< ৰোমীয়া 2 >

1 হে লোকৰ সোধ-বিচাৰ কৰা মানুহ, এই কাৰণে অাপোনালোকক ক্ষমা কৰা নহব, কিয়নো যি কথাত আপোনালোকে লোকৰ সোধ-বিচাৰ কৰে, সেই কথাতে নিজক দোষী কৰি আছে; কাৰণ লোকৰ বিচাৰ কৰা যি আপোনালোক, আপোনালোকে নিজেও সেই একে আচৰণ কৰি আছে।
হে পরদূষক মনুষ্য যঃ কশ্চন ৎৱং ভৱসি তৱোত্তরদানায পন্থা নাস্তি যতো যস্মাৎ কর্ম্মণঃ পরস্ত্ৱযা দূষ্যতে তস্মাৎ ৎৱমপি দূষ্যসে, যতস্তং দূষযন্নপি ৎৱং তদ্ৱদ্ আচরসি|
2 আৰু এনে আচৰণ কৰা সকলৰ বিৰুদ্ধে ঈশ্বৰৰ দণ্ডাজ্ঞা যে সত্যৰ দৰে হয়, ইয়াক আমি জানো।
কিন্ত্ৱেতাদৃগাচারিভ্যো যং দণ্ডম্ ঈশ্ৱরো নিশ্চিনোতি স যথার্থ ইতি ৱযং জানীমঃ|
3 কিন্তু বিবেচনা কৰকচোন, আপোনালোক যি সকলে এনে আচৰণ কৰা সকলৰ বিচাৰ কৰি আছে, তাতে নিজেও একে কৰ্ম কৰি, ঈশ্বৰৰ দণ্ডাজ্ঞাৰ পৰা সাৰিম বুলি ভাবিছে নে?
অতএৱ হে মানুষ ৎৱং যাদৃগাচারিণো দূষযসি স্ৱযং যদি তাদৃগাচরসি তর্হি ৎৱম্ ঈশ্ৱরদণ্ডাৎ পলাযিতুং শক্ষ্যসীতি কিং বুধ্যসে?
4 নে আপুনি তেওঁৰ স্নেহশীল অনুগ্ৰহ, ধৈৰ্য আৰু চিৰসহিষ্ণুতাৰূপ ধন হেয়জ্ঞান কৰিছে? যি ঈশ্বৰৰ অনুগ্ৰহে আপোনাক মন-পালটন কৰাৰ পথত লৈ যায়, সেই বিষয়ে আপুনি নাজানে নে?
অপরং তৱ মনসঃ পরিৱর্ত্তনং কর্ত্তুম্ ইশ্ৱরস্যানুগ্রহো ভৱতি তন্ন বুদ্ধ্ৱা ৎৱং কিং তদীযানুগ্রহক্ষমাচিরসহিষ্ণুৎৱনিধিং তুচ্ছীকরোষি?
5 কিন্তু আপোনাৰ কঠিনতা আৰু খেদহীন হৃদয়ে, ন্যায়ৱান ঈশ্বৰৰ সোধ-বিচাৰ প্ৰকাশ হোৱা ক্ৰোধৰ সেই দিনলৈ নিজৰ বাবে ক্ৰোধ সাঁচিছে।
তথা স্ৱান্তঃকরণস্য কঠোরৎৱাৎ খেদরাহিত্যাচ্চেশ্ৱরস্য ন্যায্যৱিচারপ্রকাশনস্য ক্রোধস্য চ দিনং যাৱৎ কিং স্ৱার্থং কোপং সঞ্চিনোষি?
