< মথি 22 >

1 যীচুৱে উত্তৰ দিলে, আৰু দৃষ্টান্তৰে তেওঁলোকৰ লগত কথা পাতি ক’লে যে,
Yesu anayankhula nawonso mʼmafanizo, nati,
2 “স্বৰ্গৰাজ্যৰ তুলনা এনে এজন ৰজাৰ লগত দিয়া যায়, যি জনে তেওঁৰ পুতেকৰ বিয়াৰ ভোজ পাতি,
“Ufumu wakumwamba uli ngati mfumu imene inakonzera phwando mwana wake wamwamuna.
3 এই ভোজলৈ নিমন্ত্ৰণ কৰিবলৈ তেওঁৰ দাসবোৰক পঠাই দিলে, কিন্তু নিমন্ত্ৰিত সকল আহিবলৈ মন নকৰিলে।
Anatumiza antchito ake kwa amene anayitanidwa kuphwando koma anakana kubwera.
4 পুনৰায় তেওঁ আন দাসবোৰক এই আদেশ দি পঠালে, ‘যি সকলক নিমন্ত্ৰণ কৰা হৈছে তেওঁলোকক কোৱাগৈ; চোৱা, মই ভোজ যুগুত কৰিলোঁ। মোৰ বলধ আদি হৃষ্টপুষ্ট পশু মৰা হৈছে, আৰু সকলো সম্পূর্ণ হ’ল; তোমালোকে বিয়াৰ ভোজলৈ আহা’।
“Kenaka anatumiza antchito ena nati, ‘Awuzeni oyitanidwa kuti phwando lakonzedwa: ndapha ngʼombe yayimuna ndi nyama zina zonenepa ndipo zonse zakonzedwa. Bwerani ku phwando laukwati.’
5 কিন্তু তেওঁলোকে অৱহেলা কৰি কোনোৱে নিজৰ খেতিলৈ আৰু কোনোৱে নিজৰ বেহা-বেপাৰলৈ ওলাই গ’ল।
“Koma iwo sanalabadire ndipo anachoka; wina anapita ku munda wake ndi wina ku malonda ake.
6 আৰু অৱশিষ্টবোৰে তেওঁৰ সেই দাসবোৰক ধৰি, অপমান কৰি বধ কৰিলে।
Ndipo otsalawo anagwira antchito ake, nawazunza ndi kuwapha.
7 তাতে ৰজাৰ খং উঠি, তেওঁৰ সৈন্য সকলক পঠিয়াই, সেই নৰবধীবোৰক সংহাৰ কৰি, সিহঁতৰ নগৰ খন পুৰি পেলালে।
Mfumu inakwiya. Inatumiza asilikali ake ndipo anawononga opha anzawowo ndi kutentha mzinda wawo.
8 তেতিয়া তেওঁৰ দাসবোৰক ক’লে, ‘বিয়াৰ ভোজ যুগুত হৈ আছে, কিন্তু নিমন্ত্ৰিত সকল যোগ্য নাছিল;
“Pamenepo anati kwa antchito ake, ‘Phwando laukwati lakonzedwa, koma amene ndinawayitana sanali oyenera.
9 এই কাৰণে তোমালোকে ৰাজপথৰ চাৰিআলিলৈ গৈ যিমান মানুহ পোৱা, সেই আটাই লোককে বিয়াৰ উৎসৱলৈ নিমন্ত্ৰণ কৰাগৈ’।
Pitani ku mphambano za misewu ndipo kayitaneni aliyense amene mukamupeze kuti abwere ku phwando.’
10 ১০ তেতিয়া তেওঁৰ দাসবোৰে বাটলৈ ওলাই গৈ, ভাল-বেয়া যিমান মানুহ পালে, সেই সকলোকে গোটাই আনিলে; তাতে আলহী সকলৰ বিয়া-ঘৰ ভৰি পৰিল।
Pamenepo antchitowo anapita ku misewu nakasonkhanitsa anthu onse amene anakawapeza, abwino ndi oyipa omwe, ndipo nyumba ya madyerero inadzaza ndi oyitanidwa.
11 ১১ কিন্তু ৰজাই আলহী সকলক চাবলৈ ভিতৰলৈ আহোতে বিয়াৰ কাপোৰ নিপিন্ধা এজন মানুহ দেখি সুধিলে,
“Koma pamene mfumu inabwera kudzaona oyitanidwawo, inaona munthu amene sanavale zovala zaukwati.
