< যোহন 8 >

1 যীচু জৈতুন পৰ্বতলৈ গ’ল।
lakini Yesu akaenda kwenye mlima wa Mizeituni.
2 অতি ৰাতিপুৱাতে তেওঁ পুণৰ মন্দিৰলৈ আহিল; তেতিয়া সকলো মানুহ তেওঁৰ ওচৰলৈ অহাত তেওঁ বহি তেওঁলোকক উপদেশ দিবলৈ ধৰিলে।
Kesho yake asubuhi na mapema alikwenda tena Hekaluni. Watu wote wakamwendea, naye akaketi akawa anawafundisha.
3 তেনেতে বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে ব্যভিচাৰ কৰ্মত ধৰা এগৰাকী মহিলাক আনি তেওঁলোকৰ মাজত থলে।
Basi, walimu wa Sheria na Mafarisayo wakamletea mwanamke mmoja aliyefumaniwa katika uzinzi. Wakamsimamisha katikati yao.
4 তেওঁলোকে যীচুক সুধিলে, “হে গুৰু, এই মহিলা গৰাকী ব্যভিচাৰ কৰ্ম কৰোঁতেই ধৰা পৰিল।
Kisha wakamwuliza Yesu, “Mwalimu! Mwanamke huyu alifumaniwa katika uzinzi.
5 এতিয়া, মোচিৰ বিধানত আমাক আজ্ঞা দিছে যে, এনে মহিলাক শিল দলিয়াই মাৰিব লাগে। এনে স্থলত আপুনি তাইৰ বিষয়ে কি কয়?”
Katika Sheria yetu Mose alituamuru mwanamke kama huyu apigwe mawe. Basi, wewe wasemaje?”
6 এই কথা তেওঁলোকে যীচুক পৰীক্ষা কৰিবলৈ ক’লে, যাতে তেওঁৰ নামত দোষাৰোপ কৰিবলৈ কিবা সূত্র পাব পাৰে। কিন্তু যীচুৱে তললৈ মুৰ কৰি আঙুলিৰে মাটিত লিখিবলৈ ধৰিলে।
Walisema hivyo kumjaribu, wapate kisa cha kumshtaki. Lakini Yesu akainama chini, akaandika ardhini kwa kidole.
7 কিন্তু তেওঁলোকে যেতিয়া বাৰে বাৰে তেওঁক সুধিবলৈ ধৰিলে, তেওঁ মূৰ দাঙি তেওঁলোকক ক’লে, “আপোনালোকৰ মাজত যি জন নিষ্পাপী, তেৱেঁই প্ৰথমে তাইলৈ শিল দলিয়াওক।”
Walipozidi kumwuliza, Yesu akainuka, akawaambia, “Mtu asiye na dhambi miongoni mwenu na awe wa kwanza kumpiga jiwe.”
8 পাছত তেওঁ পুণৰ বাৰ তললৈ মূৰ কৰি মাটিত আঙুলিৰে লিখিব ধৰিলে।
Kisha akainama tena, akawa anaandika ardhini.
9 এই কথা শুনি তেওঁলোকৰ বয়সীয়া সকলৰ পৰা আৰম্ভ কৰি শেষৰ জনলৈকে এজন এজনকৈ সকলো বাহিৰলৈ ওলাই গ’ল৷ অৱশেষত কেৱল যীচু আৰু তেওঁলোকৰ মাজত থিয় হৈ থকা সেই মহিলা গৰাকীহে সেই ঠাইত থাকিল।
Waliposikia hivyo, wakaanza kutoweka mmojammoja, wakitanguliwa na wazee. Yesu akabaki peke yake, na yule mwanamke amesimama palepale.
10 ১০ যীচুৱে উঠি সেই মহিলা গৰাকীক সুধিলে, “হে নাৰী, তোমাক অপবাদ দিয়া সকল ক’ত গ’ল? তোমাক কোনেও দোষী নকৰিলে নেকি?”
