< লূক 16 >

1 যীচুৱে শিষ্য সকলক ক’লে, “এজন ধনী মানুহৰ এজন ঘৰগিৰীআছিল, এই ঘৰগিৰীয়ে ধনী মানুহ জনৰ সম্পদ নষ্ট কৰিছে বুলি অভিযোগ আনিলে৷
Dijo también a los discípulos: Un rico tenía un mayordomo quien fue acusado de malgastar los bienes de su señor.
2 তেতিয়া সেই ধনী ব্যক্তি জনে ঘৰগিৰী দায়িত্বত থকা ব্যক্তি জনক মাতি ক’লে, ‘এইবোৰ তোমাৰ বিষয়ে মই কি শুনিছো? তোমাৰ কামৰ হিচাব মোক দিয়া, তুমি আৰু মোৰ ঘৰগিৰী দায়িত্বত থাকিব নোৱাৰা৷’
Lo llamó y le preguntó: ¿Qué es esto que oigo con respecto a ti? Rinde la cuenta de tu mayordomía, porque ya no puedes ser mayordomo.
3 তেতিয়া সেই ঘৰগিৰী দায়িত্বত থকা ব্যক্তি জনে মনতে ভাবিলে, ‘এতিয়া মই কি কৰিম, যদি মোক এই কর্মৰ পৰা অাতৰাই দিয়ে, মই দিন হাজিৰা কৰি খাবলৈ মোৰ শক্তি নাই আৰু ভিক্ষা কৰিবলৈও মোৰ লাজ লাগে৷
Entonces el mayordomo se dijo: ¿Qué haré porque mi señor me quita la mayordomía? No puedo cavar. Me da avergüenza mendigar.
4 মোক ঘৰগিৰী দায়িত্বৰ পৰা অাতৰালেও লোক সকলে যাতে তেওঁলোকৰ ঘৰলৈ মোক নিমন্ত্ৰণ কৰে, সেই কাৰণে কি কৰিব লাগিব তাক মই জানিছোঁ৷’
Sé lo que haré para que cuando se me quite la mayordomía me reciban en las casas de ellos.
5 তাৰ পাছত তেওঁ ধনী মানুহ জনৰ প্ৰতিজন ধৰুৱাক মাতিলে আৰু তেওঁ প্ৰথম জনক সুধিলে, ‘আমাৰ গৰাকীক কিমান ঋণ পৰিশোধ কৰিবলৈ আছে?’
Llamó a cada uno de los deudores de su señor y preguntó al primero: ¿Cuánto debes a mi señor?
6 তেওঁ ক’লে, ‘এশ মোন তেল৷’ ঘৰগিৰীয়ে তেওঁক ক’লে, ‘তোমাৰ তালিকা পত্ৰ খন লোৱা আৰু ইয়াতে সোনকালে পঞ্চাশ লিখা৷’
Él contestó: 100 barriles de aceite. Y el mayordomo le dijo: Toma las facturas, siéntate pronto y escribe 50.
7 তাৰ পাছত আন জনক সুধিলে, ‘তোমাৰ কিমান দিবলগীয়া ঋণ আছে?’ তেওঁ ক’লে, ‘এশ মোন ঘেহুঁ৷’ তেতিয়া তেওঁক ক’লে, ‘তোমাৰ তালিকা পত্ৰ খন লোৱা আৰু আশী লিখা৷’
Luego preguntó a otro: ¿Y tú, cuánto debes? Y él respondió: 100 medidas de trigo. Le dijo: Toma las facturas y escribe 80.
8 তেওঁ সকলো কাম আগ-পাছ বিচাৰ কৰি বুদ্ধিমান লোকৰ দৰে কৰিছিল৷ এই হেতুকে ধনী লোক জনে ঘৰগিৰীক শলাগিলে, কিয়নো পোহৰৰ সন্তানতকৈ এই জগতৰ সন্তানবোৰ নিজ জাতিলৈ অধিক বুদ্ধিৱন্ত৷ (aiōn g165)
El señor elogió al mayordomo de la injusticia porque actuó sagazmente. Porque con respecto a su generación, los hijos de este siglo son más sagaces que los hijos de la luz. (aiōn g165)
9 মই তোমালোকক কওঁ, অযথার্থ ধনেৰে অাপোনালোকে নিজলৈ বন্ধু লাভ কৰে, কিন্তু যেতিয়া সম্পদৰ অন্ত পৰিব, তেতিয়া তেওঁলোকে অাপোনালোকক অনন্ত নিবাসত গ্ৰহণ কৰিব৷ (aiōnios g166)
Yo les digo: Consigan amigos por medio de las riquezas injustas, para que cuando falte [algo], los reciban en las moradas eternas. (aiōnios g166)
10 ১০ যিজন অলপ কথাত বিশ্বাসী তেওঁ অধিক কথাতো বিশ্বাসী; যিজন সৰুতকৈ সৰুত অধর্মি, তেওঁ অধিকতো অধর্মি৷
El que es fiel en lo muy poco, también es fiel en lo mucho, y el que en lo muy poco es injusto, también en lo mucho es injusto.