12 ১২ ‘হে মিত্ৰ, বিয়াৰ কাপোৰ নোহোৱাকৈ তুমি আহি ইয়াত কেনেকৈ সোমালা’? তেতিয়া তেওঁ অবাক হ’ল;
Inamufunsa kuti, ‘Bwenzi walowa bwanji muno wopanda zovala zaukwati?’ Munthuyo anakhala chete.
13 ১৩ তাতে ৰজাই তেওঁৰ দাস সকলক মাতি ক’লে, ‘ইয়াক হাত-ভৰি বান্ধি, বাহিৰৰ আন্ধাৰত পেলাই দিয়া; তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব’।
“Pamenepo mfumuyo inawuza otumikira kuti, ‘Mʼmangeni manja ndi miyendo, ndipo muponyeni kunja, ku mdima kumene kudzakhale kulira ndi kukuta mano.’
14 ১৪ কিয়নো নিমন্ত্ৰিত লোক অনেক, কিন্তু মনোনীত লোক তাকৰ।”
“Popeza oyitanidwa ndi ambiri koma osankhidwa ndi ochepa.”
15 ১৫ তাৰ পাছত ফৰীচী সকল গ’ল, আৰু কেনেকৈ যীচুক নিজে কোৱা কথাত তেওঁলোকে বন্দী কৰিব পাৰে, সেই বিষয়ে পৰিকল্পনা কৰিব ধৰিলে৷
Kenaka Afarisi anatuluka nakakonza njira zomupezera zifukwa Yesu mʼmawu ake.
16 ১৬ এনে মন্ত্ৰণা কৰি, তেওঁলোকে হেৰোদীয়া মানুহৰ সৈতে তেওঁলোকৰ শিষ্য সকলক যীচুৰ ওচৰলৈ পঠিয়ালে৷ তেওঁলোকে যীচুক ক’লে, “হে গুৰু, আপুনি সত্য, আৰু সত্যৰূপে ঈশ্বৰৰ পথৰ বিষয়ে শিক্ষা দিছে, আপুনি কোনো ব্যক্তিৰ মতামতক ভয় নকৰে; এই কাৰণে কোনো লোকৰ সৈতে আপুনি পক্ষপাত নকৰে।
Anatumiza ophunzira awo kwa Iye pamodzi ndi Aherodia. Anati, “Aphunzitsi, tidziwa kuti ndinu wangwiro ndi kuti mumaphunzitsa mawu a Mulungu monga mwa choonadi. Simutekeseka ndi anthu, popeza simusamala kuti kodi ndi ndani?
17 ১৭ গতিকে আমাক কওকচোন, ‘চীজাৰক কৰ দিয়া বিধান সন্মত হয় নে নহয়’? এই বিষয়ে আপুনি কি ভাৱে, চীজাৰক কৰ দিব পায় নে নাপায়?”
Tiwuzeni tsono maganizo anu ndi otani, kodi nʼkololedwa kupereka msonkho kwa Kaisara kapena ayi?”
18 ১৮ যীচুৱে তেওঁলোকৰ দুষ্টতা বুজি পাই ক’লে, “হে কপটীয়া সকল, কিয় মোক পৰীক্ষা কৰিছে?
Koma Yesu podziwa maganizo awo oyipa anati, “Inu achiphamaso, bwanji mufuna kundipezera chifukwa?
19 ১৯ কৰ দিয়া ধন মোক দেখুৱাওঁক৷” তেতিয়া তেওঁলোকে তেওঁৰ আগলৈ আধলি এটা আনিলে।
Onetseni ndalama imene mumapereka msonkho.” Iwo anabweretsa dinari,
20 ২০ যীচুৱে তেওঁলোকক সুধিলে, “এই প্ৰতিমূৰ্তি আৰু নাম কাৰ হয়?”
ndipo anawafunsa kuti, “Kodi chithunzi ichi ndi malemba awa ndi za ndani?”