Yesu alipoinuka akamwuliza huyo mwanamke, “Wako wapi wale watu? Je, hakuna hata mmoja aliyekuhukumu?”
11 ১১ তাই ক’লে, “নাই, কোনেও নকৰিলে প্ৰভু।” যীচুৱে ক’লে, “ময়ো দোষী নকৰোঁ; যোৱা, এতিয়াৰ পৰা পুনৰ পাপ নকৰিবা।”
Huyo mwanamke akamjibu, “Mheshimiwa, hakuna hata mmoja!” Naye Yesu akamwambia, “Wala mimi sikuhukumu. Nenda zako; na tangu sasa usitende dhambi tena.”
12 ১২ ইয়াৰ পাছত যীচুৱে আকৌ লোক সকলৰ লগত কথা কবলৈ ধৰিলে, “মই জগতৰ পোহৰ; যি জন মোৰ পাছে পাছে আহে, তেওঁ আন্ধাৰত নুফুৰি, জীৱনৰ পোহৰ পাব।”
Yesu alipozungumza nao tena, aliwaambia, “Mimi ndimi mwanga wa ulimwengu. Anayenifuata mimi hatembei kamwe gizani, bali atakuwa na mwanga wa uzima.”
13 ১৩ তেতিয়া ফৰীচী সকলে তেওঁক ক’লে, “তোমাৰ সাক্ষ্য সত্য নহয়, কাৰণ তুমি নিজে নিজৰ বিষয়ে সাক্ষ্য দিছা।”
Basi, Mafarisayo wakamwambia, “Wewe unajishuhudia mwenyewe; kwa hiyo ushahidi wako si halali.”
14 ১৪ যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “যদিও মই নিজৰ বিষয়ে নিজে সাক্ষ্য দিছোঁ, তথাপি মোৰ সাক্ষ্য সত্য; কিয়নো মই ক’ৰ পৰা আহিলোঁ, আৰু ক’লৈ গৈ আছোঁ, সেই বিষয়ে মই জানো; কিন্তু আপোনালোকে মই ক’ৰ পৰা আহিছোঁ, বা ক’লৈ যাওঁ সেই বিষয়ে নাজানে।
Yesu akawajibu, “Hata kama ninajishuhudia mwenyewe, ushahidi wangu ni wa kweli kwa sababu mimi najua nilikotoka na ninakokwenda. Lakini ninyi hamjui nilikotoka wala ninakokwenda.
15 ১৫ আপোনালোকে মাংসিক ভাব অনুসাৰে সোধ-বিচাৰ কৰিছে; মই এনেদৰে লোকৰ বিচাৰ নকৰোঁ।
Ninyi mnahukumu kwa fikira za kibinadamu, lakini mimi simhukumu mtu.
16 ১৬ তথাপি যদি বিচাৰ কৰোঁ, তেনেহলে মোৰ সোধ-বিচাৰ সত্য; কিয়নো মই অকলশৰীয়া নহওঁ; মইতো আছোঁৱেই, আৰু মোক পঠোৱা পিতৃও আছে।
Hata nikihukumu, hukumu yangu ni ya haki kwa sababu mimi siko peke yangu; Baba aliyenituma yuko pamoja nami.
17 ১৭ আপোনালোকৰ বিধানত লিখা আছে, দুজনৰ সাক্ষ্য যদি একে হয়, তেনেহলে ই সত্য হয়।
Imeandikwa katika Sheria yenu ya kwamba ushahidi wa watu wawili ni halali.
18 ১৮ মই নিজৰ বিষয়ে নিজে সাক্ষ্য দিছোঁ, আৰু মোক পঠোৱা পিতৃয়েও মোৰ বিষয়ে সাক্ষ্য দিছে।”
Mimi najishuhudia mwenyewe, naye Baba aliyenituma, ananishuhudia pia.”