11 ১১ এই কাৰণে পার্থিৱ ধনত যদি অবিশ্বাসী হোৱা, তেনেহলে প্ৰকৃত ধনত আপোনাক কোনে বিশ্বাস কৰিব?
Así que, si en la riqueza injusta no fueron fieles, ¿quién les confiará lo verdadero?
12 ১২ যদি অন্য লোকৰ বিষয়ত বিশ্বাসী নহোৱা, তেনেহলে যি অাপোনাৰ নিজৰ তাক কেনেকৈ অাপোনাক দিব৷
Y si en lo ajeno no fueron fieles, ¿quién les dará a ustedes lo que le pertenece a él?
13 ১৩ কোনো চাকৰে দুজন গৰাকীৰ ওচৰত সেৱাকৰ্ম কৰিব নোৱাৰে, কিয়নো তেতিয়া তেওঁ এজনক ঘিণ কৰি আন জনক প্ৰেম কৰিব, নাইবা এজনত আসক্ত হৈ আন জনক হেয়ঞ্জান কৰিব৷ আপোনালোকে ঈশ্বৰ আৰু ধন এই দুয়োটা বিষয়তে একেলগে কৰ্ম কৰিব নোৱাৰা৷”
Ningún esclavo doméstico puede servir como esclavo a dos señores, porque despreciará al uno y apreciará al otro, o estimará al uno y desestimará al otro. No pueden servir como esclavos a Dios y a la riqueza injusta.
14 ১৪ এই কথাবোৰ শুনি, ধন লুভীয়া ফৰীচী সকলে তেওঁক উপলুঙা কৰিলে৷
Los fariseos, quienes eran amigos del dinero, oían todo esto y se burlaban de Él.
15 ১৫ তেতিয়া তেওঁ তেওঁলোকক ক’লে, “আপোনালোকে মানুহৰ আগত নিজকে নিজে ধার্মিক প্ৰমাণিত কৰোঁতা, কিন্তু ঈশ্বৰে আপোনালোকৰ হৃদয় জানে; এতেকে মানুহৰ মাজত যি উত্তম, ঈশ্বৰে দেখাত সেয়ে ঘিণলগীয়া৷
Entonces les dijo: Ustedes se declaran justos delante de los hombres, pero Dios conoce sus corazones, porque lo sublime entre hombres, delante de Dios es repugnancia.
16 ১৬ যোহন অহালৈকে বিধান আৰু ভাববাদী সকলৰ বাক্য আছিল; তেতিয়াৰ পৰা ঈশ্বৰৰ ৰাজ্যৰ শুভবার্তা ঘোষণা কৰা হৈছে, প্ৰতিজনে অতি আগ্ৰহেৰে সেই ৰাজ্যত প্ৰৱেশ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে৷
La Ley y los profetas se proclamaron hasta Juan. Desde entonces se proclama el reino de Dios, y todos se esfuerzan por entrar en él.
17 ১৭ কিন্তু বিধানৰ এক বিন্দু লুপ্ত হোৱাতকৈ আকাশ আৰু পৃথিৱী লুপ্ত হোৱা সহজ৷
Pero es más fácil que desaparezcan el cielo y la tierra que caiga un trazo de [una] letra de la Ley.
18 ১৮ যি কোনোৱে নিজৰ পত্নিক বিবাহ বিচ্ছেদ কৰি অন্য মহিলাক বিবাহ কৰায়, তেওঁ ব্যভিচাৰ কৰে; যদি সেই পৰিত্যক্তা মহিলা গৰাকীক আন কোনো লোকে বিয়া পাতে তেৱোঁ ব্যভিচাৰ কৰে৷
Todo el que repudia a su esposa y se casa con otra, adultera, y el que se casa con la repudiada, adultera.
19 ১৯ কোনো এজন ধনী মানুহ আছিল৷ তেওঁ বেঙেনা বৰণীয়া শণ সূতাৰ কাপোৰ পিন্ধি, প্ৰতিদিনে নিজৰ বহুত সম্পত্তিত উল্লাস কৰি আছিল৷
Había un hombre rico que se vestía de púrpura y lino fino y se regocijaba con esplendidez cada día.
20 ২০ লাজাৰ নামেৰে গোটেই শৰীৰত ঘা লগা এজন মগনীয়া সেই ধনী ব্যক্তি জনৰ দুৱাৰত থোৱা হৈছিল৷
Un mendigo llamado Lázaro, cubierto de llagas, era colocado a su puerta.
21 ২১ সেই ধনী ব্যক্তি জনৰ টেবুলৰ তলত পৰা খোৱা বস্তুৰে পেট পুৰাবলৈ মগনীয়া জনে আশা কৰি ৰৈ থাকিছিল৷ তাতে কুকুৰবোৰেও আহি তাৰ ঘাঁবোৰ চেলেকি থাকে৷
Deseaba saciarse con lo que caía de la mesa del rico. Aun los perros llegaban y le lamían las llagas.
