駆けさせなさい。わたしが命じる時でなければ、歩調をゆるめてはなりません」。
২৪তাৰ পাছত তেওঁ গাধৰ ওপৰত আসন সজাই নিজৰ দাসক ক’লে, “সোনকালে চলাই নিয়া; মই নকওঁমানে তুমি লাহে লাহে নচলাবা।”
25 こうして彼女は出発してカルメル山へ行き、神の人の所へ行った。神の人は彼女の近づいてくるのを見て、しもべゲハジに言った、「向こうから、あのシュネムの女が来る。
২৫এইদৰে তেওঁ ওলাই গ’ল আৰু কৰ্মিল পৰ্ব্বতত ঈশ্বৰৰ লোকৰ ওচৰলৈ আহিল। ঈশ্বৰৰ লোকে মহিলাগৰাকীক দূৰৈতে দেখি, নিজৰ দাস গেহজীক ক’লে, “সৌৱা, চোৱা, চূনেমীয়া মহিলাগৰাকী;
26 すぐ走って行って、彼女を迎えて言いなさい、『あなたは無事ですか。あなたの夫は無事ですか。あなたの子供は無事ですか』」。彼女は答えた、「無事です」。
২৬তুমি দৌৰি তেওঁৰ ওচৰলৈ যোৱা আৰু সোধা যে, ‘আপুনি, আপোনাৰ স্বামী আৰু আপোনাৰ ল’ৰাটি সকলোৱে কুশলে আছে নে?’ তাই উত্তৰ দি’লে, “হয় ভালে আছে।”
27 ところが彼女は山にきて、神の人の所へくるとエリシャの足にすがりついた。ゲハジが彼女を追いのけようと近よった時、神の人は言った、「かまわずにおきなさい。彼女は心に苦しみがあるのだから。主はそれを隠して、まだわたしにお告げにならないのだ」。
২৭পাছত তেওঁ কর্ম্মিল পৰ্ব্বতত ঈশ্বৰৰ লোকজনৰ ওচৰ পাই তেওঁৰ ভৰিত খামোচি ধৰিলে। তাতে তেওঁক আঁতৰাই আনিবলৈ গেহজী ওচৰ চাপি অহাত, ঈশ্বৰৰ লোকে ক’লে, “তেওঁক অকলে থাকিবলৈ দিয়া; কিয়নো তেওঁৰ মন বিষাদেৰে ভৰা; কিন্তু যিহোৱাই মোৰ পৰা তাক গুপুতে ৰাখিছে, মোক একোকে নজনালে।”
28 そこで彼女は言った、「わたしがあなたに子を求めましたか。わたしを欺かないでくださいと言ったではありませんか」。
২৮মহিলাগৰাকীয়ে ক’লে, “হে মোৰ প্ৰভু, মই জানো আপোনাৰ ওচৰত এটি ল’ৰা খুজিছিলোঁ? মই জানো আপোনাক কোৱা নাছিলো, ‘মোক মিছা আশা নিদিব’?”
29 エリシャはゲハジに言った、「腰をひきからげ、わたしのつえを手に持って行きなさい。だれに会っても、あいさつしてはならない。またあなたにあいさつする者があっても、それに答えてはならない。わたしのつえを子供の顔の上に置きなさい」。
২৯তেতিয়া ইলীচাই গেহজীক ক’লে, “তোমাৰ কাপোৰ কঁকালত গুজি লৈ মোৰ এই লাখুটিডাল লোৱা আৰু মহিলাগৰাকীৰ ঘৰলৈ যোৱা। কোনো মানুহক লগ পালে, তেওঁক মঙ্গলবাদ নকৰিবা আৰু কোনোবাই মঙ্গলবাদ কৰিলেও তাৰ উত্তৰ নিদিবা। মোৰ লাখুটিডাল ল’ৰাটিৰ মুখৰ ওপৰত ৰাখিবা।”
30 子供の母は言った、「主は生きておられます。あなたも生きておられます。わたしはあなたを離れません」。そこでエリシャはついに立ちあがって彼女のあとについて行った。
৩০কিন্তু ল’ৰাৰ মাকে ক’লে, “জীৱিত যিহোৱা আৰু আপোনাৰ শপত খাই কওঁ, মই আপোনাক এৰি নাযাওঁ।” সেয়ে ইলীচাই উঠি মহিলাগৰাকীৰ পাছে পাছে যাবলৈ ধৰিলে।
