< 列王記Ⅱ 3 >

1 ユダの王ヨシャパテの第十八年にアハブの子ヨラムはサマリヤでイスラエルの王となり、十二年世を治めた。
যিহূদাত যিহোচাফটৰ ৰাজত্বৰ ওঠৰ বছৰত ইস্রায়েলৰ ৰজা আহাবৰ পুত্ৰ যোৰাম ৰজা হ’ল। তেওঁ চমৰিয়াত থাকি বাৰ বছৰ ৰাজত্ব কৰিলে।
2 彼は主の目の前に悪をおこなったが、その父母のようではなかった。彼がその父の造ったバアルの石柱を除いたからである。
যিহোৱাৰ দৃষ্টিত তেওঁ কু-আচৰণ কৰিলে, কিন্তু তেওঁ তেওঁৰ পিতৃ-মাতৃৰ দৰে কৰা নাছিল; কিয়নো তেওঁৰ পিতৃয়ে বাল দেৱতাৰ পূজাৰ কাৰণে যি স্তম্ভ নিৰ্ম্মাণ কৰিছিল, তাক তেওঁ দূৰ কৰি দিছিল।
3 しかし彼はイスラエルに罪を犯させたネバテの子ヤラベアムの罪につき従って、それを離れなかった。
তথাপি নবাটৰ পুত্র যাৰবিয়ামে যি সকলো পাপ কার্য কৰি ইস্ৰায়েলক পাপ কৰিবলৈ বাধ্য কৰাইছিল, সেই পাপবোৰত তেওঁ আসক্ত হৈ থাকিল; তেওঁ সেইবোৰ বন্ধ নকৰিলে।
4 モアブの王メシャは羊の飼育者で、十万の小羊と、十万の雄羊の毛とを年々イスラエルの王に納めていたが、
মোৱাবৰ ৰজা মেচাই মেৰ-ছাগ পুহি সেইবোৰৰ বংশ বৃদ্ধি কৰিছিল। তেওঁ ইস্ৰায়েলৰ ৰজাক কৰ হিচাবে এক লাখ মেৰ-ছাগ পোৱালি আৰু এক লাখ মতা মেৰ-ছাগৰ ঊল দিব লাগিছিল।
5 アハブが死んだ後、モアブの王はイスラエルの王にそむいた。
কিন্তু আহাবৰ মৃত্যুৰ পাছত, মোৱাবৰ ৰজাই ইস্ৰায়েলৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে।
6 そこでヨラム王はその時サマリヤを出て、イスラエルびとをことごとく集め、
সেয়ে ইস্রায়েলৰ ৰজা যোৰামে তেতিয়া চমৰিয়াৰ পৰা ওলাই গৈ ইস্ৰায়েলীয়াসকলক যুদ্ধৰ কাৰণে একগোট কৰিলে।
7 また、人をユダの王ヨシャパテにつかわし、「モアブの王はわたしにそむきました。あなたはモアブと戦うために、わたしと一緒に行かれませんか」と言わせた。彼は言った、「行きましょう。わたしはあなたと一つです。わたしの民はあなたの民と一つです。わたしの馬はあなたの馬と一つです」。
যিহূদাৰ ৰজা যিহোচাফটৰ ওচৰলৈ তেওঁ বার্তা পঠাই জনালে যে, “মোৱাবৰ ৰজাই মোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে; আপুনি মোৱাবৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ মোৰ লগত যাব নে?” যিহোচাফটে ক’লে, “মই আপোনাৰ লগত যাম। মই আপোনাৰ দৰেই হওঁ; মোৰ লোক আৰু ঘোঁৰাবোৰ যেনে আপোনাৰ লোকসকল আৰু ঘোঁৰাবোৰো তেনে।”
8 彼はまた言った、「われわれはどの道を上るのですか」。ヨラムは答えた、「エドムの荒野の道を上りましょう」。
তাৰ পাছত ৰজা যোৰামে সুধিলে, “আমি কোন বাটেৰে গৈ আক্রমণ কৰিম?” তাতে তেওঁ ক’লে, “ইদোমৰ মৰুপ্রান্তৰৰ মাজেদি।”