22 ২২ কালক্ৰমে সেই মগনীয়া জন মৰিল, স্বর্গৰ দূত সকলে আহি অব্ৰাহামৰ কোলালৈ তেওঁক লৈ গ’ল৷ পাছত ধনী ব্যক্তি জনো মৰিল তাতে তেওঁক মৈদাম দিয়া হ’ল৷
Sucedió que murió el mendigo y fue llevado por los ángeles al seno de Abraham. Murió también el rico y fue sepultado.
23 ২৩ ধনী ব্যক্তি জনে নৰকত অতি যাতনা পাই ওপৰলৈ চকু তুলি চাই বহু দুৰত অব্ৰাহাম আৰু তেওঁৰ কোলাত লাজাৰক দেখা পালে৷ (Hadēs g86)
Cuando estaba en tormentos en el infierno levantó sus ojos y vio a Abraham desde lejos y a Lázaro en el seno de él. (Hadēs g86)
24 ২৪ তেতিয়া ধনী ব্যক্তি জনে চিঞৰি ক’লে, ‘পিতৃ অব্ৰাহাম, মোৰ প্ৰতি দয়া কৰক আৰু লাজাৰক ইয়ালৈ পঠাই দিয়ক৷ তেওঁ আঙুলিৰ আগ পানীত জুবুৰিয়াই, মোৰ জিভা চেঁচা কৰিবলৈ তেওঁক পঠিয়াই দিয়ক৷’
Clamó: Padre Abraham, ten misericordia de mí. Envía a Lázaro para que moje la punta de su dedo en agua y refresque mi lengua, porque estoy atormentado en esta llama.
25 ২৫ কিন্তু অব্ৰাহামে তেওঁক ক’লে, ‘বোপা, তুমি জীৱনৰ আয়ুস কালত যেনেদৰে নিজক সুখত ৰাখিবৰ বাবে ভাল বস্তু পাইছিলা, সেইদৰে লাজাৰে তাত দুখ পাইছিল, এতিয়া সেই কথা সোঁৱৰণ কৰা; কিন্তু এতিয়া তেওঁ ইয়াত শান্তিত আছে আৰু তুমি হলে যাতনা পাই আছা৷
Abraham le contestó: Hijo, recuerda que recibiste tus bienes en tu vida, y Lázaro también los males. Pero ahora es consolado aquí, y tú atormentado.
26 ২৬ এতিয়া তোমাৰ আৰু আমাৰ মাজত এক মহাশূন্য স্থাপন কৰা আছে৷ আমি ইচ্ছা কৰিলেও ইয়াৰ পৰা তুমি থকা ঠাইলৈ যাব নোৱাৰো আৰু তোমাৰ তাৰ পৰা ইচ্ছা কৰিলেও কোনো ইয়ালৈ আহিব নোৱাৰা’।
Además de todo esto, entre nosotros y ustedes fue establecida una gran sima, de modo que los que quieren cruzar de aquí a ustedes no puedan, ni de allá cruzar hacia nosotros.
27 ২৭ ধনী ব্যক্তি জনে ক’লে, “হে পিতৃ, তেনেহলে দয়া কৰি লাজাৰক মোৰ দেউতাৰ ঘৰলৈ পঠিয়াই দিয়ক৷
Entonces exclamó: Padre, te ruego que lo envíes a la casa de mi padre,
28 ২৮ তাতে মোৰ পাঁচ জন ভাই আছে, সিহঁতক যেন তেওঁ গৈ, আহিবলগীয়া এই যাতনাৰ ঠাইৰ বিষয়ে সাক্ষ্য দি সাৱধান কৰি দিয়ে৷
porque tengo cinco hermanos, para que les advierta a fin de que no vengan ellos a este lugar de tormento.
29 ২৯ কিন্তু অব্ৰাহামে তেওঁক ক’লে, ‘তেওঁলোকৰ বাবে মোচি আৰু ভাববাদী সকল আছে; তেওঁলোকৰ কথা শুনক৷’
Y Abraham respondió: A Moisés y a los profetas tienen. ¡Óiganlos!
30 ৩০ তেতিয়া সেই ধনী ব্যক্তি জনে ক’লে, ‘তেনে নহওক পিতৃ অব্ৰাহাম, কিন্তু মৃত সকলৰ মাজৰ পৰা যদি কোনো এজন তেওঁলোকৰ ওচৰলৈ যায়, তেনেহলে তেওঁলোকে মন পালটাব৷’
Entonces él dijo: No, padre Abraham. Pero si alguno de [los] muertos fuera a ellos, cambiarán su mente.
31 ৩১ তেতিয়া তেওঁক অব্ৰাহামে ক’লে, ‘যদি তেওঁলোকে মোচি আৰু ভাববাদী সকলৰ বাক্য নুশুনে, তেনেহলে মৃত সকলৰ মাজৰ পৰা কোনো এজন উঠি গৈ কলেও তেওঁলোকে নুশুনিব৷’”
Y le contestó: Si no escuchan a Moisés y a los profetas, tampoco se convencerán si alguno apareciera de entre [los] muertos.

< লূক 16 >