< প্ৰকাশিত বাক্য 15 >

1 তেতিয়া মই স্বৰ্গত আন এটা মহা-আচৰিত চিন অৰ্থাৎ সাতোটা উৎপাতৰ ওপৰত ক্ষমতা পোৱা সাত জন দূত দেখিলোঁ; সেইবোৰেই শেষ উৎপাত; কিয়নো সেইবোৰত ঈশ্বৰৰ ক্ৰোধ সমাপ্ত হয়।
Երկինքի մէջ տեսայ ուրիշ նշան մը՝ մեծ եւ զարմանալի.- եօթը հրեշտակներ՝ որոնք ունէին եօթը վերջին պատուհասները, որովհետեւ անոնցմո՛վ կ՚աւարտէր Աստուծոյ զայրոյթը:
2 পাছত জুইৰে মিহলি হোৱা এখন দৰ্পণ যেন সমুদ্ৰ দেখিলোঁ; আৰু যি সকল সেই পশু আৰু তাৰ প্ৰতিমূৰ্তি আৰু তাৰ নামৰ নম্বৰৰ ওপৰত জয়যুক্ত হ’ল, তেওঁলোকক ঈশ্বৰৰ বীণা লৈ সেই দৰ্পণৰ নিচিনা সমুদ্ৰৰ পাৰত থিয় হৈ থকা দেখিলোঁ;
Տեսայ նաեւ որպէս թէ ապակեղէն ծով մը՝ կրակով խառնուած. անոնք որ յաղթած էին գազանին, անոր պատկերին եւ անոր անունին թիւին, կայնած էին ապակեղէն ծովուն վրայ՝ ունենալով Աստուծոյ քնարները:
3 সেই লোক সকলে ঈশ্বৰৰ দাস, মোচিৰ গীত আৰু সেই মেৰ-পোৱালিৰ গীত গান কৰি ক’লে, “আপোনাৰ কৰ্ম মহৎ আৰু আচৰিত, সকলোৰে ওপৰত শাসন কৰা, হে প্ৰভু পৰমেশ্বৰ৷ হে চিৰস্থায়ী ৰজা, আপোনাৰ পথ ন্যায় আৰু সত্য৷
Անոնք կ՚երգէին Աստուծոյ ծառային՝ Մովսէսի երգը, ու Գառնուկին երգը, ըսելով. «Մեծ եւ սքանչելի են քու գործերդ, Տէ՛ր, Ամենակա՛լ Աստուած. արդար ու ճշմարիտ են քու ճամբաներդ, Ազգերո՛ւ թագաւոր:
4 আপোনাক কোনে ভয় নকৰিব, হে প্ৰভু আৰু কোনে আপোনাৰ নাম প্ৰশংসা নকৰিব? কিয়নো কেৱল আপুনি পবিত্ৰ; সকলো জাতিয়ে আপোনাৰ আগত আহি আপোনাক আৰাধনা কৰিব৷ কিয়নো আপোনাৰ ন্যায় বিধান প্ৰকাশিত কৰা হ’ল৷”
Տէ՛ր, ո՞վ պիտի չվախնայ քեզմէ եւ չփառաւորէ քու անունդ, որովհետեւ միակ սուրբը դո՛ւն ես. արդարեւ բոլոր ազգերը պիտի գան ու երկրպագեն քու առջեւդ, քանի որ քու արդար դատավճիռներդ յայտնաբերուեցան»:
5 তাৰ পাছত মই দেখিলোঁ, সেই অতি পবিত্ৰ ঠাইত থকা সাক্ষ্য-তম্বুৰ মন্দিৰ স্বৰ্গত মেলা হ’ল;
Ասկէ ետք նայեցայ, եւ ահա՛ երկինքի մէջ բացուեցաւ վկայութեան խորանին տաճարը:
6 সেই অতি পবিত্ৰ ঠাইৰ পৰা সেই সাতোটা উৎপাতৰ ওপৰত ক্ষমতা পোৱা সাত জন দূত ওলাল; তেওঁলোক শুদ্ধ আৰু উজ্জল মণিৰে বিভূষিত আৰু সোণৰ টঙালিৰে তেওঁলোকৰ বুকু বন্ধা আছিল।
Եօթը պատուհասներ ունեցող եօթը հրեշտակները դուրս ելան տաճարէն, մաքուր ու փայլուն կտաւ հագած, եւ ոսկիէ գօտի կապած իրենց կուրծքին վրայ:
7 পাছত সেই চাৰি জীৱিত প্ৰাণীৰ এটাই সেই সাত জন দূতক চিৰকাল জীয়াই থকা ঈশ্বৰৰ ক্ৰোধেৰে পুৰ হোৱা সাতোটা সোণৰ বাটি দিলে। (aiōn g165)
Չորս էակներէն մէկը՝ եօթը հրեշտակներուն տուաւ եօթը ոսկիէ սկաւառակներ, լեցուն դարէ դար՝՝ ապրող Աստուծոյ զայրոյթով: (aiōn g165)
8 ঈশ্বৰৰ প্ৰতাপ আৰু পৰাক্ৰমৰ পৰা উৎপন্ন হোৱা ধোৱাঁৰে মন্দিৰ পৰিপূৰ্ণ হ’ল; আৰু সেই সাত জন দূতৰ সাতোটা উৎপাত সমাপ্ত নোহোৱালৈকে কোনেও সেই মন্দিৰত সোমাব নোৱাৰিলে।
Ու տաճարը ծուխով լեցուեցաւ՝ Աստուծոյ փառքին եւ անոր զօրութեան պատճառով. ո՛չ մէկը կրնար մտնել տաճարը, մինչեւ որ իրագործուէին եօթը հրեշտակներուն եօթը պատուհասները:

< প্ৰকাশিত বাক্য 15 >