< মাৰ্ক 3 >

1 তাৰ পাছত যীচু পুনৰ নাম-ঘৰত সোমাল; আৰু তাত হাত শুকাই যোৱা ৰোগী এজন আছিল।
Դարձեալ ժողովարանը մտաւ, ուր մարդ մը կար՝ որուն ձեռքը չորցած էր:
2 বিশ্ৰামবাৰে সেই ব্যক্তি জনক তেওঁ সুস্থ কৰিব নে নকৰে, ইয়াকে লোক সকলে চাই আছিল৷ আচলতে তেওঁলোকে তেওঁক অপবাদ দিবৰ বাবে কাৰণ বিচাৰি আছিল।
Անոնք կը հսկէին անոր վրայ՝ տեսնելու թէ արդեօք պիտի բուժէ՛ զայն Շաբաթ օրը, որպէսզի ամբաստանեն զինք:
3 তেতিয়া যীচুৱে সেই হাত শুকাই যোৱা ৰুগীয়া মানুহ জনক ক’লে, “উঠা, আৰু সকলোৰে মাজত থিয় হোৱা”।
Ինք ալ ըսաւ ձեռքը չորցած մարդուն. «Ելի՛ր, կայնէ՛ մէջտեղը»:
4 তাৰ পাছত তেওঁ লোক সকলক সুধিলে, “বিধানৰ মতে বিশ্ৰামবাৰে বেয়া কৰ্ম নে, ভাল কৰ্ম কৰা উচিত? আৰু নৰ-বধ কৰিব পায় নে প্ৰাণ ৰক্ষা কৰিব পায়”? কিন্তু তেওঁলোক মনে মনে থাকিল।
Յետոյ ըսաւ անոնց. «Շաբաթ օրը բարի՞ք ընել արտօնուած է՝ թէ չարիք ընել, անձ մը փրկե՞լ՝ թէ սպաննել»: Անոնք լուռ կեցան:
5 তেতিয়া তেওঁলোকৰ হৃদয়ৰ কঠিনতা দেখি তেওঁ অসন্তুষ্ট হৈ খঙেৰে চাৰিওফালে চালে আৰু সেই মানুহ জনক ক’লে, “তোমাৰ হাত খন মেলি দিয়া”। তেতিয়া তেওঁ হাত খন মেলি দিলে আৰু যীচুৱে সেই হাত খন পূর্বৰ সুস্থ অৱস্থালৈ আনিলে।
Յիսուս բարկութեամբ շուրջը նայեցաւ՝ անոնց վրայ, տրտմելով անոնց սիրտին կուրութեան համար, ապա ըսաւ այդ մարդուն. «Երկարէ՛ ձեռքդ»: Ան ալ երկարեց, եւ անոր ձեռքը առողջացաւ:
6 তেতিয়া ফৰীচী সকল বাহিৰলৈ ওলাই গৈ হেৰোদীয়া মানুহ সকলৰ সৈতে আলোচনা কৰিলে আৰু তেওঁক বিনষ্ট কৰিবৰ বাবে তেওঁৰ বিৰুদ্ধে মন্ত্রণা কৰিবলৈ ধৰিলে।
Փարիսեցիները՝ իսկոյն դուրս ելլելով Հերովդէսեաններուն հետ՝ խորհրդակցեցան անոր դէմ, թէ ի՛նչպէս կորսնցնեն զայն:
7 তাৰ পাছত যীচুৱে যেতিয়া তেওঁৰ শিষ্য সকলৰ সৈতে সাগৰৰ পাৰলৈ গ’ল; তেতিয়া গালীল আৰু যিহুদীয়াৰ পৰা অহা মানুহৰ দল এটাই তেওঁক অনুসৰণ কৰিলে;
Յիսուս իր աշակերտներուն հետ մեկնեցաւ ծովեզերքը, ու մեծ բազմութիւն մը հետեւեցաւ անոր՝ Գալիլեայէն եւ Հրէաստանէն,
