< যোহন 8 >

1 যীচু জৈতুন পৰ্বতলৈ গ’ল।
ಪ್ರತ್ಯೂಷೇ ಯೀಶುಃ ಪನರ್ಮನ್ದಿರಮ್ ಆಗಚ್ಛತ್
2 অতি ৰাতিপুৱাতে তেওঁ পুণৰ মন্দিৰলৈ আহিল; তেতিয়া সকলো মানুহ তেওঁৰ ওচৰলৈ অহাত তেওঁ বহি তেওঁলোকক উপদেশ দিবলৈ ধৰিলে।
ತತಃ ಸರ್ವ್ವೇಷು ಲೋಕೇಷು ತಸ್ಯ ಸಮೀಪ ಆಗತೇಷು ಸ ಉಪವಿಶ್ಯ ತಾನ್ ಉಪದೇಷ್ಟುಮ್ ಆರಭತ|
3 তেনেতে বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে ব্যভিচাৰ কৰ্মত ধৰা এগৰাকী মহিলাক আনি তেওঁলোকৰ মাজত থলে।
ತದಾ ಅಧ್ಯಾಪಕಾಃ ಫಿರೂಶಿನಞ್ಚ ವ್ಯಭಿಚಾರಕರ್ಮ್ಮಣಿ ಧೃತಂ ಸ್ತ್ರಿಯಮೇಕಾಮ್ ಆನಿಯ ಸರ್ವ್ವೇಷಾಂ ಮಧ್ಯೇ ಸ್ಥಾಪಯಿತ್ವಾ ವ್ಯಾಹರನ್
4 তেওঁলোকে যীচুক সুধিলে, “হে গুৰু, এই মহিলা গৰাকী ব্যভিচাৰ কৰ্ম কৰোঁতেই ধৰা পৰিল।
ಹೇ ಗುರೋ ಯೋಷಿತಮ್ ಇಮಾಂ ವ್ಯಭಿಚಾರಕರ್ಮ್ಮ ಕುರ್ವ್ವಾಣಾಂ ಲೋಕಾ ಧೃತವನ್ತಃ|
5 এতিয়া, মোচিৰ বিধানত আমাক আজ্ঞা দিছে যে, এনে মহিলাক শিল দলিয়াই মাৰিব লাগে। এনে স্থলত আপুনি তাইৰ বিষয়ে কি কয়?”
ಏತಾದೃಶಲೋಕಾಃ ಪಾಷಾಣಾಘಾತೇನ ಹನ್ತವ್ಯಾ ಇತಿ ವಿಧಿರ್ಮೂಸಾವ್ಯವಸ್ಥಾಗ್ರನ್ಥೇ ಲಿಖಿತೋಸ್ತಿ ಕಿನ್ತು ಭವಾನ್ ಕಿಮಾದಿಶತಿ?
6 এই কথা তেওঁলোকে যীচুক পৰীক্ষা কৰিবলৈ ক’লে, যাতে তেওঁৰ নামত দোষাৰোপ কৰিবলৈ কিবা সূত্র পাব পাৰে। কিন্তু যীচুৱে তললৈ মুৰ কৰি আঙুলিৰে মাটিত লিখিবলৈ ধৰিলে।
ತೇ ತಮಪವದಿತುಂ ಪರೀಕ್ಷಾಭಿಪ್ರಾಯೇಣ ವಾಕ್ಯಮಿದಮ್ ಅಪೃಚ್ಛನ್ ಕಿನ್ತು ಸ ಪ್ರಹ್ವೀಭೂಯ ಭೂಮಾವಙ್ಗಲ್ಯಾ ಲೇಖಿತುಮ್ ಆರಭತ|
7 কিন্তু তেওঁলোকে যেতিয়া বাৰে বাৰে তেওঁক সুধিবলৈ ধৰিলে, তেওঁ মূৰ দাঙি তেওঁলোকক ক’লে, “আপোনালোকৰ মাজত যি জন নিষ্পাপী, তেৱেঁই প্ৰথমে তাইলৈ শিল দলিয়াওক।”
ತತಸ್ತೈಃ ಪುನಃ ಪುನಃ ಪೃಷ್ಟ ಉತ್ಥಾಯ ಕಥಿತವಾನ್ ಯುಷ್ಮಾಕಂ ಮಧ್ಯೇ ಯೋ ಜನೋ ನಿರಪರಾಧೀ ಸಏವ ಪ್ರಥಮಮ್ ಏನಾಂ ಪಾಷಾಣೇನಾಹನ್ತು|
8 পাছত তেওঁ পুণৰ বাৰ তললৈ মূৰ কৰি মাটিত আঙুলিৰে লিখিব ধৰিলে।
ಪಶ್ಚಾತ್ ಸ ಪುನಶ್ಚ ಪ್ರಹ್ವೀಭೂಯ ಭೂಮೌ ಲೇಖಿತುಮ್ ಆರಭತ|
9 এই কথা শুনি তেওঁলোকৰ বয়সীয়া সকলৰ পৰা আৰম্ভ কৰি শেষৰ জনলৈকে এজন এজনকৈ সকলো বাহিৰলৈ ওলাই গ’ল৷ অৱশেষত কেৱল যীচু আৰু তেওঁলোকৰ মাজত থিয় হৈ থকা সেই মহিলা গৰাকীহে সেই ঠাইত থাকিল।
ತಾಂ ಕಥಂ ಶ್ರುತ್ವಾ ತೇ ಸ್ವಸ್ವಮನಸಿ ಪ್ರಬೋಧಂ ಪ್ರಾಪ್ಯ ಜ್ಯೇಷ್ಠಾನುಕ್ರಮಂ ಏಕೈಕಶಃ ಸರ್ವ್ವೇ ಬಹಿರಗಚ್ಛನ್ ತತೋ ಯೀಶುರೇಕಾಕೀ ತಯಕ್ತ್ತೋಭವತ್ ಮಧ್ಯಸ್ಥಾನೇ ದಣ್ಡಾಯಮಾನಾ ಸಾ ಯೋಷಾ ಚ ಸ್ಥಿತಾ|
10 ১০ যীচুৱে উঠি সেই মহিলা গৰাকীক সুধিলে, “হে নাৰী, তোমাক অপবাদ দিয়া সকল ক’ত গ’ল? তোমাক কোনেও দোষী নকৰিলে নেকি?”
