< মাৰ্ক 1 >

1 ঈশ্বৰৰ পুত্র যীচু খ্রীষ্টৰ শুভবাৰ্তাৰ আৰম্ভণ।
Principio de las Buenas Noticias de Jesucristo.
2 যিচয়া ভাববাদীৰ পুস্তকত যেনেকৈ লিখা আছে, ‘চোৱা, মই মোৰ বাৰ্তাবাহকক তোমাৰ আগত পঠিয়াইছোঁ, তেওঁ তোমাৰ বাট যুগুত কৰিব৷’
Como está escrito en el profeta Isaías: Ciertamente envío mi mensajero delante de Ti, quien preparará tu camino.
3 “মৰুপ্ৰান্তত এজনৰ কণ্ঠস্বৰ শুনা গৈছে, ‘তোমালোকে প্রভুৰ পথ যুগুত কৰা, তেওঁৰ বাট পোন কৰা৷’”
Voz que clama en el desierto: Preparen el camino del Señor. Enderecen sus sendas.
4 এইদৰে মৰুপ্ৰান্তত বাপ্তিস্ম কৰোঁতা আৰু পাপ মোচনৰ অৰ্থে মন-পালটনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰোঁতা যোহন আহিল।
Juan apareció en una región despoblada. Bautizaba y proclamaba un bautismo de cambio de mente para perdón de pecados.
5 তাতে গোটেই যিহুদীয়া আৰু যিৰূচালেমৰ সকলো লোক তেওঁৰ ওচৰ চাপিবলৈ ওলাই আহিল আৰু নিজৰ নিজৰ পাপ স্বীকাৰ কৰি, তেওঁৰ দ্বাৰাই যৰ্দ্দন নদীত বাপ্তিস্ম ল’লে।
Los habitantes de Judea y Jerusalén acudían a él. Confesaban sus pecados y eran bautizados por él en el río Jordán.
6 সেই যোহনে উটৰ নোমৰ কাপোৰ আৰু কঁকালত চামৰাৰ টঙালি বান্ধিছিল৷ আৰু তেওঁ কচুৱা ফৰিং আৰু হাবিৰ মৌ খাইছিল।
Juan vestía pelos de camello y cinturón de cuero alrededor de su cintura, y comía saltamontes y miel silvestre.
7 তেওঁ ঘোষণা কৰি ক’লে, “মোতকৈ শক্তিমান এজন মোৰ পাছত আহি আছে আৰু মই, তেওঁৰ পাদুকাৰ ফিটাৰ বান্ধ তল মূৰ কৰি খুলিবৰো যোগ্য নহওঁ।
Proclamaba: Viene tras mí Alguien más poderoso que yo, de Quien no soy digno de inclinarme y desatar la correa de sus sandalias.
8 মই আপোনালোকক পানীত বাপ্তিস্ম দিলোঁ; কিন্তু তেওঁ পবিত্ৰ আত্মাত বাপ্তিস্ম দিব।”
Yo los bautizo con agua, pero Él los bautizará con [el] Espíritu Santo.
9 সেই সময়ত যীচু গালীল দেশৰ নাচৰতৰ পৰা আহি, যোহনৰ দ্বাৰাই যৰ্দ্দন নদীত বাপ্তিস্ম ল’লে।
Aconteció en aquellos días que Jesús salió de Nazaret de Galilea y fue bautizado por Juan en el Jordán.
10 ১০ তেওঁ পানীৰ পৰা উঠি আহোতেই আকাশ দুফাল হৈ যোৱা আৰু কপৌৰ নিচিনা তেওঁৰ ওপৰলৈ আত্মাক নমা দেখিলে।
De inmediato, al salir del agua, vio los cielos abiertos y al Espíritu que descendía sobre Él como paloma.
11 ১১ আৰু এইদৰে আকাশ-বাণী হ’ল যে, “তুমি মোৰ প্রিয় পুত্র৷ তোমাত মই পৰম সন্তুষ্ট।”
Se oyó una voz de los cielos: Tú eres mi Hijo amado. En Ti me deleité.
12 ১২ তেতিয়া পবিত্র আত্মাই তেওঁক মৰুপ্ৰান্তলৈ চালিত কৰি লৈ গ’ল।
Enseguida el Espíritu lo impulsó a una región despoblada.