8 আৰু যিৰূচালেম, ইদোমৰ যৰ্দ্দনৰ সিপাৰৰ পৰা, তুৰ আৰু চীদোনৰ চাৰিওফালৰ পৰা মানুহৰ এটা বৃহৎ দলে তেওঁ কৰি থকা সকলো কৰ্মৰ কথা শুনিলে আৰু তেওঁলোক ওচৰ চাপি আহিল।
Երուսաղէմէն, Եդովմէն ու Յորդանանի միւս կողմէն. նաեւ անոնք՝ որ Տիւրոսի եւ Սիդոնի շրջակայ տեղերէն էին, մեծ բազմութեամբ, երբ լսեցին ինչ որ կ՚ընէր՝ եկան իրեն:
9 তেতিয়া লোক সকলৰ সমাগম অধিক হোৱা দেখি, তেওঁ হেচা-ঠেলাৰ মাজত নপৰিবৰ বাবে শিষ্য সকলক এখন নাও যুগুত ৰাখিবলৈ আজ্ঞা দিলে।
Յիսուս ըսաւ իր աշակերտներուն որ նաւակ մը տրամադրուի իրեն՝ բազմութեան պատճառով, որպէսզի չսեղմեն զինք:
10 ১০ কিয়নো তেওঁ অনেক লোকক সুস্থ কৰা দেখি, ব্যাধিয়ে ধৰা সকলোৱেই তেওঁক চুবলৈ হেঁচা-ঠেলা কৰি আছিল।
Որովհետեւ բուժեց շատերը, այնպէս որ տանջանք ունեցողներ կը խռնուէին շուրջը՝ որպէսզի դպչին իրեն:
11 ১১ আৰু অশুচি আত্মাবোৰে তেওঁক যেতিয়াই দেখে, তেতিয়াই তেওঁৰ আগত পৰে আৰু কান্দি কান্দি কয়, ‘আপুনি ঈশ্বৰৰ পুত্ৰ’।
Երբ անմաքուր ոգիները տեսնէին զինք, կ՚իյնային իր առջեւ ու կ՚աղաղակէին.
12 ১২ কিন্তু তেওঁক প্ৰকাশ নকৰিবলৈ সিহঁতক দৃঢ়কৈ সাৱধান কৰি দিলে।
«Դո՛ւն ես Աստուծոյ Որդին»: Իսկ ինք սաստիկ կը հրահանգէր անոնց՝ որ չյայտնեն զինք:
13 ১৩ পাছে তেওঁ পৰ্বতত উঠি, যি সকলক তেওঁ ইচ্ছা কৰিলে, তেওঁলোকক মাতিলে, আৰু তেওঁলোক তেওঁৰ ওচৰলৈ আহিল।
Ապա լեռը ելաւ եւ իրեն կանչեց իր ուզածները, ու քովը գացին:
14 ১৪ তেতিয়া তেওঁ বাৰ জনক নিযুক্ত কৰিলে (যি সকলক তেওঁ পাঁচনি নাম দিছিল) যাতে তেওঁলোক তেওঁৰ সঙ্গে সঙ্গে থাকিব পাৰে আৰু তেওঁলোকক যাতে প্রচাৰ কৰিবলৈ পঠিয়াব পাৰে,
Եւ ընտրեց տասներկու հոգի, որպէսզի ըլլան իրեն հետ, ու ղրկէ զանոնք՝ քարոզելու,
15 ১৫ আৰু তেওঁলোকে যেন ভূত খেদাবৰ বাবে অধিকাৰো পাব পাৰে৷
նաեւ իշխանութիւն ունենալու՝ ախտերը բուժելու եւ դեւերը դուրս հանելու համար.-
16 ১৬ তেওঁ যি বাৰ জনক নিযুক্ত কৰিলে, সেই কেইজন হ’ল- চিমোন, যি জনক তেওঁ পিতৰ নাম দিছিল৷
Սիմոնը՝ որ Պետրոս անուանեց,
17 ১৭ চিবদিয়ৰ পুতেক যাকোব আৰু যাকোবৰ ভায়েক যোহন, (এই দুজনক বনেৰগচ, অৰ্থাৎ মেঘ-গৰ্জ্জনৰ পুতেক নাম দিলে);