9 こうしてイスラエルの王はユダの王およびエドムの王と共に出て行った。しかし彼らは回り道をして、七日の間進んだが、軍勢とそれに従う家畜の飲む水がなかったので、
সেইদৰে, যিহূদাৰ ৰজা আৰু ইদোমৰ ৰজাৰ সৈতে ইস্ৰায়েলৰ ৰজা ওলাই গ’ল। তেওঁলোকে সাত দিন ধৰি অর্ধবৃত্ত হৈ ঘূৰি আগবাঢ়ি গ’ল। তেতিয়া সৈন্যসকলৰ কাৰণে আৰু লগত নিয়া পশুবোৰৰ কাৰণে তেওঁলোকে পানী বিচাৰি পোৱা নাছিল।
10 イスラエルの王は言った、「ああ、主は、この三人の王をモアブの手に渡そうとして召し集められたのだ」。
১০তাকে দেখি ইস্ৰায়েলৰ ৰজাই ক’লে, “হায় হায়! মোৱাবৰ হাতত পৰাজিত হ’বলৈকে যিহোৱাই আমাৰ এই তিনিজন ৰজাক একত্রিত কৰি মাতি আনিলে নেকি?”
11 ヨシャパテは言った、「われわれが主に問うことのできる主の預言者はここにいませんか」。イスラエルの王のひとりの家来が答えた、「エリヤの手に水を注いだシャパテの子エリシャがここにいます」。
১১কিন্তু যিহোচাফটে ক’লে, “ইয়াত যিহোৱাৰ কোনো ভাববাদী নাই নেকি যিজনৰ যোগেদি আমি যিহোৱাৰ ওচৰত সুধিব পাৰিম?” তাতে ইস্ৰায়েলৰ ৰজাৰ দাসবোৰৰ এজনে ক’লে, “চাফটৰ পুতেক ইলীচা ইয়াত আছে। তেওঁ এলিয়াৰ হাতত পানী বাকী দিয়া সেৱাকাৰী আছিল।”
12 ヨシャパテは言った、「主の言葉が彼にあります」。そこでイスラエルの王とヨシャパテとエドムの王とは彼のもとへ下っていった。
১২যিহোচাফটে ক’লে, “যিহোৱাৰ বাক্য তেওঁৰ ওচৰত আছে।” তাতে ইস্ৰায়েলৰ ৰজা, ইদোমৰ ৰজা আৰু যিহোচাফট ইলীচাৰ ওচৰলৈ নামি গ’ল।
13 エリシャはイスラエルの王に言った、「わたしはあなたとなんのかかわりがありますか。あなたの父上の預言者たちと母上の預言者たちの所へ行きなさい」。イスラエルの王は彼に言った、「いいえ、主がこの三人の王をモアブの手に渡そうとして召し集められたのです」。
১৩ইলীচাই ইস্ৰায়েলৰ ৰজাক ক’লে, “আপোনাৰ কাৰণে মই কি কৰিব পাৰোঁ? আপুনি আপোনাৰ পিতৃ আৰু মাতৃৰ ভাববাদীসকলৰ ওচৰলৈ যাওঁক।” তেতিয়া ইস্ৰায়েলৰ ৰজাই তেওঁক ক’লে, “নহয়, আমি নাযাওঁ, কাৰণ মোৱাবৰ হাতত পৰাজিত হ’বলৈ যিহোৱাই আমাৰ তিনিওজন ৰজাক একত্রিত কৰি মাতি আনিলে।”
14 エリシャは言った、「わたしの仕える万軍の主は生きておられます。わたしはユダの王ヨシャパテのためにするのでなければ、あなたを顧み、あなたに会うことはしないのだが、
১৪ইলীচাই ক’লে, “যিজনাৰ সন্মুখত থাকি মই সেৱা কৰিবলৈ প্রস্তুত, বাহিনীসকলৰ সেই জীৱিত যিহোৱাৰ শপত যে, যিহূদাৰ ৰজা যিহোচাফট যদি ইয়াত নাথাকিলহেঁতেন, মই আপোনালৈ মনোযোগ নিদিলোহেঁতেন, এনেকি মই আপোনাৰ ফালে নাপালোহেঁতেন।
15 いま楽人をわたしの所に連れてきなさい」。そこで楽人が楽を奏すると、主の手が彼に臨んで、
