< যোহন 10 >

1 যীচুৱে ক’লে, “মই সঁচাকৈ আপোনালোকক কওঁ, যি জনে মেৰৰ গৰাললৈ সোমাওঁতে দুৱাৰেদি নোসোমায়, কিন্তু তাৰ পৰিৱর্তে আন কোনো ফালে বগাই সোমায়, সি এটা চোৰ আৰু ডকাইত।
Yesu alisema “Kweli nawaambieni, yeyote yule asiyeingia katika zizi la kondoo kwa kupitia mlangoni, bali hupenya na kuingia kwa njia nyingine, huyo ni mwizi na mnyang'anyi.
2 যি জনে দুৱাৰেদি সোমায়, তেওঁ মেৰৰখীয়া।
Lakini anayeingia kwa kupitia mlangoni, huyo ndiye mchungaji wa kondoo.
3 দ্বাৰ-ৰক্ষকে মেৰৰখীয়াক দুৱাৰ মেলি দিয়ে। মেৰবোৰে তেওঁৰ মাত শুনে আৰু তেওঁ নিজৰ মেষবোৰক নাম ধৰি ধৰি মাতি বাহিৰলৈ লৈ যায়।
Mngoja mlango wa zizi humfungulia, na kondoo husikia sauti yake, naye huwaita kondoo wake kila mmoja kwa jina lake na kuwaongoza nje.
4 নিজৰ সকলো মেষক বাহিৰ কৰাৰ পাছত তেওঁ মেৰবোৰৰ আগে আগে যায় আৰু মেষবোৰ তেওঁৰ পাছে পছে গৈ থাকে, কিয়নো সিহঁতে তেওঁৰ মাত বুজি পায়।
Akisha watoa nje huwatangulia mbele nao kondoo humfuata, kwani wanaijua sauti yake.
5 সিহঁতে এজন অচিনাকি লোকৰ পাছত কেতিয়াও নাযাব, বৰং সিহঁত তেওঁৰ ওচৰৰ পৰা পলাইহে যাব। কাৰণ সিহঁতে অচিনাকি লোকৰ মাত চিনি নাপায়।
Kondoo hao hawawezi kumfuata mgeni, bali watamkimbia kwa sababu hawaijui sauti yake.”
6 যীচুৱে তেওঁলোকক এই দৃষ্টান্তটো ক’লে; কিন্তু তেওঁ যে কি কব বিচাৰিছে, সেই বিষয়ে তেওঁলোকে নুবুজিলে।
Yesu aliwaambia mfano huo, lakini wao hawakuelewa alichotaka kuwaambia.
7 তেতিয়া যীচুৱে পুনৰ তেওঁলোকক ক’লে, “মই আপোনালোকক সঁচাই কওঁ, ময়েই মেৰৰ গৰালৰ দুৱাৰ।
Basi, akasema tena, “Kweli nawaambieni, mimi ni mlango wa kondoo.
8 মোৰ আগেয়ে যি সকল আহিল, তেওঁলোক সকলোৱেই চোৰ আৰু ডকাইত; কিন্তু মেৰবোৰে সিহঁতৰ কথা নুশুনিলে।
Wale wengine wote waliokuja kabla yangu ni wezi na wanyang'anyi, nao kondoo hawakuwasikiliza.
9 ময়েই দুৱাৰ; যি কোনোৱে মোৰ মাজেদি সোমায়, তেওঁ ৰক্ষা পাব। তেওঁ ভিতৰলৈ আৰু বাহিৰলৈ অহা-যোৱা কৰিব, আৰু চৰণীয়া ঠাই পাব।
Mimi ni mlango. Anayeingia kwa kupitia kwangu ataokolewa; ataingia na kutoka, na kupata malisho.
10 ১০ চোৰে কেৱল চুৰ, বধ, আৰু বিনাশ কৰিবলৈহে আহে; কিন্তু মই হ’লে, তেওঁলোকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই কাৰণে আহিলোঁ।
Mwizi huja kwa shabaha ya kuiba, kuua na kuharibu. Mimi nimekuja mpate kuwa na uzima—uzima kamili.
11 ১১ ময়েই সজ মেষৰখীয়া; সজ মেৰৰখীয়াই তেওঁৰ মেৰৰ কাৰণে নিজৰ প্ৰাণকো দিয়ে।
“Mimi ni mchungaji mwema. Mchungaji mwema huutoa uhai wake kwa ajili ya kondoo wake.
