< মথি 1 >

1 যীচু খ্রীষ্ট দায়ুদৰ বংশৰ আৰু দায়ুদ অব্ৰাহামৰ বংশৰ লোক। যীচু খ্ৰীষ্টৰ বংশৰ তালিকা এই: -
Յիսուս Քրիստոսի՝ Դաւիթի որդիին, Աբրահամի որդիին ծնունդի գիրքը:
2 অব্ৰাহামৰ পুত্ৰ ইচহাক; ইচহাকৰ পুত্ৰ যাকোব; যাকোবৰ পুত্ৰ যিহূদা আৰু তেওঁৰ ভায়েক-ককায়েক সকল;
Աբրահամ ծնաւ Իսահակը. Իսահակ ծնաւ Յակոբը. Յակոբ ծնաւ Յուդան ու անոր եղբայրները.
3 যিহূদাৰ পুত্ৰ পেৰচ আৰু চেৰহৰ, তেওঁলোকৰ মাক আছিল তামাৰ৷ পেৰচৰ পুত্ৰ হিষ্ৰোণ; হিষ্ৰোণৰ পুত্ৰ ৰাম৷
Յուդա ծնաւ Փարէսն ու Զարան՝ Թամարէն. Փարէս ծնաւ Եսրոնը. Եսրոն ծնաւ Արամը.
4 ৰামৰ পুত্ৰ অম্মীনাদব; অম্মীনাদবৰ পুত্ৰ নহচোন; নহচোনৰ পুত্ৰ চলমোন৷
Արամ ծնաւ Ամինադաբը. Ամինադաբ ծնաւ Նաասոնը. Նաասոն ծնաւ Սաղմոնը.
5 চলমোনৰ পুত্ৰ বোৱজ - তেওঁৰ মাক আছিল ৰাহব৷ বোৱজৰ পুত্ৰ ওবেদ তেওঁৰ মাক আছিল ৰূথ৷ ওবেদৰ পুত্ৰ যিচয়;
Սաղմոն ծնաւ Բոոսը՝ Ռախաբէն. Բոոս ծնաւ Ովբէդը՝ Հռութէն. Ովբէդ ծնաւ Յեսսէն.
6 যিচয়ৰ পুত্ৰ দায়ুদ ৰজা। দায়ুদৰ পুত্র চলোমন, তেওঁৰ মাক আছিল উৰিয়াৰ ভাৰ্যা।
Յեսսէ ծնաւ Դաւիթ թագաւորը. Դաւիթ թագաւորը ծնաւ Սողոմոնը՝ Ուրիայի կնոջմէն.
7 চলোমনৰ পুত্ৰ ৰহবিয়াম; ৰহবিয়ামৰ পুত্ৰ অবিয়৷ অবিয়ৰ পুত্ৰ আচা;
Սողոմոն ծնաւ Ռոբովամը.
8 আচাৰ পুত্ৰ যিহোচাফট৷ যিহোচাফটৰ পুত্ৰ যোৰাম; যোৰামৰ পুত্ৰ উচিয়৷
Ռոբովամ ծնաւ Աբիան. Աբիա ծնաւ Ասան. Ասա ծնաւ Յովսափատը. Յովսափատ ծնաւ Յովրամը. Յովրամ ծնաւ Ոզիան.
9 উচিয়ৰ পুত্ৰ যোথম; যোথমৰ পুত্ৰ আহচ; আহচৰ পুত্ৰ হিস্কিয়া৷
Ոզիա ծնաւ Յովաթամը. Յովաթամ ծնաւ Աքազը, Աքազ ծնաւ Եզեկիան.
10 ১০ হিস্কিয়াৰ পুত্ৰ মনচি; মনচিৰ পুত্ৰ আমোন; আমোনৰ পুত্ৰ যোচিয়া৷
Եզեկիա ծնաւ Մանասէն. Մանասէ ծնաւ Ամոնը.
