< 历代志下 6 >

1 那时,所罗门说: 耶和华曾说他必住在幽暗之处。
তেতিয়া চলোমনে ক’লে, “যিহোৱাই ঘোৰ অন্ধকাৰত বাস কৰিব খুজিছে,
2 但我已经建造殿宇作你的居所, 为你永远的住处。
কিন্তু মই আপোনাৰ বাবে চিৰকাললৈকে বাস কৰিবলৈ এটা গৃহ নিৰ্ম্মাণ কৰিলোঁ৷”
3 王转脸为以色列会众祝福,以色列会众就都站立。
তাৰ পাছত ৰজাই ঘূৰিলে আৰু ইস্ৰায়েলৰ গোট খোৱা সমাজক আশীৰ্ব্বাদ কৰিলে, তাতে ইস্ৰায়েলৰ সমাজত সকলোৱে থিয় হৈ আছিল।
4 所罗门说:“耶和华—以色列的 神是应当称颂的!因他亲口向我父大卫所应许的,也亲手成就了。
তেওঁ ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ধন্য হওঁক; যি জনে মোৰ পিতৃ দায়ূদক নিজ মুখেৰে যি কথা কৈছিল, সেয়া তেওঁ নিজ হাতে সিদ্ধও কৰিছিল; তেওঁ কৈছিল যে,
5 他说:‘自从我领我民出埃及地以来,我未曾在以色列众支派中选择一城建造殿宇为我名的居所,也未曾拣选一人作我民以色列的君;
‘মোৰ প্ৰজা ইস্ৰায়েলক মিচৰ দেশৰ পৰা উলিয়াই অনা দিনৰে পৰা, মই মোৰ নাম ৰাখিবৰ অৰ্থে গৃহ নিৰ্ম্মাণ কৰিবলৈ ইস্ৰায়েলৰ সকলো ফৈদৰ মাজত কোনো নগৰ মনোনীত কৰা নাই আৰু ইস্ৰায়েলৰ ওপৰত ৰাজকুমাৰ হ’বৰ কাৰণে মই কাকো মনোনীত কৰা নাই৷
6 但选择耶路撒冷为我名的居所,又拣选大卫治理我民以色列。’”
কিন্তু মোৰ নাম ৰাখিবৰ অৰ্থে মই যিৰূচালেমক মনোনীত কৰিলোঁ আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত অধ্যক্ষ হ’বৰ বাবে দায়ূদক মনোনীত কৰিলোঁ।’
7 所罗门说:“我父大卫曾立意要为耶和华—以色列 神的名建殿,
আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে এটা গৃহ নিৰ্ম্মাণ কৰিবলৈ মোৰ পিতৃ দায়ূদৰ মন আছিল।
8 耶和华却对我父大卫说:‘你立意要为我的名建殿,这意思甚好;
কিন্তু যিহোৱাই মোৰ পিতৃ দায়ূদক ক’লে, ‘মোৰ নামৰ উদ্দেশ্যে এটা গৃহ নিৰ্ম্মাণ কৰিবলৈ মন কৰিছা, ভাল কৰিছা৷
9 只是你不可建殿,惟你所生的儿子必为我名建殿。’
তথাপি তুমি সেই গৃহ নিৰ্ম্মাণ কৰিবলৈ নাপাবা, কিন্তু তোমাৰ ঔৰসত যি পুত্ৰ জন্মিব, তেৱেঁই মোৰ নামৰ উদ্দেশ্যে সেই গৃহ নিৰ্ম্মাণ কৰিব।’
10 “现在耶和华成就了他所应许的话,使我接续我父大卫坐以色列的国位,是照耶和华所说的,又为耶和华—以色列 神的名建造了殿。
১০এই বাক্য যিহোৱাই কৈছিল আৰু তেওঁ সফলো কৰিলে; কিয়নো যিহোৱাৰ প্ৰতিজ্ঞা অনুসাৰে মই মোৰ পিতৃ দায়ূদৰ পদত নিযুক্ত হলোঁ আৰু ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহি, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে এই গৃহ নিৰ্ম্মাণ কৰিলোঁ।
11 我将约柜安置在其中,柜内有耶和华的约,就是他与以色列人所立的约。”
