< 歴代誌Ⅱ 11 >

1 茲にレハベアム、ヱルサレムに至りてユダとベニヤミンの家より倔強の武者十八萬を集め而してレハベアム國を己に歸さんためにイスラエルと戰はんとせしに
ৰহবিয়ামে যেতিয়া যিৰূচালেমলৈ আহিল, তেতিয়া ৰহবিয়ামে ৰাজ্য পুনৰাই নিজৰ অধীনলৈ আনিবৰ বাবে ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ বাবে যিহূদা আৰু বিন্যামীন গোষ্ঠীৰ পৰা এক লাখ আশী হাজাৰ মনোনীত সৈনিক গোটালে।
2 ヱホバの言神の人シマヤに臨みて云ふ
কিন্তু ঈশ্বৰৰ লোক চময়িয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, বোলে,
3 ソロモンの子ユダの王レハベアムおよびユダとベニヤミンにあるイスラエルの人々に告て言べし
“তুমি যিহূদাৰ ৰজা চলোমনৰ পুত্ৰ ৰহবিয়ামক আৰু যিহূদা ও বিন্যামীনত থকা গোটেই ইস্ৰায়েলক কোৱা,
4 ヱホバかく言ふ汝ら攻上るべからず又なんぢらの兄弟と戰ふべからず各々その家に歸れ此事は我より出たる者なりと彼ら乃はちヱホバの言にしたがひヤラベアムに攻ゆくことを止て歸れり
‘যিহোৱাই এই কথা কৈছে: তোমালোকে নিজ ভাইসকলৰ বিৰুদ্ধে যুদ্ধ নকৰিবা৷ প্ৰতিজনে নিজ নিজ ঘৰলৈ ঘূৰি যাব লাগিব কিয়নো মোৰ দ্বাৰাইহে এই কথা হৈছে’৷” তেতিয়া তেওঁলোকে যিহোৱাৰ বাক্যলৈ কাণ দিলে আৰু যাৰবিয়ামৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যোৱাৰ পৰা উভতি গ’ল।
5 斯てレハベアム、ヱルサレムに居りユダに守衛の邑々を建たり
ৰহবিয়ামে যিৰূচালেমত বাস কৰি দেশ ৰক্ষাৰ অৰ্থে যিহূদাত নানা নগৰ সাজিলে।
6 即ちその建たる者はベテレヘム、エタム、テコア
তেওঁ বৈৎলেহেম, এটম, তকোৱা,
7 ベテズル`シヨコ、アドラム
বৈৎ-চুৰ, চোকো, অদুল্লম,
8 ガテ、マレシヤ、ジフ
গাত, মাৰেচা, জীফ,
9 アドライム、ラキシ、アゼカ
অদোৰয়িম, লাখীচ, অজেকা,
10 ゾラ、アヤロン、ヘブロン是等はユダとベニヤミンにありて守衛の邑なり
১০চৰা, অয়ালোন, হিব্ৰোণ আদি যিহূদাত আৰু বিন্যামীনত থকা এইবোৰ নগৰ গড়েৰে আবৃত কৰি সুসজ্জিত কৰিলে।
11 彼その守衛の邑々を堅固にし之に軍長を置き糧食と油と酒とを貯はへ
১১তেওঁ এই আটাইবোৰ দুৰ্গ সুসজ্জিত কৰি, সেই বোৰৰ মাজত সেনাপতিসকলক ৰাখিলে আৰু খোৱা বস্তু, তেল আৰু দ্ৰাক্ষাৰসৰ ভঁৰাল পাতিলে।
12 またその一切の邑に盾と矛とを備へて之を甚だ強からしむユダとベニヤミンこれに附り
১২তেওঁ প্ৰত্যেক নগৰত ঢাল আৰু বৰচা ৰাখিলে আৰু নগৰবোৰ অতি সুসজ্জিত কৰিলে। যিহূদা আৰু বিন্যামীন তেওঁৰ অধীনত আছিল।
13 イスラエルの全地の祭司とレビ人は四方の境より來りてレハベアムに投ず
১৩গোটেই ইস্ৰায়েলৰ মাজত যি যি পুৰোহিত আৰু লেবীয়াসকল আছিল, তেওঁলোকে তেওঁলোকৰ সকলো অঞ্চলৰ পৰা তেওঁৰ ওচৰলৈ আহিল।
14 即ちレビ人はその郊地と產業とを離れてユダとヱルサレムに至れり是はヤラベアムとその子等かれらを廢して祭司の職をヱホバの前に爲しめざりし故なり
১৪কিয়নো লেবীয়াসকলে নিজ নিজ চৰণীয়া ঠাই আৰু নিজ নিজ উত্তৰাধীকাৰ এৰি যিহূদা আৰু যিৰূচালেমলৈ আহিল কিয়নো যাৰবিয়াম আৰু তেওঁৰ পুত্ৰসকলে তেওঁলোকক যিহোৱাৰ উদ্দেশ্যে পুৰোহিতৰ কৰ্ম কৰিবলৈ নিদি তেওঁলোকক খেদি দিছিল৷
