< ফিলিপীয়া 2 >

1 এতেকে খ্ৰীষ্টত যদি কোনো আশ্বাস, প্ৰেমৰ যদি কোনো সান্ত্বনা, আত্মাৰ যদি কোনো সহভাগিতা আৰু কোনো স্নেহ আৰু দয়া থাকে,
খ্রীষ্টাদ্ যদি কিমপি সান্ত্ৱনং কশ্চিৎ প্রেমজাতো হর্ষঃ কিঞ্চিদ্ আত্মনঃ সমভাগিৎৱং কাচিদ্ অনুকম্পা কৃপা ৱা জাযতে তর্হি যূযং মমাহ্লাদং পূরযন্ত
2 তেনেহলে আপোনালোকে একে বিষয় ভাবি, এক প্ৰেমৰ, এক মনৰ আৰু এক ভাবৰ লোক হৈ মোৰ আনন্দ পৰিপূৰ্ণ কৰক৷
একভাৱা একপ্রেমাণ একমনস একচেষ্টাশ্চ ভৱত|
3 আপোনালোকে বিৰোধ বা অনৰ্থক দৰ্পেৰে একো নকৰিব; কিন্তু নম্ৰভাবে প্ৰত্যেকে নিজতকৈ অানক উত্তম বুলি মান্য কৰক৷
ৱিরোধাদ্ দর্পাদ্ ৱা কিমপি মা কুরুত কিন্তু নম্রতযা স্ৱেভ্যোঽপরান্ ৱিশিষ্টান্ মন্যধ্ৱং|
4 প্ৰতিজনে নিজৰ বিষয়ে নহয়, কিন্তু অানৰ বিষয়ে ভাবক।
কেৱলম্ আত্মহিতায ন চেষ্টমানাঃ পরহিতাযাপি চেষ্টধ্ৱং|
5 খ্ৰীষ্ট যীচুত যি ভাব, সেয়ে আপোনালোকৰ হওক,
খ্রীষ্টস্য যীশো র্যাদৃশঃ স্ৱভাৱো যুষ্মাকম্ অপি তাদৃশো ভৱতু|
6 যি জনৰ অস্তিত্ব ঈশ্বৰ-ৰূপী আছিল৷ তেওঁ ঈশ্বৰৰ সমান হলেও তাক কাঢ়ি লোৱা বুলি নামানিলে৷
স ঈশ্ৱররূপী সন্ স্ৱকীযাম্ ঈশ্ৱরতুল্যতাং শ্লাঘাস্পদং নামন্যত,
7 বৰং নিজকে শূণ্য কৰিলে৷ আৰু তেওঁ দাসৰ ৰূপ ধাৰণ কৰিলে৷ তেওঁ মানুহৰ নিচিনা হৈ অৱতীৰ্ণ হ’ল৷ আৰু তেওঁ আকাৰ-প্ৰকাৰত মানুহৰ দৰে হ’ল৷
কিন্তু স্ৱং শূন্যং কৃৎৱা দাসরূপী বভূৱ নরাকৃতিং লেভে চ|
8 তেওঁ নিজকে সৰু কৰি মৃত্যুলৈকে, এনে কি ক্ৰুচীয় মৃত্যুলৈকে আজ্ঞাধীন হ’ল।
ইত্থং নরমূর্ত্তিম্ আশ্রিত্য নম্রতাং স্ৱীকৃত্য মৃত্যোরর্থতঃ ক্রুশীযমৃত্যোরেৱ ভোগাযাজ্ঞাগ্রাহী বভূৱ|
9 এই কাৰণে ঈশ্বৰে তেওঁক অতি ওখ পদ দিলে, আৰু সকলো নামতকৈ সেই শ্ৰেষ্ঠ নাম তেওঁক দান কৰিলে,
তৎকারণাদ্ ঈশ্ৱরোঽপি তং সর্ৱ্ৱোন্নতং চকার যচ্চ নাম সর্ৱ্ৱেষাং নাম্নাং শ্রেষ্ঠং তদেৱ তস্মৈ দদৌ,
10 ১০ যাতে স্বৰ্গত, পৃথিৱীত আৰু পৃথিৱীৰ তলত নিবাস কৰা সকলোৱে যীচুৰ নামত আঁঠু লয়৷
