< ফিলিপীয়া 3 >

1 শেষতে, হে মোৰ ভাই সকল, প্ৰভুত আনন্দ কৰক। এই একে কথাকে আপোনালোকলৈ লিখিবৰ বাবে মোৰ কোনো সমস্যা হোৱা নাই আৰু সেইবোৰে আপোনালোকক নিৰাপদে ৰাখিব৷
হে ভ্রাতরঃ, শেষে ৱদামি যূযং প্রভাৱানন্দত| পুনঃ পুনরেকস্য ৱচো লেখনং মম ক্লেশদং নহি যুষ্মদর্থঞ্চ ভ্রমনাশকং ভৱতি|
2 সেই কুকুৰহঁতলৈ সাৱধানে থাকিব৷ সেই দুষ্কৰ্ম্মকাৰী সকলৰ প্ৰতি সাৱধান হওক আৰু যি সকলে ছিন্ন-ভিন্ন কৰিব বিচাৰে, সিহঁতলৈকো সাৱধানে থাকক।
যূযং কুক্কুরেভ্যঃ সাৱধানা ভৱত দুষ্কর্ম্মকারিভ্যঃ সাৱধানা ভৱত ছিন্নমূলেভ্যো লোকেভ্যশ্চ সাৱধানা ভৱত|
3 কিয়নো আমি হে প্ৰকৃততে চুন্নৎ হোৱা লোক৷ আমি ঈশ্বৰৰ আত্মাৰে আৰাধনা কৰোঁ আৰু খ্ৰীষ্ট যীচুত গৌৰৱ কৰোঁ আৰু মাংসত একো ভাৰসা নকৰোঁ।
ৱযমেৱ ছিন্নৎৱচো লোকা যতো ৱযম্ আত্মনেশ্ৱরং সেৱামহে খ্রীষ্টেন যীশুনা শ্লাঘামহে শরীরেণ চ প্রগল্ভতাং ন কুর্ৱ্ৱামহে|
4 তথাপি মই হ’লে মাংসতো ভাৰসা কৰিলে কৰিব পাৰোঁ৷ কোনোৱে যদি মাংসত ভাৰসা কৰিব পাৰে বুলি ভাবে, তেনেহলে তাতকৈ মই অধিক ভাৰসা কৰিব পাৰোঁ।
কিন্তু শরীরে মম প্রগল্ভতাযাঃ কারণং ৱিদ্যতে, কশ্চিদ্ যদি শরীরেণ প্রগল্ভতাং চিকীর্ষতি তর্হি তস্মাদ্ অপি মম প্রগল্ভতাযা গুরুতরং কারণং ৱিদ্যতে|
5 মই অষ্টম দিনত চুন্নৎ হোৱা ইস্ৰায়েল জাতিৰ, বিন্যামীন ফৈদৰ, ইব্ৰী সকলৰ মাজৰ এজন আৰু বিধানৰ সম্বন্ধে এজন ফৰীচী৷
যতোঽহম্ অষ্টমদিৱসে ৎৱক্ছেদপ্রাপ্ত ইস্রাযেল্ৱংশীযো বিন্যামীনগোষ্ঠীয ইব্রিকুলজাত ইব্রিযো ৱ্যৱস্থাচরণে ফিরূশী
6 মই উদ্যমেৰে মণ্ডলীৰ তাড়নাকাৰী আৰু বিধানৰ ধাৰ্মিকতাৰ সম্বন্ধে নিৰ্দোষী আছিলোঁ৷
ধর্ম্মোৎসাহকারণাৎ সমিতেরুপদ্রৱকারী ৱ্যৱস্থাতো লভ্যে পুণ্যে চানিন্দনীযঃ|
7 কিন্তু মোৰ পক্ষে যি যি লাভ আছিল, সেই সকলোকে খ্ৰীষ্টৰ কাৰণে মই মূল্যহীন যেন মানিলো;
কিন্তু মম যদ্যৎ লভ্যম্ আসীৎ তৎ সর্ৱ্ৱম্ অহং খ্রীষ্টস্যানুরোধাৎ ক্ষতিম্ অমন্যে|
8 মোৰ প্ৰভু খ্ৰীষ্ট যীচুৰ জ্ঞানৰ উত্তমতাৰ কাৰণে, মই সকলোকে মূল্যহীন যেনহে মানিছো; আৰু তেওঁৰ কাৰণে সকলোকে অগ্ৰাহ্য কৰিলোঁ, যাতে মই তেওঁক লাভ কৰিব পাৰোঁ৷
