< মথি 26 >

1 যীচুৱে এই সকলো কথা কৈ শেষ কৰোঁতে, তেওঁৰ শিষ্য সকলক ক’লে,
Yesu atamaliza kuyankhula zonsezi, anati kwa ophunzira ake,
2 “তোমালোকে জানা নে দুদিনৰ পাছত নিস্তাৰ-পৰ্ব হ’ব, মানুহৰ পুত্ৰক ক্রুচত দিবলৈ শত্ৰুৰ হাতত শোধাই দিয়া হ’ব।”
“Monga mukudziwa, kwatsala masiku awiri kuti Paska ifike ndipo Mwana wa Munthu adzaperekedwa kuti apachikidwe.”
3 তেতিয়া প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰক সকল কায়াফা নামেৰে মহা-পুৰোহিতৰ চোতালত গোট খালে;
Pamenepo akulu a ansembe ndi akuluakulu anasonkhana ku nyumba ya mkulu wa ansembe dzina lake Kayafa,
4 তেওঁলোকে যীচুক ছলেৰে ধৰি বধ কৰিবলৈ আলোচনা কৰিলে৷
ndipo anapangana kuti amugwire Yesu mobisa ndi kumupha.
5 তেওঁলোকে ক’লে, ‘ভোজৰ সময়ত নহয়, কিয়নো লোক সকলৰ মাজত হুৰামুৰা লাগিব৷’
Ndipo anati, “Osati nthawi yaphwando chifukwa pangabuke chipolowe pakati pa anthu.”
6 পাছত যীচু বৈথনিয়া গাঁৱত চিমোন নামৰ কুষ্ঠৰোগীৰ ঘৰত থকা সময়ত
Yesu ali ku Betaniya mʼnyumba Simoni Wakhate,
7 এগৰাকী মহিলাই বহুমুলীয়া সুগন্ধি ভৰা এটা বগা তেলৰ বটল লৈ যীচু ভোজনত বহি থাকোঁতে, তেওঁৰ মুৰত বাকি দিলেহি।
mayi wina anabwera kwa Iye ndi botolo la mafuta onunkhira a mtengowapatali, amene anathira pa mutu pake Iye akudya pa tebulo.
8 শিষ্য সকলে তাকে দেখি ক্ৰুদ্ধ হৈ ক’লে, ‘কি কাৰণে এইদৰে অপচয় কৰিছা?
Ophunzira ataona izi anayipidwa nafunsa kuti, “Chifukwa chiyani akuwononga chotere?
9 কিয়নো ইয়াক বেছি ধনত বিক্ৰী কৰি দৰিদ্ৰ সকলক দান কৰিব পৰা গ’লহেঁতেন’।
Mafuta amenewa akanatha kugulitsidwa pa mtengo waukulu, ndipo ndalama zake zikanaperekedwa kwa osauka.”
10 ১০ কিন্তু যীচুৱে, ইয়াকে জানিবলৈ পায়, তেওঁলোকক ক’লে, “এই মহিলা জনীক কিয় অসুবিধা দিছা? কাৰণ তেওঁ মোলৈ উত্তম কৰ্ম কৰিলে।
Yesu podziwa izi anawawuza kuti, “Chifukwa chiyani mukumuvutitsa mayiyu? Wandichitira Ine chinthu chabwino.
11 ১১ কিয়নো দৰিদ্ৰ সকল তোমালোকৰ লগত সদায় আছে; কিন্তু তোমালোকৰ লগত মই সদায় নাথাকো৷
Osauka mudzakhala nawo nthawi zonse, koma simudzakhala ndi Ine nthawi zonse.
12 ১২ এই কাৰণে তেওঁ এই সুগন্ধি তেল যে মোৰ শৰীৰত বাকি দিলে; এয়া মোক মৈদামত থবৰ অৰ্থেহে কৰিলে।
Pamene wathira mafuta onunkhirawa pa thupi langa, wachita izi kukonzekera kuyikidwa kwanga mʼmanda.