15 ヤラベアムは崇邱と牡山羊と己が作れる犢とのために自ら祭司を立つ
১৫যাৰবিয়ামে তেওঁৰ নিজৰ কাৰণে নিজে সজা দামুৰি আৰু ছাগলীৰ প্ৰতিমা আৰু তাৰ বাবে পুৰোহিতসকলক পবিত্ৰ ঠাইবোৰৰ কাৰণে নিযুক্ত কৰিছিল।
16 またイスラエルの一切の支派の中凡てその心を傾むけてイスラエルの神ヱホバを求むる者はその先祖の神ヱホバに禮物を献げんとてレビ人にしたがひてヱルサレムに至れり
১৬ইস্ৰায়েলৰ সকলো ফৈদৰ লোকসকলৰ মাজত, যিসকলৰ ঈশ্বৰ যিহোৱাক বিচাৰিবৰ মন আছিল, তেওঁলোকে লেবীয়াসকলৰ অনুগামী হৈ তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ যিৰূচালেমলৈ আহিল।
17 是のごとく彼等ユダの國を固うしソロモンの子レハベアムをして三年の間強からしめたり即ち民は三年の間ダビデとソロモンの道に歩めり
১৭এইদৰে তেওঁলোকে তিনি বছৰলৈকে যিহূদাৰ ৰাজ্য শক্তিশালী কৰিলে আৰু চলোমনৰ পুত্ৰ ৰহবিয়ামক সবল কৰিলে - কিয়নো তিনি বছৰলৈকে তেওঁলোকে দায়ুদ আৰু চলোমনৰ পথত চলিছিল।
18 レハベアムはダビデの子ヱレモテの女マハラテを妻に娶れりマハラテはヱッサイの子エリアブの女アビハイルの產し者なり
১৮ৰহবিয়ামে দায়ূদৰ পুত্ৰ যিৰিমোতৰ জীয়েক মহলতক বিয়া কৰিলে। যিচয়ৰ পুত্ৰ ইলীয়াবৰ জীয়েক অবিহয়িল তাইৰ মাক আছিল।
19 彼ヱウシ、シヤマリヤおよびザハムの三子を產む
১৯সেই মহিলা মহলতে যিয়ুচ, চমৰিয়া আৰু জহম, এইকেইজন পুত্ৰ তেওঁলৈ প্ৰসৱ কৰিলে।
20 また之が後にアブサロムの女マアカを娶れり彼アビヤ、アツタイ、ジザおよびシロミテを產む
২০মহলতৰ পাছত তেওঁ অবচালোমৰ জীয়েক মাখাক বিয়া কৰিলে; এই মহিলা মাথাই তেওঁলৈ অবিয়া, অত্তয়, জীজা আৰু চলোমীতক প্ৰসৱ কৰিলে।
21 レハベアムはアブサロムの女マアカをその一切の妻と妾とにまさりて愛せり彼は妻十八人妾六十人を取り男子二十八人女子六十人を擧く
২১ৰহবিয়ামে তেওঁৰ সকলো পত্নী আৰু উপপত্নীৰ মাজত অবচালোমৰ জীয়েক মাখাক সকলোতকৈ ভাল পাইছিল কিয়নো তেওঁৰ ওঠৰ গৰাকী পত্নী আৰু ষাঠী গৰাকী উপপত্নী গ্ৰহণ কৰিছিল; আৰু আঠাইশজন পুতেক আৰু ষাঠিজন জীয়েকৰ পিতৃ হৈছিল৷
22 レハベアム、マアカの子アビヤを王となさんと思ふが故に之を立て首となしその兄弟の長となせり
২২পাছত ৰহবিয়ামে মাখাৰ পুত্ৰ অবিয়াক প্ৰধান অৰ্থাৎ নিজৰ ভাইসকলৰ মাজত অধ্যক্ষ পাতিলে; কিয়নো তেওঁক ৰজা পাতিবলৈ তেওঁ মন কৰিছিল।
23 斯るが故に慧く取行ひ其男子等を盡くユダとベニヤミンの地なる守衛の邑々に散し置き之に糧食を多く與へかつ衆多の妻を求得させたり
২৩ৰহবিয়ামে জ্ঞানেৰে ৰাজত্ৱ কৰিলে; যিহূদা আৰু বিন্যামীন দেশৰ সকলোফালে, তেওঁৰ সকলো পুত্ৰসকলক, গড়েৰে আবৃত থকা প্ৰত্যেক নগৰত বেলেগ বেলেগকৈ নিযুক্ত কৰিলে; আৰু তেওঁলোকক অধিক খোৱা বস্তু দিলে আৰু তেওঁলোকৰ বাবে অনেক পত্নী বিচাৰি দিলে৷

< 歴代誌Ⅱ 11 >