< প্ৰকাশিত বাক্য 14 >

1 তাৰ পাছত মই চাই দেখিলোঁ, সেই মেৰ-পোৱালি চিয়োন পৰ্বতৰ ওপৰত থিয় হৈ আছিল৷ তেওঁৰ সৈতে এক লাখ চৌৱাল্লিশ হাজাৰ লোক আছিল; তেওঁলোকৰ কপালত তেওঁৰ নাম আৰু তেওঁৰ পিতৃৰো নাম লিখা আছিল।
Յետոյ նայեցայ, եւ ահա՛ Գառնուկը կայնած էր Սիոն լերան վրայ, ու անոր հետ՝ հարիւր քառասունչորս հազարը, որոնց ճակատին վրայ գրուած էր (անոր անունը եւ) անոր Հօր անունը:
2 মই স্বৰ্গৰ পৰা এটা মাত শুনিলো, সেই মাত অগাধ জলৰ দৰে আৰু প্ৰৱল মেঘ-গৰ্জ্জনৰ শব্দৰ নিচিনা আছিল৷ মই শুনা সেই মাত, বীণা বজাওঁতা সকলে নিজ নিজ বীণাত বজোৱা মাতৰ নিচিনাও আছিল৷
Ու լսեցի երկինքէն ձայն մը՝ յորդառատ ջուրերու ձայնի պէս, եւ հզօր որոտումի մը ձայնին պէս. լսած ձայնս կը նմանէր քնարահարներուն նուագած քնարներու ձայնին:
3 তেওঁলোকে সেই সিংহাসনৰ সন্মূখত থকা সেই চাৰি প্ৰাণী আৰু পৰিচাৰক সকলৰ আগত এটা নতুন গীত গালে; পৃথিৱীৰ পৰা কিনি লোৱা এই এক লাখ চৌৱাল্লিশ হাজাৰ লোকৰ বাহিৰে আন কোনোৱে সেই গীত শিকিব নোৱাৰিলে।
Անոնք կ՚երգէին նոր երգ մը՝ գահին, չորս էակներուն ու երէցներուն առջեւ. ո՛չ մէկը կրնար սորվիլ այդ երգը՝ բացի այդ հարիւր քառասունչորս հազարէն, որոնք գնուած էին երկրէն:
4 তেওঁলোক তিৰোতা সকলৰ সঙ্গত কলুষিত হোৱা নাই; কাৰণ তেওঁলোক অমৈথুন। সেই মেৰ-পোৱালি য’লৈকে যায়, তেওঁলোকো তেওঁৰ পাছে পাছে তালৈ যায়৷ ঈশ্বৰৰ সেই মেৰ-পোৱালিৰ উদ্দেশ্যে প্ৰথম ফল হিচাপে তেওঁলোকক মনুষ্য সকলৰ মাজৰ পৰা কিনি লোৱা হ’ল।
Ասոնք անո՛նք են՝ որ չպղծուեցան կիներու հետ, քանի որ կոյս են: Ասոնք անո՛նք են՝ որ կը հետեւին Գառնուկին, ո՛ւր որ ան երթայ. ասոնք գնուեցան մարդոց մէջէն՝ երախայրիք ըլլալու Աստուծոյ ու Գառնուկին:
5 তেওঁলোকৰ মুখত কোনো মিছা কথা পোৱা নগ’ল; তেওঁলোক নিৰ্দোষী।
Նենգութիւն չգտնուեցաւ իրենց բերանը, որովհետեւ անարատ են:
6 পাছত আকাশৰ মাজত আন এজন স্বৰ্গৰ দূতক উড়ি ফুৰা দেখিলোঁ; তেওঁ পৃথিৱীত বসতি কৰা লোক সকলৰ ওচৰত, পৃথিৱীৰ সকলো জাতি, ফৈদ, ভাষা আৰু সাধাৰণ লোক সকলৰ আগত প্ৰচাৰ কৰিবলৈ তেওঁৰ লগত অনন্তকলীয়া শুভবাৰ্তা আছিল৷ (aiōnios g166)
Տեսայ նաեւ ուրիշ հրեշտակ մը, որ կը թռչէր երկինքի մէջ եւ ունէր յաւիտենական աւետարանը՝ քարոզելու երկրի վրայ բնակող բոլոր ազգերուն, տոհմերուն, լեզուներուն ու ժողովուրդներուն: (aiōnios g166)
7 তেওঁ বৰ মাতেৰে ক’লে, “ঈশ্বৰক ভয় কৰা আৰু তেওঁৰ মহিমা স্বীকাৰ কৰা; কিয়নো তেওঁৰ সোধ-বিচাৰৰ সময় আহিল৷ যি জনে স্বৰ্গ, পৃথিৱী, সাগৰ, জলৰ ভুমুকবোৰ, এই সকলোৰে সৃষ্টি কৰিলে, সেই জন সৃষ্টিকৰ্ত্তাক আৰাধনা কৰা।”