13 ১৩ মই তোমাক সঁচাকৈ কওঁ, গোটেই জগতৰ যি যি ঠাইত এই শুভবাৰ্তা ঘোষণা কৰা হ’ব, সেই ঠাইতে এই যি কৰ্ম মহিলা গৰাকীয়ে কৰিলে, তেওঁক সুঁৱৰিবলৈ, ইয়াকো কোৱা হ’ব।”
Zoonadi, ndikuwuzani kuti kulikonse kumene Uthenga Wabwinowu udzalalikidwa ku dziko lonse lapansi, zimene wachitazi zidzanenedwanso pomukumbukira.”
14 ১৪ তেতিয়া বাৰ জনৰ মাজৰ, ঈষ্কৰিয়োতীয়া যিহূদা নামেৰে এজনে প্ৰধান পুৰোহিত সকলৰ ওচৰলৈ গ’ল,
Pamenepo mmodzi wa khumi ndi awiriwo wotchedwa Yudasi Isikarioti anapita kwa akulu a ansembe
15 ১৫ আৰু ক’লে “মই আপোনালোকৰ হাতত তেওঁক শোধাই দিলে, মোক কি দিবলৈ ইচ্ছা কৰে”? তাতে তেওঁলোকে তেওঁক ত্ৰিশ টা ৰূপৰ মুদ্ৰা দিম বুলি ক’লে৷
nafunsa kuti, “Kodi mundipatsa chiyani ngati nditamupereka Iye kwa inu?” Pamenepo anamuwerengera ndalama zokwanira masiliva makumi atatu.
16 ১৬ তেতিয়াৰে পৰা তেওঁ যীচুক শোধাই দিবলৈ সুযোগ বিচাৰি থাকিল।
Kuyambira pamenepo Yudasi anafunafuna nthawi yabwino yoti amupereke Yesu.
17 ১৭ পাছত খমিৰ নোহোৱা পিঠাৰ পৰ্বৰ প্ৰথম দিনা শিষ্য সকলে যীচুৰ ওচৰলৈ আহি সুধিলে, “নিস্তাৰ-পৰ্ব ভোজ আপোনাৰ কাৰণে আমি ক’ত যুগুত কৰাটো বিচাৰে”?
Pa tsiku loyamba laphwando la buledi wopanda yisiti, ophunzira anabwera kwa Yesu ndi kumufunsa kuti, “Kodi mukufuna tikakonze kuti malo odyera Paska?”
18 ১৮ তেওঁ ক’লে, “নগৰলৈ গৈ নিৰ্দিষ্ট জনক কোৱাগৈ, গুৰুৱে কৈছে, মোৰ কাল ওচৰ হৈছে; মোৰ শিষ্য সকলে সৈতে মই তোমাৰ ঘৰত নিস্তাৰ-পৰ্বৰ ভোজ পালন কৰিম”।
Iye anayankha kuti, “Pitani mu mzinda kwa munthu wakutiwakuti ndipo kamuwuzeni kuti, ‘Aphunzitsi akuti, nthawi yanga yoyikidwa yayandikira. Ine ndidzadya phwando la Paska ndi ophunzira anga ku nyumba kwako.’”
19 ১৯ তেতিয়া শিষ্য সকলে যীচুৱে আদেশ দিয়াৰ দৰে নিস্তাৰ-পৰ্বৰ ভোজ যুগুত কৰিলেগৈ।
Pamenepo ophunzira ake anachita monga momwe Yesu anawawuzira ndipo anakonza Paska.
20 ২০ পাছত সন্ধিয়া হোৱা সময়ত তেওঁ বাৰ জন শিষ্যৰ সৈতে ভোজনত বহিল;
Kutada, Yesu ndi ophunzira ake khumi ndi awiriwo anakhala pa tebulo nʼkumadya.
21 ২১ এনেতে তেওঁলোকে ভোজন কৰোঁতে, তেওঁ ক’লে, ‘মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকৰ মাজৰ এজনে মোক শোধাই দিব’।
Akudya, Iye anati, “Zoonadi, ndikuwuzani kuti mmodzi wa inu adzandipereka.”
22 ২২ তেতিয়া তেওঁলোকে অতি দুখিত হৈ, প্ৰতিজনে যীচুক সুধিবলৈ ধৰিলে, ‘হে প্ৰভু, সেই জন মই নে’?