6 তেওঁ প্ৰতিজনক নিজ নিজ কৰ্ম অনুসাৰে প্ৰতিফল দিব;
কিন্তু স একৈকমনুজায তৎকর্ম্মানুসারেণ প্রতিফলং দাস্যতি;
7 যি সকলে সৎকৰ্মত ধৈৰ্য ধৰি মহিমা, সন্মান আৰু অক্ষয়তা বিচাৰে, তেওঁলোকক অনন্ত জীৱন দিব৷ (aiōnios g166)
ৱস্তুতস্তু যে জনা ধৈর্য্যং ধৃৎৱা সৎকর্ম্ম কুর্ৱ্ৱন্তো মহিমা সৎকারোঽমরৎৱঞ্চৈতানি মৃগযন্তে তেভ্যোঽনন্তাযু র্দাস্যতি| (aiōnios g166)
8 কিন্তু বিৰোধী লোক সকললৈ আৰু সত্যক অমান্য কৰি অধাৰ্মিকতাক মান্য কৰা সকললৈ ক্ৰোধ আৰু কোপ হ’ব;
অপরং যে জনাঃ সত্যধর্ম্মম্ অগৃহীৎৱা ৱিপরীতধর্ম্মম্ গৃহ্লন্তি তাদৃশা ৱিরোধিজনাঃ কোপং ক্রোধঞ্চ ভোক্ষ্যন্তে|
9 তাতে সকলো মানুহৰ প্ৰাণৰ, প্ৰথমতে ইহুদী, পাছত গ্ৰীকলোকৰো, তেনে কুকৰ্ম সাধন কৰা সকলোৰে, ক্লেশ আৰু সঙ্কট ঘটিব৷
আ যিহূদিনোঽন্যদেশিনঃ পর্য্যন্তং যাৱন্তঃ কুকর্ম্মকারিণঃ প্রাণিনঃ সন্তি তে সর্ৱ্ৱে দুঃখং যাতনাঞ্চ গমিষ্যন্তি;
10 ১০ কিন্তু প্ৰথমে ইহুদী, পাছত গ্ৰীক লোকলৈ সৎকৰ্ম সাধন কৰা সকলো লোকলৈ গৌৰৱ, মৰ্যদা, আৰু শান্তি হ’ব;
১০কিন্তু আ যিহূদিনো ভিন্নদেশিপর্য্যন্তা যাৱন্তঃ সৎকর্ম্মকারিণো লোকাঃ সন্তি তান্ প্রতি মহিমা সৎকারঃ শান্তিশ্চ ভৱিষ্যন্তি|
11 ১১ কিয়নো ঈশ্বৰৰ সৈতে কোনো পক্ষপাত নাই৷
১১ঈশ্ৱরস্য ৱিচারে পক্ষপাতো নাস্তি|
12 ১২ সেয়েহে বিধান নাজানি যি সকলে পাপ কৰিলে, সেই সকলোৰে বিধান অবিহনে বিনাশ হ’ব আৰু একেদৰে যি সকলে বিধান জানিও পাপ কৰিলে, তেওঁলোকৰ বিধানৰ দ্ৱাৰাই সোধ-বিচাৰ হ’ব।
১২অলব্ধৱ্যৱস্থাশাস্ত্রৈ র্যৈঃ পাপানি কৃতানি ৱ্যৱস্থাশাস্ত্রালব্ধৎৱানুরূপস্তেষাং ৱিনাশো ভৱিষ্যতি; কিন্তু লব্ধৱ্যৱস্থাশাস্ত্রা যে পাপান্যকুর্ৱ্ৱন্ ৱ্যৱস্থানুসারাদেৱ তেষাং ৱিচারো ভৱিষ্যতি|
13 ১৩ কিয়নো ঈশ্বৰৰ আগত বিধান শুনা সকল ধার্মিক নহয়, কিন্তু বিধান পালন কৰা সকলহে ধাৰ্মিক বুলি প্ৰমাণিত হ’ব;
১৩ৱ্যৱস্থাশ্রোতার ঈশ্ৱরস্য সমীপে নিষ্পাপা ভৱিষ্যন্তীতি নহি কিন্তু ৱ্যৱস্থাচারিণ এৱ সপুণ্যা ভৱিষ্যন্তি|
14 ১৪ কাৰণ যেতিয়া বিধানহীন অনা-ইহুদী সকলে স্বভাৱতে বিধানৰ কৰ্ম কৰে, তেতিয়া সেই বিধানহীন সকলৰ বিধান তেওঁলোকেই হয়।
১৪যতো ঽলব্ধৱ্যৱস্থাশাস্ত্রা ভিন্নদেশীযলোকা যদি স্ৱভাৱতো ৱ্যৱস্থানুরূপান্ আচারান্ কুর্ৱ্ৱন্তি তর্হ্যলব্ধশাস্ত্রাঃ সন্তোঽপি তে স্ৱেষাং ৱ্যৱস্থাশাস্ত্রমিৱ স্ৱযমেৱ ভৱন্তি|