১১আৰু যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ সৈতে যি নিয়ম কৰিছিল, সেই নিয়ম থকা নিয়ম-চন্দুকটিও ইয়াৰ ভিতৰত ৰাখিলোঁ।”
12 所罗门当着以色列会众,站在耶和华的坛前,举起手来,
১২পাছত চলোমনে ইস্ৰায়েলৰ গোটেই সমাজৰ সাক্ষাতে যিহোৱাৰ যজ্ঞবেদীৰ আগত থিয় হ’ল আৰু তেওঁ হাত দুখন মেলিলে৷
13 (所罗门曾造一个铜台,长五肘,宽五肘,高三肘,放在院中)就站在台上,当着以色列的会众跪下,向天举手,
১৩কিয়নো চলোমনে পাঁচ হাত দীঘল, পাঁচ হাত বহল আৰু তিনি হাত ওখ এনে এখন পিতলৰ মঞ্চ সাজিছিল আৰু সেই মঞ্চটো চোতালৰ মাজ-মজিয়াত ৰাখিছিল৷ তেওঁ তাৰ ওপৰত উঠি থিয় হ’ল আৰু ইস্ৰায়েলৰ সকলো মণ্ডলীৰ সাক্ষাতত আঠুকাঢ়ি স্বৰ্গৰ ফালে হাত মেলিলে।
14 说:“耶和华—以色列的 神啊,天上地下没有神可比你的!你向那尽心行在你面前的仆人守约施慈爱;
১৪তেওঁ ক’লে, “হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, স্বৰ্গ আৰু পৃথিৱীত আপোনাৰ তুল্য কোনো ঈশ্বৰ নাই; সকলো হৃদয়েৰে আপোনাৰ আগত আচৰণ কৰোঁতা আপোনাৰ দাসবোৰৰ বাবে আপুনি দয়া আৰু নিয়ম ৰক্ষা কৰোঁতা;
15 向你仆人—我父大卫所应许的话现在应验了。你亲口应许,亲手成就,正如今日一样。
১৫আপোনাৰ দাস, মোৰ পিতৃ দায়ূদৰ আগত আপুনি যি প্ৰতিজ্ঞা কৰিছিল, সেই বিষয়ে আপুনি পালন কৰিলে৷ আপুনি নিজ মুখেৰে যেনেদৰে কৈছিল, তেনেদৰে নিজ হাতেৰে তাক সিদ্ধও কৰিলে।
16 耶和华—以色列的 神啊,你所应许你仆人—我父大卫的话说:‘你的子孙若谨慎自己的行为,遵守我的律法,像你在我面前所行的一样,就不断人坐以色列的国位。’现在求你应验这话。
১৬এই হেতুকে এতিয়া, হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, আপোনাৰ দাস মোৰ পিতৃ দায়ূদৰ আগত যি প্ৰতিজ্ঞা কৰিছিল, সেই বিষয়ে আপোনাৰ এই দাসলৈ পালন কৰক কিয়নো আপুনি কৈছিল বোলে, ‘তুমি মোৰ আগত যেনেকৈ চলিলা, তেনেদৰে তোমাৰ সন্তান সকলেও যদি এইদৰে মোৰ ব্যৱস্থাত চলিবলৈ নিজ নিজ পথত সাৱধান হৈ থাকে, তেনেহ’লে মোৰ দৃষ্টিত ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহিবলৈ তোমাৰ সম্বন্ধীয়া মানুহৰ অভাৱ নহ’ব৷’
17 耶和华—以色列的 神啊,求你成就向你仆人大卫所应许的话。
১৭এই হেতুকে এতিয়া, হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা মই বিনয় কৰোঁ, আপোনাৰ দাস দায়ূদক আপুনি যি বাক্য কৈছিল, সেয়ে যেন সত্যত পৰিনত হয়।
18 “神果真与世人同住在地上吗?看哪,天和天上的天尚且不足你居住的,何况我所建的这殿呢?
১৮কিন্তু বাস্তৱিকতে ঈশ্বৰে পৃথিৱীত মনুষ্যৰ লগত বাস কৰিব নে? চাওঁক বিশ্ৱব্ৰহ্মাণ্ড আৰু স্বৰ্গই নিজেও আপোনাক ধাৰণ কৰিব নোৱাৰে- তেন্তে মই নিৰ্ম্মাণ কৰা গৃহই জানো পাৰিব?