ತತ್ಪಶ್ಚಾದ್ ಯೀಶುರುತ್ಥಾಯ ತಾಂ ವನಿತಾಂ ವಿನಾ ಕಮಪ್ಯಪರಂ ನ ವಿಲೋಕ್ಯ ಪೃಷ್ಟವಾನ್ ಹೇ ವಾಮೇ ತವಾಪವಾದಕಾಃ ಕುತ್ರ? ಕೋಪಿ ತ್ವಾಂ ಕಿಂ ನ ದಣ್ಡಯತಿ?
11 ১১ তাই ক’লে, “নাই, কোনেও নকৰিলে প্ৰভু।” যীচুৱে ক’লে, “ময়ো দোষী নকৰোঁ; যোৱা, এতিয়াৰ পৰা পুনৰ পাপ নকৰিবা।”
ಸಾವದತ್ ಹೇ ಮಹೇಚ್ಛ ಕೋಪಿ ನ ತದಾ ಯೀಶುರವೋಚತ್ ನಾಹಮಪಿ ದಣ್ಡಯಾಮಿ ಯಾಹಿ ಪುನಃ ಪಾಪಂ ಮಾಕಾರ್ಷೀಃ|
12 ১২ ইয়াৰ পাছত যীচুৱে আকৌ লোক সকলৰ লগত কথা কবলৈ ধৰিলে, “মই জগতৰ পোহৰ; যি জন মোৰ পাছে পাছে আহে, তেওঁ আন্ধাৰত নুফুৰি, জীৱনৰ পোহৰ পাব।”
ತತೋ ಯೀಶುಃ ಪುನರಪಿ ಲೋಕೇಭ್ಯ ಇತ್ಥಂ ಕಥಯಿತುಮ್ ಆರಭತ ಜಗತೋಹಂ ಜ್ಯೋತಿಃಸ್ವರೂಪೋ ಯಃ ಕಶ್ಚಿನ್ ಮತ್ಪಶ್ಚಾದ ಗಚ್ಛತಿ ಸ ತಿಮಿರೇ ನ ಭ್ರಮಿತ್ವಾ ಜೀವನರೂಪಾಂ ದೀಪ್ತಿಂ ಪ್ರಾಪ್ಸ್ಯತಿ|
13 ১৩ তেতিয়া ফৰীচী সকলে তেওঁক ক’লে, “তোমাৰ সাক্ষ্য সত্য নহয়, কাৰণ তুমি নিজে নিজৰ বিষয়ে সাক্ষ্য দিছা।”
ತತಃ ಫಿರೂಶಿನೋಽವಾದಿಷುಸ್ತ್ವಂ ಸ್ವಾರ್ಥೇ ಸ್ವಯಂ ಸಾಕ್ಷ್ಯಂ ದದಾಸಿ ತಸ್ಮಾತ್ ತವ ಸಾಕ್ಷ್ಯಂ ಗ್ರಾಹ್ಯಂ ನ ಭವತಿ|
14 ১৪ যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “যদিও মই নিজৰ বিষয়ে নিজে সাক্ষ্য দিছোঁ, তথাপি মোৰ সাক্ষ্য সত্য; কিয়নো মই ক’ৰ পৰা আহিলোঁ, আৰু ক’লৈ গৈ আছোঁ, সেই বিষয়ে মই জানো; কিন্তু আপোনালোকে মই ক’ৰ পৰা আহিছোঁ, বা ক’লৈ যাওঁ সেই বিষয়ে নাজানে।
ತದಾ ಯೀಶುಃ ಪ್ರತ್ಯುದಿತವಾನ್ ಯದ್ಯಪಿ ಸ್ವಾರ್ಥೇಽಹಂ ಸ್ವಯಂ ಸಾಕ್ಷ್ಯಂ ದದಾಮಿ ತಥಾಪಿ ಮತ್ ಸಾಕ್ಷ್ಯಂ ಗ್ರಾಹ್ಯಂ ಯಸ್ಮಾದ್ ಅಹಂ ಕುತ ಆಗತೋಸ್ಮಿ ಕ್ವ ಯಾಮಿ ಚ ತದಹಂ ಜಾನಾಮಿ ಕಿನ್ತು ಕುತ ಆಗತೋಸ್ಮಿ ಕುತ್ರ ಗಚ್ಛಾಮಿ ಚ ತದ್ ಯೂಯಂ ನ ಜಾನೀಥ|
15 ১৫ আপোনালোকে মাংসিক ভাব অনুসাৰে সোধ-বিচাৰ কৰিছে; মই এনেদৰে লোকৰ বিচাৰ নকৰোঁ।
ಯೂಯಂ ಲೌಕಿಕಂ ವಿಚಾರಯಥ ನಾಹಂ ಕಿಮಪಿ ವಿಚಾರಯಾಮಿ|
16 ১৬ তথাপি যদি বিচাৰ কৰোঁ, তেনেহলে মোৰ সোধ-বিচাৰ সত্য; কিয়নো মই অকলশৰীয়া নহওঁ; মইতো আছোঁৱেই, আৰু মোক পঠোৱা পিতৃও আছে।