15 ১৫ এনেদৰে তেওঁলোকে বিধানৰ যি প্ৰয়োজনীয় কৰ্ম নিজ নিজ হৃদয়ত লিখা থকা দেখুৱাইছে; আৰু তেওঁলোকৰ বিবেকেও সেই বিষয়ে সাক্ষ্য দি তেওঁলোকৰ মনৰ ভাৱেৰে নিজকে হয়তো অভিযুক্ত বা সমর্থন কৰে,
১৫তেষাং মনসি সাক্ষিস্ৱরূপে সতি তেষাং ৱিতর্কেষু চ কদা তান্ দোষিণঃ কদা ৱা নির্দোষান্ কৃতৱৎসু তে স্ৱান্তর্লিখিতস্য ৱ্যৱস্থাশাস্ত্রস্য প্রমাণং স্ৱযমেৱ দদতি|
16 ১৬ আৰু যিদিনা মোৰ শুভবাৰ্তাৰ দৰে ঈশ্বৰে খ্ৰীষ্ট যীচুৰ দ্বাৰাই লোক সকলৰ গুপুত বিষয়ৰ সোধ-বিচাৰ কৰিব, সেইদিনা এনে ঘটিব৷
১৬যস্মিন্ দিনে মযা প্রকাশিতস্য সুসংৱাদস্যানুসারাদ্ ঈশ্ৱরো যীশুখ্রীষ্টেন মানুষাণাম্ অন্তঃকরণানাং গূঢাভিপ্রাযান্ ধৃৎৱা ৱিচারযিষ্যতি তস্মিন্ ৱিচারদিনে তৎ প্রকাশিষ্যতে|
17 ১৭ আপুনি যদি নিজকে ইহুদী বুলি কয়, তেনেহলে বিধানত নিৰ্ভৰ কৰক আৰু ঈশ্বৰত আনন্দেৰে গৌৰৱ কৰক,
১৭পশ্য ৎৱং স্ৱযং যিহূদীতি ৱিখ্যাতো ৱ্যৱস্থোপরি ৱিশ্ৱাসং করোষি,
18 ১৮ আৰু বিধানৰ পৰা শিক্ষা পোৱাত, তেওঁৰ ইচ্ছা জানক আৰু সেই বিষয়ে পৃথক হ’লে সেইবোৰক পৰীক্ষা কৰক;
১৮ঈশ্ৱরমুদ্দিশ্য স্ৱং শ্লাঘসে, তথা ৱ্যৱস্থযা শিক্ষিতো ভূৎৱা তস্যাভিমতং জানাসি, সর্ৱ্ৱাসাং কথানাং সারং ৱিৱিংক্ষে,
19 ১৯ নিজকে অন্ধ সকলৰ পথদৰ্শক বুলি বিশ্ৱাস কৰি আন্ধাৰত থকা সকললৈ পোহৰ হওক,
১৯অপরং জ্ঞানস্য সত্যতাযাশ্চাকরস্ৱরূপং শাস্ত্রং মম সমীপে ৱিদ্যত অতো ঽন্ধলোকানাং মার্গদর্শযিতা
20 ২০ অজ্ঞানক জ্ঞান দিওঁতা, শিশু সকলৰ গুৰু আৰু বিধানত থকা সকলো জ্ঞান আৰু সত্যতাৰ বিষয়ে আপুনি জানক৷
২০তিমিরস্থিতলোকানাং মধ্যে দীপ্তিস্ৱরূপোঽজ্ঞানলোকেভ্যো জ্ঞানদাতা শিশূনাং শিক্ষযিতাহমেৱেতি মন্যসে|
21 ২১ তেনেহলে হে লোকক শিক্ষা দিওঁতা, অাপুনি নিজকে শিক্ষা নিদিয়ে নে? হে চুৰ নকৰিবলৈ ঘোষণা কৰা জন, আপুনি চুৰ নকৰে নে?
২১পরান্ শিক্ষযন্ স্ৱযং স্ৱং কিং ন শিক্ষযসি? ৱস্তুতশ্চৌর্য্যনিষেধৱ্যৱস্থাং প্রচারযন্ ৎৱং কিং স্ৱযমেৱ চোরযসি?
22 ২২ হে ব্যভিচাৰ নকৰিবলৈ কোৱা জন, আপুনি ব্যভিচাৰ নকৰে নে? হে মূৰ্তিপূজাবোৰক ঘিণ কৰা জন, মন্দিৰবোৰৰ পৰা আপুনি লুট নকৰে নে?
২২তথা পরদারগমনং প্রতিষেধন্ স্ৱযং কিং পরদারান্ গচ্ছসি? তথা ৎৱং স্ৱযং প্রতিমাদ্ৱেষী সন্ কিং মন্দিরস্য দ্রৱ্যাণি হরসি?