19 惟求耶和华—我的 神垂顾仆人的祷告祈求,俯听仆人在你面前的祈祷呼吁。
১৯তথাপি, হে মোৰ ঈশ্বৰ যিহোৱা, আপুনি আপোনাৰ দাসৰ প্ৰাৰ্থনা আৰু অনুৰোধ গ্ৰহণ কৰি আপোনাৰ দাসে আপোনাৰ আগত কৰা কাতৰোক্তি আৰু প্ৰাৰ্থনালৈ কাণ দিয়ক।
20 愿你昼夜看顾这殿,就是你应许立为你名的居所;求你垂听仆人向此处祷告的话。
২০আৰু এই মন্দিৰ সদায় ৰক্ষা কৰক, যি ঠাইত আপুনি কৈছিল, যে মই আপোনাৰ দাসে নিবেদন কৰোঁতে আপুনি নিজেই ইয়াত উপস্থিত থাকি মোৰ নিবেদন শুনিব৷
21 你仆人和你民以色列向此处祈祷的时候,求你从天上你的居所垂听,垂听而赦免。
২১আৰু যেতিয়া আপোনাৰ দাস ও আপোনাৰ প্ৰজা ইস্ৰায়েলে এই ঠাইৰ ফাললৈ মুখ কৰি প্ৰাৰ্থনা কৰিব, তেতিয়া আপুনি তেওঁলোকৰ প্ৰার্থনা যেন শুনে; এনে কি, আপুনি আপোনাৰ বাসস্থান স্বৰ্গৰ পৰা তাক শুনক আৰু শুনি ক্ষমা কৰক।
22 “人若得罪邻舍,有人叫他起誓,他来到这殿,在你的坛前起誓,
২২কোনোৱে নিজৰ চুবুৰীয়াৰ অহিতে পাপ কৰিলে যদি তেওঁক শপত খাবলৈ দিয়া হয় আৰু তেওঁ আহি এই গৃহত আপোনাৰ যজ্ঞবেদীৰ আগত শপত খায়,
23 求你从天上垂听,判断你的仆人,定恶人有罪,照他所行的报应在他头上;定义人有理,照他的义赏赐他。
২৩তেতিয়া আপুনি স্বৰ্গৰ পৰা সেই বিষয়ে শুনক আৰু কাৰ্য কৰি আপোনাৰ দাসবোৰৰ বিচাৰ নিষ্পত্তি কৰি দোষীক দণ্ড দি তেওঁৰ কৰ্মৰ ফল তেওঁৰ মুৰত দিয়ক আৰু নিৰ্দ্দোষীক নিৰ্দ্দোষী কৰি তেওঁৰ ধাৰ্মিকতাৰ ফল তেওঁক দিয়ক।
24 “你的民以色列若得罪你,败在仇敌面前,又回心转意承认你的名,在这殿里向你祈求祷告,
২৪যদি আপোনাৰ প্ৰজা ইস্ৰায়েলে আপোনাৰ বিৰুদ্ধে পাপ কৰাৰ কাৰণে শত্ৰুৰ আগত ঘটাৰ পাছত যদি আপোনালৈ ঘূৰে আৰু আপোনাৰ নাম স্বীকাৰ কৰি, এই গৃহত আপোনাৰ আগত প্ৰাৰ্থনা আৰু অনুৰোধ কৰে -
25 求你从天上垂听,赦免你民以色列的罪,使他们归回你赐给他们和他们列祖之地。
২৫তেনেহ’লে স্বৰ্গৰ পৰা তাক শুনি আপোনাৰ প্ৰজা ইস্ৰায়েলৰ পাপ ক্ষমা কৰিব আৰু আপুনি তেওঁলোকক ও তেওঁলোকৰ পূৰ্ব-পুৰুষসকলক দিয়া দেশলৈ তেওঁলোকক ওভটাই আনিব।
26 “你的民因得罪你,你惩罚他们,使天闭塞不下雨,他们若向此处祷告,承认你的名,离开他们的罪,
২৬তেওঁলোকে আপোনাৰ অহিতে পাপ কৰাৰ কাৰণে, যেতিয়া আকাশ বন্ধ হোৱাত বৰষুণ নোহোৱা হ’ব, তেতিয়া যদি তেওঁলোকে এই ঠাইৰ ফাললৈ মুখ কৰি প্ৰাৰ্থনা কৰে আৰু যেতিয়া আপুনি তেওঁলোকক দুখ দিয়া সময়ত আপোনাৰ নাম স্বীকাৰ কৰি নিজ নিজ পাপৰ পৰা ঘূৰিব-
27 求你在天上垂听,赦免你仆人和你民以色列的罪,将当行的善道指教他们,且降雨在你的地,就是你赐给你民为业之地。