Iwo anamva chisoni kwambiri ndipo anayamba kuyankhulana naye mmodzimmodzi nati, “Kodi nʼkukhala ine Ambuye?”
23 ২৩ যীচুৱে উত্তৰ দি ক’লে, ‘মোৰে সৈতে যি জনে ভোজন-পাত্ৰত হাত জুবুৰিয়ালে, তেৱেঁই মোক শোধাই দিব।
Yesu anayankha nati, “Iye amene akusunsa mʼmbale pamodzi ndi Ine, yemweyo adzandipereka.
24 ২৪ মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ তেওঁৰ গতি হ’ব; কিন্তু যি মানুহৰ দ্বাৰাই মানুহৰ পুত্ৰক শোধাই দিয়া হয়, তেওঁ সন্তাপৰ পাত্ৰ; সেই মানুহৰ জন্ম নোহোৱা হ’লেই ভাল আছিল’।
Mwana wa Munthu adzaphedwa monga mmene kunalembedwera za Iye. Koma tsoka kwa munthu amene apereka Mwana wa Munthu! Kukanakhala bwino kwa iye akanapanda kubadwa.”
25 ২৫ তেতিয়া তেওঁক শোধাই দিয়া যিহূদাই মাত লগাই ক’লে, ‘ৰব্বি, সেই জন মই নে’? তেওঁ তেওঁক ক’লে, “তুমি নিজকে নিজেই ক’লা”।
Ndipo Yudasi amene anamupereka Iye anati, “Monga nʼkukhala ine Aphunzitsi?” Yesu anayankha nati, “Iwe watero.”
26 ২৬ পাছত তেওঁলোকে ভোজন কৰোঁতে, যীচুৱে পিঠা লৈ আশীৰ্বাদ কৰি ভাঙি শিষ্য সকলক দি ক’লে, “লোৱা, খোৱা এয়ে মোৰ শৰীৰ”।
Pamene ankadya, Yesu anatenga buledi, nayamika ndipo anamunyema nagawira ophunzira ake nanena kuti, “Tengani, idyani; ili ndi thupi langa.”
27 ২৭ পাছত তেওঁ পান-পাত্ৰকো লৈ স্তুতি কৰি, তেওঁলোকক দি ক’লে, “লোৱা, তোমালোকে সকলোৱে পান কৰা;
Kenaka anatenga chikho, nayamika nachipereka kwa iwo nati, “Imwani nonsenu.
28 ২৮ কিয়নো মোৰ যি তেজ, এয়া নিয়মৰ তেজ৷ অনেকৰ পাপ মোচনৰ কাৰণে উলিওৱা হৈছে, সেয়ে এই।
Awa ndi magazi anga a pangano amene akhetsedwa chifukwa cha ambiri kuti akhululukidwe machimo.
29 ২৯ কিন্তু মই তোমালোকক কওঁ, তোমালোকে সৈতে মই মোৰ পিতৃৰ ৰাজ্যত ন ৰস পান নকৰা দিনলৈকে, এতিয়াৰ পৰা এই দ্ৰাক্ষাগুটিৰ ৰস পান নকৰোঁ”।
Ndikuwuzani kuti sindidzamwanso kuchokera ku chipatso cha mtengo wa mpesa kuyambira lero mpaka tsiku ilo pamene ndidzamwenso mwatsopano ndi inu mu ufumu wa Atate anga.”
30 ৩০ পাছত তেওঁলোকে বাহিৰ ওলাই গীত গাই গাই জৈতুন পৰ্বতলৈ গ’ল।
Atayimba nyimbo, anatuluka kupita ku phiri la Olivi.
31 ৩১ তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “এই ৰাতি তোমালোক সকলোৱে মোক এৰি যাবা; কিয়নো লিখা আছে, ‘মই মেৰৰখীয়াক আঘাত কৰিম তাতে জাকৰ মেৰবোৰ ছিন্ন-ভিন্ন হৈ যাব৷’
Pamenepo Yesu anawawuza kuti, “Usiku omwe uno inu nonse mudzandithawa, pakuti kwalembedwa: “‘Kantha mʼbusa, ndipo nkhosa zidzabalalika.’