13 ১৩ সেই মৰুপ্ৰান্তত তেওঁ চল্লিশ দিনলৈকে বনৰীয়া জন্তুৰ লগত থাকোতে চয়তানৰ দ্বাৰাই পৰীক্ষিত হ’ল; আৰু স্বৰ্গৰ দূত সকলে তেওঁৰ শুশ্রূষা কৰিলে।
Estuvo allí 40 días y fue tentado por Satanás. Estaba con las fieras, y los ángeles le servían.
14 ১৪ যোহনক বন্দীশালত থোৱাৰ পাছত যীচু গালীল দেশলৈ গ’ল আৰু ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰিলে৷
Después del arresto de Juan, Jesús fue a Galilea a proclamar las Buenas Noticias de Dios:
15 ১৫ যীচুৱে প্ৰচাৰ কৰিলে আৰু ক’লে, “কাল সম্পূৰ্ণ হ’ল, আৰু ঈশ্বৰৰ ৰাজ্য ওচৰ হ’ল৷ তোমালোকে মন-পালটন কৰা আৰু শুভবাৰ্তাত বিশ্বাস কৰা”।
¡El tiempo se cumplió y el reino de Dios se acercó! ¡Cambien de mente y crean en las Buenas Noticias!
16 ১৬ পাছত তেওঁ গালীল সাগৰৰ তীৰেদি গৈ থাকোতে, চিমোন আৰু চিমোনৰ ভায়েক আন্দ্রিয়ক সাগৰত জাল বাই থকা দেখিলে; কিয়নো তেওঁলোক জালোৱা আছিল।
Al pasar junto al mar de Galilea, vio a Simón y a su hermano Andrés, quienes echaban una red en el mar porque eran pescadores.
17 ১৭ তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “মোৰ পাছত আহা; মই তোমালোকক মানুহ ধৰা জালোৱা কৰিম”।
Jesús les dijo: Síganme y serán pescadores de hombres.
18 ১৮ তেতিয়াই তেওঁলোকে জালবোৰ এৰি যীচুৰ পাছে পাছে গ’ল।
Dejaron las redes y de inmediato lo siguieron.
19 ১৯ পাছত যীচুৱে অলপ দূৰ আগুৱাই গৈ থাকোতে, চিবদিয়ৰ পুতেক যাকোব আৰু তেওঁৰ ভায়েক যোহনক দেখিলে; তেওঁলোকেও নাৱত জাল মেৰামতি কৰি আছিল।
Un poco más adelante vio a Jacobo, [hijo] de Zebedeo y a su hermano Juan quienes remendaban las redes en su barca.
20 ২০ তেওঁ তেতিয়াই তেওঁলোকক মাতিলে; লগে লগে তেওঁলোকে নিজৰ বাপেক চিবদিয় ও কাম কৰা বনুৱাৰ সকলে সৈতে নাও এৰি যীচুৰ পাছে পাছে গ’ল।
Enseguida los llamó. Dejaron a su padre Zebedeo en la barca con los jornaleros y lo siguieron.
21 ২১ পাছত তেওঁলোকে কফৰনাহূমলৈ গ’ল আৰু বিশ্ৰামবাৰ আহিলত নাম-ঘৰত সোমাই উপদেশ দিলে।
Entraron en Cafarnaúm, y los sábados [Jesús] enseñaba en la congregación judía.
22 ২২ তেওঁৰ উপদেশত লোক সকলে বিস্ময় মানিলে, কিয়নো তেওঁ বিধানৰ অধ্যাপক সকলে উপদেশ দিয়াৰ নিচিনাকৈ নিদি ক্ষমতাপন্ন ব্যক্তিৰ দৰে তেওঁলোকক উপদেশ দিলে।
Se asombraban de su doctrina, porque les enseñaba como Quien tiene autoridad y no como los escribas.
