< যোহন 7 >

1 তাৰ পাছত যীচুৱে গালীল প্রদেশৰ ভিন ভিন ঠাইত ঘূৰি ফুৰিলে। ইহুদী সকলে তেওঁক বধ কৰিবলৈ সুযোগ বিচাৰি থকা বাবে যীচুৱে যিহুদীয়া প্রদেশলৈ যাবলৈ ইচ্ছা নকৰিলে।
ತತಃ ಪರಂ ಯಿಹೂದೀಯಲೋಕಾಸ್ತಂ ಹನ್ತುಂ ಸಮೈಹನ್ತ ತಸ್ಮಾದ್ ಯೀಶು ರ್ಯಿಹೂದಾಪ್ರದೇಶೇ ಪರ್ಯ್ಯಟಿತುಂ ನೇಚ್ಛನ್ ಗಾಲೀಲ್ ಪ್ರದೇಶೇ ಪರ್ಯ್ಯಟಿತುಂ ಪ್ರಾರಭತ|
2 তেতিয়া ইহুদী সকলৰ পঁজা-পৰ্বৰ সময় প্রায় ওচৰ চাপিছিল।
ಕಿನ್ತು ತಸ್ಮಿನ್ ಸಮಯೇ ಯಿಹೂದೀಯಾನಾಂ ದೂಷ್ಯವಾಸನಾಮೋತ್ಸವ ಉಪಸ್ಥಿತೇ
3 সেই কাৰণতে যীচুৰ ভায়েকহঁতে তেওঁক ক’লে, “তুমি যি যি কাম কৰিছা, সেইবোৰ তোমাৰ শিষ্য সকলে দেখা পাবৰ বাবে তুমিও এই ঠাই এৰি যিহুদীয়ালৈ যোৱা৷
ತಸ್ಯ ಭ್ರಾತರಸ್ತಮ್ ಅವದನ್ ಯಾನಿ ಕರ್ಮ್ಮಾಣಿ ತ್ವಯಾ ಕ್ರಿಯನ್ತೇ ತಾನಿ ಯಥಾ ತವ ಶಿಷ್ಯಾಃ ಪಶ್ಯನ್ತಿ ತದರ್ಥಂ ತ್ವಮಿತಃ ಸ್ಥಾನಾದ್ ಯಿಹೂದೀಯದೇಶಂ ವ್ರಜ|
4 যদি কোনোবাই নিজে জনাজাত হ’ব বিচাৰে, তেনেহলে তেওঁ গোপনে একো নকৰে। তুমি যেতিয়া এইবোৰ কামকে কৰা, তেনেহলে জগতৰ সন্মুখত নিজকে দেখুউৱা।”
ಯಃ ಕಶ್ಚಿತ್ ಸ್ವಯಂ ಪ್ರಚಿಕಾಶಿಷತಿ ಸ ಕದಾಪಿ ಗುಪ್ತಂ ಕರ್ಮ್ಮ ನ ಕರೋತಿ ಯದೀದೃಶಂ ಕರ್ಮ್ಮ ಕರೋಷಿ ತರ್ಹಿ ಜಗತಿ ನಿಜಂ ಪರಿಚಾಯಯ|
5 কিয়নো তেওঁৰ ভায়েক সকলে তেওঁত বিশ্বাস কৰা নাছিল।
ಯತಸ್ತಸ್ಯ ಭ್ರಾತರೋಪಿ ತಂ ನ ವಿಶ್ವಸನ್ತಿ|
6 সেয়ে যীচুৱে তেওঁলোকক ক’লে, “মোৰ নিৰূপিত সময় এতিয়াও অহা নাই, কিন্তু তোমালোকৰ সময় সদায় আছে।
ತದಾ ಯೀಶುಸ್ತಾನ್ ಅವೋಚತ್ ಮಮ ಸಮಯ ಇದಾನೀಂ ನೋಪತಿಷ್ಠತಿ ಕಿನ್ತು ಯುಷ್ಮಾಕಂ ಸಮಯಃ ಸತತಮ್ ಉಪತಿಷ್ಠತಿ|
7 জগতে তোমালোকক ঘৃণা কৰিব নোৱাৰে; মোকহে ঘৃণা কৰে; কিয়নো মই জগতৰ বিষয়ে এই সাক্ষ্য দিওঁ যে, জগতৰ সকলো কাম মন্দ।
ಜಗತೋ ಲೋಕಾ ಯುಷ್ಮಾನ್ ಋತೀಯಿತುಂ ನ ಶಕ್ರುವನ್ತಿ ಕಿನ್ತು ಮಾಮೇವ ಋತೀಯನ್ತೇ ಯತಸ್ತೇಷಾಂ ಕರ್ಮಾಣಿ ದುಷ್ಟಾನಿ ತತ್ರ ಸಾಕ್ಷ್ಯಮಿದಮ್ ಅಹಂ ದದಾಮಿ|