Զեբեդեան Յակոբոսն ու Յակոբոսի եղբայրը՝ Յովհաննէսը, որոնք Բաներեգէս անուանեց, որ ըսել է. «Որոտումի որդիներ»,
18 ১৮ আন্দ্ৰিয়, ফিলিপ, বাৰ্থলময়, মথি, থোমা, আলফয়ৰ পুতেক যাকোব, থদ্দেয়, জাতীয়তাবাদী চিমোন,
Անդրէասը, Փիլիպպոսը, Բարթողոմէոսը, Մատթէոսը, Թովմասը, Ալփէոսեան Յակոբոսը, Թադէոսը, Սիմոն Կանանացին
19 ১৯ আৰু তেওঁক শত্ৰুৰ হাতত শোধাই দিয়া ঈষ্কৰিয়োতীয়া যিহূদা।
եւ Յուդա Իսկարիովտացին, որ մատնեց զայն:
20 ২০ পাছত তেওঁ এটা ঘৰত সোমাল; আৰু পুনৰায় তাত ইমান মানুহ গোট খালে যে, তেওঁলোকে ভোজন কৰিব নোৱাৰিলে।
Տուն գացին, ու դարձեալ բազմութիւնը համախմբուեցաւ, այնպէս որ չկրցան նոյնիսկ հաց ուտել:
21 ২১ তেওঁৰ আত্মীয় সকলে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁলোকে তেওঁক, ‘তেওঁ বলীয়া হ’ল’ বুলি কৈ ধৰিবলৈ ওলাই গ’ল।
Երբ իրենները լսեցին՝ գացին որ բռնեն զինք, քանի որ կ՚ըսէին. «Ցնորա՛ծ է»:
22 ২২ আৰু যিৰূচালেমৰ পৰা অহা বিধানৰ অধ্যাপক সকলে ক’লে, “তেওঁৰ গাত বেলচবূব আছে; আৰু ভূতৰ সেই ৰজাৰ দ্বাৰাই তেওঁ ভূতবোৰ খেদায়৷”
Երուսաղէմէն իջած դպիրներն ալ կ՚ըսէին. «Անոր մէջ Բէեղզեբուղ կայ, եւ դեւերուն իշխանո՛վ կը հանէ դեւերը»:
23 ২৩ তেতিয়া যীচুৱে তেওঁলোকক ওচৰলৈ মাতি দৃষ্টান্তেৰে ক’লে, “চয়তানে চয়তানক কেনেকৈ খেদাব পাৰে?
Յիսուս կանչելով զանոնք՝ առակներով խօսեցաւ անոնց. «Սատանան ի՞նչպէս կրնայ դուրս հանել Սատանան:
24 ২৪ যদি কোনো ৰাজ্য নিজৰ বিৰুদ্ধে নিজে ভাগ হৈ যায়, তেনেহলে সেই ৰাজ্য এক হৈ থাকিব নোৱাৰে।
Եթէ թագաւորութիւն մը բաժնուի ինքնիր դէմ՝ այդ թագաւորութիւնը չի կրնար կենալ:
25 ২৫ আৰু কোনো ঘৰ যদি নিজৰ বিৰুদ্ধে নিজে ভাগ হয়, তেনেহলে সেই ঘৰ এক হৈ থাকিব নোৱাৰে।
Եթէ տուն մը բաժնուի ինքնիր դէմ, այդ տունը չի կրնար կենալ:
26 ২৬ চয়তানেও যদি নিজৰ বিৰুদ্ধে নিজে থিয় হয়, তেনেহলে সি থাকিব নোৱাৰিব কিন্তু তাৰ গতি অন্ত হব।
Եթէ Սատանան կանգնած ու բաժնուած է ինքնիր դէմ՝ ան չի կրնար կենալ, հապա անոր վախճանը հասած է:
27 ২৭ বলৱানজনক প্ৰথমে নাবান্ধিলে, কোনেও তেওঁৰ ঘৰত সোমাই তেওঁৰ বস্তু লুট কৰিব নোৱাৰে; বান্ধিলেহে তেওঁৰ ঘৰ লুট কৰিব পাৰিব৷