12 ১২ কিন্তু এজন বেতনভোগী দাস, তেওঁ নিজে মেৰৰখীয়া নহয় আৰু মেৰবোৰ তেওঁৰ নিজৰ নহয়; সেই বাবে তেওঁ যেতিয়া ৰাংকুকুৰ অহা দেখে, মেৰবোৰ এৰি পলাই যায়; তাতে ৰাংকুকুৰে সিহঁতক ধৰি লৈ যায় আৰু সিহঁত চাৰিওফালে ছিন্ন-ভিন্ন হৈ পৰে।
Mtu wa kuajiriwa ambaye si mchungaji, na wala kondoo si mali yake, anapoona mbwa mwitu anakuja, huwaacha kondoo na kukimbia. Kisha mbwa mwitu huwakamata na kuwatawanya.
13 ১৩ এজন বেতনভোগী দাস হোৱাৰ কাৰণে তেওঁ পলাই যায়; মেৰবোৰলৈ তেওঁৰ কোনো চিন্তা নাথাকে।
Yeye hajali kitu juu ya kondoo kwa sababu yeye ni mtu wa mshahara tu.
14 ১৪ ময়েই সজ মেষৰখীয়া; মই নিজৰ মেষবোৰক জানো আৰু মোৰ মেষবোৰেও মোক জানে;
Mimi ni mchungaji mwema. Nawajua walio wangu, nao walio wangu wananijua mimi,
15 ১৫ পিতৃয়ে মোক জানে আৰু ময়ো পিতৃক জানো। মই মোৰ মেৰৰ বাবে নিজৰ প্ৰাণকো দিওঁ।
kama vile Baba anijuavyo, nami nimjuavyo Baba. Mimi nayatoa maisha yangu kwa ajili yao.
16 ১৬ মোৰ এনে অনেক মেৰ আছে, যি এই গৰালৰ নহয়। মই অৱশ্যেই সিহঁতক আনিব লাগে। সিহঁতেও মোৰ মাত শুনিব আৰু তেতিয়া সকলো একেটা জাক হ’ব আৰু সিহঁতৰ ৰখীয়াও হ’ব এজন।
Tena ninao kondoo wengine ambao hawamo zizini humu. Inanibidi kuwaleta hao pia, nao wataisikia sauti yangu, na kutakuwako kundi moja na mchungaji mmoja.
17 ১৭ পিতৃয়ে মোক এই বাবেই প্ৰেম কৰে; কাৰণ মই নিজৰ প্ৰাণ সমর্পণ কৰোঁ যাতে সেই প্ৰাণ পুনৰায় পাব পাৰোঁ।
“Baba ananipenda kwani nautoa uhai wangu ili nipate kuupokea tena.
18 ১৮ কোনেও মোৰ পৰা মোৰ প্রাণ হৰণ কৰিব নোৱাৰে, কিন্তু মই নিজে তাক সমর্পণ কৰোঁ আৰু তাক সমর্পণ কৰাৰ ক্ষমতা মোৰ আছে; পুনৰায় তাক পোৱাৰ ক্ষমতাও মোৰ আছে। এই আজ্ঞা মই মোৰ পিতৃৰ পৰা পাইছোঁ।”
Hakuna mtu anayeninyang'anya uhai wangu; mimi na nautoa kwa hiari yangu mwenyewe. Ninao uwezo wa kuutoa na uwezo wa kuuchukua tena. Hivi ndivyo Baba alivyoniamuru nifanye.”
19 ১৯ এনেবোৰ কথাৰ কাৰণে ইহুদী সকলৰ মাজত আকৌ মতৰ অমিল হবলৈ ধৰিলে।
Kukawa tena na mafarakano kati ya Wayahudi kwa sababu ya maneno haya.
20 ২০ তেওঁলোকৰ মাজৰ অনেকে ক’লে, “ইয়াক ভূতে পাইছে; ই বলিয়া; ইয়াৰ কথা তোমালোকে কিয় শুনা?”
Wengi wao wakasema, “Ana pepo; tena ni mwendawazimu! Ya nini kumsikiliza?”
21 ২১ আন সকলে ক’লে, “কিন্তু এই সকলো কথাতো এজন ভূতে পোৱা মানুহে কোৱা কথা নহয়। ভূতে জানো অন্ধৰ চকু মুকলি কৰিব পাৰে?”
