< 歴代誌Ⅱ 12 >

1 レハベアムその國を固くしその身を強くするに及びてヱホバの律法を棄たりイスラエルみな之に傚ふ
যেতিয়া ৰহবিয়ামৰ ৰাজ্য প্ৰতিস্থিত আৰু তেওঁ শক্তিশালী হ’ল, তেতিয়া তেওঁ আৰু তেওঁৰে সৈতে গোটেই ইস্ৰায়েলে যিহোৱাৰ বিধি ত্যাগ কৰিলে।
2 彼ら斯ヱホバにむかひて罪を犯すによりてレハベアムの五年にエジプトの王シシヤク、ヱルサレムに攻のぼれり
তেতিয়া এই ঘটনা ঘটিছিল, সেয়া আছিল ৰজা ৰহবিয়ামৰ ৰাজত্ৱৰ পঞ্চম বছৰ; মিচৰৰ ৰজা চীচকে যিৰূচালেমৰ বিৰোদ্ধ কৰিলে৷ কাৰণ তেওঁলোকে যিহোৱাৰ প্ৰতি অবিশ্ৱাসী আছিল৷
3 その戰車は一千二百騎兵は六萬また彼に從がひてエジプトより來れる民ルビ人スキ人エテオピヤ人等は數しれず
তেওঁ বাৰশ ৰথ আৰু ষাঠী হাজাৰ অশ্বাৰোহী লগত লৈ আহিছিল৷ তেওঁৰ লগত মিচৰৰ পৰা লুবীয়া, চুক্কীয়া আৰু কুচীয়া লোকসকল অসংখ্যৰূপে আহিছিল।
4 彼すなはちユダの守衛の邑々を取り進てヱルサレムに至る
তেওঁ গড়েৰে আবৃত থকা যিহূদাৰ নগৰবোৰ আটক কৰি যিৰূচালেমলৈ আহিছিল।
5 是においてレハベアムおよびユダの牧伯等シシヤクの故によりてヱルサレムに集まり居けるに預言者シマヤこれが許にいたりて之に言けるはヱホバかく言たまふ汝等は我を棄たれば我も汝らをシシヤクの手に遺おけりと
সেই সময়ত চময়িয়া ভাববাদীয়ে ৰহবিয়ামৰ ওচৰলৈ আৰু চীচকৰ ভয়ত যিৰূচালেমত গোট খোৱা যিহূদাৰ অধ্যক্ষসকলৰ ওচৰলৈ আহিল আৰু তেওঁলোকক ক’লে, “যিহোৱাই এই কথা কৈছে: ‘তোমালোকে মোক ত্যাগ কৰিলা, এই কাৰণে ময়ো তোমালোকক ত্যাগ কৰি চীচকৰ হাতত দিলোঁ’৷”
6 是をもてイスラエルの牧伯等および王は自ら卑くしてヱホバは義と言り
তেতিয়া ইস্ৰায়েলৰ ৰাজকুমাৰ আৰু ৰজাই নিজকে নম্ৰ কৰি ক’লে, “যিহোৱা ন্যায়বান।”
7 ヱホバかれらが自ら卑くするを見たまひければヱホバの言シマヤに臨みて言ふ彼等は自ら卑くしたれば我かれらを滅ぼさず少く拯救を彼らに施こさん我シシヤクの手をもて我忿怒をヱルサレムに洩さじ
তেতিয়া যিহোৱাই তেওঁলোকক নম্ৰ হোৱা দেখি চময়িয়াৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল, বোলে, “তেওঁলোক নম্ৰ হ’ল৷ মই তেওঁলোকক বিনষ্ট নকৰোঁ; কিন্তু অলপ সময়ৰ কাৰণেহে তেওঁলোকক উদ্ধাৰ কৰিম আৰু চীচকৰ হাতৰ দ্বাৰাই যিৰূচালেমৰ ওপৰত মোৰ ক্ৰোধ ঢলা নাযাব।
8 然ながら彼等は之が臣とならん是彼らが我に事ふる事と國々の王等に事ふる事との辨をしらん爲なりと
তথাপি তেওঁলোকে তেওঁৰ দাস হ’ব, যাতে তেওঁলোকে বুজি পায় মোক সেৱা কৰিলে কি হয় আৰু অন্য দেশীয় শাসনকর্তাক সেৱা কৰিলে কি হয়৷”
9 エジプトの王シシヤクすなはちヱルサレムに攻のぼりヱホバの家の寶物と王の家の寶物とを奪ひて盡くこれを取り又ソロモンの作りたる金の楯を奪ひされり