ಕಿನ್ತು ಯದಿ ವಿಚಾರಯಾಮಿ ತರ್ಹಿ ಮಮ ವಿಚಾರೋ ಗ್ರಹೀತವ್ಯೋ ಯತೋಹಮ್ ಏಕಾಕೀ ನಾಸ್ಮಿ ಪ್ರೇರಯಿತಾ ಪಿತಾ ಮಯಾ ಸಹ ವಿದ್ಯತೇ|
17 ১৭ আপোনালোকৰ বিধানত লিখা আছে, দুজনৰ সাক্ষ্য যদি একে হয়, তেনেহলে ই সত্য হয়।
ದ್ವಯೋ ರ್ಜನಯೋಃ ಸಾಕ್ಷ್ಯಂ ಗ್ರಹಣೀಯಂ ಭವತೀತಿ ಯುಷ್ಮಾಕಂ ವ್ಯವಸ್ಥಾಗ್ರನ್ಥೇ ಲಿಖಿತಮಸ್ತಿ|
18 ১৮ মই নিজৰ বিষয়ে নিজে সাক্ষ্য দিছোঁ, আৰু মোক পঠোৱা পিতৃয়েও মোৰ বিষয়ে সাক্ষ্য দিছে।”
ಅಹಂ ಸ್ವಾರ್ಥೇ ಸ್ವಯಂ ಸಾಕ್ಷಿತ್ವಂ ದದಾಮಿ ಯಶ್ಚ ಮಮ ತಾತೋ ಮಾಂ ಪ್ರೇರಿತವಾನ್ ಸೋಪಿ ಮದರ್ಥೇ ಸಾಕ್ಷ್ಯಂ ದದಾತಿ|
19 ১৯ তেতিয়া তেওঁলোকে যীচুক সুধিলে, “তোমাৰ পিতৃ ক’ত আছে?” যীচুৱে উত্তৰ দিলে, “আপোনালোকে মোকো নাজানে আৰু মোৰ পিতৃকো নাজানে; মোক জনা হ’লে মোৰ পিতৃকো জানিলেহেঁতেন।”
ತದಾ ತೇಽಪೃಚ್ಛನ್ ತವ ತಾತಃ ಕುತ್ರ? ತತೋ ಯೀಶುಃ ಪ್ರತ್ಯವಾದೀದ್ ಯೂಯಂ ಮಾಂ ನ ಜಾನೀಥ ಮತ್ಪಿತರಞ್ಚ ನ ಜಾನೀಥ ಯದಿ ಮಾಮ್ ಅಕ್ಷಾಸ್ಯತ ತರ್ಹಿ ಮಮ ತಾತಮಪ್ಯಕ್ಷಾಸ್ಯತ|
20 ২০ মন্দিৰৰ ধনভঁৰালৰ কাষত থাকি শিক্ষা দিওঁতে তেওঁ এইবোৰ কথা ক’লে; তথাপি তেতিয়াও তেওঁৰ সময় উপস্থিত হোৱা নাই বাবে কোনেও তেওঁক বন্দী নকৰিলে।
ಯೀಶು ರ್ಮನ್ದಿರ ಉಪದಿಶ್ಯ ಭಣ್ಡಾಗಾರೇ ಕಥಾ ಏತಾ ಅಕಥಯತ್ ತಥಾಪಿ ತಂ ಪ್ರತಿ ಕೋಪಿ ಕರಂ ನೋದತೋಲಯತ್|
21 ২১ পাছত তেওঁ আকৌ ফৰীচী সকলক ক’লে, “মই যাওঁ; আপোনালোকে মোক বিচাৰিব, কিন্তু আপোনালোক নিজ নিজ পাপতে মৰিব। মই যি ঠাইলৈ যাওঁ, সেই ঠাইলৈ আপোনালোকে যাব নোৱাৰে।”
ತತಃ ಪರಂ ಯೀಶುಃ ಪುನರುದಿತವಾನ್ ಅಧುನಾಹಂ ಗಚ್ಛಾಮಿ ಯೂಯಂ ಮಾಂ ಗವೇಷಯಿಷ್ಯಥ ಕಿನ್ತು ನಿಜೈಃ ಪಾಪೈ ರ್ಮರಿಷ್ಯಥ ಯತ್ ಸ್ಥಾನಮ್ ಅಹಂ ಯಾಸ್ಯಾಮಿ ತತ್ ಸ್ಥಾನಮ್ ಯೂಯಂ ಯಾತುಂ ನ ಶಕ್ಷ್ಯಥ|
22 ২২ তেতিয়া ইহুদী সকলে ক’লে, “এওঁ কি আপোনঘাতী হ’ব নেকি? কিয়নো ‘মই যি ঠাইলৈ যাওঁ আপোনালোকে সেই ঠাইলৈ যাব নোৱাৰে’ বুলি যে কৈছে?”