32 ৩২ কিন্তু মোৰ উত্থানৰ পাছত মই তোমালোকৰ আগে আগে গালীল প্ৰদেশলৈ যাম।”
Koma ndikadzauka, ndidzatsogola kupita ku Galileya.”
33 ৩৩ তেতিয়া পিতৰে তেওঁক ক’লে, “সকলোৱে আপোনাত বিঘিনি পাই আতৰি গলেও, মই কেতিয়াও নাযাও”।
Petro anayankha nati, “Ngakhale onsewa atakuthawani, ine ndekha ayi.”
34 ৩৪ যীচুৱে তেওঁক ক’লে, “মই তোমাক স্বৰূপকৈ কওঁ, এই ৰাতি কুকুৰাই ডাক দিয়াৰ আগেয়ে, তুমি মোক তিনি বাৰ অস্বীকাৰ কৰিবা”।
Yesu anayankha nati, “Zoonadi, ndikukuwuza kuti usiku omwe uno, asanalire tambala, udzandikana Ine katatu.”
35 ৩৫ পিতৰে তেওঁক ক’লে, “যদি আপোনাৰ লগত মই মৰিবও লাগে, তথাপি আপোনাক অস্বীকাৰ নকৰিম”। সেইদৰে সকলো শিষ্যয়ো ক’লে।
Koma Petro ananenetsa nati, “Ngakhale kutakhala kufa nanu pamodzi, sindidzakukanani.” Ndipo ophunzira onse ananena chimodzimodzi.
36 ৩৬ তেতিয়া যীচুৱে তেওঁলোকৰ সৈতে গেৎচিমানী নামেৰে এখন ঠাইলৈ গৈ, তেওঁৰ শিষ্য সকলক ক’লে, “মই সৌখিনিলৈ গৈ প্ৰাৰ্থনা কৰি অহালৈকে তোমালোক ইয়াতে বহি থাকা”।
Kenaka Yesu anapita ku malo otchedwa Getsemani, ndipo anawawuza kuti, “Khalani pano pamene Ine ndikukapemphera apo.”
37 ৩৭ পাছত তেওঁ পিতৰক আৰু চিবদিয়ৰ পুতেক দুজনক লগত লৈ শোকাকুল আৰু ব্যাকুল হ’বলৈ ধৰিলে।
Anatenga Petro ndi ana awiri a Zebedayo, ndipo anayamba kumva chisoni ndi kuvutika mu mtima.
38 ৩৮ তেতিয়া তেওঁ তেওঁলোকক ক’লে, “মোৰ প্ৰাণ মৰণৰ তুল্য শোকাতুৰ হৈছে; তোমালোক ইয়াতে থাকি মোৰ লগত পৰ দিয়া”।
Pamenepo anawawuza kuti, “Moyo wanga uli ndi chisoni chofa nacho. Khalani pano ndipo dikirani pamodzi ndi Ine.”
39 ৩৯ পাছত তেওঁ অলপ আগুৱাই গৈ উবুৰি হৈ পৰি প্ৰাৰ্থনা কৰি ক’লে “হে মোৰ পিতৃ, যদি সম্ভব হয়, তেনেহলে এই দূখৰ পান-পাত্ৰ মোৰ পৰা দুৰ হওক; তথাপি মোৰ ইচ্ছাৰ দৰে নহয়, তোমাৰ ইচ্ছাৰ দৰেই হওক।”
Atapita patsogolo pangʼono, anagwa pansi chafufumimba napemphera kuti, “Atate anga, ngati ndikotheka, chikho ichi chichotsedwe kwa Ine. Koma osati monga mmene ndifunira, koma monga mufunira Inu.”
40 ৪০ পাছত শিষ্য সকলৰ ওচৰলৈ আহি, তেওঁলোকক টোপনি যোৱা দেখি, তেওঁ পিতৰক ক’লে, “তোমালোকে মোৰ লগত এঘণ্টাও পৰ দি থাকিব নোৱাৰিলা নে?