19 ১৯ তেতিয়া তেওঁলোকে যীচুক সুধিলে, “তোমাৰ পিতৃ ক’ত আছে?” যীচুৱে উত্তৰ দিলে, “আপোনালোকে মোকো নাজানে আৰু মোৰ পিতৃকো নাজানে; মোক জনা হ’লে মোৰ পিতৃকো জানিলেহেঁতেন।”
Hapo wakamwuliza, “Baba yako yuko wapi?” Yesu akawajibu “Ninyi hamnijui mimi wala hamumjui Baba. Kama mngenijua mimi, mngemjua na Baba yangu pia.”
20 ২০ মন্দিৰৰ ধনভঁৰালৰ কাষত থাকি শিক্ষা দিওঁতে তেওঁ এইবোৰ কথা ক’লে; তথাপি তেতিয়াও তেওঁৰ সময় উপস্থিত হোৱা নাই বাবে কোনেও তেওঁক বন্দী নকৰিলে।
Yesu alisema maneno hayo kwenye chumba cha hazina alipokuwa anafundisha Hekaluni. Wala hakuna mtu aliyemtia nguvuni, kwa sababu saa yake ilikuwa haijafika bado.
21 ২১ পাছত তেওঁ আকৌ ফৰীচী সকলক ক’লে, “মই যাওঁ; আপোনালোকে মোক বিচাৰিব, কিন্তু আপোনালোক নিজ নিজ পাপতে মৰিব। মই যি ঠাইলৈ যাওঁ, সেই ঠাইলৈ আপোনালোকে যাব নোৱাৰে।”
Yesu akawaambia tena, “Naenda zangu nanyi mtanitafuta, lakini mtakufa katika dhambi zenu. Niendako mimi, ninyi hamwezi kufika.”
22 ২২ তেতিয়া ইহুদী সকলে ক’লে, “এওঁ কি আপোনঘাতী হ’ব নেকি? কিয়নো ‘মই যি ঠাইলৈ যাওঁ আপোনালোকে সেই ঠাইলৈ যাব নোৱাৰে’ বুলি যে কৈছে?”
Basi, viongozi wa Wayahudi wakasema, “Je, atajiua? Mbona anasema: Niendako ninyi hamwezi kufika?”
23 ২৩ তেওঁ তেওঁলোকক ক’লে, “আপোনালোক তলৰ পৰা আহিছে আৰু মই ওপৰৰ পৰা আহিছোঁ; আপোনালোক এই জগতৰ; কিন্তু মই এই জগতৰ নহওঁ।
Yesu akawaambia, “Ninyi mmetoka papa hapa chini, mimi nimetoka juu; ninyi ni wa ulimwengu huu, mimi si wa ulimwengu huu.
24 ২৪ এই কাৰণতে আপোনালোকক ক’লো যে, ‘আপোনালোক নিজ নিজ পাপ সমূহতে মৰিব’; আপোনালোকে যদি বিশ্বাস নকৰে যে ময়েই সেই জন, তেনেহলে অাপোনালোক নিজ নিজ পাপ সমূহত মৰিব।”
Ndiyo maana niliwaambieni mtakufa katika dhambi zenu. Kama msipoamini kwamba Mimi ndimi, mtakufa katika dhambi zenu.”
25 ২৫ তেতিয়া তেওঁলোকে তেওঁক সুধিলে “তুমি নো কোন?” যীচুৱে তেওঁলোকক ক’লে, “সেই বিষয়ে প্ৰথমৰে পৰা মই আপোনালোকক কৈ আছোঁ।
Nao wakamwuliza, “Wewe ni nani?” Yesu akawajibu, “Nimewaambieni tangu mwanzo!
26 ২৬ আপোনালোকৰ বিষয়ে ক’বলৈ আৰু বিচাৰ কৰিবলৈ অনেক কথা মোৰ আছে। কিন্তু মোক যি জনে পঠিয়াইছে, তেওঁ সত্য; মই তেওঁৰ পৰা যি শুনিলোঁ, সেই বিষয়ে জগতক কৈছোঁ।”
Ninayo mengi ya kusema na kuhukumu juu yenu. Lakini yule aliyenituma ni kweli; nami nauambia ulimwengu mambo yale tu niliyoyasikia kutoka kwake.”