21 ২১ তেতিয়া তেওঁলোকে তেওঁক ক’লে, “চীজাৰৰ৷” তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তেনেহলে যি চীজাৰৰ, সেয়া চীজাৰক দিয়ক আৰু যি ঈশ্বৰৰ, সেয়া ঈশ্বৰক দিয়ক।”
Iwo anayankha kuti, “Ndi za Kaisara.” Pamenepo anawawuza kuti, “Perekani kwa Kaisara zake za Kaisara, ndi kwa Mulungu zake za Mulungu.”
22 ২২ এই কথা শুনি তেওঁলোকে বিস্ময় মানিলে৷ পাছত তেওঁলোকে তেওঁক এৰি গুচি গ’ল।
Atamva izi, anadabwa, ndipo anamusiya Iye, nachoka.
23 ২৩ সেইদিনা পুনৰুত্থান বিশ্বাস নকৰা চদ্দূকী সকল যীচুৰ ওচৰলৈ আহিল৷ তেওঁলোকে তেওঁক সুধিলে,
Tsiku lomwelo Asaduki amene amati kulibe za kuukanso, anabwera kwa Iye ndi funso.
24 ২৪ “হে গুৰু মোচিয়ে ক’লে, ‘কোনো মানুহ যদি সন্তান নোহোৱাকৈ মৰে, তেনেহলে ভায়েকে তেওঁৰ পত্নীক বিয়া কৰাই ককায়েকলৈ বংশ উৎপন্ন কৰিব’।
Iwo anati, “Aphunzitsi, Mose anatiwuza kuti munthu akamwalira wosasiya ana, mʼbale wake akuyenera kukwatira mkazi wamasiyeyo kuti amuberekere ana mʼbale wakeyo.
25 ২৫ আমাৰ ইয়াত সাত জন ভাই-ককাই আছিল; প্ৰথম জনে বিয়া কৰালে আৰু সন্তান নোহোৱাকৈ মৰি, তেওঁৰ তিৰোতাক ভায়েকলৈ এৰি গ’ল।
Tsopano panali abale asanu ndi awiri pakati pathu. Woyambayo anakwatira ndipo anamwalira, ndipo popeza analibe ana, mʼbale wake analowa chokolo.
26 ২৬ পাছত দ্বিতীয়, তৃতীয় আদি কৰি সাতো জন ভাই একেদৰে কৰিলে আৰু মৰিল।
Izi zinachitikiranso mʼbale wa chiwiri ndi wachitatu mpaka wachisanu ndi chiwiri.
27 ২৭ সকলোৰে পাছত সেই তিৰোতা জনী মৰিল।
Pa mapeto pake mkaziyo anamwaliranso.
28 ২৮ তেনেহলে পুনৰুত্থানত তেওঁ সেই সাত জনৰ ভিতৰত কোন জনৰ পত্নী হব? কিয়নো সকলোৱে তেওঁক বিয়া কৰাইছিল।”
Tsopano, kodi akadzaukitsidwa adzakhala mkazi wa ndani mwa asanu ndi awiriwa popeza aliyense anamukwatirapo?”
29 ২৯ যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “আপোনালোকে ধৰ্মশাস্ত্ৰ আৰু ঈশ্বৰৰ পৰাক্ৰম নাজানি ভুল কৰিছে।
Yesu anayankha kuti, “Inu mukulakwitsa chifukwa simukudziwa malemba kapena mphamvu ya Mulungu.
30 ৩০ কিয়নো পুনৰুত্থানত বিয়া নকৰাই, বিয়া দিয়াও নহয়; কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়।
Anthu akadzaukitsidwa, sadzakwatira kapena kukwatiwa; adzakhala ngati angelo kumwamba.
31 ৩১ মৃত সকলৰ পুনৰুত্থানৰ বিষয়ে যি বাক্য ঈশ্বৰৰ দ্বাৰাই আপোনালোকক কোৱা হৈছিল বোলে,
Koma za kuukitsidwa kwa akufa, kodi simunawerenge zimene Mulungu ananena kwa inu kuti,
32 ৩২ ‘মই অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ’; তেওঁ মৃত সকলৰ ঈশ্বৰ নহয়, কিন্তু জীৱিত সকলৰহে ঈশ্বৰ।”
‘Ine ndine Mulungu wa Abrahamu, Mulungu wa Isake ndi Mulungu wa Yakobo?’ Iyeyo si Mulungu wa akufa koma wa amoyo.”