Kenaka anabwera kwa ophunzira ake nawapeza ali mtulo. Iye anafunsa Petro kuti, “Kodi anthu inu, simukanakhala maso pamodzi ndi Ine kwa ora limodzi lokha?
41 ৪১ পৰীক্ষাত যেন নপৰা, এই কাৰণে পৰ দি প্ৰাৰ্থনা কৰা; আত্মা ইচ্ছুক, কিন্তু শৰীৰ দূৰ্বল”।
Khalani maso ndi kupemphera kuti musagwe mʼmayesero. Mzimu ukufuna koma thupi ndi lofowoka.”
42 ৪২ পুনৰায় তেওঁ দ্বিতীয় বাৰ গৈ, প্ৰাৰ্থনা কৰি ক’লে, “হে মোৰ পিতৃ, মই পান নকৰাকৈ যদি এই দূখৰ পান-পাত্ৰ দুৰ হ’ব নোৱাৰে, তেনেহলে তোমাৰ ইচ্ছাই পুৰ হওক”।
Anachokanso nakapemphera kachiwiri kuti, “Atate anga, ngati chikhochi sichingandichoke, mpaka nditamwa, kufuna kwanu kuchitike.”
43 ৪৩ পাছত তেওঁ পুনৰায় আহি তেওঁলোকক টোপনি যোৱা দেখিলে; কিয়নো তেওঁলোকৰ চকু টোপনিত জাপ খাই গৈছিল।
Atabweranso anawapeza ali mtulo chifukwa zikope zawo zinalemedwa ndi tulo.
44 ৪৪ পুনৰায় তেওঁ তেওঁলোকক এৰি থৈ, তৃতীয়বাৰো একে কথাকে কৈ প্ৰাৰ্থনা কৰিলে।
Choncho anawasiya napitanso kukapemphera kachitatu nanenanso chimodzimodzi.
45 ৪৫ তেতিয়া তেওঁ শিষ্য সকলৰ ওচৰলৈ আহি, তেওঁলোকক ক’লে, “বাৰু, এতিয়া টোপনিত থাকি বিশ্ৰাম কৰা? চোৱা, সময় ওচৰ হ’ল আৰু মানুহৰ পুত্ৰক পাপীবোৰৰ হাতত শোধাই দিয়া হৈছে।
Kenaka anabwera kwa ophunzira ake nati kwa iwo, “Kodi mukanagonabe ndi kupumula? Taonani, ora layandikira ndipo Mwana wa Munthu akuperekedwa mʼmanja mwa ochimwa.
46 ৪৬ উঠা, আমি যাওঁহক; চোৱা, মোক শোধাই দিয়া জন ওচৰ পালেহি।”
Imirirani, tiyeni tizipita! Wondipereka Ine wafika!”
47 ৪৭ যীচুৱে কথা কৈ থাকোতেই, চোৱা, বাৰ জনৰ মাজৰ যিহূদা আৰু তেওঁৰে সৈতে প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰক সকল তৰোৱাল আৰু টাঙোন ধৰা মানুহৰ ডাঙৰ দল এটা সেই ঠাইলৈ আহিল।
Akuyankhula choncho, Yudasi mmodzi mwa khumi ndi awiriwo anafika. Pamodzi ndi iye panali gulu lalikulu la anthu ali ndi mikondo ndi zibonga otumidwa ndi akulu a ansembe ndi akuluakulu.
48 ৪৮ তেওঁক শোধাই দিয়া জনে তেওঁলোকক এই চিনেৰে সঙ্কেত দিছিল, বোলে, ‘মই যি জনক চুমা খাম, তেৱেঁই সেই জন; তেওঁকে ধৰিবা’।
Womuperekayo anawawuziratu chizindikiro anthuwo kuti, “Amene ndidzapsompsona ndi iyeyo; mugwireni.”
49 ৪৯ তেতিয়াই তেওঁ যীচুৰ ওচৰলৈ গৈ, ‘ৰব্বি প্ৰণাম’ এই বুলি, তেওঁক চুমা খালে।
Pamenepo Yudasi anapita kwa Yesu nati, “Moni, Aphunzitsi!” Ndipo anapsompsona Iye.