ತದಾ ಯಿಹೂದೀಯಾಃ ಪ್ರಾವೋಚನ್ ಕಿಮಯಮ್ ಆತ್ಮಘಾತಂ ಕರಿಷ್ಯತಿ? ಯತೋ ಯತ್ ಸ್ಥಾನಮ್ ಅಹಂ ಯಾಸ್ಯಾಮಿ ತತ್ ಸ್ಥಾನಮ್ ಯೂಯಂ ಯಾತುಂ ನ ಶಕ್ಷ್ಯಥ ಇತಿ ವಾಕ್ಯಂ ಬ್ರವೀತಿ|
23 ২৩ তেওঁ তেওঁলোকক ক’লে, “আপোনালোক তলৰ পৰা আহিছে আৰু মই ওপৰৰ পৰা আহিছোঁ; আপোনালোক এই জগতৰ; কিন্তু মই এই জগতৰ নহওঁ।
ತತೋ ಯೀಶುಸ್ತೇಭ್ಯಃ ಕಥಿತವಾನ್ ಯೂಯಮ್ ಅಧಃಸ್ಥಾನೀಯಾ ಲೋಕಾ ಅಹಮ್ ಊರ್ದ್ವ್ವಸ್ಥಾನೀಯಃ ಯೂಯಮ್ ಏತಜ್ಜಗತ್ಸಮ್ಬನ್ಧೀಯಾ ಅಹಮ್ ಏತಜ್ಜಗತ್ಸಮ್ಬನ್ಧೀಯೋ ನ|
24 ২৪ এই কাৰণতে আপোনালোকক ক’লো যে, ‘আপোনালোক নিজ নিজ পাপ সমূহতে মৰিব’; আপোনালোকে যদি বিশ্বাস নকৰে যে ময়েই সেই জন, তেনেহলে অাপোনালোক নিজ নিজ পাপ সমূহত মৰিব।”
ತಸ್ಮಾತ್ ಕಥಿತವಾನ್ ಯೂಯಂ ನಿಜೈಃ ಪಾಪೈ ರ್ಮರಿಷ್ಯಥ ಯತೋಹಂ ಸ ಪುಮಾನ್ ಇತಿ ಯದಿ ನ ವಿಶ್ವಸಿಥ ತರ್ಹಿ ನಿಜೈಃ ಪಾಪೈ ರ್ಮರಿಷ್ಯಥ|
25 ২৫ তেতিয়া তেওঁলোকে তেওঁক সুধিলে “তুমি নো কোন?” যীচুৱে তেওঁলোকক ক’লে, “সেই বিষয়ে প্ৰথমৰে পৰা মই আপোনালোকক কৈ আছোঁ।
ತದಾ ತೇ ಽಪೃಚ್ಛನ್ ಕಸ್ತ್ವಂ? ತತೋ ಯೀಶುಃ ಕಥಿತವಾನ್ ಯುಷ್ಮಾಕಂ ಸನ್ನಿಧೌ ಯಸ್ಯ ಪ್ರಸ್ತಾವಮ್ ಆ ಪ್ರಥಮಾತ್ ಕರೋಮಿ ಸಏವ ಪುರುಷೋಹಂ|
26 ২৬ আপোনালোকৰ বিষয়ে ক’বলৈ আৰু বিচাৰ কৰিবলৈ অনেক কথা মোৰ আছে। কিন্তু মোক যি জনে পঠিয়াইছে, তেওঁ সত্য; মই তেওঁৰ পৰা যি শুনিলোঁ, সেই বিষয়ে জগতক কৈছোঁ।”
ಯುಷ್ಮಾಸು ಮಯಾ ಬಹುವಾಕ್ಯಂ ವಕ್ತ್ತವ್ಯಂ ವಿಚಾರಯಿತವ್ಯಞ್ಚ ಕಿನ್ತು ಮತ್ಪ್ರೇರಯಿತಾ ಸತ್ಯವಾದೀ ತಸ್ಯ ಸಮೀಪೇ ಯದಹಂ ಶ್ರುತವಾನ್ ತದೇವ ಜಗತೇ ಕಥಯಾಮಿ|
27 ২৭ তেওঁ যে পিতৃৰ বিষয়ে এই কথা ক’লে ইয়াক তেওঁলোকে বুজি নাপালে।
ಕಿನ್ತು ಸ ಜನಕೇ ವಾಕ್ಯಮಿದಂ ಪ್ರೋಕ್ತ್ತವಾನ್ ಇತಿ ತೇ ನಾಬುಧ್ಯನ್ತ|
28 ২৮ সেয়ে যীচুৱে ক’লে, “আপোনালোকে যেতিয়া মানুহৰ পুত্ৰক ওপৰলৈ তুলিব, তেতিয়া আপোনালোকে জানিব যে মইয়ে সেই জন আৰু মই নিজৰ পৰা একো নকৰোঁ। পিতৃয়ে যেনেকৈ মোক শিকাইছে, মই সেইদৰেই এইবোৰ কথা কৈছোঁ।
ತತೋ ಯೀಶುರಕಥಯದ್ ಯದಾ ಮನುಷ್ಯಪುತ್ರಮ್ ಊರ್ದ್ವ್ವ ಉತ್ಥಾಪಯಿಷ್ಯಥ ತದಾಹಂ ಸ ಪುಮಾನ್ ಕೇವಲಃ ಸ್ವಯಂ ಕಿಮಪಿ ಕರ್ಮ್ಮ ನ ಕರೋಮಿ ಕಿನ್ತು ತಾತೋ ಯಥಾ ಶಿಕ್ಷಯತಿ ತದನುಸಾರೇಣ ವಾಕ್ಯಮಿದಂ ವದಾಮೀತಿ ಚ ಯೂಯಂ ಜ್ಞಾತುಂ ಶಕ್ಷ್ಯಥ|
29 ২৯ মোক যি জনে পঠালে, তেওঁ মোৰ লগত আছে। তেওঁ মোক অকলশৰীয়াকৈ ৰখা নাই, কিয়নো মই সদায় তেওঁৰ সন্তোষজনক কাম কৰোঁ।”
ಮತ್ಪ್ರೇರಯಿತಾ ಪಿತಾ ಮಾಮ್ ಏಕಾಕಿನಂ ನ ತ್ಯಜತಿ ಸ ಮಯಾ ಸಾರ್ದ್ಧಂ ತಿಷ್ಠತಿ ಯತೋಹಂ ತದಭಿಮತಂ ಕರ್ಮ್ಮ ಸದಾ ಕರೋಮಿ|
30 ৩০ যীচুৱে যেতিয়া এইবোৰ কথা কৈ আছিল, অনেকে তেওঁত বিশ্বাস কৰিলে।
ತದಾ ತಸ್ಯೈತಾನಿ ವಾಕ್ಯಾನಿ ಶ್ರುತ್ವಾ ಬಹುವಸ್ತಾಸ್ಮಿನ್ ವ್ಯಶ್ವಸನ್|
31 ৩১ যি ইহুদী সকলে তেওঁক বিশ্বাস কৰিলে, যীচুৱে তেওঁলোকক ক’লে, “মোৰ বাক্যতে যদি আপোনালোক থাকে, তেনেহলে সঁচাকৈয়ে আপোনালোক মোৰ শিষ্য;
ಯೇ ಯಿಹೂದೀಯಾ ವ್ಯಶ್ವಸನ್ ಯೀಶುಸ್ತೇಭ್ಯೋಽಕಥಯತ್
32 ৩২ আৰু আপোনালোকে সত্যক জানিব আৰু সেই সত্যই আপোনালোকক মুক্ত কৰিব।”
ಮಮ ವಾಕ್ಯೇ ಯದಿ ಯೂಯಮ್ ಆಸ್ಥಾಂ ಕುರುಥ ತರ್ಹಿ ಮಮ ಶಿಷ್ಯಾ ಭೂತ್ವಾ ಸತ್ಯತ್ವಂ ಜ್ಞಾಸ್ಯಥ ತತಃ ಸತ್ಯತಯಾ ಯುಷ್ಮಾಕಂ ಮೋಕ್ಷೋ ಭವಿಷ್ಯತಿ|
33 ৩৩ তেওঁলোকে তেওঁক উত্তৰ দিলে, “আমি অব্ৰাহামৰ বংশধৰ; আৰু কেতিয়াও কাৰো সেৱাকৰ্ম কৰা নাই; তেনেস্থলত ‘আপোনালোকক মুক্ত কৰা হ’ব’, এনে কথা তুমি কেনেকৈ কৈছা?”