27 ২৭ তেওঁ যে পিতৃৰ বিষয়ে এই কথা ক’লে ইয়াক তেওঁলোকে বুজি নাপালে।
Hawakuelewa kwamba Yesu alikuwa akisema nao juu ya Baba.
28 ২৮ সেয়ে যীচুৱে ক’লে, “আপোনালোকে যেতিয়া মানুহৰ পুত্ৰক ওপৰলৈ তুলিব, তেতিয়া আপোনালোকে জানিব যে মইয়ে সেই জন আৰু মই নিজৰ পৰা একো নকৰোঁ। পিতৃয়ে যেনেকৈ মোক শিকাইছে, মই সেইদৰেই এইবোৰ কথা কৈছোঁ।
Basi, Yesu akawaambia, “Mtakapokwisha mwinua Mwana wa Mtu hapo ndipo mtakapojua kwamba Mimi ndimi, na kwamba sifanyi chochote mimi mwenyewe, ila nasema tu yale Baba aliyonifundisha.
29 ২৯ মোক যি জনে পঠালে, তেওঁ মোৰ লগত আছে। তেওঁ মোক অকলশৰীয়াকৈ ৰখা নাই, কিয়নো মই সদায় তেওঁৰ সন্তোষজনক কাম কৰোঁ।”
Yule aliyenituma yuko pamoja nami; yeye hakuniacha peke yangu kwani nafanya daima yale yanayompendeza.”
30 ৩০ যীচুৱে যেতিয়া এইবোৰ কথা কৈ আছিল, অনেকে তেওঁত বিশ্বাস কৰিলে।
Baada ya kusema hayo watu wengi walimwamini.
31 ৩১ যি ইহুদী সকলে তেওঁক বিশ্বাস কৰিলে, যীচুৱে তেওঁলোকক ক’লে, “মোৰ বাক্যতে যদি আপোনালোক থাকে, তেনেহলে সঁচাকৈয়ে আপোনালোক মোৰ শিষ্য;
Basi, Yesu akawaambia wale Wayahudi waliomwamini, “Kama mkiyazingatia mafundisho yangu mtakuwa kweli wanafunzi wangu.
32 ৩২ আৰু আপোনালোকে সত্যক জানিব আৰু সেই সত্যই আপোনালোকক মুক্ত কৰিব।”
Mtaujua ukweli, nao ukweli utawapeni uhuru.”
33 ৩৩ তেওঁলোকে তেওঁক উত্তৰ দিলে, “আমি অব্ৰাহামৰ বংশধৰ; আৰু কেতিয়াও কাৰো সেৱাকৰ্ম কৰা নাই; তেনেস্থলত ‘আপোনালোকক মুক্ত কৰা হ’ব’, এনে কথা তুমি কেনেকৈ কৈছা?”
Nao wakamjibu, “Sisi ni wazawa wa Abrahamu, na hatujapata kamwe kuwa watumwa wa mtu yeyote yule. Una maana gani unaposema: mtakuwa huru?”
34 ৩৪ যীচুৱে উত্তৰ দিলে, “মই আপোনালোকক সঁচাই কওঁ, যি কোনোৱে পাপ-আচৰণ কৰে তেওঁ পাপৰ দাস।
Yesu akawajibu, “Kweli nawaambieni, kila mtu anayetenda dhambi ni mtumwa wa dhambi.
35 ৩৫ দাস পৰিয়ালত চিৰকাল নাথাকে, কিন্তু সন্তান হ’লে সদায় পৰিয়ালত থাকে। (aiōn g165)
Mtumwa hana makao ya kudumu nyumbani, lakini mwana anayo makao ya kudumu. (aiōn g165)
36 ৩৬ এই কাৰণে পুত্ৰই যদি আপোনালোকক মুক্ত কৰে, তেনেহলে আপোনালোক অৱশ্যেই মুক্ত হ’ব।
Kama mwana akiwapeni uhuru mtakuwa huru kweli.