২৭তেনেহ’লে আপুনি স্বৰ্গত থাকি সেই বিষয়ে শুনিব আৰু আপোনাৰ দাসবোৰৰ ও আপোনাৰ প্ৰজা ইস্ৰায়েলৰ পাপ ক্ষমা কৰি তেওঁলোকক যাবলগীয়া সজ পথৰ বিষয়ে তেওঁলোকক শিক্ষা দিব আৰু আপুনি আপোনাৰ লোকসকলৰ উত্তৰাধিকাৰৰ অৰ্থে দিয়া দেশত বৰষুণ বৰষাব।
28 “国中若有饥荒、瘟疫、旱风、霉烂、蝗虫、蚂蚱,或有仇敌犯境,围困城邑,无论遭遇什么灾祸疾病,
২৮দেশৰ মাজত যদি আকাল কি মহামাৰী হয়, শস্য ককৰ্ত্তনীয়া কি ৰঙামুৰীয়া হয় নাইবা ফৰিং কি পোক হয়, আৰু যদি তেওঁলোকৰ শত্ৰুবোৰে তেওঁলোকৰ দেশৰ নগৰবোৰত তেওঁলোকক অৱৰোধ কৰে বা যিকোনো আপদ বা ৰোগ হয় -
29 你的民以色列,或是众人,或是一人,自觉灾祸甚苦,向这殿举手,无论祈求什么,祷告什么,
২৯আৰু যদি কোনো এজন লোকে বা আপোনাৰ প্ৰজা ইস্ৰায়েলৰ লোকসকলে প্ৰাৰ্থনা আৰু অনুৰোধ কৰে - যদি প্ৰতিজনে নিজৰ পীড়া আৰু দুখ জানি এই গৃহৰ ফালে নিজৰ হাত মেলে,
30 求你从天上你的居所垂听赦免。你是知道人心的,要照各人所行的待他们(惟有你知道世人的心),
৩০তেনেহ’লে সেই বিষয়ে কৰা যি কোনো প্ৰাৰ্থনা বা অনুৰোধ আপুনি আপোনাৰ বাসস্থান স্বৰ্গৰ পৰা সেই বিষয়ে শুনি ক্ষমা কৰিব আৰু প্ৰতিজন লোকৰ মন জানি, কিয়নো আপুনি, কেৱল আপুনিহে মনুষ্য সন্তান সকলৰ মন জানে; তেওঁলোকৰ নিজ নিজ কৰ্মৰ দৰে ফল দিব৷
31 使他们在你赐给我们列祖之地上一生一世敬畏你,遵行你的道。
৩১আপুনি এনেদৰে কৰক যাতে তেওঁলোকে আপোনালৈ ভয় ৰাখে আৰু আপুনি অামাৰ পূর্ব-পুৰুষসকলক দিয়া দেশত তেওঁলোকে যেন জীয়াই থকা সকলো দিনত আপোনাৰ পথত চলে৷
32 “论到不属你民以色列的外邦人,为你的大名和大能的手,并伸出来的膀臂,从远方而来,向这殿祷告,
৩২তদুপৰি আপোনাৰ প্ৰজা ইস্ৰায়েল লোকৰ মাজৰ নোহোৱা অনা-ইহুদী লোক যেতিয়া আপোনাৰ মহান নামৰ আৰু আপোনাৰ বলৱান হাত ও মেলা বাহুৰ কথা শুনি দূৰ দেশৰ পৰা আহি এই গৃহৰ ফালে মুখ কৰি প্ৰাৰ্থনা কৰিব,
33 求你从天上你的居所垂听,照着外邦人所祈求的而行,使天下万民都认识你的名,敬畏你,像你的民以色列一样,又使他们知道我建造的这殿是称为你名下的。
৩৩তেতিয়া আপোনাৰ প্ৰজা ইস্ৰায়েলৰ দৰে আপোনাক ভয় কৰিবৰ অৰ্থে, পৃথিৱীৰ সকলো জাতিয়ে যেন আপোনাৰ নাম জানিব আৰু মই সজা এই গৃহ যে আপোনাৰ নামেৰে প্ৰখ্যাত, সেই বিষয়ে যেন জানিব, এই কাৰণে আপোনাৰ বাসস্থান স্বৰ্গৰ পৰা সেই বিষয়ে শুনিব আৰু সেই বিদেশী লোকে আপোনালৈ কৰা সকলো প্ৰাৰ্থনাৰ দৰে তেওঁলৈ কাৰ্য কৰিব।
34 “你的民若奉你的差遣,无论往何处去与仇敌争战,向你所选择的城与我为你名所建造的殿祷告,