১০ততস্তস্মৈ যীশুনাম্নে স্ৱর্গমর্ত্যপাতালস্থিতৈঃ সর্ৱ্ৱৈ র্জানুপাতঃ কর্ত্তৱ্যঃ,
11 ১১ আৰু যীচু খ্ৰীষ্ট যে প্ৰভু, ইয়াক যেন পিতৃ ঈশ্বৰৰ মহিমাৰ অৰ্থে সকলো জিভাই স্বীকাৰ কৰে৷
১১তাতস্থেশ্ৱরস্য মহিম্নে চ যীশুখ্রীষ্টঃ প্রভুরিতি জিহ্ৱাভিঃ স্ৱীকর্ত্তৱ্যং|
12 ১২ এতেকে, হে মোৰ প্ৰিয় সকল, আপোনালোকে যেনেকৈ সদায় আজ্ঞাধীন আছিল, তেনেকৈ মোৰ সাক্ষাতে যি ৰূপ, কেৱল সেইদৰে নহয়, কিন্তু এতিয়া মোৰ অনুপস্থিতিতো অধিককৈ ভয় আৰু কম্পনেৰে নিজ নিজ পৰিত্রাণ সম্পন্ন কৰক৷
১২অতো হে প্রিযতমাঃ, যুষ্মাভি র্যদ্ৱৎ সর্ৱ্ৱদা ক্রিযতে তদ্ৱৎ কেৱলে মমোপস্থিতিকালে তন্নহি কিন্ত্ৱিদানীম্ অনুপস্থিতেঽপি মযি বহুতরযত্নেনাজ্ঞাং গৃহীৎৱা ভযকম্পাভ্যাং স্ৱস্ৱপরিত্রাণং সাধ্যতাং|
13 ১৩ কিয়নো ঈশ্বৰে নিজৰ হিত-সঙ্কল্পৰ কাৰণে আপোনালোকৰ অন্তৰত ইচ্ছা কৰোঁতা আৰু কাৰ্য সাধন কৰোঁতা, এই উভয়ৰ সাধনকৰ্তা হৈছে।
১৩যত ঈশ্ৱর এৱ স্ৱকীযানুরোধাদ্ যুষ্মন্মধ্যে মনস্কামনাং কর্ম্মসিদ্ধিঞ্চ ৱিদধাতি|
14 ১৪ বিবাদ আৰু তৰ্ক-বিতৰ্ক নোহোৱাকৈ সকলো কৰ্ম কৰক;
১৪যূযং কলহৱিৱাদর্ৱিজতম্ আচারং কুর্ৱ্ৱন্তোঽনিন্দনীযা অকুটিলা
15 ১৫ যাতে ঈশ্বৰৰ নিষ্কলঙ্ক সন্তান হ’বৰ কাৰণে, আপোনালোক যেন পবিত্ৰ, নিৰ্দ্দোষী আৰু শুদ্ধ হয় আৰু জগতত যি কুটিল আৰু বিপথগামী লোক আছে, তেখেত সকলৰ মাজত আপোনালোক দীপ্তি স্বৰূপ হওক৷
১৫ঈশ্ৱরস্য নিষ্কলঙ্কাশ্চ সন্তানাইৱ ৱক্রভাৱানাং কুটিলাচারিণাঞ্চ লোকানাং মধ্যে তিষ্ঠত,
16 ১৬ জীৱনৰ বাক্য ধাৰণ কৰক, এয়ে খ্ৰীষ্টৰ আগমণৰ দিনত মোৰ বাবে শ্লাঘাৰ কাৰণ হ’ব; কিয়নো মই বৃথা দৌৰ মৰা নাই আৰু বৃথা পৰিশ্ৰমো কৰা নাই।
১৬যতস্তেষাং মধ্যে যূযং জীৱনৱাক্যং ধারযন্তো জগতো দীপকা ইৱ দীপ্যধ্ৱে| যুষ্মাভিস্তথা কৃতে মম যত্নঃ পরিশ্রমো ৱা ন নিষ্ফলো জাত ইত্যহং খ্রীষ্টস্য দিনে শ্লাঘাং কর্ত্তুং শক্ষ্যামি|