33 ৩৩ ইয়াকে শুনি, লোক সকলে তেওঁৰ উপদেশত বিস্ময় মানিলে।
Magulu a anthu atamva zimenezi, anazizwa ndi chiphunzitso chake.
34 ৩৪ যেতিয়া ফৰীচী সকলে শুনিলে যে, যীচুৱে চদ্দূকী সকলক নিৰুত্তৰ কৰিছে, তেতিয়া তেওঁলোক একগোট হ’ল;
Pakumva kuti Yesu anawakhalitsa chete Asaduki, Afarisi anasonkhana pamodzi.
35 ৩৫ তেওঁলোকৰ মাজৰ এজন বিধান পণ্ডিতে তেওঁক পৰীক্ষা কৰি সুধিলে-
Mmodzi wa iwo, katswiri wa malamulo anamuyesa Iye ndi funso ndipo anati,
36 ৩৬ “হে গুৰু, বিধানৰ কোনটো আজ্ঞা প্ৰধান?”
“Aphunzitsi, kodi lamulo lalikulu koposa mu malamulo ndi liti?”
37 ৩৭ যীচুৱে তেওঁক ক’লে, “‘তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা৷’
Yesu anayankha kuti, “Uzikonda Yehova Mulungu wako ndi mtima wako wonse ndi moyo wako wonse ndi nzeru zako zonse.
38 ৩৮ এইটোৱেই প্ৰধান আৰু প্ৰথম আজ্ঞা।
Ili ndi lamulo loyamba ndi loposa onse.
39 ৩৯ এইদৰে দ্বিতীয়টো আজ্ঞা হ’ল- ‘তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা’।
Ndipo lachiwiri ndi lofanana nalo: ‘Konda mnansi wako monga iwe mwini.’
40 ৪০ এই দুটাআজ্ঞাই গোটেইবিধান আৰু ভাৱবাদী সকলৰ কথাক নির্ভৰ কৰে।”
Malamulo onse ndi aneneri zakhazikika pa malamulo awiriwa.”
41 ৪১ ফৰীচী সকল গোট খাই থাকোঁতে, যীচুৱে তেওঁলোকক এটা প্ৰশ্ন সুধিলে,
Afarisi atasonkhana pamodzi, Yesu anawafunsa kuti,
42 ৪২ তেওঁ সুধিলে, “খ্ৰীষ্টৰ বিষয়ে আপোনালোকৰ মনে কি ধৰে? তেওঁ কাৰ সন্তান?” তেওঁলোকে তেওঁক ক’লে, “দায়ুদৰ সন্তান”।
“Kodi mukuganiza bwanji za Khristu? Ndi Mwana wa ndani?” Iwo anayankha kuti, “Mwana wa Davide.”
43 ৪৩ যীচুৱে তেওঁলোকক ক’লে, “তেনেহলে দায়ুদে কেনেকৈ আত্মাৰ দ্বাৰাই প্ৰভু বুলিলে আৰু ক’লে,
Iye anawawuza kuti, “Nanga zikutheka bwanji kuti Davide poyankhula mwa Mzimu Woyera amatchula Iye ‘Ambuye?’ Pakuti akuti,
44 ৪৪ প্ৰভুৱে মোৰ প্ৰভুক ক’লে, মই তোমাৰ শত্ৰুবোৰক তোমাৰ চৰণৰ অধীন নকৰালৈকে, মোৰ সোঁ হাতে বহি থাকা৷
“Ambuye anati kwa Ambuye wanga: ‘Khala pa dzanja langa lamanja mpaka ndiyike adani ako pansi pa mapazi ako.’
45 ৪৫ এতেকে দায়ুদে যদি খ্ৰীষ্টক প্ৰভু বোলে, তেনেহলে তেওঁ কেনেকৈ তেওঁৰ সন্তান হ’ব পাৰে?”
Ngati tsono Davide amamutchula ‘Ambuye,’ zingatheke bwanji kukhala mwana wake?”
46 ৪৬ তেতিয়া কোনেও তেওঁক একো উত্তৰ দিব নোৱাৰিলে; আৰু সেই দিনাৰে পৰা তেওঁক কোনো কথা সুধিবলৈকো কাৰো সাহস নহ’ল।
Panalibe wina anatha kuyankha, ndipo kuchokera pamenepo, panalibe wina anayerekeza kumufunsa funso.

< মথি 22 >