৩৪ধৰি লওঁক আপুনি আপোনাৰ প্ৰজাক যি কোনো বাটেদি পঠিয়াই, সেই বাটেদি যদি তেওঁলোকে নিজৰ শত্ৰুবোৰে সৈতে যুদ্ধ কৰিবলৈ ওলায় যায় আৰু আপোনাৰ মনোনীত এই নগৰৰ ফাললৈ, আপোনাৰ নামৰ কাৰণে মই সজা গৃহৰ ফাললৈ মুখ কৰি আপোনাৰ আগত প্ৰাৰ্থনা কৰে,
35 求你从天上垂听他们的祷告祈求,使他们得胜。
৩৫তেনেহ’লে আপুনি স্বৰ্গৰ পৰা তেওঁলোকৰ প্ৰাৰ্থনা আৰু অনুৰোধ শুনি তেওঁলোকৰ বিচাৰ নিষ্পত্তি কৰিব।
36 “你的民若得罪你(世上没有不犯罪的人),你向他们发怒,将他们交给仇敌掳到或远或近之地;
৩৬তেওঁলোকে যদি আপোনাৰ বিৰুদ্ধে পাপ কৰে - কিয়নো পাপ নকৰা মানুহ কোনো নাই - আৰু আপুনি তেওঁলোকলৈ ক্ৰুদ্ধ হৈ তেওঁলোকক শত্ৰুৰ হাতত শোধাই দিয়ে আৰু তাতে তেওঁলোকৰ শত্ৰুবোৰে তেওঁলোকক বন্দী কৰি, দূৰত বা ওচৰত থকা দেশলৈ লৈ যায়,
37 他们若在掳到之地想起罪来,回心转意,恳求你说:‘我们有罪了,我们悖逆了,我们作恶了’;
৩৭তথাপি তেওঁলোকক বন্দী কৰি নিয়া দেশত যদি তেওঁলোকে মনত বিবেচনা কৰি ঘূৰে আৰু তেওঁলোকৰ বন্দী অৱস্থাৰ দেশত থাকি আপোনাৰ আগত প্ৰাৰ্থনা কৰি কয়, বোলে- ‘আমি অপথে গৈ পাপ কৰিলোঁ৷ আমি কুকৰ্ম কৰিলোঁ৷’
38 他们若在掳到之地尽心尽性归服你,又向自己的地,就是你赐给他们列祖之地和你所选择的城,并我为你名所建造的殿祷告,
৩৮ধৰি লওঁক তেওঁলোকৰ বন্দী অৱস্থাৰ দেশত তেওঁলোক সকলো মনেৰে, সকলো চিত্তেৰে আপোনালৈ উভটি আহে আৰু তেওঁলোকৰ পূর্ব-পুৰুষসকলক আপুনি দিয়া তেওঁলোকৰ দেশৰ ফালে চায়, আপোনাৰ মনোনীত নগৰৰ ফালে আৰু আপোনাৰ নামৰ কাৰণে, মই নিৰ্মান কৰা এই গৃহৰ ফালে যদি মুখ কৰি প্ৰাৰ্থনা কৰে,
39 求你从天上你的居所垂听你民的祷告祈求,为他们伸冤,赦免他们的过犯。
৩৯তেতিয়া আপুনি আপোনাৰ বাসস্থান স্বৰ্গৰ পৰা তেওঁলোকৰ প্ৰাৰ্থনা আৰু অনুৰোধ শুনি, তেওঁলোকৰ বিচাৰ নিষ্পত্তি কৰিব আৰু আপোনাৰ বিৰুদ্ধে পাপ কৰা আপোনাৰ প্ৰজাসকলক ক্ষমা কৰিব।
40 “我的 神啊,现在求你睁眼看,侧耳听在此处所献的祷告。
৪০এতিয়া, হে মোৰ ঈশ্বৰ, মই বিনয় কৰোঁ, এই ঠাইত কৰা প্ৰাৰ্থনালৈ আপোনাৰ চকু মেলা আৰু কাণো পতা হওঁক।
41 耶和华 神啊,求你起来, 和你有能力的约柜同入安息之所。 耶和华 神啊,愿你的祭司披上救恩; 愿你的圣民蒙福欢乐。
৪১হে ঈশ্বৰ যিহোৱা, এতিয়া আপুনি আৰু আপোনাৰ শক্তিৰ চন্দুকটি নিজ বিশ্ৰামৰ ঠাইলৈ উঠি যাওঁক; হে ঈশ্বৰ যিহোৱা, আপোনাৰ পুৰোহিতসকলে পৰিত্ৰাণ-বস্ত্ৰ পিন্ধক আৰু আপোনাৰ সাধুসকলে মঙ্গলত আনন্দ কৰক।
42 耶和华 神啊,求你不要厌弃你的受膏者, 要记念向你仆人大卫所施的慈爱。”
৪২হে ঈশ্বৰ যিহোৱা, আপুনি আপোনাৰ অভিষিক্ত জনক বিমুখ নকৰিব৷ আপোনাৰ দাস দায়ূদলৈ কৰা নানা দয়ালৈ সোঁৱৰণ কৰক।”

< 历代志下 6 >