১৫কিন্তু এতিয়া মোৰ ওচৰলৈ এজন বীণা বজোৱা লোকক লৈ আনক।” লোকজনে যেতিয়া বীণা বজাইছিল, তেতিয়া যিহোৱাৰ হাত ইলীচাৰ ওপৰলৈ আহিল।
16 彼は言った、「主はこう仰せられる、『わたしはこの谷を水たまりで満たそう』。
১৬তাতে তেওঁ ক’লে, “যিহোৱাই এই কথা কৈছে: ‘এই শুকান নদীৰ উপত্যকাটো খান্দি খাল তৈয়াৰ কৰক।’
17 これは主がこう仰せられるからである、『あなたがたは風も雨も見ないのに、この谷に水が満ちて、あなたがたと、その家畜および獣が飲むであろう』。
১৭কিয়নো যিহোৱাই এই কথা কৈছে, ‘আপোনালোকে কোনো বতাহ বা বৰষুণ দেখা নাপালেও, এই নদীৰ উপত্যকা পানীৰে পৰিপূৰ্ণ হ’ব আৰু আপোনালোকে পানী খাব পাৰিব; আপোনালোকৰ পশুধন আৰু আন আন জন্তুবোৰেও পানী খাব।’
18 これは主の目には小さい事である。主はモアブびとをも、あなたがたの手に渡される。
১৮যিহোৱাৰ দৃষ্টিত ই অতি সৰু কথা; তেওঁ মোৱাবীয়াসকলৰ ওপৰত আপোনালোকক বিজয়ী কৰিব।
19 そしてあなたがたはすべての堅固な町と、すべての良い町を撃ち、すべての良い木を切り倒し、すべての水の井戸をふさぎ、石をもって地のすべての良い所を荒すであろう」。
১৯গড়েৰে আবৃত প্ৰত্যেকখন নগৰ আৰু উত্তম নগৰ আপোনালোকে আক্রমণ কৰিব; আপোনালোকে প্ৰত্যেকটো উত্তম গছ কাটি পেলাব, পানীৰ সকলো ভুমুক বন্ধ কৰি দিব আৰু সকলো উত্তম পথাৰ শিলেৰে নষ্ট কৰি পেলাব।”
20 あくる朝になって、供え物をささげる時に、水がエドムの方から流れてきて、水は国に満ちた。
২০পাছদিনা ৰাতিপুৱা বলি উৎসৰ্গৰ সময়ত ইদোম দেশৰ ফালৰ পৰা পানীবৈ আহিল। পানীৰে দেশখন ভৰি পৰিল।
21 さてモアブびとは皆、王たちが自分たちを攻めるために上ってきたのを聞いたので、よろいを着ることのできる者を、老いも若きもことごとく召集して、国境に配置したが、
২১ইতিমধ্যে মোৱাবীয়াসকলে শুনিছিল যে, তেওঁলোকৰ বিৰুদ্ধে সেই তিনিজন ৰজা যুদ্ধ কৰিবলৈ আহিছে। তেতিয়া যুদ্ধৰ সাজ পিন্ধি যুদ্ধ কৰিব পৰা সকলো একগোট হৈ দেশৰ সীমাত উপস্থিত হ’ল।
22 朝はやく起きて、太陽がのぼって水を照したとき、モアブびとは目の前に血のように赤い水を見たので、
২২অতি ৰাতিপুৱাতে যেতিয়া তেওঁলোকে সাৰ পালে, তেতিয়া সূৰ্যৰ ৰশ্মি পানীৰ ওপৰত প্রতিফলিত হৈছিল। মোৱাবীয়াসকলে তেওঁলোকৰ ওচৰত সেই পানী তেজৰ দৰে ৰঙা যেন দেখিলে।
23 彼らは言った、「これは血だ、きっと王たちが互に戦って殺し合ったのだ。だから、モアブよ、ぶんどりに行きなさい」。
২৩তেওঁলোকে আচৰিত হৈ ক’লে, “এই চাওকচোন, চাওঁক, এইয়া তেজ! নিশ্চয়ে, সেই ৰজাসকলে এজনে আন জনক হত্যা কৰিলে আৰু তেওঁলোকৰ মৃত্যু হ’ল! গতিকে হে মোৱাবীয়াসকল ব’লা, এতিয়া আমি গৈ লুট কৰোঁহক!”