কিঞ্চাধুনাপ্যহং মৎপ্রভোঃ খ্রীষ্টস্য যীশো র্জ্ঞানস্যোৎকৃষ্টতাং বুদ্ধ্ৱা তৎ সর্ৱ্ৱং ক্ষতিং মন্যে|
9 আৰু এতিয়া মই তেওঁক বিচাৰি পালোঁ৷ মোৰ নিজ ধাৰ্মিকতা, বা বিধানৰ পৰা পোৱা ধাৰ্মিকতাৰে ধাৰ্মিক নহয়; ইয়াৰ পৰিৱৰ্তে মই খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই ঈশ্বৰৰ পৰা পোৱা ধাৰ্মিকতাৰে, ধাৰ্মিক হলোঁ৷
যতো হেতোরহং যৎ খ্রীষ্টং লভেয ৱ্যৱস্থাতো জাতং স্ৱকীযপুণ্যঞ্চ ন ধারযন্ কিন্তু খ্রীষ্টে ৱিশ্ৱসনাৎ লভ্যং যৎ পুণ্যম্ ঈশ্ৱরেণ ৱিশ্ৱাসং দৃষ্ট্ৱা দীযতে তদেৱ ধারযন্ যৎ খ্রীষ্টে ৱিদ্যেয তদর্থং তস্যানুরোধাৎ সর্ৱ্ৱেষাং ক্ষতিং স্ৱীকৃত্য তানি সর্ৱ্ৱাণ্যৱকরানিৱ মন্যে|
10 ১০ এই ধাৰ্মিকতা তেওঁক জনাৰ যোগেদি তেওঁৰ পুনৰুত্থানৰ শক্তি আৰু তেওঁৰ দুখভোগৰ সহভাগিতাত মই খ্ৰীষ্টৰ মৃত্যুৰ সমৰূপ হৈ তেওঁৰ দ্বাৰাই ৰূপান্তৰিত হৈছোঁ;
১০যতো হেতোরহং খ্রীষ্টং তস্য পুনরুত্থিতে র্গুণং তস্য দুঃখানাং ভাগিৎৱঞ্চ জ্ঞাৎৱা তস্য মৃত্যোরাকৃতিঞ্চ গৃহীৎৱা
11 ১১ যাতে কোনো প্ৰকাৰে মৃত লোকৰ পুনৰুত্থানৰ ভাগী হ’ব পাৰোঁ৷
১১যেন কেনচিৎ প্রকারেণ মৃতানাং পুনরুত্থিতিং প্রাপ্তুং যতে|
12 ১২ মই এইবোৰ এতিয়ালৈ গ্ৰহণ কৰিব পৰা নাই, সেই বাবে মই এতিয়াও সিদ্ধ হোৱা নাই; কিন্তু যি কাৰণত খ্ৰীষ্ট যীচুৰ দ্বাৰাই মোক নিয়ন্ত্ৰণ কৰা হ’ল, মই যেন কোনো প্ৰকাৰে সেইবোৰক মোৰ অধীনত কৰিব পাৰোঁ, তাৰ বাবে মই চলি আছোঁ।
১২মযা তৎ সর্ৱ্ৱম্ অধুনা প্রাপি সিদ্ধতা ৱালম্ভি তন্নহি কিন্তু যদর্থম্ অহং খ্রীষ্টেন ধারিতস্তদ্ ধারযিতুং ধাৱামি|
13 ১৩ হে ভাই সকল, মই যে সেয়া মোৰ অধীনত কৰিলোঁ, সেই বিষয়ে এনে ভাব এতিয়ালৈকে কৰা নাই; কিন্তু মই এই কাম কৰোঁ: পাছত থকা সকলোকে পাহৰি, আগত থকা বোৰলৈহে যত্ন কৰোঁ৷
১৩হে ভ্রাতরঃ, মযা তদ্ ধারিতম্ ইতি ন মন্যতে কিন্ত্ৱেতদৈকমাত্রং ৱদামি যানি পশ্চাৎ স্থিতানি তানি ৱিস্মৃত্যাহম্ অগ্রস্থিতান্যুদ্দিশ্য
14 ১৪ খ্ৰীষ্ট যীচুত ঈশ্বৰে কৰা স্বৰ্গীয় আমন্ত্ৰণৰ বটাৰ অৰ্থে ঘাইকৈ আগবাঢ়ি গৈ আছোঁ।
১৪পূর্ণযত্নেন লক্ষ্যং প্রতি ধাৱন্ খ্রীষ্টযীশুনোর্দ্ধ্ৱাৎ মাম্ আহ্ৱযত ঈশ্ৱরাৎ জেতৃপণং প্রাপ্তুং চেষ্টে|