17 ১৭ কিন্তু আপোনালোকৰ বিশ্বাসৰূপ যজ্ঞত আৰু সেৱাৰ কাৰ্যত, যদিওবা মই নৈবেদ্য স্বৰূপে ঢলা যাওঁ, তথাপি মই আনন্দ কৰোঁ; আৰু আপোনালোক সকলোৰে সৈতে আনন্দ কৰোঁ।
১৭যুষ্মাকং ৱিশ্ৱাসার্থকায বলিদানায সেৱনায চ যদ্যপ্যহং নিৱেদিতৱ্যো ভৱেযং তথাপি তেনানন্দামি সর্ৱ্ৱেষাং যুষ্মাকম্ আনন্দস্যাংশী ভৱামি চ|
18 ১৮ এই বিষয়ে আপোনালোকেও আনন্দ কৰক আৰু মোৰে সৈতে আনন্দ কৰক৷
১৮তদ্ৱদ্ যূযমপ্যানন্দত মদীযানন্দস্যাংশিনো ভৱত চ|
19 ১৯ কিন্তু আপোনালোকৰ বিষয়ে জানিবলৈ পোৱাত মই যেন সন্তুষ্ট হ’ম, এই কাৰণে সোনকালে আপোনালোকৰ তালৈ তীমথিয়ক পঠাবৰ বাবে মই প্ৰভু যীচুত আশা কৰিছোঁ।
১৯যুষ্মাকম্ অৱস্থাম্ অৱগত্যাহমপি যৎ সান্ত্ৱনাং প্রাপ্নুযাং তদর্থং তীমথিযং ৎৱরযা যুষ্মৎসমীপং প্রেষযিষ্যামীতি প্রভৌ প্রত্যাশাং কুর্ৱ্ৱে|
20 ২০ কিয়নো আপোনালোকৰ বিষয়ে সঁচাকৈ চিন্তা কৰিবলৈ তীমথিয়ৰ মনৰ দৰে আন লোক মোৰ কোনো নাই।
২০যঃ সত্যরূপেণ যুষ্মাকং হিতং চিন্তযতি তাদৃশ একভাৱস্তস্মাদন্যঃ কোঽপি মম সন্নিধৌ নাস্তি|
21 ২১ কাৰণ সকলোৱে যীচু খ্ৰীষ্টৰ বিষয়ে নহয়, নিজৰ বিষয়েহে চেষ্টা কৰে।
২১যতোঽপরে সর্ৱ্ৱে যীশোঃ খ্রীষ্টস্য ৱিষযান্ ন চিন্তযন্ত আত্মৱিষযান্ চিন্তযন্তি|
22 ২২ কিন্তু আপোনালোকে তীমথিয়ৰ পৰীক্ষাসিদ্ধ গুণৰ বিষয়ে জানে, কাৰণ তেওঁ পিতৃৰ লগত পুত্ৰ যেনে, তেনেকৈ মোৰ লগতো শুভবাৰ্তাৰ অৰ্থে সেৱাকৰ্ম কৰিলে৷
২২কিন্তু তস্য পরীক্ষিতৎৱং যুষ্মাভি র্জ্ঞাযতে যতঃ পুত্রো যাদৃক্ পিতুঃ সহকারী ভৱতি তথৈৱ সুসংৱাদস্য পরিচর্য্যাযাং স মম সহকারী জাতঃ|
23 ২৩ এতেকে মোৰ কি ঘটিব, সেই বিষয়ে জনা মাত্ৰকে তেওঁক পঠিয়াবৰ বাবে মই আশা কৰিছোঁ৷
২৩অতএৱ মম ভাৱিদশাং জ্ঞাৎৱা তৎক্ষণাৎ তমেৱ প্রেষযিতুং প্রত্যাশাং কুর্ৱ্ৱে
24 ২৪ কিন্তু মই নিজেও সোনকালে আপোনালোকৰ ওচৰলৈ যাম বুলি প্ৰভুত বিশ্বাস কৰিছোঁ।