31 ゲハジは彼らの先に行って、つえを子供の顔の上に置いたが、なんの声もなく、生きかえったしるしもなかったので、帰ってきてエリシャに会い、彼に告げて「子供はまだ目をさましません」と言った。
৩১গেহজীয়ে তেওঁলোকৰ আগে আগে গৈ ল’ৰাটিৰ মুখৰ ওপৰত সেই লাখুটিডাল ৰাখিলে, কিন্তু কোনো সাৰ-সুৰৰ লক্ষণ পোৱা নগ’ল। সেয়ে, গেহজীয়ে ইলীচাক লগ ধৰিবৰ বাবে উভটি গ’ল আৰু তেওঁক ক’লে, “ল’ৰাটি সাৰ পোৱা নাই।”
32 エリシャが家にはいって見ると、子供は死んで、寝台の上に横たわっていたので、
৩২পাছত ইলীচাই ঘৰলৈ আহি দেখিলে যে, তেওঁৰ বিচনাতে মৃত ল’ৰাটি শুৱাই থোৱা আছে।
33 彼ははいって戸を閉じ、彼らふたりだけ内にいて主に祈った。
৩৩তেতিয়া তেওঁ অকলেই ঘৰৰ ভিতৰত সোমাই দুৱাৰ বন্ধ কৰি যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে।
34 そしてエリシャが上がって子供の上に伏し、自分の口を子供の口の上に、自分の目を子供の目の上に、自分の両手を子供の両手の上にあて、その身を子供の上に伸ばしたとき、子供のからだは暖かになった。
৩৪তাৰ পাছত তেওঁ বিচনাৰ ওপৰত উঠি ল’ৰাটিৰ মুখৰ ওপৰত নিজৰ মুখ, চকুৰ ওপৰত নিজৰ চকু আৰু হাতৰ তলুৱাৰ ওপৰত হাত ৰাখি শুই দিলে; তেওঁ ল’ৰাটিৰ ওপৰত যেতিয়া দীঘল দি পৰিল, তেতিয়া ল’ৰাটিৰ গা গৰম হৈ উঠিল।
35 こうしてエリシャは再び起きあがって、家の中をあちらこちらと歩み、また上がって、その身を子供の上に伸ばすと、子供は七たびくしゃみをして目を開いた。
৩৫তাৰ পাছত ইলীচাই নামি আহি ঘৰৰ ভিতৰতে অহা যোৱা কৰি ফুৰিলে; পাছত পুনৰায় বিচনাত উঠি গৈ ল’ৰাটিৰ ওপৰত দীঘল হৈ পৰিল। তাতে ল’ৰাটিয়ে সাতবাৰ হাঁচি মাৰি চকু মেলি চালে!
36 エリシャはただちにゲハジを呼んで、「あのシュネムの女を呼べ」と言ったので、彼女を呼んだ。彼女がはいってくるとエリシャは言った、「あなたの子供をつれて行きなさい」。
৩৬তেতিয়া ইলীচাই গেহজীক মাতি ক’লে, “চূনেমীয়ানীক মাতা!” তাতে গেহজীয়ে তেওঁক মাতি আনিলে। মহিলাগৰাকী কোঁঠালিটোলৈ অহাত ইলীচাই ক’লে, “তোমাৰ ল’ৰাটিক লোৱা।”
37 彼女ははいってきて、エリシャの足もとに伏し、地に身をかがめた。そしてその子供を取りあげて出ていった。
৩৭তেতিয়া মহিলাগৰকী সোমাই আহি তেওঁৰ ভৰিত পৰিল আৰু মাটিত মুখ দি উবুৰি হৈ তেওঁক প্ৰণিপাত কৰিলে। তাৰ পাছত পুতেকক তুলি লৈ তেওঁ বাহিৰলৈ ওলাই গ’ল।
38 エリシャはギルガルに帰ったが、その地にききんがあった。預言者のともがらが彼の前に座していたので、エリシャはそのしもべに言った、「大きなかまをすえて、預言者のともがらのために野菜の煮物をつくりなさい」。