15 ১৫ এতেকে আমি যিমান সিদ্ধ লোক আছোঁ, সকলোৱে সেইৰূপে ভাবক আৰু যদি কোনো বিষয়ত আপোনালোকৰ অন্য ভাব থাকে, তেনেহলে ঈশ্বৰে সেই বিষয়ে আপোনালোকলৈ প্ৰকাশ কৰিব।
১৫অস্মাকং মধ্যে যে সিদ্ধাস্তৈঃ সর্ৱ্ৱৈস্তদেৱ ভাৱ্যতাং, যদি চ কঞ্চন ৱিষযম্ অধি যুষ্মাকম্ অপরো ভাৱো ভৱতি তর্হীশ্ৱরস্তমপি যুষ্মাকং প্রতি প্রকাশযিষ্যতি|
16 ১৬ যি কাৰণতেই হওক, আমি যি পথত এইখিনি পালন কৰোঁ, তাতেই যেন অনুসৰণ কৰি চলোঁ।
১৬কিন্তু ৱযং যদ্যদ্ অৱগতা আস্মস্তত্রাস্মাভিরেকো ৱিধিরাচরিতৱ্য একভাৱৈ র্ভৱিতৱ্যঞ্চ|
17 ১৭ হে ভাই সকল, আপোনালোকেও মোৰ অনুকাৰী হওক আৰু আপোনালোকৰ আৰ্হি স্বৰূপ যি আমি, আৰু আমাৰ দৰে যি সকলে জীৱন-যাপন কৰে, তেখেত সকলক অনুসৰণ কৰক।
১৭হে ভ্রাতরঃ, যূযং মমানুগামিনো ভৱত ৱযঞ্চ যাদৃগাচরণস্য নিদর্শনস্ৱরূপা ভৱামস্তাদৃগাচারিণো লোকান্ আলোকযধ্ৱং|
18 ১৮ মই আপোনালোকক বাৰে বাৰে কৈছোঁ, এতিয়াও চকুলো তুকিয়েই কওঁ, আপোনালোকৰ অনেকে জীয়াই থাকিও, খ্ৰীষ্টৰ ক্ৰুচৰ শত্ৰু হৈ আছে;
১৮যতোঽনেকে ৱিপথে চরন্তি তে চ খ্রীষ্টস্য ক্রুশস্য শত্রৱ ইতি পুরা মযা পুনঃ পুনঃ কথিতম্ অধুনাপি রুদতা মযা কথ্যতে|
19 ১৯ তেখেত সকলৰ শেষগতি সৰ্ব্বনাশ, পেটেই তেখেত সকলৰ ঈশ্বৰ, নিজ নিজ লাজত তেখেত সকলৰ গৌৰৱ আছে, তেখেত সকলে পাৰ্থিৱ বিষয়বোৰৰ বিষয়ে ভাবি থাকে।
১৯তেষাং শেষদশা সর্ৱ্ৱনাশ উদরশ্চেশ্ৱরো লজ্জা চ শ্লাঘা পৃথিৱ্যাঞ্চ লগ্নং মনঃ|
20 ২০ কিয়নো আমি যি ৰাজ্যৰ মানুহ, সেই ৰাজ্য স্বৰ্গত আছে, আৰু স্ৱর্গৰ পৰাই আহিব বুলি আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীচু খ্ৰীষ্টলৈ অপেক্ষা কৰি আছোঁ;
২০কিন্ত্ৱস্মাকং জনপদঃ স্ৱর্গে ৱিদ্যতে তস্মাচ্চাগমিষ্যন্তং ত্রাতারং প্রভুং যীশুখ্রীষ্টং ৱযং প্রতীক্ষামহে|
21 ২১ তেওঁ যি কাৰ্যসাধক গুণেৰে সকলোকে বশীভূত কৰিব পাৰে, তেনেদৰেই তেওঁ আমাৰ এই নীহ অৱস্থাৰ শৰীৰক ৰূপান্তৰ কৰি, তেওঁৰ প্ৰতাপৰ শৰীৰৰ সমৰূপ কৰিব।
২১স চ যযা শক্ত্যা সর্ৱ্ৱাণ্যেৱ স্ৱস্য ৱশীকর্ত্তুং পারযতি তযাস্মাকম্ অধমং শরীরং রূপান্তরীকৃত্য স্ৱকীযতেজোমযশরীরস্য সমাকারং করিষ্যতি|

< ফিলিপীয়া 3 >