50 ৫০ যীচুৱে তেওঁক ক’লে, “বন্ধু, তুমি যি কৰিবলৈ আহিলা তাকে কৰা”। তেতিয়া তেওঁলোকে ওচৰলৈ আহি, যীচুৰ গাত হাত দি তেওঁক ধৰিলে।
Yesu anayankha kuti, “Bwenzi langa, chita chimene wabwerera.” Pamenepo anthuwo anabwera patsogolo namugwira Yesu ndi kumumanga.
51 ৫১ চোৱা, যীচুৰ লগৰ এজনে হাত মেলি, নিজৰ তৰোৱাল উলিয়াই মহা-পুৰোহিতৰ দাস এজনক আঘাত কৰি তাৰ কাণ এখন কাটি পেলালে।
Pa chifukwa ichi, mmodzi wa anzake a Yesu anagwira lupanga lake, nalisolola ndi kutema wantchito wa mkulu wa ansembe, nadula khutu lake.
52 ৫২ তেতিয়া যীচুৱে তেওঁক ক’লে, “তোমাৰ তৰোৱাল পুনৰায় খাপত সোমাই থোৱা; কিয়নো যি জনে তৰোৱাল ধৰে, সেই জন তৰোৱালৰ দ্বাৰাই বিনষ্ট হ’ব।
Yesu anati kwa iye, “Bwezera lupanga lako mʼchimake, chifukwa onse amene amapha ndi lupanga adzafa ndi lupanga.
53 ৫৩ ‘মোৰ পিতৃয়ে এতিয়াই মোলৈ বাৰ বাহিনীতকৈয়োঅধিক স্বৰ্গৰ দূত পঠাই দিয়ক’, মই এনে নিবেদন কৰিব নোৱাৰোঁ বুলি তুমি ভাবিছা নে?
Kodi mukuganiza kuti sindingathe kupempha Atate anga ndipo nthawi yomweyo nʼkundipatsa magulu a angelo oposa khumi ndi awiri?
54 ৫৪ কিন্তু ধৰ্মশাস্ত্ৰৰ বচনত যিহেতু কোৱা হৈছে, সেয়েহে এইদৰে সিদ্ধ হ’বলৈ নঘটিব নে?”
Koma nanga malemba akwaniritsidwa bwanji amene akuti ziyenera kuchitika motere?”
55 ৫৫ সেই সময়ত যীচুৱে লোক সকলক ক’লে, “আপোনালোকে তৰোৱাল আৰু টাঙোন লৈ ডকাইত ধৰাৰ নিচিনাকৈ মোক ধৰিবলৈ ওলাই আহিছে যে; যেতিয়া মই নিতৌ মন্দিৰত বহি উপদেশ দি আছিলোঁ, তেতিয়া আপোনালোকে মোক নধৰিলে,
Pa nthawi yomweyo Yesu anati kwa gululo, “Kodi ndine mtsogoleri wa anthu owukira kuti mwabwera ndi malupanga ndi zibonga kudzandigwira? Tsiku ndi tsiku ndimakhala mʼNyumba ya Mulungu kuphunzitsa, koma simunandigwire.
56 ৫৬ কিন্তু ভাববাদী সকলৰ শাস্ত্ৰীয় বচন সিদ্ধ হ’বলৈ এই সকলো ঘটিল।” তেতিয়া সকলো শিষ্যই তেওঁক এৰি পলাই গ’ল।
Koma zonsezi zachitika kuti zolembedwa ndi aneneri zikwaniritsidwe.” Pamenepo ophunzira anamusiya nathawa.
57 ৫৭ পাছত বিধানৰ অধ্যাপক আৰু পৰিচাৰক সকল যি ঠাইত গোট খাই আছিল, সেই ঠাইলৈকে যীচুক ধৰা সকলে লৈ গৈ কায়াফা নামেৰে মহা-পুৰোহিতৰ ওচৰলৈ তেওঁক আনিলে।
Iwo amene anamugwira Yesu anamutengera kwa Kayafa, mkulu wa ansembe, kumene aphunzitsi amalamulo ndi akuluakulu anasonkhana.