ತದಾ ತೇ ಪ್ರತ್ಯವಾದಿಷುಃ ವಯಮ್ ಇಬ್ರಾಹೀಮೋ ವಂಶಃ ಕದಾಪಿ ಕಸ್ಯಾಪಿ ದಾಸಾ ನ ಜಾತಾಸ್ತರ್ಹಿ ಯುಷ್ಮಾಕಂ ಮುಕ್ತ್ತಿ ರ್ಭವಿಷ್ಯತೀತಿ ವಾಕ್ಯಂ ಕಥಂ ಬ್ರವೀಷಿ?
34 ৩৪ যীচুৱে উত্তৰ দিলে, “মই আপোনালোকক সঁচাই কওঁ, যি কোনোৱে পাপ-আচৰণ কৰে তেওঁ পাপৰ দাস।
ತದಾ ಯೀಶುಃ ಪ್ರತ್ಯವದದ್ ಯುಷ್ಮಾನಹಂ ಯಥಾರ್ಥತರಂ ವದಾಮಿ ಯಃ ಪಾಪಂ ಕರೋತಿ ಸ ಪಾಪಸ್ಯ ದಾಸಃ|
35 ৩৫ দাস পৰিয়ালত চিৰকাল নাথাকে, কিন্তু সন্তান হ’লে সদায় পৰিয়ালত থাকে। (aiōn g165)
ದಾಸಶ್ಚ ನಿರನ್ತರಂ ನಿವೇಶನೇ ನ ತಿಷ್ಠತಿ ಕಿನ್ತು ಪುತ್ರೋ ನಿರನ್ತರಂ ತಿಷ್ಠತಿ| (aiōn g165)
36 ৩৬ এই কাৰণে পুত্ৰই যদি আপোনালোকক মুক্ত কৰে, তেনেহলে আপোনালোক অৱশ্যেই মুক্ত হ’ব।
ಅತಃ ಪುತ್ರೋ ಯದಿ ಯುಷ್ಮಾನ್ ಮೋಚಯತಿ ತರ್ಹಿ ನಿತಾನ್ತಮೇವ ಮುಕ್ತ್ತಾ ಭವಿಷ್ಯಥ|
37 ৩৭ আপোনালোক যে অব্ৰাহামৰ বংশধৰ, সেই বিষয়ে মই জানো; কিন্তু আপোনালোকে মোক বধ কৰিবলৈ উপায় বিচাৰি ফুৰিছে; কাৰণ আপোনালোকৰ অন্তৰত মোৰ বাক্যই ঠাই নাপায়।
ಯುಯಮ್ ಇಬ್ರಾಹೀಮೋ ವಂಶ ಇತ್ಯಹಂ ಜಾನಾಮಿ ಕಿನ್ತು ಮಮ ಕಥಾ ಯುಷ್ಮಾಕಮ್ ಅನ್ತಃಕರಣೇಷು ಸ್ಥಾನಂ ನ ಪ್ರಾಪ್ನುವನ್ತಿ ತಸ್ಮಾದ್ಧೇತೋ ರ್ಮಾಂ ಹನ್ತುಮ್ ಈಹಧ್ವೇ|
38 ৩৮ মই মোৰ পিতৃৰ ওচৰত যি দেখিলোঁ, সেই বিষয়েই কৈ থাকো আৰু আপোনালোকেও আপোনালোকৰ পিতৃৰ পৰা যি শুনিলে, তাকেই কৰি থাকে।”
ಅಹಂ ಸ್ವಪಿತುಃ ಸಮೀಪೇ ಯದಪಶ್ಯಂ ತದೇವ ಕಥಯಾಮಿ ತಥಾ ಯೂಯಮಪಿ ಸ್ವಪಿತುಃ ಸಮೀಪೇ ಯದಪಶ್ಯತ ತದೇವ ಕುರುಧ್ವೇ|
39 ৩৯ তাৰ উত্তৰত তেওঁলোকে যীচুক ক’লে, “আমাৰ পিতৃ অব্ৰাহাম।” যীচুৱে তেওঁলোকক ক’লে, “আপোনালোক যদি অব্ৰাহামৰ সন্তান হয়, তেনেহলে অব্রাহামে যি কৰিলে, আপোনালোকেও তেনে কৰ্ম কৰিলেহেঁতেন।
ತದಾ ತೇ ಪ್ರತ್ಯವೋಚನ್ ಇಬ್ರಾಹೀಮ್ ಅಸ್ಮಾಕಂ ಪಿತಾ ತತೋ ಯೀಶುರಕಥಯದ್ ಯದಿ ಯೂಯಮ್ ಇಬ್ರಾಹೀಮಃ ಸನ್ತಾನಾ ಅಭವಿಷ್ಯತ ತರ್ಹಿ ಇಬ್ರಾಹೀಮ ಆಚಾರಣವದ್ ಆಚರಿಷ್ಯತ|
40 ৪০ ঈশ্বৰৰ ওচৰৰ পৰা যি সত্য মই শুনিলো, তাকেই আপোনালোকক কৈছোঁ। তথাপি এতিয়া আপোনালোকে মোকে বধ কৰিবলৈ বিচাৰিছে; কিন্তু অব্ৰাহামেতো এনে কৰ্ম কৰা নাই।