8 তোমালোকে পৰ্বলৈ যোৱা; মোৰ সময় এতিয়াও পূর্ণ হোৱা নাই, সেয়ে মই এতিয়া পর্বলৈ নাযাওঁ।”
ಅತಏವ ಯೂಯಮ್ ಉತ್ಸವೇಽಸ್ಮಿನ್ ಯಾತ ನಾಹಮ್ ಇದಾನೀಮ್ ಅಸ್ಮಿನ್ನುತ್ಸವೇ ಯಾಮಿ ಯತೋ ಮಮ ಸಮಯ ಇದಾನೀಂ ನ ಸಮ್ಪೂರ್ಣಃ|
9 তেওঁলোকক এইবোৰ কথা কোৱাৰ পাছত যীচু গালীল প্ৰদেশতে থাকি গ’ল।
ಇತಿ ವಾಕ್ಯಮ್ ಉಕ್ತ್ತ್ವಾ ಸ ಗಾಲೀಲಿ ಸ್ಥಿತವಾನ್
10 ১০ তেওঁৰ ভায়েক সকল পর্বলৈ গ’ল আৰু পাছত তেৱোঁ তালৈ গ’ল। কিন্তু তেওঁ মুকলিকৈ যোৱা নাছিল, গোপনে গ’ল।
ಕಿನ್ತು ತಸ್ಯ ಭ್ರಾತೃಷು ತತ್ರ ಪ್ರಸ್ಥಿತೇಷು ಸತ್ಸು ಸೋಽಪ್ರಕಟ ಉತ್ಸವಮ್ ಅಗಚ್ಛತ್|
11 ১১ পৰ্বৰ সময়ত ইহুদী সকলে যীচুক বিচাৰি সোধা-সুধি কৰিলে, “সেই মানুহ জন ক’ত আছে?”
ಅನನ್ತರಮ್ ಉತ್ಸವಮ್ ಉಪಸ್ಥಿತಾ ಯಿಹೂದೀಯಾಸ್ತಂ ಮೃಗಯಿತ್ವಾಪೃಚ್ಛನ್ ಸ ಕುತ್ರ?
12 ১২ লোক সকলৰ মাজত যীচুৰ বিষয়ে নানা ধৰণৰ আলোচনা হবলৈ ধৰিলে। কোনো কোনোৱে ক’লে, “তেওঁ এজন ভাল মানুহ।” আন কিছুমানে আকৌ ক’লে, “নহয়, নহয়, তেওঁ লোক সকলক ভুল পথত লৈ গৈছে।”
ತತೋ ಲೋಕಾನಾಂ ಮಧ್ಯೇ ತಸ್ಮಿನ್ ನಾನಾವಿಧಾ ವಿವಾದಾ ಭವಿತುಮ್ ಆರಬ್ಧವನ್ತಃ| ಕೇಚಿದ್ ಅವೋಚನ್ ಸ ಉತ್ತಮಃ ಪುರುಷಃ ಕೇಚಿದ್ ಅವೋಚನ್ ನ ತಥಾ ವರಂ ಲೋಕಾನಾಂ ಭ್ರಮಂ ಜನಯತಿ|
13 ১৩ কিন্তু ইহুদী সকলৰ ভয়ত তেওঁৰ বিষয়ে কোনেও মুকলিকৈ একো কথা নক’লে।
ಕಿನ್ತು ಯಿಹೂದೀಯಾನಾಂ ಭಯಾತ್ ಕೋಪಿ ತಸ್ಯ ಪಕ್ಷೇ ಸ್ಪಷ್ಟಂ ನಾಕಥಯತ್|
14 ১৪ যেতিয়া পৰ্বৰ আধা সময় পাৰ হ’ল, তেতিয়া যীচুৱে মন্দিৰলৈ গৈ উপদেশ দিবলৈ আৰম্ভ কৰিলে।
ತತಃ ಪರಮ್ ಉತ್ಸವಸ್ಯ ಮಧ್ಯಸಮಯೇ ಯೀಶು ರ್ಮನ್ದಿರಂ ಗತ್ವಾ ಸಮುಪದಿಶತಿ ಸ್ಮ|
15 ১৫ তাতে ইহুদী সকলে অতিশয় আচৰিত হৈ ক’লে, “এই লোক জনে কেতিয়াও কোনো শিক্ষা নোলোৱাকৈ ইমানবোৰ ধর্ম কথা কেনেকৈ জানিলে?”