২৪স্ৱযম্ অহমপি তূর্ণং যুষ্মৎসমীপং গমিষ্যামীত্যাশাং প্রভুনা কুর্ৱ্ৱে|
25 ২৫ মোৰ অভাবত সেৱা শুশ্ৰূষা কৰোঁতা আপোনালোকৰ পাঁচনি, অথচ মোৰ ভাই, সহকাৰী আৰু সহসেনা যি ইপাফ্ৰদীত, তেখেতক আপোনালোকৰ তালৈ পঠিয়াবলৈ মই প্ৰয়োজন দেখিলোঁ৷
২৫অপরং য ইপাফ্রদীতো মম ভ্রাতা কর্ম্মযুদ্ধাভ্যাং মম সহাযশ্চ যুষ্মাকং দূতো মদীযোপকারায প্রতিনিধিশ্চাস্তি যুষ্মৎসমীপে তস্য প্রেষণম্ আৱশ্যকম্ অমন্যে|
26 ২৬ কিয়নো তেখেত নৰিয়াত পৰা বাৰ্তা আপোনালোকে শুনিলে, তেওঁ আপোনালোকৰ কাৰণে অতিশয় হাবিয়াহ কৰিছিল আৰু তেওঁ বৰ উদিগ্ন হৈছিল।
২৬যতঃ স যুষ্মান্ সর্ৱ্ৱান্ অকাঙ্ক্ষত যুষ্মাভিস্তস্য রোগস্য ৱার্ত্তাশ্রাৱীতি বুদ্ধ্ৱা পর্য্যশোচচ্চ|
27 ২৭ তেখেত নৰিয়াত পৰি মৃতপ্ৰায় হৈছিল হয়, কিন্তু ঈশ্বৰে তেওঁলৈ দয়া কৰিলে৷ অকল তেওঁলৈ নহয়, কিন্তু মোৰ দুখৰ ওপৰি দুখ যেন নঘটে, এই কাৰণে, মোলৈকো দয়া কৰিলে।
২৭স পীডযা মৃতকল্পোঽভৱদিতি সত্যং কিন্ত্ৱীশ্ৱরস্তং দযিতৱান্ মম চ দুঃখাৎ পরং পুনর্দুঃখং যন্ন ভৱেৎ তদর্থং কেৱলং তং ন দযিৎৱা মামপি দযিতৱান্|
28 ২৮ এতেকে আপোনালোকে তেওঁক পুনৰাই দেখি যেন আনন্দিত হয় আৰু মোৰ শোকো যেন কম হয়, এই কাৰণে তেখেতক পঠিয়াবলৈ ইচ্ছা কৰিলোঁ৷
২৮অতএৱ যূযং তং ৱিলোক্য যৎ পুনরানন্দেত মমাপি দুঃখস্য হ্রাসো যদ্ ভৱেৎ তদর্থম্ অহং ৎৱরযা তম্ অপ্রেষযং|
29 ২৯ সম্পূৰ্ণ আনন্দেৰে আপোনালোকে প্ৰভুত থাকি ইপাফ্ৰদীতক গ্ৰহণ কৰিব আৰু তেনেকুৱা মানুহক আদৰণীয় জ্ঞান কৰিব,
২৯অতো যূযং প্রভোঃ কৃতে সম্পূর্ণেনানন্দেন তং গৃহ্লীত তাদৃশান্ লোকাংশ্চাদরণীযান্ মন্যধ্ৱং|
30 ৩০ কিয়নো মোৰ সেৱা শুশ্ৰূষাত আপোনালোকৰ যি যি ক্ৰুটি আছিল, তাক সম্পূৰ্ণ কৰিবলৈ, তেখেত প্ৰাণপণ কৰি খ্ৰীষ্টৰ কাৰ্যৰ কাৰণে মৃতপ্ৰায় হৈছিল।
৩০যতো মম সেৱনে যুষ্মাকং ত্রুটিং পূরযিতুং স প্রাণান্ পণীকৃত্য খ্রীষ্টস্য কার্য্যার্থং মৃতপ্রাযেঽভৱৎ|

< ফিলিপীয়া 2 >