ಈಶ್ವರಸ್ಯ ಮುಖಾತ್ ಸತ್ಯಂ ವಾಕ್ಯಂ ಶ್ರುತ್ವಾ ಯುಷ್ಮಾನ್ ಜ್ಞಾಪಯಾಮಿ ಯೋಹಂ ತಂ ಮಾಂ ಹನ್ತುಂ ಚೇಷ್ಟಧ್ವೇ ಇಬ್ರಾಹೀಮ್ ಏತಾದೃಶಂ ಕರ್ಮ್ಮ ನ ಚಕಾರ|
41 ৪১ আপোনালোকৰ পিতৃয়ে যি কর্ম কৰে, আপোনালোকে তাকে কৰে।” তেওঁলোকে তেতিয়া যীচুক ক’লে, “আমি জাৰজ সন্তান নহওঁ; আমাৰ এজন পিতৃ আছে, তেওঁ ঈশ্বৰ।”
ಯೂಯಂ ಸ್ವಸ್ವಪಿತುಃ ಕರ್ಮ್ಮಾಣಿ ಕುರುಥ ತದಾ ತೈರುಕ್ತ್ತಂ ನ ವಯಂ ಜಾರಜಾತಾ ಅಸ್ಮಾಕಮ್ ಏಕಏವ ಪಿತಾಸ್ತಿ ಸ ಏವೇಶ್ವರಃ
42 ৪২ যীচুৱে তেওঁলোকক ক’লে, “ঈশ্বৰ আপোনালোকৰ পিতৃ হোৱা হ’লে, আপোনালোকে মোক প্ৰেম কৰিলেহেঁতেন; কিয়নো মই ঈশ্বৰৰ ওচৰৰ পৰা আহিছোঁ; মই নিজৰ পৰা আহি ইয়াত থকা নাই, কিন্তু ঈশ্বৰেহে মোক ইয়ালৈ পঠিয়ালে।
ತತೋ ಯೀಶುನಾ ಕಥಿತಮ್ ಈಶ್ವರೋ ಯದಿ ಯುಷ್ಮಾಕಂ ತಾತೋಭವಿಷ್ಯತ್ ತರ್ಹಿ ಯೂಯಂ ಮಯಿ ಪ್ರೇಮಾಕರಿಷ್ಯತ ಯತೋಹಮ್ ಈಶ್ವರಾನ್ನಿರ್ಗತ್ಯಾಗತೋಸ್ಮಿ ಸ್ವತೋ ನಾಗತೋಹಂ ಸ ಮಾಂ ಪ್ರಾಹಿಣೋತ್|
43 ৪৩ আপোনালোকে মোৰ কথাবোৰ কিয় নুবুজে? তাৰ কাৰণ এই যে আপোনালোকে মোৰ কথাবোৰ শুনি সহন কৰিব পৰা নাই।
ಯೂಯಂ ಮಮ ವಾಕ್ಯಮಿದಂ ನ ಬುಧ್ಯಧ್ವೇ ಕುತಃ? ಯತೋ ಯೂಯಂ ಮಮೋಪದೇಶಂ ಸೋಢುಂ ನ ಶಕ್ನುಥ|
44 ৪৪ চয়তান আপোনালোকৰ পিতৃ আৰু আপোনালোক তাৰ পৰা হৈছে। সেই কাৰণে আপোনালোকে আপোনালোকৰ সেই পিতৃৰ অভিলাষ পূর্ণ কৰিবলৈ ইচ্ছা কৰে। চয়তান আদিৰে পৰা নৰবধী; সি সত্যত নাথাকে, কিয়নো তাৰ ভিতৰত সত্য নাই। সি যেতিয়া মিছা কথা কয়, তেতিয়া সি নিজৰ স্বভাৱৰ পৰাই কয়। কাৰণ সি মিছলীয়া আৰু সকলো মিছাৰ বাপেক।
ಯೂಯಂ ಶೈತಾನ್ ಪಿತುಃ ಸನ್ತಾನಾ ಏತಸ್ಮಾದ್ ಯುಷ್ಮಾಕಂ ಪಿತುರಭಿಲಾಷಂ ಪೂರಯಥ ಸ ಆ ಪ್ರಥಮಾತ್ ನರಘಾತೀ ತದನ್ತಃ ಸತ್ಯತ್ವಸ್ಯ ಲೇಶೋಪಿ ನಾಸ್ತಿ ಕಾರಣಾದತಃ ಸ ಸತ್ಯತಾಯಾಂ ನಾತಿಷ್ಠತ್ ಸ ಯದಾ ಮೃಷಾ ಕಥಯತಿ ತದಾ ನಿಜಸ್ವಭಾವಾನುಸಾರೇಣೈವ ಕಥಯತಿ ಯತೋ ಸ ಮೃಷಾಭಾಷೀ ಮೃಷೋತ್ಪಾದಕಶ್ಚ|
45 ৪৫ মই সত্য কথা কওঁ বাবে আপোনালোকে মোক বিশ্বাস নকৰে।
ಅಹಂ ತಥ್ಯವಾಕ್ಯಂ ವದಾಮಿ ಕಾರಣಾದಸ್ಮಾದ್ ಯೂಯಂ ಮಾಂ ನ ಪ್ರತೀಥ|
46 ৪৬ আপোনালোকৰ মাজৰ কোনে মোক পাপী বুলি দোষী কৰিব পাৰে? মই যদি সত্য কথা কৈছোঁ, তেনেহলে আপোনালোকে কিয় মোক বিশ্বাস নকৰে?