ತತೋ ಯಿಹೂದೀಯಾ ಲೋಕಾ ಆಶ್ಚರ್ಯ್ಯಂ ಜ್ಞಾತ್ವಾಕಥಯನ್ ಏಷಾ ಮಾನುಷೋ ನಾಧೀತ್ಯಾ ಕಥಮ್ ಏತಾದೃಶೋ ವಿದ್ವಾನಭೂತ್?
16 ১৬ যীচুৱে তেওঁলোকক উত্তৰ দি ক’লে, “এই উপদেশ মোৰ নিজৰ নহয়, মোক পঠোৱা জনৰহে।”
ತದಾ ಯೀಶುಃ ಪ್ರತ್ಯವೋಚದ್ ಉಪದೇಶೋಯಂ ನ ಮಮ ಕಿನ್ತು ಯೋ ಮಾಂ ಪ್ರೇಷಿತವಾನ್ ತಸ್ಯ|
17 ১৭ যদি কোনোৱে তেওঁৰ ইচ্ছা পালন কৰিবলৈ বিচাৰে, তেনেহলে তেওঁ জানিব যে এই শিক্ষা ঈশ্বৰৰ পৰা আহিছে নে মই নিজৰ পৰা কৈছোঁ।
ಯೋ ಜನೋ ನಿದೇಶಂ ತಸ್ಯ ಗ್ರಹೀಷ್ಯತಿ ಮಮೋಪದೇಶೋ ಮತ್ತೋ ಭವತಿ ಕಿಮ್ ಈಶ್ವರಾದ್ ಭವತಿ ಸ ಗನಸ್ತಜ್ಜ್ಞಾತುಂ ಶಕ್ಷ್ಯತಿ|
18 ১৮ যি জনে নিজৰ পৰা কথা কয়, তেওঁ নিজৰ মৰ্যদা বিচাৰে; কিন্তু কোনো জনে যদি পঠোৱা জনৰ গৌৰৱ বিচাৰে, তেনেহলে তেওঁ সত্য, আৰু তেওঁৰ ভিতৰত একো অসাধুতা নাই।
ಯೋ ಜನಃ ಸ್ವತಃ ಕಥಯತಿ ಸ ಸ್ವೀಯಂ ಗೌರವಮ್ ಈಹತೇ ಕಿನ್ತು ಯಃ ಪ್ರೇರಯಿತು ರ್ಗೌರವಮ್ ಈಹತೇ ಸ ಸತ್ಯವಾದೀ ತಸ್ಮಿನ್ ಕೋಪ್ಯಧರ್ಮ್ಮೋ ನಾಸ್ತಿ|
19 ১৯ মোচিয়ে জানো আপোনালোকক বিধান দিয়া নাই? কিন্তু আপোনালোকৰ কোনেও যে সেই বিধান পালন নকৰে। আপোনালোকে মোক কিয় বধ কৰিবলৈ বিচাৰিছে?
ಮೂಸಾ ಯುಷ್ಮಭ್ಯಂ ವ್ಯವಸ್ಥಾಗ್ರನ್ಥಂ ಕಿಂ ನಾದದಾತ್? ಕಿನ್ತು ಯುಷ್ಮಾಕಂ ಕೋಪಿ ತಾಂ ವ್ಯವಸ್ಥಾಂ ನ ಸಮಾಚರತಿ| ಮಾಂ ಹನ್ತುಂ ಕುತೋ ಯತಧ್ವೇ?
20 ২০ লোক সকলে উত্তৰ দিলে, “তোমাক ভূতে পাইছে; তোমাক কোনে বধ কৰিবলৈ বিচাৰিছে?”
