< איוב 7 >

הלא-צבא לאנוש על- (עלי-) ארץ וכימי שכיר ימיו 1
পৃথিৱী জানো মানুহৰ ৰণ-ভুমি নহয়? তাৰ দিনবোৰ জানো বেচ খাই বন কৰা লোকৰ দিনৰ নিচিনা নহয়?
כעבד ישאף-צל וכשכיר יקוה פעלו 2
সন্ধিয়াৰ ছাঁলৈ হাবিয়াহ কৰা বন্দীৰ নিচিনাকৈ, আৰু নিজ বেচৰ বাবে অপেক্ষা কৰা চাকৰৰ নিচিনাকৈ,
כן הנחלתי לי ירחי-שוא ולילות עמל מנו-לי 3
অসাৰ মাহ কেইটা অধিকাৰ স্বৰূপে মোক ভোগ কৰোঁৱা হৈছে, আৰু ক্লেশৰ ৰাতি কেইটা মোলৈ নিৰূপিত আছে।
אם-שכבתי-- ואמרתי מתי אקום ומדד-ערב ושבעתי נדדים עדי-נשף 4
শোওঁতে মই কওঁ, মই কেতিয়া উঠিম? ৰাতি বৰ দীঘল; মই প্ৰভাতলৈকে চটফট কৰি আমনি পাওঁ।
לבש בשרי רמה וגיש (וגוש) עפר עורי רגע וימאס 5
পোক আৰু মাটিৰ দলিয়েই মোৰ গা ঢকা বস্ত্ৰস্বৰূপ; মোৰ গাৰ ঘাঁবোৰ শুকনিমুৱা হয় আৰু পুনৰ পকে আৰু নতুন হয়।
ימי קלו מני-ארג ויכלו באפס תקוה 6
মোৰ আয়ুস তাঁতীৰ হাতৰ মাকোতকৈয়ো বেগী, আৰু বিনা আশাৰে ঢুকায় যায়।
זכר כי-רוח חיי לא-תשוב עיני לראות טוב 7
তুমি ভাবি চোৱা, মোৰ প্ৰাণ নিশ্বাসমাত্ৰ; মোৰ চকুৱে মঙ্গল আৰু দেখিবলৈ নাপাব।
לא-תשורני עין ראי עיניך בי ואינני 8
মোক দৰ্শন কৰোঁতাৰ চকুৱে মোক পুনৰ নেদেখিব। তুমি নিজ চকুৰে মোক চাবা, কিন্তু মই নাইকিয়া হম।
כלה ענן וילך כן יורד שאול לא יעלה (Sheol h7585) 9
মেঘ যেনেকৈ কমি কমি নাইকিয়া হয়, সেইদৰে চিয়োললৈ নামি যোৱা লোক নুঠিব। (Sheol h7585)
לא-ישוב עוד לביתו ולא-יכירנו עוד מקמו 10
১০তেওঁ নিজৰ ঘৰলৈ পুনৰ উলটি নাহিব, আৰু তাৰ নিবাসৰ ঠায়ে তাক পুনৰ চিনি নাপাব।
גם-אני לא אחשך-פי אדברה בצר רוחי אשיחה במר נפשי 11
১১এই হেতুকে মই মুখ জপাই নাথাকিম; মই মনৰ সন্তাপত কথা কম আৰু হৃদয়ৰ বেজাৰত দুখৰ কথা কৈ থাকিম;
הים-אני אם-תנין כי-תשים עלי משמר 12
১২তুমি যে মোৰ ওপৰত পৰীয়া ৰাখা, মই জানো সাগৰ, বা সাগৰৰ বৃহৎ জন্তু?
כי-אמרתי תנחמני ערשי ישא בשיחי משכבי 13
১৩মই যেতিয়া কওঁ, যে, ‘মোৰ বিচনাই মোক শান্তনা কৰিব, মোৰ শয্যাই মোক দুখ-সহন কৰিবলৈ সহায় কৰিব’,
וחתתני בחלמות ומחזינות תבעתני 14
১৪তেতিয়া তুমি নানা সপোনেৰে মোক ভয় লগোৱা, আৰু দৰ্শনেৰে মোক ত্ৰাসযুক্ত কৰা;
ותבחר מחנק נפשי מות מעצמותי 15
১৫তেতিয়া মোৰ প্ৰাণে উশাহ লোৱা বন্ধ কৰি দিবলৈ বাঞ্ছা কৰে, আৰু মোৰ এই হাড় কেইডালতকৈ মৃত্যুকে ইচ্ছা কৰে।
מאסתי לא-לעלם אחיה חדל ממני כי-הבל ימי 16
১৬জীৱনক মোৰ ঘিণ লাগিছে, মই সদায় জীয়াই থাকিব নোখোজোঁ; জীৱনৰ অৰ্থহীন দিনকেইটা মোক অকলশৰে থাকিবলৈ দিয়া।
מה-אנוש כי תגדלנו וכי-תשית אליו לבך 17
১৭মানুহনো কি, তুমি যে তালৈ লক্ষ্য কৰা, আৰু তাত যে তুমি মন দিয়া,
ותפקדנו לבקרים לרגעים תבחננו 18
১৮তুমি যে প্ৰতিটো ৰাতিপুৱা তাৰ বুজ-বিচাৰ লোৱা, আৰু নিমিষে নিমিষে তাক পৰীক্ষা কৰা, সি নো কি?
כמה לא-תשעה ממני לא-תרפני עד-בלעי רקי 19
১৯তুমিনো মোৰ পৰা চকু নাতৰোৱাকৈ কিমান কাল থাকিবা? বা মই সেপ ঢোকা পৰ মানো মোক নেৰিবা নে?
חטאתי מה אפעל לך-- נצר האדם למה שמתני למפגע לך ואהיה עלי למשא 20
২০হে মনুষ্যলৈ চকু দিওঁতা জনা, যদি মই পাপ কৰিলোঁ, তেন্তে মোৰ কাৰ্যৰ দ্বাৰাই তোমাৰ কি হানি হ’ল? কিয় তুমি মোক লক্ষ্যৰূপে গঢ়িলা, কিয়নো মই তোমালৈ বোজাস্বৰূপ হৈছোঁ?
ומה לא-תשא פשעי-- ותעביר את-עוני כי-עתה לעפר אשכב ושחרתני ואינני 21
২১তুমি মোৰ পাপ কিয় ক্ষমা নকৰা? আৰু মোৰ অপৰাধ তুমি কিয় দূৰ নকৰা? কিয়নো মই এতিয়া ধুলিতে শয়ন কৰিছোঁ; ইয়াতে তুমি মোক ভালকৈ বিচাৰিবা, কিন্তু মই ইয়াত বিদ্যমান হৈ নাথাকিম।”

< איוב 7 >