Ան բարձրաձայն կ՚ըսէր. «Վախցէ՛ք Աստուծմէ եւ փա՜ռք տուէք անոր, որովհետեւ անոր դատաստանին ժամը հասաւ. երկրպագեցէ՛ք անոր՝ որ ստեղծեց երկինքը, երկիրը, ծովն ու ջուրերուն աղբիւրները»:
8 তাৰ পাছত প্ৰথম স্বৰ্গৰ দূত জনক অনুসৰণ কৰি দ্বিতীয় দূত এজনে ক’লে, “যি বাবিলে নিজ ব্যভিচাৰৰ ক্ৰোধৰূপ দ্ৰাক্ষাৰস সকলো জাতিক পান কৰাইছিল, সেই মহা-বাবিল পৰিল, পৰিল।”
Ուրիշ հրեշտակ մը հետեւեցաւ անոր եւ ըսաւ. «Կործանեցա՜ւ, կործանեցա՜ւ մեծ Բաբելոնը, որովհետեւ բոլոր ազգերուն խմցուց իր պոռնկութեան զայրոյթի գինիէն»:
9 পাছত আন এজন তৃতীয় স্বৰ্গৰ দূতে, তেওঁলোকৰ পাছে পাছে আহি বৰ মাতেৰে ক’লে, “কোনোৱে যদি সেই পশু আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰে আৰু নিজৰ কপালত বা হাতত ছাব লয়,
Երրորդ հրեշտակ մըն ալ հետեւեցաւ անոնց ու բարձրաձայն ըսաւ. «Ո՛վ որ երկրպագէ գազանին ու անոր պատկերին, եւ ընդունի անոր դրոշմը իր ճակատին կամ իր ձեռքին վրայ,
10 ১০ তেনেহলে ঈশ্বৰৰ কোপৰ পান-পাত্ৰত যি ক্ৰোধৰূপ দ্ৰাক্ষাৰস মিহলি নোহোৱাকৈ যুগুতাই ৰখা হৈছে, তাক তেওঁ পান কৰিব লাগিব৷ যি ব্যক্তিয়ে সেই পান কৰিব, তেওঁ পবিত্ৰ স্বৰ্গৰ পবিত্ৰ দূত সকলৰ সাক্ষাতে আৰু সেই মেৰ-পোৱালিৰ সাক্ষাতে জুই আৰু গন্ধকত যাতনা পাব৷
անիկա՛ պիտի խմէ Աստուծոյ զայրոյթի գինիէն, որ անխառն լեցուած է անոր բարկութեան բաժակին մէջ, ու կրակով եւ ծծումբով պիտի տանջուի սուրբ հրեշտակներուն առջեւ ու Գառնուկին առջեւ:
11 ১১ তেওঁলোকৰ যাতনাৰ ধোৱাঁ চিৰকাল উঠি থাকিব৷ সেই পশু আৰু তাৰ প্ৰতিমূৰ্তিক আৰাধনা কৰা সকলৰ আৰু যি কোনোৱে তাৰ নামৰ ছাব লয়, সেই সকলৰ দিনে-ৰাতিয়ে একো জিৰণি নাই। (aiōn g165)
Անոնց տանջանքին ծուխը պիտի բարձրանայ դարէ դար՝՝. ցերեկ ու գիշեր հանգստութիւն պիտի չունենան անոնք՝ որ կ՚երկրպագեն գազանին ու անոր պատկերին, եւ ո՛վ որ կ՚ընդունի անոր անունին դրոշմը»: (aiōn g165)
12 ১২ ইয়াকে পবিত্ৰ লোক সকলৰ দীৰ্ঘসহিষ্ণু ধৈৰ্য বুলি কোৱা হয়, যি সকলে ঈশ্বৰৰ আজ্ঞা আৰু যীচুত থকা বিশ্বাস পালন কৰে৷”
Հո՛ս է համբերութիւնը սուրբերուն, որոնք կը պահեն Աստուծոյ պատուիրաններն ու Յիսուսի հաւատքը:
13 ১৩ পাছত এই আকাশ-বাণী শুনিলোঁ, “লিখা: এতিয়াৰ পৰা যি সকলে প্ৰভুত মৰে, সেই মৃতসকল ধন্য৷” “হয়”, আত্মাই কৈছে, “তেওঁলোকে নিজ নিজ পৰিশ্ৰমৰ পৰা জিৰণি পাব; কিয়নো তেওঁলোকৰ কৰ্ম তেওঁলোকৰ অনুগামী।”