ತದಾ ಲೋಕಾ ಅವದನ್ ತ್ವಂ ಭೂತಗ್ರಸ್ತಸ್ತ್ವಾಂ ಹನ್ತುಂ ಕೋ ಯತತೇ?
21 ২১ যীচুৱে উত্তৰত তেওঁলোকক ক’লে, “মই এটা কাম কৰিলোঁ, তাতে আপোনালোক সকলোৱে বিস্ময় মানিছে।
ತತೋ ಯೀಶುರವೋಚದ್ ಏಕಂ ಕರ್ಮ್ಮ ಮಯಾಕಾರಿ ತಸ್ಮಾದ್ ಯೂಯಂ ಸರ್ವ್ವ ಮಹಾಶ್ಚರ್ಯ್ಯಂ ಮನ್ಯಧ್ವೇ|
22 ২২ মোচিয়ে আপোনালোকক চুন্নৎ কৰাৰ ৰীতি দিলে আৰু আপোনালোকে বিশ্রামবাৰেও শিশু সকলৰ চুন্নৎ কৰে। (মূলত: এই বিধান মোচিৰ পৰা নহয়, কিন্তু পিতৃপুৰুষ সকলৰ পৰাহে আহিছে);
ಮೂಸಾ ಯುಷ್ಮಭ್ಯಂ ತ್ವಕ್ಛೇದವಿಧಿಂ ಪ್ರದದೌ ಸ ಮೂಸಾತೋ ನ ಜಾತಃ ಕಿನ್ತು ಪಿತೃಪುರುಷೇಭ್ಯೋ ಜಾತಃ ತೇನ ವಿಶ್ರಾಮವಾರೇಽಪಿ ಮಾನುಷಾಣಾಂ ತ್ವಕ್ಛೇದಂ ಕುರುಥ|
23 ২৩ মোচিৰ বিধান যেন উলঙ্ঘন কৰা নহয়, এই যুক্তিতে যদি বিশ্ৰাম বাৰেও মানুহৰ চুন্নৎ কৰা হয়, তেনেহলে মই বিশ্ৰামবাৰে এজন মানুহক সম্পূর্ণভাৱে সুস্থ কৰিলোঁ কাৰণে আপোনালোকৰ মোৰ ওপৰত কিয় খং উঠিছে?
ಅತಏವ ವಿಶ್ರಾಮವಾರೇ ಮನುಷ್ಯಾಣಾಂ ತ್ವಕ್ಛೇದೇ ಕೃತೇ ಯದಿ ಮೂಸಾವ್ಯವಸ್ಥಾಮಙ್ಗನಂ ನ ಭವತಿ ತರ್ಹಿ ಮಯಾ ವಿಶ್ರಾಮವಾರೇ ಮಾನುಷಃ ಸಮ್ಪೂರ್ಣರೂಪೇಣ ಸ್ವಸ್ಥೋಽಕಾರಿ ತತ್ಕಾರಣಾದ್ ಯೂಯಂ ಕಿಂ ಮಹ್ಯಂ ಕುಪ್ಯಥ?
24 ২৪ উপৰুৱাকৈ চাই বিচাৰ নকৰিব, বৰং ন্যায়-বিচাৰ কৰক।”
ಸಪಕ್ಷಪಾತಂ ವಿಚಾರಮಕೃತ್ವಾ ನ್ಯಾಯ್ಯಂ ವಿಚಾರಂ ಕುರುತ|
25 ২৫ তেতিয়া যিৰূচালেমৰ কেইজনমান লোকে ক’লে, “যি জনক তেওঁলোকে বধ কৰিবলৈ বিচাৰিছে, এৱেঁই জানো সেই জন নহয়?
ತದಾ ಯಿರೂಶಾಲಮ್ ನಿವಾಸಿನಃ ಕತಿಪಯಜನಾ ಅಕಥಯನ್ ಇಮೇ ಯಂ ಹನ್ತುಂ ಚೇಷ್ಟನ್ತೇ ಸ ಏವಾಯಂ ಕಿಂ ನ?
26 ২৬ কিন্তু চোৱা, এওঁতো মুকলিকৈ কথা কৈ আছে, তথাপি তেওঁলোকে এওঁক একো কোৱা নাই। তেনেহলে, এনে হব পাৰে নেকি, শাসনকর্তা সকলে সঁচাই জানিব পাৰিছে যে এই লোক জনেই খ্ৰীষ্ট?