ಮಯಿ ಪಾಪಮಸ್ತೀತಿ ಪ್ರಮಾಣಂ ಯುಷ್ಮಾಕಂ ಕೋ ದಾತುಂ ಶಕ್ನೋತಿ? ಯದ್ಯಹಂ ತಥ್ಯವಾಕ್ಯಂ ವದಾಮಿ ತರ್ಹಿ ಕುತೋ ಮಾಂ ನ ಪ್ರತಿಥ?
47 ৪৭ যি জন ঈশ্বৰৰ লোক, তেওঁ ঈশ্বৰৰ কথা শুনে। আপোনালোকে সেই বাবেই নুশুনে, কাৰণ আপোনালোক ঈশ্বৰৰ লোক নহয়৷”
ಯಃ ಕಶ್ಚನ ಈಶ್ವರೀಯೋ ಲೋಕಃ ಸ ಈಶ್ವರೀಯಕಥಾಯಾಂ ಮನೋ ನಿಧತ್ತೇ ಯೂಯಮ್ ಈಶ್ವರೀಯಲೋಕಾ ನ ಭವಥ ತನ್ನಿದಾನಾತ್ ತತ್ರ ನ ಮನಾಂಸಿ ನಿಧದ್ವೇ|
48 ৪৮ ইহুদী সকলে উত্তৰ দি তেওঁক ক’লে, “আমি সঁচাকৈয়ে জানো কোৱা নাছিলো যে তুমি এজন চমৰীয়া, আৰু তোমাৰ ভিতৰত এটা ভূত আছে?”
ತದಾ ಯಿಹೂದೀಯಾಃ ಪ್ರತ್ಯವಾದಿಷುಃ ತ್ವಮೇಕಃ ಶೋಮಿರೋಣೀಯೋ ಭೂತಗ್ರಸ್ತಶ್ಚ ವಯಂ ಕಿಮಿದಂ ಭದ್ರಂ ನಾವಾದಿಷ್ಮ?
49 ৪৯ যীচুৱে উত্তৰ দিলে, “মোক ভূতে পোৱা নাই, বৰঞ্চ মই মোৰ পিতৃক সন্মান কৰোঁ; কিন্তু, আপোনালোকে মোক অসন্মান কৰে।
ತತೋ ಯೀಶುಃ ಪ್ರತ್ಯವಾದೀತ್ ನಾಹಂ ಭೂತಗ್ರಸ್ತಃ ಕಿನ್ತು ನಿಜತಾತಂ ಸಮ್ಮನ್ಯೇ ತಸ್ಮಾದ್ ಯೂಯಂ ಮಾಮ್ ಅಪಮನ್ಯಧ್ವೇ|
50 ৫০ মই মোৰ নিজৰ মৰ্যদা নিবিচাৰোঁ; কিন্তু এজন আছে যি জনে বিচাৰে আৰু তেওঁ বিচাৰো কৰে।
ಅಹಂ ಸ್ವಸುಖ್ಯಾತಿಂ ನ ಚೇಷ್ಟೇ ಕಿನ್ತು ಚೇಷ್ಟಿತಾ ವಿಚಾರಯಿತಾ ಚಾಪರ ಏಕ ಆಸ್ತೇ|
51 ৫১ মই আপোনালোকক সঁচাকৈয়ে কওঁ, কোনোৱে যদি মোৰ বাক্য পালন কৰে, তেওঁ কোনো কালে মৃত্যুক নেদেখিব।” (aiōn g165)
ಅಹಂ ಯುಷ್ಮಭ್ಯಮ್ ಅತೀವ ಯಥಾರ್ಥಂ ಕಥಯಾಮಿ ಯೋ ನರೋ ಮದೀಯಂ ವಾಚಂ ಮನ್ಯತೇ ಸ ಕದಾಚನ ನಿಧನಂ ನ ದ್ರಕ್ಷ್ಯತಿ| (aiōn g165)
52 ৫২ ইহুদী সকলে তেওঁক ক’লে, “এতিয়া আমি সঁচাই বুজিছো যে তোমাৰ গাত ভূত আছে। অব্ৰাহাম আৰু ভাৱবাদী সকল মৰি গ’ল, কিন্তু তুমি কৈছা, ‘কোনোৱে যদি মোৰ বাক্য পালন কৰে, তেওঁ কোনো কালে মৃত্যুভোগ নকৰিব।’ (aiōn g165)
ಯಿಹೂದೀಯಾಸ್ತಮವದನ್ ತ್ವಂ ಭೂತಗ್ರಸ್ತ ಇತೀದಾನೀಮ್ ಅವೈಷ್ಮ| ಇಬ್ರಾಹೀಮ್ ಭವಿಷ್ಯದ್ವಾದಿನಞ್ಚ ಸರ್ವ್ವೇ ಮೃತಾಃ ಕಿನ್ತು ತ್ವಂ ಭಾಷಸೇ ಯೋ ನರೋ ಮಮ ಭಾರತೀಂ ಗೃಹ್ಲಾತಿ ಸ ಜಾತು ನಿಧಾನಾಸ್ವಾದಂ ನ ಲಪ್ಸ್ಯತೇ| (aiōn g165)
53 ৫৩ তুমি কি আমাৰ ওপৰ-পিতৃ অব্ৰাহামতকৈয়ো মহান হ’লা নেকি? তেওঁৰ মৃত্যু হ’ল আৰু ভাৱবাদী সকলৰো মৃত্যু হ’ল; তুমি নিজকে কোন বুলি ভাৱিছা?”