37 ৩৭ আপোনালোক যে অব্ৰাহামৰ বংশধৰ, সেই বিষয়ে মই জানো; কিন্তু আপোনালোকে মোক বধ কৰিবলৈ উপায় বিচাৰি ফুৰিছে; কাৰণ আপোনালোকৰ অন্তৰত মোৰ বাক্যই ঠাই নাপায়।
Najua kwamba ninyi ni wazawa wa Abrahamu. Hata hivyo, mnataka kuniua kwa sababu hamuyakubali mafundisho yangu.
38 ৩৮ মই মোৰ পিতৃৰ ওচৰত যি দেখিলোঁ, সেই বিষয়েই কৈ থাকো আৰু আপোনালোকেও আপোনালোকৰ পিতৃৰ পৰা যি শুনিলে, তাকেই কৰি থাকে।”
Mimi nasema yale aliyonionyesha Baba, lakini ninyi mwafanya yale aliyowaambieni baba yenu.”
39 ৩৯ তাৰ উত্তৰত তেওঁলোকে যীচুক ক’লে, “আমাৰ পিতৃ অব্ৰাহাম।” যীচুৱে তেওঁলোকক ক’লে, “আপোনালোক যদি অব্ৰাহামৰ সন্তান হয়, তেনেহলে অব্রাহামে যি কৰিলে, আপোনালোকেও তেনে কৰ্ম কৰিলেহেঁতেন।
Wao wakamjibu, “Baba yetu ni Abrahamu!” Yesu akawaambia, “Kama ninyi mngekuwa watoto wa Abrahamu, mngefanya kama alivyofanya Abrahamu,
40 ৪০ ঈশ্বৰৰ ওচৰৰ পৰা যি সত্য মই শুনিলো, তাকেই আপোনালোকক কৈছোঁ। তথাপি এতিয়া আপোনালোকে মোকে বধ কৰিবলৈ বিচাৰিছে; কিন্তু অব্ৰাহামেতো এনে কৰ্ম কৰা নাই।
Mimi nimewaambieni ukweli niliousikia kwa Mungu; hata hivyo, ninyi mwataka kuniua. Abrahamu hakufanya hivyo!
41 ৪১ আপোনালোকৰ পিতৃয়ে যি কর্ম কৰে, আপোনালোকে তাকে কৰে।” তেওঁলোকে তেতিয়া যীচুক ক’লে, “আমি জাৰজ সন্তান নহওঁ; আমাৰ এজন পিতৃ আছে, তেওঁ ঈশ্বৰ।”
Ninyi mnafanya mambo yaleyale aliyofanya babu yenu.” Wao wakamwambia, “Sisi si watoto haramu! Tunaye baba mmoja tu, yaani Mungu.”
42 ৪২ যীচুৱে তেওঁলোকক ক’লে, “ঈশ্বৰ আপোনালোকৰ পিতৃ হোৱা হ’লে, আপোনালোকে মোক প্ৰেম কৰিলেহেঁতেন; কিয়নো মই ঈশ্বৰৰ ওচৰৰ পৰা আহিছোঁ; মই নিজৰ পৰা আহি ইয়াত থকা নাই, কিন্তু ঈশ্বৰেহে মোক ইয়ালৈ পঠিয়ালে।
Yesu akawaambia, “Kama Mungu angekuwa Baba yenu, mngenipenda mimi, maana mimi nilitoka kwa Mungu na sasa niko hapa. Sikuja kwa mamlaka yangu mwenyewe, ila yeye alinituma.
43 ৪৩ আপোনালোকে মোৰ কথাবোৰ কিয় নুবুজে? তাৰ কাৰণ এই যে আপোনালোকে মোৰ কথাবোৰ শুনি সহন কৰিব পৰা নাই।
Kwa nini hamwelewi hayo ninayosema? Ni kwa kuwa hamwezi kuusikiliza ujumbe wangu.