৩৮তাৰ পাছত ইলীচা পুনৰ গিলগললৈ ঘূৰি গ’ল; সেই সময়ত সেই ঠাইত আকাল হৈছিল; তেতিয়া শিষ্য ভাববাদীসকলৰ এটা দল তেওঁৰ আগত বহি আছিল; তেওঁ নিজৰ দাসক ক’লে, “ডাঙৰ চৰুটো জুইৰ ওপৰত বহাই দি শিষ্য-ভাৱবাদীৰ দলটোৰ কাৰণে আঞ্জাৰে চুৰুহা ৰান্ধা।”
39 彼らのうちのひとりが畑に出ていって青物をつんだが、つる草のあるのを見て、その野うりを一包つんできて、煮物のかまの中に切り込んだ。彼らはそれが何であるかを知らなかったからである。
৩৯তেতিয়া তেওঁলোকৰ মাজৰ এজনে শাক তুলি আনিবৰ কাৰণে পথাৰলৈ গ’ল। তেওঁ ফলেৰে ভৰা বনৰীয়া লতা দেখা পাই তাৰ ফল ছিঙি কোঁচত ভৰাই আনিলে; তাৰ পাছত সেইবোৰ কাটি চুৰুহাত দিলে; কিন্তু সেইবোৰ কি আছিল, তাক তেওঁলোকে নাজানিলে।
40 やがてこれを盛って人々に食べさせようとしたが、彼らがその煮物を食べようとした時、叫んで、「ああ神の人よ、かまの中に、たべると死ぬものがはいっています」と言って、食べることができなかったので、
৪০পাছত তেওঁলোকে সেই আঞ্জা লোক সমূহক খাবলৈ বাকি দিলে; কিন্তু লোক সকলে সেই আঞ্জা মুখত দিয়া মাত্ৰকে চিঞৰি উঠিল, “হে ঈশ্বৰৰ লোক, চৰুত মৃত্যু আছে!” তেওঁলোকে সেই আঞ্জা পুনৰ খাব নোৱাৰিলে।
41 エリシャは「それでは粉を持って来なさい」と言って、それをかまに投げ入れ、「盛って人々に食べさせなさい」と言った。かまの中には、なんの毒物もなくなった。
৪১তেতিয়া ইলীচাই ক’লে, “অলপমান ময়দা লৈ আনা।” তেওঁ সেই ময়দাখিনি চৰুত পেলাই দি ক’লে, “এতিয়া এইখিনি লোকসকলে খাবৰ কাৰণে তেওঁলোকৰ মাজত বাকি দিয়া।” তাতে চৰুত ক্ষতিকাৰক একোৱেই নাথাকিল।
42 その時、バアル・シャリシャから人がきて、初穂のパンと、大麦のパン二十個と、新穀一袋とを神の人のもとに持ってきたので、エリシャは「人々に与えて食べさせなさい」と言ったが、
৪২এবাৰ বাল-চালিচাৰ পৰা এজন মানুহে ঈশ্বৰৰ লোকৰ কাৰণে প্ৰথমে কটা শস্যৰ পৰা যৱ ধানৰ বিশটা পিঠা আৰু বস্তা ভৰাই নতুন শস্য আনিলে। ইলীচাই ক’লে, “এইবোৰ লোকসকলক খাবলৈ বিলাই দিয়া।”
43 その召使は言った、「どうしてこれを百人の前に供えるのですか」。しかし彼は言った、「人々に与えて食べさせなさい。主はこう言われる、『彼らは食べてなお余すであろう』」。
৪৩তেওঁৰ দাসে ক’লে, “কি! মই ইয়াক এশজন লোকৰ আগত থম নে?” ইলীচাই উত্তৰত ক’লে, “তুমি লোকসকলক ইয়াকে খাবলৈ দিয়া; কিয়নো যিহোৱাই কৈছে, ‘তেওঁলোকে খাব আৰু কিছু বাকীও থাকিব।’”
44 そこで彼はそれを彼らの前に供えたので、彼らは食べてなお余した。主の言葉のとおりであった。
৪৪সেই দাসে তেতিয়া তাক নি লোকসকলৰ আগত ৰাখিলে। যিহোৱাই যিদৰে কৈছিল, সেইদৰেই তেওঁলোকে তাক খালে আৰু কিছু বাকীও থাকিল।

< 列王記Ⅱ 4 >