ತರ್ಹಿ ತ್ವಂ ಕಿಮ್ ಅಸ್ಮಾಕಂ ಪೂರ್ವ್ವಪುರುಷಾದ್ ಇಬ್ರಾಹೀಮೋಪಿ ಮಹಾನ್? ಯಸ್ಮಾತ್ ಸೋಪಿ ಮೃತಃ ಭವಿಷ್ಯದ್ವಾದಿನೋಪಿ ಮೃತಾಃ ತ್ವಂ ಸ್ವಂ ಕಂ ಪುಮಾಂಸಂ ಮನುಷೇ?
54 ৫৪ যীচুৱে উত্তৰ দিলে, “মই যদি নিজে নিজক মহিমান্বিত কৰোঁ, তেনেহলে মোৰ মহিমাৰ একো মূল্য নাই; কিন্তু মোৰ পিতৃ, যি জনক আপোনালোকে আপোনালোকৰ ঈশ্বৰ বুলি দাবী কৰে, তেৱেঁই মোক গৌৰৱান্বিত কৰে।
ಯೀಶುಃ ಪ್ರತ್ಯವೋಚದ್ ಯದ್ಯಹಂ ಸ್ವಂ ಸ್ವಯಂ ಸಮ್ಮನ್ಯೇ ತರ್ಹಿ ಮಮ ತತ್ ಸಮ್ಮನನಂ ಕಿಮಪಿ ನ ಕಿನ್ತು ಮಮ ತಾತೋ ಯಂ ಯೂಯಂ ಸ್ವೀಯಮ್ ಈಶ್ವರಂ ಭಾಷಧ್ವೇ ಸಏವ ಮಾಂ ಸಮ್ಮನುತೇ|
55 ৫৫ আপোনালোকে তেওঁক নাজানে; মই হ’লে তেওঁক জানো; মই তেওঁক নাজানো বুলি যদি কওঁ, তেনেহলে আপোনালোকৰ নিচিনা মিছলীয়া হ’ম। কিন্তু মই তেওঁক জানো, আৰু তেওঁৰ বাক্য পালন কৰোঁ।
ಯೂಯಂ ತಂ ನಾವಗಚ್ಛಥ ಕಿನ್ತ್ವಹಂ ತಮವಗಚ್ಛಾಮಿ ತಂ ನಾವಗಚ್ಛಾಮೀತಿ ವಾಕ್ಯಂ ಯದಿ ವದಾಮಿ ತರ್ಹಿ ಯೂಯಮಿವ ಮೃಷಾಭಾಷೀ ಭವಾಮಿ ಕಿನ್ತ್ವಹಂ ತಮವಗಚ್ಛಾಮಿ ತದಾಕ್ಷಾಮಪಿ ಗೃಹ್ಲಾಮಿ|
56 ৫৬ আপোনালোকৰ ওপৰ-পুৰুষ অব্ৰাহামে মোৰ দিন দেখাৰ আশাত উল্লাসিত হৈছিল; তেওঁ সেইদিন দেখিলে আৰু আনন্দ কৰিলে।”
ಯುಷ್ಮಾಕಂ ಪೂರ್ವ್ವಪುರುಷ ಇಬ್ರಾಹೀಮ್ ಮಮ ಸಮಯಂ ದ್ರಷ್ಟುಮ್ ಅತೀವಾವಾಞ್ಛತ್ ತನ್ನಿರೀಕ್ಷ್ಯಾನನ್ದಚ್ಚ|
57 ৫৭ ইহুদী সকলে যীচুক ক’লে, “তোমাৰ বয়স এতিয়াও পঞ্চাশ বছৰ হোৱাই নাই আৰু তুমি অব্ৰাহামক দেখিলা নে?”
ತದಾ ಯಿಹೂದೀಯಾ ಅಪೃಚ್ಛನ್ ತವ ವಯಃ ಪಞ್ಚಾಶದ್ವತ್ಸರಾ ನ ತ್ವಂ ಕಿಮ್ ಇಬ್ರಾಹೀಮಮ್ ಅದ್ರಾಕ್ಷೀಃ?
58 ৫৮ যীচুৱে তেওঁলোকক ক’লে, “সঁচাকৈয়ে মই আপোনালোকক কওঁ, অব্ৰাহামৰ জন্মৰ আগৰে পৰা মই আছোঁ।”
ಯೀಶುಃ ಪ್ರತ್ಯವಾದೀದ್ ಯುಷ್ಮಾನಹಂ ಯಥಾರ್ಥತರಂ ವದಾಮಿ ಇಬ್ರಾಹೀಮೋ ಜನ್ಮನಃ ಪೂರ್ವ್ವಕಾಲಮಾರಭ್ಯಾಹಂ ವಿದ್ಯೇ|
59 ৫৯ তেতিয়া তেওঁলোকে তেওঁক মাৰিবৰ কাৰণে শিল তুলি ল’লে। কিন্তু যীচুৱে গোপনে মন্দিৰৰ পৰা বাহিৰলৈ ওলাই গ’ল।
ತದಾ ತೇ ಪಾಷಾಣಾನ್ ಉತ್ತೋಲ್ಯ ತಮಾಹನ್ತುಮ್ ಉದಯಚ್ಛನ್ ಕಿನ್ತು ಯೀಶು ರ್ಗುಪ್ತೋ ಮನ್ತಿರಾದ್ ಬಹಿರ್ಗತ್ಯ ತೇಷಾಂ ಮಧ್ಯೇನ ಪ್ರಸ್ಥಿತವಾನ್|

< যোহন 8 >