44 ৪৪ চয়তান আপোনালোকৰ পিতৃ আৰু আপোনালোক তাৰ পৰা হৈছে। সেই কাৰণে আপোনালোকে আপোনালোকৰ সেই পিতৃৰ অভিলাষ পূর্ণ কৰিবলৈ ইচ্ছা কৰে। চয়তান আদিৰে পৰা নৰবধী; সি সত্যত নাথাকে, কিয়নো তাৰ ভিতৰত সত্য নাই। সি যেতিয়া মিছা কথা কয়, তেতিয়া সি নিজৰ স্বভাৱৰ পৰাই কয়। কাৰণ সি মিছলীয়া আৰু সকলো মিছাৰ বাপেক।
Ninyi ni watoto wa baba yenu Ibilisi na mnataka tu kutekeleza tamaa za baba yenu. Yeye alikuwa muuaji tangu mwanzo; hana msimamo katika ukweli, kwani ukweli haumo ndani yake. Kila asemapo uongo, husema kutokana na hali yake ya maumbile, maana yeye ni mwongo na baba wa uongo.
45 ৪৫ মই সত্য কথা কওঁ বাবে আপোনালোকে মোক বিশ্বাস নকৰে।
Mimi nasema ukweli, na ndiyo maana ninyi hamniamini.
46 ৪৬ আপোনালোকৰ মাজৰ কোনে মোক পাপী বুলি দোষী কৰিব পাৰে? মই যদি সত্য কথা কৈছোঁ, তেনেহলে আপোনালোকে কিয় মোক বিশ্বাস নকৰে?
Nani kati yenu awezaye kuthibitisha kuwa mimi nina dhambi? Ikiwa basi nasema ukweli, kwa nini hamniamini?
47 ৪৭ যি জন ঈশ্বৰৰ লোক, তেওঁ ঈশ্বৰৰ কথা শুনে। আপোনালোকে সেই বাবেই নুশুনে, কাৰণ আপোনালোক ঈশ্বৰৰ লোক নহয়৷”
Aliye wa Mungu husikiliza maneno ya Mungu. Lakini ninyi hamsikilizi kwa sababu ninyi si (watu wa) Mungu.”
48 ৪৮ ইহুদী সকলে উত্তৰ দি তেওঁক ক’লে, “আমি সঁচাকৈয়ে জানো কোৱা নাছিলো যে তুমি এজন চমৰীয়া, আৰু তোমাৰ ভিতৰত এটা ভূত আছে?”
Wayahudi wakamwambia, “Je, hatukusema kweli kwamba wewe ni Msamaria, na tena una pepo?”
49 ৪৯ যীচুৱে উত্তৰ দিলে, “মোক ভূতে পোৱা নাই, বৰঞ্চ মই মোৰ পিতৃক সন্মান কৰোঁ; কিন্তু, আপোনালোকে মোক অসন্মান কৰে।
Yesu akajibu, “Mimi sina pepo; mimi namheshimu Baba yangu, lakini ninyi hamniheshimu.
50 ৫০ মই মোৰ নিজৰ মৰ্যদা নিবিচাৰোঁ; কিন্তু এজন আছে যি জনে বিচাৰে আৰু তেওঁ বিচাৰো কৰে।
Mimi sijitafutii utukufu wangu mwenyewe; yuko mmoja mwenye kuutafuta utukufu huo, naye ni hakimu.