23 ২৩ সেই সময়ত তেওঁলোকৰ সেই নাম-ঘৰতে অশুচি আত্মাই ধৰা এজন মানুহ আছিল। তেওঁ আটাহ পাৰি ক’লে,
Un hombre que tenía un espíritu impuro estaba en la congregación y gritaba:
24 ২৪ “হে নাচৰতীয়া যীচু, আপোনাৰ লগত আমাৰ কি কাম? আপুনি আমাক নষ্ট কৰিবৰ বাবে আহিলে নে? আপুনি কোন, মই জানো৷ আপুনি ঈশ্বৰৰ পবিত্ৰ জন”।
¿Qué nos pasa a Ti y a mí, Jesús nazareno? ¿Vienes a destruirnos? ¡Sé Quién eres: El Santo de Dios!
25 ২৫ কিন্তু যীচুৱে তাক ডবিয়াই ক’লে, “মনে মনে থাক আৰু ইয়াৰ পৰা বাহিৰ ওলা!”
Pero Jesús lo reprendió: ¡Enmudece y sal de él!
26 ২৬ তেতিয়া সেই অশুচি আত্মাই এক ডাঙৰ মাতেৰে চিঞৰি মানুহ জনক তলত পেলাই মুচৰি তেওঁৰ পৰা বাহিৰ ওলাই গ’ল।
El espíritu impuro lo convulsionó, gritó a gran voz y salió de él.
27 ২৭ তাতে সকলোৱে বিস্ময় মানি, ইজনে সিজনে সোধা-সুধি কৰি কলে, “এইয়া কি? ক্ষমতাপন্ন জনৰ দৰে এক নতুন উপদেশ! এওঁ অশুচি আত্মাকো আজ্ঞা দিয়াত, সিহঁতেও দেখোন এওঁক মানে”।
Todos se asombraron de manera tan extraordinaria que decían: ¿Qué es esto? ¿Una nueva enseñanza? Con autoridad manda aun a los espíritus impuros, ¡y le obedecen!
28 ২৮ তেতিয়া তেওঁৰ খ্যাতি গালীল প্ৰদেশৰ চৌদিশে আৰু সেই অঞ্চলৰ সকলো ঠাইলৈ বিয়পি গ’ল।
Enseguida su fama se extendió por toda la región alrededor de Galilea.
29 ২৯ পাছত তেওঁলোকে নাম-ঘৰৰ পৰা ওলাই আহি চিমোন আৰু আন্দ্রিয়ৰ ঘৰত সোমাল। তেওঁলোকৰ লগত যাকোব আৰু যোহনো আছিল।
Al salir de la congregación, [Jesús] fue a la casa de Simón y Andrés con Jacobo y Juan.
30 ৩০ তাতে চিমোনৰ শাহুৱেক জ্বৰত অসুস্থ হৈ বিচনাত পৰি আছিল৷ তেতিয়াই তেওঁলোকে তেওঁৰ বিষয়ে যীচুক জনালে।
La suegra de Simón estaba tendida con fiebre, y de inmediato le hablaron de ella.
31 ৩১ তাতে তেওঁ ওচৰলৈ আহি তেওঁৰ হাতত ধৰিলে আৰু তেওঁক তুলিলে৷ তেতিয়া সেই জ্বৰে তেওঁক এৰিলে, আৰু তেওঁ তেওঁলোকৰ সেৱা-শুশ্রূষা কৰিবলৈ ধৰিলে।
Jesús se acercó, la tomó de la mano y la levantó. Se le quitó la fiebre, y les servía.
32 ৩২ সেই দিনা সন্ধিয়া বেলি মাৰ গলত, লোক সকলে সকলো ৰোগীক আৰু ভূতে পোৱা লোক সকলক তেওঁৰ ওচৰলৈ আনিলে;
Cuando bajó el sol, le llevaron todos los enfermos y endemoniados.
33 ৩৩ আৰু নগৰৰ লোক সকল আহি দুৱাৰ-মুখতে গোট খালে।
La ciudad entera se agolpó ante la puerta [de la casa].
34 ৩৪ তাতে তেওঁ নানা বিধ ৰোগত কষ্ট পাই থকা অনেক ৰোগীক সুস্থ কৰিলে আৰু ভূতে পোৱা বহু লোকৰ পৰা ভূত খেদালে৷ কিন্তু ভূতবোৰক একো কথা কবলৈ নিদিলে; কিয়নো সিহঁতে তেওঁক জানিছিল৷
Jesús sanó a muchos de diversas dolencias y echó fuera muchos demonios. No los dejaba hablar, porque lo conocían.