Wengine wakasema, “Haya si maneno ya mwenye pepo. Je, pepo anaweza kuyafumbua macho ya vipofu?”
22 ২২ তাৰ পাছত যিৰূচালেমত মন্দিৰ প্ৰতিষ্ঠাৰ পৰ্ব উপস্থিত হ’ল।
Huko Yerusalemu kulikuwa na sikukuu ya Kutabaruku. Wakati huo ulikuwa wa baridi.
23 ২৩ সেই সময়ত শীতকাল আছিল; যীচুৱে মন্দিৰত চলোমনৰ বাৰাণ্ডাত খোজকাঢ়ি আছিল।
Naye Yesu akawa anatembea Hekaluni katika ukumbi wa Solomoni.
24 ২৪ তেনেতে ইহুদী সকলে তেওঁক আগুৰি ধৰি ক’লে, “আৰু কিমান কাল তুমি আমাক সন্দেহৰ দোমোজাত ৰাখিবা? তুমিয়ে যদি খ্ৰীষ্ট হোৱা, তেনেহলে আমাক স্পষ্টকৈ কোৱা।”
Basi, Wayahudi wakamzunguka, wakamwuliza, “Utatuacha katika mashaka mpaka lini? Kama wewe ndiye Kristo, basi, tuambie wazi.”
25 ২৫ যীচুৱে উত্তৰ দিলে, “মই আপোনালোকক ক’লো, কিন্তু আপোনালোকেতো বিশ্বাসেই নকৰে; মোৰ পিতৃৰ নামেৰে মই যি সকলো কৰ্ম কৰিছোঁ, সেইবোৰেই মোৰ বিষয়ে সাক্ষ্য দিছে।
Yesu akawajibu, “Nimewaambieni, lakini hamsadiki. Kazi ninazozifanya mimi kwa jina la Baba yangu zinanishuhudia.
26 ২৬ তথাপি আপোনালোকে বিশ্বাস নকৰে; কাৰণ আপোনালোক মোৰ মেৰৰ জাকৰ মাজৰ নহয়।
Lakini ninyi hamsadiki kwa sababu ninyi si kondoo wangu.
27 ২৭ মোৰ মেৰবোৰে হ’লে মোৰ মাত শুনে। মই সেই সকলক জানো, আৰু সেই সকল মোৰ পাছে পাছে আহে;
Kondoo wangu huisikia sauti yangu; mimi nawajua, nao hunifuata.
28 ২৮ মই সেই সকলক অনন্ত জীৱন দিওঁ; তাতে তেওঁলোক কোনো কালে বিনষ্ট নহ’ব, আৰু কোনেও মোৰ হাতৰ পৰা তেওঁলোকক কাঢ়ি নল’ব। (aiōn g165, aiōnios g166)
Mimi nawapa uzima wa milele; nao hawatapotea milele, wala hakuna mtu atakayeweza kuwatoa mkononi mwangu. (aiōn g165, aiōnios g166)
29 ২৯ মোৰ পিতৃ, যি জনে তেওঁলোকক মোক দিলে, তেওঁ সবাতোকৈ মহান; সেই পিতৃৰ হাতৰ পৰা তেওঁলোকক কোনেও কাঢ়ি ল’ব নোৱাৰে।
Baba yangu ambaye ndiye aliyenipa hao ni mkuu kuliko wote, wale hakuna awezaye kuwatoa mikononi mwake Baba.
30 ৩০ মই আৰু পিতৃ এক।”
Mimi na Baba, tu mmoja.”
31 ৩১ তেতিয়া ইহুদী সকলে তেওঁক মাৰিবলৈ আকৌ শিল তুলি ল’লে।
Basi, Wayahudi wakachukua mawe ili wamtupie.
32 ৩২ যীচুৱে তেওঁলোকক উত্তৰ দিলে, “পিতৃৰ পৰা অনেক ভাল কৰ্ম কৰি মই আপোনালোকক দেখুৱালোঁ; সেইবোৰৰ কোন কৰ্মৰ কাৰণে আপোনালোকে মোক শিল দলিয়াই মাৰিব বিছাৰিছে?”
Yesu akawaambia, “Nimewaonyesheni kazi nyingi kutoka kwa Baba. Ni ipi kati ya hizo inayowafanya mnipige mawe?”