24 しかしモアブびとがイスラエルの陣営に行くと、イスラエルびとは立ちあがってモアブびとを撃ったので、彼らはイスラエルの前から逃げ去った。イスラエルびとは進んで、モアブびとを撃ち、その国にはいって、
২৪কিন্তু মোৱাবীয়াসকল ইস্ৰায়েলৰ ছাউনিৰ ওচৰ আহি পোৱাত ইস্ৰায়েলীয়াসকলে অতর্কিতে ওলাই গৈ মোৱাবীয়াসকলক আক্রমণ কৰিলে আৰু মোৱাবীয়াসকল ইস্রায়েলৰ সন্মুখৰ পৰা পলাই গ’ল। ইস্ৰায়েলৰ সৈন্যসকলে মোৱাবীয়াসকলক বধ কৰি কৰি তেওঁলোকৰ দেশত সোমাই পৰিল।
25 町々を滅ぼし、おのおの石を一つずつ、地のすべての良い所に投げて、これに満たし、水の井戸をことごとくふさぎ、良い木をことごとく切り倒して、ただキル・ハラセテはその名を残すのみとなったが、石を投げる者がこれを囲んで撃ち滅ぼした。
২৫তেওঁলোকে নগৰবোৰ ধ্বংস কৰিলে আৰু প্ৰত্যেকে শিল দলিয়াই সকলো সাৰুৱা পথাৰবোৰ শিলাময় কৰিলে। তেওঁলোকে পানীৰ ভুমুকবোৰ বন্ধ কৰি দিলে আৰু উত্তম উত্তম গছবোৰ কাটি পেলালে। কেৱলমাত্র কীৰ-হেৰচত নগৰখনৰ শিলবোৰ য’তে আছিল ত’তে এৰি হ’ল। কিন্তু ফিঙ্গা অস্ত্রধাৰী সৈন্যসকলে নগৰখন আক্রমণ কৰিলে।
26 モアブの王は戦いがあまりに激しく、当りがたいのを見て、つるぎを抜く者七百人を率い、エドムの王の所に突き入ろうとしたが、果さなかったので、
২৬পাছত মোৱাবৰ ৰজা মেচেই যেতিয়া দেখিলে যে তেওঁ যুদ্ধত পৰাজয় হ’ব, তেতিয়া তেওঁ সৈন্যসকলৰ মাজেদিয়েই ইদোমৰ ৰজাৰ ওচৰলৈ যাবলৈ নিজৰ লগত সাতশ তৰোৱালধাৰী সেনা ল’লে; কিন্তু তেওঁলোকে নোৱাৰিলে।
27 自分の位を継ぐべきその長子をとって城壁の上で燔祭としてささげた。その時イスラエルに大いなる憤りが臨んだので、彼らは彼をすてて自分の国に帰った。
২৭তাৰ পাছত তেওঁ নিজৰ জ্যেষ্ঠপুত্র, যিজন তেওঁৰ পাছত ৰাজপাটৰ উত্তৰাধিকাৰী, তেওঁক লৈ গৈ নগৰৰ দেৱালৰ ওপৰত হোম-বলি উৎসর্গ কৰিলে আৰু ইস্ৰায়েলৰ বিৰুদ্ধে অতিশয় ক্রোধিত হ’ল। তাতে ইস্রায়েলীয়া সৈন্যসকলে ৰজা মেচাক এৰি দি নিজ দেশলৈ ওভটি গ’ল।

< 列王記Ⅱ 3 >