35 ৩৫ অতি ৰাতিপুৱা প্ৰায় আন্ধাৰ হৈ থাকোতেই তেওঁ উঠি, বাহিৰলৈ ওলাই গৈ নির্জন ঠাইত প্ৰাৰ্থনা কৰি আছিল।
Después de levantarse muy temprano, cuando aún había oscuridad, fue a un lugar solitario para hablar con Dios.
36 ৩৬ পাছত চিমোন আৰু লগৰবোৰে তেওঁক বিচাৰি গ’ল৷
Simón y los que andaban con él lo buscaron.
37 ৩৭ পাছত তেওঁক পাই কলে, “সকলোৱে আপোনাক বিচাৰি আছে”।
Cuando lo hallaron, le dijeron: ¡Todos te buscan!
38 ৩৮ তাতে তেওঁ তেওঁলোকক ক’লে, “ব’লা, আমি ওচৰৰ আন ঠাইবোৰলৈ যাওঁ, সেই ঠাইবোৰতো মই বাক্য ঘোষণা কৰিব লাগে; মই এই বাবেই ওলাই আহিলোঁ”।
[Él] les dijo: Vamos a predicar a otros pueblos vecinos, pues para esto salí.
39 ৩৯ পাছত তেওঁ গৈ, গালীল প্ৰদেশৰ সকলো ঠাইতে, তেওঁলোকৰ নাম-ঘৰবোৰতো প্রচাৰ কৰিলে আৰু ভূতবোৰক খেদালে।
Fue por toda Galilea, predicaba en las congregaciones de ellos y echaba fuera los demonios.
40 ৪০ তাতে এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহিল; আৰু সবিনয়েৰে তেওঁৰ সন্মুখত আঁঠু লৈ ক’লে, “আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে”।
Un leproso se acercó a Él y le rogaba: Si quieres, puedes limpiarme.
41 ৪১ তেতিয়া তেওঁৰ মৰম লাগিল আৰু হাত মেলি তেওঁক চুই ক’লে, “মই ইচ্ছা কৰিছোঁ৷ শুচি হোৱা”।
Conmovido, [Jesús] extendió la mano, lo tocó y le dijo: Quiero. ¡Sé limpio!
42 ৪২ তেতিয়া তেওঁৰ শৰীৰৰ পৰা কুষ্ঠৰোগ আতৰিল আৰু তেওঁ শুচি হ’ল।
Al instante la lepra salió de él y quedó limpio.
43 ৪৩ যীচুৱে তেওঁক কঠোৰ আজ্ঞা দি বিদায় দিলে।
Después de advertirle rigurosamente, lo despidió
44 ৪৪ যীচুৱে তেওঁক ক’লে, “সাৱধান হোৱা; কোনো ব্যক্তিক একো নকবা; কিন্তু যোৱা, পুৰোহিতৰ ওচৰত গৈ নিজকে দেখুওৱা আৰু তুমি শুচি হবৰ অৰ্থে মোচিয়ে যি যি উ‌‌ৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে, তেওঁলোকক সাক্ষ্য দিবৰ বাবে সেইবোৰ উ‌‌ৎসৰ্গ কৰাগৈ”।
y le dijo: Mira, a nadie le hables de esto, sino vé, preséntate ante el sacerdote. Ofrece por tu purificación lo que Moisés ordenó, para testimonio a ellos.
45 ৪৫ কিন্তু তেওঁ ওলাই গৈ সকলোৰে আগত ঘোষণা কৰিবলৈ ধৰিলে৷ আৰু এই কথা এনে ধৰণে প্রকাশ হবলৈ ধৰিলে যে, যীচুৱে প্রকাশ্যৰূপে কোনো নগৰত সোমাব নোৱাৰা হ’ল৷ তেওঁ গৈ বাহিৰত নিৰ্জন ঠাইবোৰত থাকিবলগীয়া হ’ল যাতে চাৰিওফালৰ পৰা লোক সকলে তেওঁৰ ওচৰলৈ আহিব পাৰে।
Pero al salir, pregonaba a muchos y divulgaba el asunto, de tal modo que [Jesús] no podía entrar públicamente en [la] ciudad, sino permanecía en lugares despoblados. Iban a Él de todas partes.

< মাৰ্ক 1 >