ಕಿನ್ತು ಪಶ್ಯತ ನಿರ್ಭಯಃ ಸನ್ ಕಥಾಂ ಕಥಯತಿ ತಥಾಪಿ ಕಿಮಪಿ ಅ ವದನ್ತ್ಯೇತೇ ಅಯಮೇವಾಭಿಷಿಕ್ತ್ತೋ ಭವತೀತಿ ನಿಶ್ಚಿತಂ ಕಿಮಧಿಪತಯೋ ಜಾನನ್ತಿ?
27 ২৭ এওঁ ক’ৰ পৰা আহিছে, তাক আমি জানো; কিন্তু খ্ৰীষ্ট আহিলে, কোনেও নাজানিব, তেওঁ ক’ৰ পৰা আহিছে।”
ಮನುಜೋಯಂ ಕಸ್ಮಾದಾಗಮದ್ ಇತಿ ವಯಂ ಜಾನೋಮಃ ಕಿನ್ತ್ವಭಿಷಿಕ್ತ್ತ ಆಗತೇ ಸ ಕಸ್ಮಾದಾಗತವಾನ್ ಇತಿ ಕೋಪಿ ಜ್ಞಾತುಂ ನ ಶಕ್ಷ್ಯತಿ|
28 ২৮ তেতিয়া যীচুৱে মন্দিৰত শিক্ষা দিলে আৰু উচ্চস্বৰে ক’লে, “আপোনালোকে মোক জানে আৰু মই ক’ৰ পৰা আহিছোঁ, সেই বিষয়েও জানে৷ মই নিজ ইচ্ছাৰে অহা নাই, কিন্তু যি জনে মোক পঠালে, তেওঁ সত্য; তেওঁক আপোনালোকে নাজানে।
ತದಾ ಯೀಶು ರ್ಮಧ್ಯೇಮನ್ದಿರಮ್ ಉಪದಿಶನ್ ಉಚ್ಚೈಃಕಾರಮ್ ಉಕ್ತ್ತವಾನ್ ಯೂಯಂ ಕಿಂ ಮಾಂ ಜಾನೀಥ? ಕಸ್ಮಾಚ್ಚಾಗತೋಸ್ಮಿ ತದಪಿ ಕಿಂ ಜಾನೀಥ? ನಾಹಂ ಸ್ವತ ಆಗತೋಸ್ಮಿ ಕಿನ್ತು ಯಃ ಸತ್ಯವಾದೀ ಸಏವ ಮಾಂ ಪ್ರೇಷಿತವಾನ್ ಯೂಯಂ ತಂ ನ ಜಾನೀಥ|
29 ২৯ মই হ’লে তেওঁক জানো; কিয়নো মই তেওঁৰ পৰা আহিছোঁ আৰু তেৱেঁই মোক পঠিয়ালে।”
ತಮಹಂ ಜಾನೇ ತೇನಾಹಂ ಪ್ರೇರಿತ ಅಗತೋಸ್ಮಿ|
30 ৩০ তাতে সেই লোক সকলে তেওঁক ধৰিবলৈ উপায় বিচাৰিলে; তথাপি কোনেও তেওঁৰ গাত হাত নিদিলে; কিয়নো তেতিয়া তেওঁৰ সময় হোৱা নাছিল।
ತಸ್ಮಾದ್ ಯಿಹೂದೀಯಾಸ್ತಂ ಧರ್ತ್ತುಮ್ ಉದ್ಯತಾಸ್ತಥಾಪಿ ಕೋಪಿ ತಸ್ಯ ಗಾತ್ರೇ ಹಸ್ತಂ ನಾರ್ಪಯದ್ ಯತೋ ಹೇತೋಸ್ತದಾ ತಸ್ಯ ಸಮಯೋ ನೋಪತಿಷ್ಠತಿ|
31 ৩১ কিন্তু লোক সকলৰ অনেকে তেওঁত বিশ্বাস কৰিলে। তেওঁলোকে ক’লে, “এই লোক জনে অনেক আচৰিত কাম কৰিছে। কিন্তু খ্ৰীষ্ট যেতিয়া আহিব, তেতিয়া তেওঁ এওঁতকৈ অধিক আচৰিত চিনৰ কার্য কৰিব নেকি?”