58 ৫৮ কিন্তু পিতৰে মহা-পুৰোহিতৰ চোতাললৈকে আতৰে আতৰে তেওঁৰ পাছে পাছে গৈ, তাত সোমাই শেষত কি হয়, তাকে চাবলৈ টেকেলাবোৰৰ লগত বহিল।
Koma Petro anamutsatira Iye patali, mpaka ku bwalo la mkulu wa ansembe. Analowa nakhala pansi pamodzi ndi alonda kuti aone zotsatira.
59 ৫৯ তেতিয়া প্ৰধান পুৰোহিত সকল আৰু গোটেই মহাসভাই যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য বিচাৰিলে৷
Akulu a ansembe ndi akulu olamulira Ayuda amafunafuna umboni wonama wofuna kuphera Yesu.
60 ৬০ অনেক মিছা সাক্ষী আগুৱাই আহিছিল, তথাপি তেওঁলোকে এজনকো বিচাৰি নাপালে। কিন্তু শেষত দুজন আগুৱাই আহিল আৰু ক’লে,
Koma sanathe kupeza uliwonse, angakhale kuti mboni zambiri zabodza zinapezeka. Pomalizira mboni ziwiri zinabwera patsogolo.
61 ৬১ “এওঁ কৈছিল - ‘মই ঈশ্বৰৰ এই মন্দিৰ ধ্বংস কৰি, তিন দিনৰ ভিতৰতে তাক সাজিব পাৰোঁ’।”
Ndipo zinati, “Munthu uyu anati, ‘Ndikhoza kupasula Nyumba ya Mulungu ndi kuyimanganso mʼmasiku atatu.’”
62 ৬২ তেতিয়া মহা-পুৰোহিতে উঠি যীচুক ক’লে, “তুমি একো উত্তৰ নিদিয়া নে? তোমাৰ অহিতে এওঁলোকে কি সাক্ষ্য দিছে?”
Pamenepo mkulu wa ansembe anayimirira nati kwa Yesu, “Kodi suyankha? Kodi umboni umenewu ndi otani umene anthu awa akupereka kukutsutsa Iwe?”
63 ৬৩ কিন্তু যীচুৱে নিজম দি থাকিল। তেতিয়া মহা-পুৰোহিতে তেওঁক ক’লে, “তোমাক জীৱনময় ঈশ্বৰৰ শপত দিছোঁ, তুমি ঈশ্বৰৰ পুত্ৰ, খ্ৰীষ্ট হোৱা নে নোহোৱা, আমাক কোৱা।”
Koma Yesu anakhalabe chete. Mkulu wa ansembe anati kwa Iye, “Ndikulamulira Iwe ndi lumbiro pamaso pa Mulungu wa Moyo: utiwuze ife ngati ndiwe Khristu Mwana wa Mulungu.”
64 ৬৪ যীচুৱে তেওঁক ক’লে, “তুমি সঁচাকৈ ক’লা; তথাপি মই আপোনালোকক কওঁ, এতিয়াৰ পৰা আপোনালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁ হাতে বহি থকা আৰু স্বৰ্গৰ পৰা মেঘত অহা দেখিব।”
Yesu anayankha nati, “Mwanena ndinu. Koma ndikunena kwa inu nonse: mʼtsogolomo mudzaona Mwana wa Munthu atakhala kudzanja lamanja la Wamphamvuzonse ndipo akubwera ndi mitambo ya kumwamba.”
65 ৬৫ তেতিয়া মহা-পুৰোহিতে নিজৰ কাপোৰ ফালি ক’লে, “এওঁ ঈশ্বৰক নিন্দা কৰিলে; এতিয়া আমাৰ সাক্ষীৰ কি প্ৰয়োজন আছে? চোৱা, এতিয়া তোমালোকে নিজে ঈশ্বৰ নিন্দা শুনিলা।
Pamenepo mkulu wa ansembe anangʼamba zovala zake nati, “Wanyoza Mulungu! Tifuniranji mboni zina? Taonani, tsopano mwamva mwano wake.