23 ২৩ হে বিধানত গৌৰৱ কৰা জন, আপুনি বিধান উলঙ্ঘন কৰি ঈশ্বৰৰ অসন্মান নকৰে নে?
২৩যস্ত্ৱং ৱ্যৱস্থাং শ্লাঘসে স ৎৱং কিং ৱ্যৱস্থাম্ অৱমত্য নেশ্ৱরং সম্মন্যসে?
24 ২৪ কিয়নো “ঈশ্বৰৰ নাম তোমালোকৰ কাৰণেই অনা-ইহুদী সকলৰ মাজত নিন্দিত হৈছে,” ঠিক এনেদৰে লিখাও আছে৷
২৪শাস্ত্রে যথা লিখতি "ভিন্নদেশিনাং সমীপে যুষ্মাকং দোষাদ্ ঈশ্ৱরস্য নাম্নো নিন্দা ভৱতি| "
25 ২৫ কাৰণ আপুনি যদি বিধান পালন কৰে, তেনেহলে প্ৰকৃততে আপোনাৰ চুন্নতৰ লাভ হয়; কিন্তু আপুনি যদি বিধান-উলঙ্ঘনকাৰী হয়, তেনেহলে আপুনি চুন্নৎ নোহোৱাৰ সমান হ’ল।
২৫যদি ৱ্যৱস্থাং পালযসি তর্হি তৱ ৎৱক্ছেদক্রিযা সফলা ভৱতি; যতি ৱ্যৱস্থাং লঙ্ঘসে তর্হি তৱ ৎৱক্ছেদোঽৎৱক্ছেদো ভৱিষ্যতি|
26 ২৬ এতেকে চুন্নৎ নোহোৱা জনে যদি বিধানৰ বিধিবোৰ পালন কৰে, তেনেহলে অচুন্নৎ জনো চুন্নৎ বুলি গণিত নহ’ব নে?
২৬যতো ৱ্যৱস্থাশাস্ত্রাদিষ্টধর্ম্মকর্ম্মাচারী পুমান্ অৎৱক্ছেদী সন্নপি কিং ৎৱক্ছেদিনাং মধ্যে ন গণযিষ্যতে?
27 ২৭ আৰু বিধান পালনকাৰী স্বাভাৱিক অচুন্নৎ জনে, চুন্নৎ হয়ো বিধান উলঙ্ঘন কৰা যি আপুনি, অাপোনাৰ সোধ-বিচাৰ শাস্ত্ৰ অনুসাৰে তেওঁ নকৰিব নে?
২৭কিন্তু লব্ধশাস্ত্রশ্ছিন্নৎৱক্ চ ৎৱং যদি ৱ্যৱস্থালঙ্ঘনং করোষি তর্হি ৱ্যৱস্থাপালকাঃ স্ৱাভাৱিকাচ্ছিন্নৎৱচো লোকাস্ত্ৱাং কিং ন দূষযিষ্যন্তি?
28 ২৮ কিয়নো মাত্ৰ বাহ্যিকভাৱে ইহুদী হলেই প্ৰকৃত ইহুদী হব নোৱাৰি আৰু মাংসত কৰা যি বাহিৰৰ চুন্নৎ সেই জনো চুন্নৎ নহয়;
২৮তস্মাদ্ যো বাহ্যে যিহূদী স যিহূদী নহি তথাঙ্গস্য যস্ত্ৱক্ছেদঃ স ৎৱক্ছেদো নহি;
29 ২৯ কিন্তু যি জন ভিতৰে ইহুদী, তেওঁহে ইহুদী হয়; আৰু আখৰেৰে নহয়, কিন্তু আত্মাৰে, হৃদয়ৰ যি চুন্নৎ, সেয়েহে চুন্নৎ; তেওঁৰ প্ৰশংসা মানুহৰ পৰা নহয় কিন্তু ঈশ্বৰৰ পৰাহে হয়।
২৯কিন্তু যো জন আন্তরিকো যিহূদী স এৱ যিহূদী অপরঞ্চ কেৱললিখিতযা ৱ্যৱস্থযা ন কিন্তু মানসিকো যস্ত্ৱক্ছেদো যস্য চ প্রশংসা মনুষ্যেভ্যো ন ভূৎৱা ঈশ্ৱরাদ্ ভৱতি স এৱ ৎৱক্ছেদঃ|

< ৰোমীয়া 2 >