Ու լսեցի երկինքէն ձայն մը՝ որ կ՚ըսէր. «Գրէ՛. այժմէ՛ն իսկ երանելի են այն մեռելները՝ որ կը մեռնին Տէրոջմով»: «Այո՛, - կ՚ըսէ Հոգին, - թող հանգչին իրենց աշխատանքէն, քանի որ իրենց գործերը կը հետեւին իրենց»:
14 ১৪ পাছত মই চাই বগা মেঘ আৰু তাৰ ওপৰত মানুহৰ পুত্ৰৰ নিচিনা এজনক বহি থকা দেখিলোঁ৷ তেওঁৰ মূৰত সোণৰ কিৰীটি আৰু হাতত চোকা কাচি আছিল।
Ապա նայեցայ, եւ ահա՛ ճերմակ ամպ մը կար, ու ամպին վրայ մէկը բազմած էր՝ մարդու Որդիին նման. իր գլուխը ունէր ոսկիէ պսակ մը, եւ իր ձեռքին մէջ՝ սուր մանգաղ մը:
15 ১৫ পাছত মন্দিৰৰ পৰা আন এজন স্বৰ্গৰ দূত ওলাই, মেঘত বহি থকা জনক বৰকৈ ৰিঙিয়াই ক’লে, “তোমাৰ কাচি লগাই শস্য দোৱা৷ কিয়নো দাবৰ সময় হ’ল; কাৰণ পৃথিৱীত শস্য পকি খৰখৰীয়া হ’ল৷”
Ուրիշ հրեշտակ մը դուրս ելաւ տաճարէն, ու բարձրաձայն աղաղակեց ամպին վրայ բազմողին. «Ղրկէ՛ քու մանգաղդ եւ հնձէ՛. որովհետեւ հնձելու ժամը հասաւ, քանի որ երկրի հունձքը հասունցած է»:
16 ১৬ তেতিয়া মেঘত বহি থকা জনে পৃথিৱীত কাচি লগালে; তাতে পৃথিৱীৰ শস্য দোৱা হ’ল।
Ամպին վրայ կը բազմողն ալ դրաւ իր մանգաղը երկրի վրայ, ու երկիրը հնձուեցաւ:
17 ১৭ পাছত স্বৰ্গত থকা মন্দিৰৰ পৰা আন এজন স্বৰ্গৰ দূত ওলাল; তেওঁৰ হাততো এখন চোকা কাচি আছিল।
Ուրիշ հրեշտակ մը դուրս ելաւ երկինքի մէջ եղող տաճարէն. ի՛նք ալ ունէր սուր մանգաղ մը:
18 ১৮ পাছত আন এজন স্বৰ্গৰ দূত যজ্ঞবেদিৰ পৰা ওলাল, জুইৰ ওপৰত তেওঁক ক্ষমতা হৈছিল৷ তেওঁ সেই চোকা কাচি লোৱা জনক বৰ মাতেৰে ৰিঙিয়াই ক’লে, “তোমাৰ চোকা কাচি লগাই পৃথিৱীৰ দ্ৰাক্ষালতাৰ থোকবোৰ কাটি গোটোৱা; কিয়নো তাৰ গুটি ভালকৈ পকিল।”
Նաեւ զոհասեղանէն դուրս ելաւ ուրիշ հրեշտակ մը՝ որ իշխանութիւն ունէր կրակին վրայ. հզօր կանչով գոչեց անոր՝ որ ունէր սուր մանգաղը. «Ղրկէ՛ քու սուր մանգաղդ ու կթէ՛ երկրի այգիին ողկոյզնե՛րը, որովհետեւ անոր խաղողները հասունցած են»:
19 ১৯ তাতে সেই স্বৰ্গৰ দূতে পৃথিৱীত নিজৰ কাচি লগাই, পৃথিৱীৰ দ্ৰাক্ষালতাৰ থোপাবোৰ কাটি গোটাই, ঈশ্বৰৰ ক্ৰোধৰূপ মহা পেৰাশালত পেলাই দিলে।
Ուստի այդ հրեշտակը դրաւ իր մանգաղը երկրի վրայ, կթեց երկրի այգիին խաղողները եւ նետեց Աստուծոյ զայրոյթի մեծ հնձանին մէջ:
20 ২০ নগৰৰ বাহিৰত সেই পেৰাশাল গচকাত, শালৰ পৰা তেজ ওলাই, ঘোঁৰাৰ লেকামৰ সমান ওখ হৈ, দুশ মাইলতকে বিয়পি গ’ল।
Հնձանը կոխուեցաւ քաղաքէն դուրս, ու արիւն ելաւ հնձանէն՝ մինչեւ ձիերուն սանձերը, հազար վեց հարիւր ասպարէզի տարածութեան վրայ:

< প্ৰকাশিত বাক্য 14 >