66 ৬৬ গতিকে তোমালোকে কি ভাবা?” তেওঁলোকে উত্তৰ দি ক’লে, “এওঁ প্ৰাণদণ্ডৰ যোগ্য”।
Mukuganiza bwanji?” Iwo anayankha kuti, “Ayenera kuphedwa!”
67 ৬৭ তেতিয়া তেওঁলোকে যীচুৰ মুখত থুই পেলাই ভুকুৱালে;
Kenaka anamulavulira kumaso namumenya ndi zibakera. Ena anamumenya makofi.
68 ৬৮ আৰু কেতবোৰে ঢকিয়াই সুধিলে, “হে’ৰা খ্ৰীষ্ট, ভাবোক্তিৰ দ্বাৰাই আমাক কোৱাচোন, তোমাক কোনে মাৰিলে”?
Ndipo anati, “Tanenera kwa ife, Khristu. Wakumenya ndani?”
69 ৬৯ সেই সময়ত পিতৰ বাহিৰফালে চোতালত বহি আছিল; তাতে এজনী চাকৰণী তেওঁৰ ওচৰলৈ আহিল আৰু ক’লে, ‘তুমিও গালীলীয়া যীচুৰ লগত আছিলা’।
Tsopano Petro anakhala ku bwalo la nyumbayo, ndipo mtsikana wantchito anabwera kwa iye nati, “Iwenso unali ndi Yesu wa ku Galileya.”
70 ৭০ কিন্তু তেওঁ আটাইৰে আগতে অস্বীকাৰ কৰি ক’লে, ‘তুমি কি কৈছা, মই বুজা নাই’।
Koma iye anakana pamaso pawo nati, “Sindikudziwa chimene ukunena.”
71 ৭১ পাছত তেওঁ বাট-চ’ৰালৈ ওলাই গ’ল, তাতো আন এজনী চাকৰনীয়ে তেওঁক দেখিলে আৰু তাত থকা লোক সকলৰ আগত ক’লে, ‘এওঁ নাচৰতীয়া যীচুৰ লগত আছিল’।
Kenaka anachoka kupita ku khomo la mpanda, kumene mtsikana wina anamuonanso nawuza anthu nati, “Munthu uyu anali ndi Yesu wa ku Nazareti.”
72 ৭২ তাতে তেওঁ শপত খাই আকৌ অস্বীকাৰ কৰি ক’লে, “মই সেই মানুহ জনক চিনি নাপাও”।
Iye anakananso molumbira kuti, “Sindimudziwa munthuyu!”
73 ৭৩ অলপ পাছত তাত থকা সকলে ওচৰলৈ আহি পিতৰক ক’লে, ‘অৱশ্যে তুমিও তেওঁলোকৰ মাজৰ এজন; কিয়নো তোমাৰ ভাষাই তোমাৰ চিনাকি দিছে’।
Patapita kanthawi pangʼono, amene anayimirira pamenepo anapita kwa Petro nati, “Zoonadi, ndiwe mmodzi wa iwo, popeza mayankhulidwe ako akukuwulula.”
74 ৭৪ তাতে তেওঁ শাও দি আৰু শপত খাই ক’লে, “মই সেই মানুহক চিনিয়ে নাপাওঁ” আৰু তেতিয়াই কুকুৰাই ডাক দিলে।
Pamenepo anayamba kudzitemberera ndipo analumbira kwa iwo nati, “Sindimudziwa munthu ameneyo!” Nthawi yomweyo tambala analira.
75 ৭৫ তেতিয়া যীচুৱে কোৱা সেই কথালৈ পিতৰৰ মনত পৰিল৷ যীচুৱে যে কৈছিল, ‘কুকুৰাই ডাক দিয়াৰ আগেয়ে, তুমি মোক তিনি বাৰ অস্বীকাৰ কৰিবা’, এই কথা মনত পৰাত পিতৰে বাহিৰলৈ গৈ অতি শোকেৰে ক্ৰন্দন কৰিলে।
Ndipo Petro anakumbukira mawu amene Yesu anayankhula kuti, “Tambala asanalire, udzandikana Ine katatu.” Ndipo anatuluka panja nakalira kwambiri.

< মথি 26 >