পাছত মিচৰৰ ৰজা চীচকে যিৰূচালেমৰ বিৰুদ্ধে আহিল আৰু যিহোৱাৰ গৃহৰ লগতে ৰাজ গৃহত সাঁচি থোৱা বস্তুবোৰ লৈ গ’ল৷ তেওঁ সকলোকে নিলে আৰু চলোমনে সজোৱা সোণৰ ঢালবোৰো লৈ গ’ল।
10 是をもてレハベアム王その代に銅の楯を作り王の家の門を守る侍衛の長等の手にこれを交し置けるが
১০তেতিয়া ৰজা ৰহবিয়ামে সেইবোৰৰ সলনি পিতলৰ ঢাল সাজিলে আৰু ৰাজ গৃহৰ দুৱাৰ ৰখীয়া প্ৰহৰীবোৰৰ অধ্যক্ষসকলৰ হাতত শোধাই দিলে।
11 王ヱホバの家に入る時には侍衛きたりて之を負ひまた侍衛の房にこれを持かへれり
১১এইদৰে ৰজা যেতিয়া যিহোৱাৰ গৃহলৈ আহে, তেতিয়া প্ৰহৰীবোৰে সেই ঢালবোৰ উলিয়াই আনে; পাছত পুনৰ প্ৰহৰীৰ কোঁঠাত সেইবোৰ থৈ দিয়ে৷
12 レハベアム自ら卑くしたればヱホバの忿怒かれを離れこれを盡く滅ぼさんとは爲たまはず又ユダにも善事ありき
১২ৰহবিয়াম নম্ৰ হোৱাৰ পাছত যিহোৱাৰ ক্ৰোধ ক্ষান্ত হ’ল৷ তেওঁ ৰহবিয়ামক সম্পূৰ্ণৰূপে বিনষ্ট নকৰিলে; আনহাতে যিহূদাৰ মাজতো লোকৰ সদ্ভাৱ আছিল।
13 レハベアム王はヱルサレムにありてその力を強くし世を治めたり即ちレハベアムは四十一歳のとき位に即き十七年の間ヱルサレムにて世を治む是すなはちヱホバがその名を置んとてイスラエルの一切の支派の中より選びたまへる邑なり彼の母はアンモニ人にしてその名をナアマといふ
১৩ক্রমশঃ ৰজা ৰহবিয়ামে যিৰূচালেমত তেওঁৰ ৰাজপদ শক্তিশালী কৰি, ৰাজত্ব কৰিবলৈ ধৰিলে। যেতিয়া ৰহবিয়ামৰ বয়স একচল্লিশ বছৰ আছিল, তেতিয়া ৰাজত্ব কৰিবলৈ লৈছিল। তেওঁ যিৰূচালেমত সোঁতৰ বছৰ ৰাজত্ব কৰিছিল। যিহোৱাই নিজ নাম স্থাপন কৰিবৰ বাবে ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা তেওঁক মনোনীত কৰিছিল। তেওঁৰ মাকৰ নাম নয়মা আছিল, তেওঁ অম্মোনীয়া আছিল।
14 レハベアムはヱホバを求むる事に心を傾けずして惡き事を行へり
১৪কিন্তু তেওঁ কু-আচৰণ কৰিছিল, কিয়নো তেওঁ যিহোৱাক বিচাৰ কৰিবলৈ নিজৰ মন স্থিৰ কৰা নাছিল।
15 レハベアムの始終の行爲は預言者シマヤの書および先見者イドの書の中に系圖の形に記さるるに非ずやレハベアムとヤラベアムの間には絶ず戰爭ありき
১৫ৰহবিয়ামে যি যি কৰিছিল, সেই সকলো বিষয় প্ৰথমৰ পৰা শেষলৈকে চময়িয়া ভাববাদী আৰু ইদ্দো দৰ্শকৰ ইতিহাস পুস্তক দুখনত বংশাৱলীসহ সবিশেষ লিখা আছে। ৰহবিয়াম আৰু যাৰবিয়ামৰ মাজত সদায় যুদ্ধ লাগি আছিল।
16 レハベアムその先祖等とともに寝りてダビデの邑に葬られ其子アビヤ之にかはりて王となれり
১৬পাছত ৰহবিয়ামে তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু দায়ূদৰ নগৰত তেওঁক মৈদাম দিয়া হ’ল; তেতিয়া তেওঁৰ পুত্ৰ অবিয়া তেওঁৰ পদত ৰজা হ’ল।

< 歴代誌Ⅱ 12 >