51 ৫১ মই আপোনালোকক সঁচাকৈয়ে কওঁ, কোনোৱে যদি মোৰ বাক্য পালন কৰে, তেওঁ কোনো কালে মৃত্যুক নেদেখিব।” (aiōn g165)
Kweli nawaambieni, anayeuzingatia ujumbe wangu hatakufa milele.” (aiōn g165)
52 ৫২ ইহুদী সকলে তেওঁক ক’লে, “এতিয়া আমি সঁচাই বুজিছো যে তোমাৰ গাত ভূত আছে। অব্ৰাহাম আৰু ভাৱবাদী সকল মৰি গ’ল, কিন্তু তুমি কৈছা, ‘কোনোৱে যদি মোৰ বাক্য পালন কৰে, তেওঁ কোনো কালে মৃত্যুভোগ নকৰিব।’ (aiōn g165)
Basi, Wayahudi wakasema, “Sasa tunajua kweli kwamba wewe ni mwendawazimu! Abrahamu alikufa, na manabii pia walikufa, nawe wasema ati, Anayeuzingatia ujumbe wangu hatakufa milele! (aiōn g165)
53 ৫৩ তুমি কি আমাৰ ওপৰ-পিতৃ অব্ৰাহামতকৈয়ো মহান হ’লা নেকি? তেওঁৰ মৃত্যু হ’ল আৰু ভাৱবাদী সকলৰো মৃত্যু হ’ল; তুমি নিজকে কোন বুলি ভাৱিছা?”
Je, unajifanya mkuu zaidi kuliko baba yetu Abrahamu ambaye alikufa? Hata na manabii walikufa. Wewe unajifanya kuwa nani?”
54 ৫৪ যীচুৱে উত্তৰ দিলে, “মই যদি নিজে নিজক মহিমান্বিত কৰোঁ, তেনেহলে মোৰ মহিমাৰ একো মূল্য নাই; কিন্তু মোৰ পিতৃ, যি জনক আপোনালোকে আপোনালোকৰ ঈশ্বৰ বুলি দাবী কৰে, তেৱেঁই মোক গৌৰৱান্বিত কৰে।
Yesu akawajibu, “Nikijitukuza mwenyewe, utukufu wangu si kitu. Baba yangu ambaye ninyi mwasema ni Baba yenu, ndiye anayenitukuza.
55 ৫৫ আপোনালোকে তেওঁক নাজানে; মই হ’লে তেওঁক জানো; মই তেওঁক নাজানো বুলি যদি কওঁ, তেনেহলে আপোনালোকৰ নিচিনা মিছলীয়া হ’ম। কিন্তু মই তেওঁক জানো, আৰু তেওঁৰ বাক্য পালন কৰোঁ।
Ninyi hamjapata kumjua, lakini mimi namjua. Na, nikisema simjui, nitakuwa mwongo kama ninyi. Mimi namjua na ninashika neno lake.
56 ৫৬ আপোনালোকৰ ওপৰ-পুৰুষ অব্ৰাহামে মোৰ দিন দেখাৰ আশাত উল্লাসিত হৈছিল; তেওঁ সেইদিন দেখিলে আৰু আনন্দ কৰিলে।”
Abrahamu, baba yenu, alishangilia aione siku yangu; naye aliiona, akafurahi.”
57 ৫৭ ইহুদী সকলে যীচুক ক’লে, “তোমাৰ বয়স এতিয়াও পঞ্চাশ বছৰ হোৱাই নাই আৰু তুমি অব্ৰাহামক দেখিলা নে?”
Basi, Wayahudi wakamwambia, “Wewe hujatimiza miaka hamsini bado, nawe umemwona Abrahamu?”
58 ৫৮ যীচুৱে তেওঁলোকক ক’লে, “সঁচাকৈয়ে মই আপোনালোকক কওঁ, অব্ৰাহামৰ জন্মৰ আগৰে পৰা মই আছোঁ।”
Yesu akawaambia, “Kweli nawaambieni, kabla Abrahamu hajazaliwa, mimi niko.”
59 ৫৯ তেতিয়া তেওঁলোকে তেওঁক মাৰিবৰ কাৰণে শিল তুলি ল’লে। কিন্তু যীচুৱে গোপনে মন্দিৰৰ পৰা বাহিৰলৈ ওলাই গ’ল।
Hapo wakaokota mawe ili wamtupie, lakini Yesu akajificha, akatoka Hekaluni.

< যোহন 8 >