33 ৩৩ ইহুদী সকলে তেওঁক উত্তৰ দিলে, “ভাল কৰ্মৰ কাৰণে আমি তোমাক শিল দলিয়াই মাৰিব বিচৰা নাই, কিন্তু তুমি মানুহ হৈয়ো, নিজকে ঈশ্বৰ বুলি ঈশ্বৰক নিন্দা কৰিছা, সেই কাৰণেহে বিচাৰিছোঁ।”
Wayahudi wakamjibu, “Hatukupigi mawe kwa ajili ya tendo jema, ila kwa sababu ya kukufuru! Maana wajifanya kuwa Mungu hali wewe ni binadamu tu.”
34 ৩৪ যীচুৱে তেওঁলোকক উত্তৰ দিলে, “আপোনালোকৰ বিধান-শাস্ত্ৰত জানো এইদৰে লিখা নাই ‘মই ক’লো, “তোমালোক ঈশ্বৰবোৰ?”’
Yesu akawajibu, “Je, haikuandikwa katika Sheria yenu: Mimi nimesema, ninyi ni miungu?
35 ৩৫ যি সকল লোকলৈ ঈশ্বৰৰ বাক্য আহিছিল, সেই লোক সকলক তেওঁ যদি ঈশ্বৰবুলি ক’লে (ধৰ্মশাস্ত্ৰৰ বচন অলৰ, এই বচন কেতিয়াও ভংগ নহয়)।
Mungu aliwaita miungu wale waliopewa neno lake; nasi twajua kwamba Maandiko Matakatifu yasema ukweli daima.
36 ৩৬ তেনেহলে যি জনক পিতৃয়ে পবিত্র কৰিলে আৰু জগতলৈ পঠালে, তেওঁক আপোনালোকে কিয় কয়, ‘তুমি ঈশ্বৰ নিন্দা কৰিছা’ বুলি; কাৰণ মই ক’লো যে, ‘মই ঈশ্বৰৰ পুত্ৰ’?
Je, yeye ambaye Baba alimweka wakfu na kumtuma ulimwenguni, mnamwambia: Unakufuru, eti kwa sababu nilisema: Mimi ni Mwana wa Mungu?
37 ৩৭ মোৰ পিতৃৰ কার্য যদি মই নকৰোঁ, তেনেহলে মোক বিশ্বাস নকৰিব;
Kama sifanyi kazi za Baba yangu msiniamini.
38 ৩৮ কিন্তু যদি কৰোঁ, মোক বিশ্বাস নকৰিলেও, অন্তত: সেই কার্যক বিশ্বাস কৰক, যাতে আপোনালোকে জানিব পাৰে আৰু বুজিব পাৰে যে পিতৃ মোত আছে আৰু মই পিতৃত আছোঁ।”
Lakini ikiwa ninazifanya, hata kama hamniamini, walau ziaminini hizo kazi mpate kujua na kutambua kwamba Baba yuko ndani yangu, nami niko ndani yake.”
39 ৩৯ তেতিয়া তেওঁলোকে আকৌ যীচুক ধৰিবলৈ উপায় বিচাৰিলে; কিন্তু তেওঁ তেওঁলোকৰ হাতৰ পৰা ওলাই গ’ল।
Wakajaribu tena kumkamata lakini akachopoka mikononi mwao.
40 ৪০ পাছত যৰ্দ্দনৰ সিপাৰত য’ত যোহনে প্রথমতে বাপ্তিস্ম দিছিল, যীচু সেই ঠাইলৈ পুণৰ গ’ল আৰু তাতে থকিল।
Yesu akaenda tena ng'ambo ya mto Yordani, mahali Yohane alipokuwa akibatiza, akakaa huko.
41 ৪১ তাতে অনেক লোক যীচুৰ ওচৰলৈ আহিল আৰু কোৱা-কুই কৰিবলৈ ধৰিলে “যোহনে একো আচৰিত চিন নকৰিব পাৰে সঁচা, কিন্তু এই লোকৰ বিষয়ে তেওঁ যি যি কথা কৈছিল, সেই সকলোৱেই সত্য।”
Watu wengi walimwendea wakasema, “Yohane hakufanya ishara yoyote. Lakini yale yote Yohane aliyosema juu ya mtu huyu ni kweli kabisa.”
42 ৪২ আৰু সেই ঠাইত অনেকে যীচুক বিশ্বাস কৰিলে।
Watu wengi mahali hapo wakamwamini.

< যোহন 10 >