11 ১১ যোচিয়াৰ পুত্র যেখনীয়া আৰু তেওঁৰ ভায়েক সকল। ইস্ৰায়েল জাতিক বাবিল দেশলৈ বন্দী হিচাপে লৈ যোৱাৰ সময়ত এওঁলোক আছিল।
Ամոն ծնաւ Յովսիան. Յովսիա ծնաւ Յեքոնիան ու անոր եղբայրները՝ Բաբելոնի տարագրութեան ատենները.
12 ১২ বাবিল দেশলৈ নিয়াৰ পাছত যেখনীয়াৰ পুত্ৰ চল্টীয়েলৰ জন্ম হ’ল৷ চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল;
Բաբելոնի տարագրութենէն ետք՝ Յեքոնիա ծնաւ Սաղաթիէլը.
13 ১৩ জৰুব্বাবিলৰ পুত্ৰ আবীহূদ৷ আবীহূদৰ পুত্ৰ ইলীয়াকীম; ইলীয়াকীমৰ পুত্ৰ আচোৰ৷
Սաղաթիէլ ծնաւ Զօրաբաբէլը. Զօրաբաբէլ ծնաւ Աբիուդը. Աբիուդ ծնաւ Եղիակիմը.
14 ১৪ আচোৰৰ পুত্ৰ চাদোক; চাদোকৰ পুত্ৰ আখীম৷ আখীমৰ পুত্ৰ ইলীহূদ;
Եղիակիմ ծնաւ Ազովրը. Ազովր ծնաւ Սադովկը. Սադովկ ծնաւ Աքինը. Աքին ծնաւ Եղիուդը.
15 ১৫ ইলীহূদৰ পুত্ৰ ইলিয়াচৰ৷ ইলিয়াচৰৰ পুত্ৰ মত্তন; মত্তনৰ পুত্ৰ যাকোব৷
Եղիուդ ծնաւ Եղիազարը. Եղիազար ծնաւ Մատթանը.
16 ১৬ যাকোবৰ পুত্ৰ যোচেফ; তেওঁ মৰিয়মৰ স্বামী আৰু এই মৰিয়মৰ গর্ভত যীচুৰ জন্ম হয়, যি জনক খ্ৰীষ্ট বোলা হয়।
Մատթան ծնաւ Յակոբը. Յակոբ ծնաւ Յովսէփը՝ ամուսինը Մարիամի, որմէ ծնաւ Յիսուս, որ կոչուեցաւ Քրիստոս:
17 ১৭ এইদৰে অব্ৰাহামৰ পৰা দায়ুদ লৈ মুঠ চৌদ্ধ পুৰুষ; দায়ুদৰ পৰা বাবিল দেশলৈ বন্দী কৰি নিয়া পর্যন্ত মুঠ চৌদ্ধ পুৰুষ; পুণৰ বাবিললৈ বন্দী কৰি নিয়াৰ পাছৰ পৰা খ্ৰীষ্টলৈ মুঠ চৌদ্ধ পুৰুষ।
Ուրեմն բոլոր սերունդները Աբրահամէն մինչեւ Դաւիթ՝ տասնչորս սերունդ են, եւ Դաւիթէն մինչեւ Բաբելոնի տարագրութիւնը՝ տասնչորս սերունդ, ու Բաբելոնի տարագրութենէն մինչեւ Քրիստոս՝ տասնչորս սերունդ:
18 ১৮ যীচু খ্ৰীষ্টৰ জন্ম এইদৰে হৈছিল৷ যীচুৰ মাক মৰিয়মক যোচেফলৈ বাগ্দান কৰা হৈছিল, কিন্তু তেওঁলোক একেলগ হোৱাৰ পূৰ্বেই মৰিয়মে পবিত্ৰ আত্মাৰ শক্তিত গৰ্ভৱতী হোৱা অনুভৱ কৰিলে।
Յիսուս Քրիստոսի ծնունդը եղաւ սա՛ կերպով: Անոր մայրը՝ Մարիամ, Յովսէփի նշանուած, Սուրբ Հոգիէն յղացած գտնուեցաւ՝ դեռ իրարու քով չեկած:
19 ১৯ তেওঁৰ স্বামী যোচেফ এজন ধাৰ্মিক লোক হোৱাত মৰিয়মক মানুহৰ আগত নিন্দাৰ পাত্ৰ কৰিবলৈ ইচ্ছা নকৰি, গুপুতে ত্যাগ কৰিবলৈ মন কৰিলে।
Յովսէփ՝ անոր ամուսինը, արդար մարդ ըլլալով, ու չուզելով որ խայտառակէ զայն, կը ծրագրէր ծածկաբար արձակել զայն:
20 ২০ কিন্তু তেওঁ যেতিয়া এইবোৰ কথা চিন্তা কৰিলে, তেতিয়া প্ৰভুৰ এজন দূত আহি সপোনত তেওঁক দৰ্শন দি ক’লে, “হে দায়ুদৰ বংশৰ সন্তান যোচেফ, তোমাৰ ভাৰ্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা; কিয়নো তেওঁৰ গৰ্ভৰ সন্তান পবিত্ৰ আত্মাৰ পৰা হৈছে।
Մինչ ան ա՛յդպէս կը մտածէր, ահա՛ Տէրոջ հրեշտակը երեւցաւ անոր՝ երազի մէջ, եւ ըսաւ. «Յովսէ՛փ, Դաւիթի՛ որդի, մի՛ վախնար քովդ առնել կինդ՝ Մարիամը, որովհետեւ անոր մէջ յղացուածը Սուրբ Հոգիէն է:
21 ২১ তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যীচু থবা। কাৰণ তেৱেঁই নিজৰ লোকক তেওঁলোকৰ পাপ সমূহৰ পৰা মুক্ত কৰিব।”
Ան պիտի ծնանի որդի մը, եւ անոր անունը Յիսուս պիտի կոչես, քանի որ ա՛ն պիտի փրկէ իր ժողովուրդը իրենց մեղքերէն»:
22 ২২ এই সকলো ঘটিছিল যাতে ভাৱবাদীৰ দ্বাৰাই প্ৰভুৱে এই যি বচন কোৱাইছিল সেয়া পূর্ণ হয়:
Այս ամէնը կատարուեցաւ, որպէսզի իրագործուի մարգարէին միջոցով ըսուած Տէրոջ խօսքը.
23 ২৩ “চোৱা, সেই কুমাৰী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁলোকে তেওঁৰ নাম ইম্মানূৱেল থব;” এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ।
«Ահա՛ կոյսը պիտի յղանայ ու որդի պիտի ծնանի, եւ անոր անունը Էմմանուէլ պիտի կոչեն», որ կը թարգմանուի՝ Աստուած մեզի հետ:
24 ২৪ পাছত যোচেফে টোপনিৰ পৰা সাৰ পাই উঠি, প্ৰভুৰ দূতে তেওঁক আজ্ঞা দিয়াৰ দৰে নিজৰ ভাৰ্য্যাৰূপে মৰিয়মক গ্ৰহণ কৰিলে।
Յովսէփ քունէն արթննալով՝ ըրաւ ինչ որ Տէրոջ հրեշտակը հրամայեց իրեն, եւ քովը առաւ իր կինը:
25 ২৫ কিন্তু পুত্ৰ প্ৰসৱ নকৰা পর্যন্ত যোচেফে তেওঁৰ সৈতে সহবাস নকৰিলে। পাছত যোচেফে সেই সন্তানৰ নাম যীচু থলে।
Ու չգիտցաւ զայն՝ մինչեւ որ ան ծնաւ իր անդրանիկ որդին. եւ անոր անունը Յիսուս կոչեց:

< মথি 1 >