Ո՛չ մէկը կրնայ մտնել ուժեղ մարդու մը տունը եւ յափշտակել անոր կարասիները, եթէ նախ չկապէ ուժեղ մարդը, եւ այ՛ն ատեն կողոպտէ անոր տունը:
28 ২৮ মই আপোনালোকক স্বৰূপকৈ কওঁ, মনুষ্য-সন্তান সকলৰ সকলো বিধৰ পাপ, আৰু ঈশ্বৰক নিন্দা কৰা যি নিন্দা, এইবোৰ সকলোৰে ক্ষমা হয়;
Ճշմա՛րտապէս կը յայտարարեմ ձեզի. “Մարդոց որդիներուն պիտի ներուի ամէն մեղք, նաեւ հայհոյութիւնները՝ ո՛րքան ալ հայհոյեն:
29 ২৯ কিন্তু যি কোনোৱে পবিত্ৰ আত্মাৰ নিন্দা কৰে, সেই জনৰ ক্ষমা কোনো কালে নহ’ব; সি অনন্ত পাপৰ অধিকাৰী”। (aiōn g165, aiōnios g166)
Բայց ո՛վ որ հայհոյէ Սուրբ Հոգիին դէմ, յաւիտեա՛ն ներում պիտի չունենայ, հապա արժանի պիտի ըլլայ յաւիտենական դատապարտութեան”»: (aiōn g165, aiōnios g166)
30 ৩০ যীচুৱে এই কথা তেওঁলোকক কলে; কাৰণ তেওঁলোকে কৈছিল, “তেওঁৰ গাত অশুচি আত্মা আছে৷”
Որովհետեւ կ՚ըսէին. «Անմաքուր ոգի կայ անոր մէջ»:
31 ৩১ এনেতে তেওঁৰ মাক আৰু ভায়েক সকল আহি, বাহিৰত থিয় হৈ তেওঁক মাতি পঠালে।
Յետոյ անոր մայրն ու եղբայրները եկան, եւ դուրսը կայնելով՝ մարդ ղրկեցին ու կանչեցին զայն.
32 ৩২ তেতিয়া লোক সকল তেওঁৰ চাৰিওকাষে বহি আছিল; আৰু তেওঁলোকে তেওঁক ক’লে, “চাওক, আপোনাৰ মা, ভাই আৰু ভনী সকলে বাহিৰত আপোনাক বিচাৰিছে”।
բազմութիւնն ալ նստած էր անոր շուրջը: Երբ ըսին իրեն. «Ահա՛ քու մայրդ ու եղբայրներդ կը փնտռեն քեզ դուրսը»,
33 ৩৩ তাতে তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, “মোৰ আই আৰু মোৰ ভাই সকল কোন”?
ան ալ պատասխանեց անոնց. «Ո՞վ է իմ մայրս, կամ որո՞նք են եղբայրներս»:
34 ৩৪ পাছত তেওঁৰ চাৰিওফালে বহি থকা লোক সকলক চাই তেওঁ ক’লে, “এওঁলোকলৈ চোৱা, এওঁলোকেই মোৰ আই আৰু মোৰ ভাই;
Եւ նայելով իր շուրջը նստողներուն՝ ըսաւ. «Ահա՛ մայրս ու եղբայրներս.
35 ৩৫ কিয়নো যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, সেই জনেই মোৰ ভাই, ভনী, আৰু আইয়ো হয়৷”
որովհետեւ ո՛վ որ կը գործադրէ Աստուծոյ կամքը, անիկա՛ է իմ եղբայրս, քոյրս եւ մայրս»:

< মাৰ্ক 3 >