ಕಿನ್ತು ಬಹವೋ ಲೋಕಾಸ್ತಸ್ಮಿನ್ ವಿಶ್ವಸ್ಯ ಕಥಿತವಾನ್ತೋಽಭಿಷಿಕ್ತ್ತಪುರುಷ ಆಗತ್ಯ ಮಾನುಷಸ್ಯಾಸ್ಯ ಕ್ರಿಯಾಭ್ಯಃ ಕಿಮ್ ಅಧಿಕಾ ಆಶ್ಚರ್ಯ್ಯಾಃ ಕ್ರಿಯಾಃ ಕರಿಷ್ಯತಿ?
32 ৩২ লোক সকলে যে যীচুৰ বিষয়ে এনেবোৰ কথা কোৱা-কুই কৰি আছে, সেই বিষয়ে ফৰীচী সকলে শুনিবলৈ পালে। তেতিয়া প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে তেওঁক বন্দী কৰিবলৈ বিষয়া সকলক পঠিয়াই দিলে।
ತತಃ ಪರಂ ಲೋಕಾಸ್ತಸ್ಮಿನ್ ಇತ್ಥಂ ವಿವದನ್ತೇ ಫಿರೂಶಿನಃ ಪ್ರಧಾನಯಾಜಕಾಞ್ಚೇತಿ ಶ್ರುತವನ್ತಸ್ತಂ ಧೃತ್ವಾ ನೇತುಂ ಪದಾತಿಗಣಂ ಪ್ರೇಷಯಾಮಾಸುಃ|
33 ৩৩ যীচুৱে ক’লে, “মই অলপ কালহে আপোনালোকৰ লগত আছোঁ। তাৰ পাছত যি জনে মোক পঠিয়াইছে, মই তেওঁৰ ওচৰলৈ যাম।
ತತೋ ಯೀಶುರವದದ್ ಅಹಮ್ ಅಲ್ಪದಿನಾನಿ ಯುಷ್ಮಾಭಿಃ ಸಾರ್ದ್ಧಂ ಸ್ಥಿತ್ವಾ ಮತ್ಪ್ರೇರಯಿತುಃ ಸಮೀಪಂ ಯಾಸ್ಯಾಮಿ|
34 ৩৪ আপোনালোকে মোক বিচাৰিব, কিন্তু নাপাব; আৰু মই যি ঠাইলৈ যাম, আপোনালোক তালৈ যাব নোৱাৰিব।”
ಮಾಂ ಮೃಗಯಿಷ್ಯಧ್ವೇ ಕಿನ್ತೂದ್ದೇಶಂ ನ ಲಪ್ಸ್ಯಧ್ವೇ ರತ್ರ ಸ್ಥಾಸ್ಯಾಮಿ ತತ್ರ ಯೂಯಂ ಗನ್ತುಂ ನ ಶಕ್ಷ್ಯಥ|
35 ৩৫ ইহুদী সকলে তেতিয়া পৰস্পৰে কথা পাতিলে, “আমি যে তেওঁক বিচাৰি নাপাম, এনেকৈ তেওঁনো ক’লৈ যাব? গ্ৰীক সকলৰ মাজত যি সকল ইহুদী বাস কৰিছে, তালৈ গৈ তেওঁলোকক শিক্ষা দিব নেকি?
ತದಾ ಯಿಹೂದೀಯಾಃ ಪರಸ್ಪರಂ ವಕ್ತ್ತುಮಾರೇಭಿರೇ ಅಸ್ಯೋದ್ದೇಶಂ ನ ಪ್ರಾಪ್ಸ್ಯಾಮ ಏತಾದೃಶಂ ಕಿಂ ಸ್ಥಾನಂ ಯಾಸ್ಯತಿ? ಭಿನ್ನದೇಶೇ ವಿಕೀರ್ಣಾನಾಂ ಯಿಹೂದೀಯಾನಾಂ ಸನ್ನಿಧಿಮ್ ಏಷ ಗತ್ವಾ ತಾನ್ ಉಪದೇಕ್ಷ್ಯತಿ ಕಿಂ?
36 ৩৬ তেওঁ যে কৈছে, ‘মোক বিচাৰিবা, কিন্তু নাপাবা, আৰু মই যি ঠাইত থাকিম, তালৈ যাব নোৱাৰিবা’, এইটোনো কি কথা?”
ನೋ ಚೇತ್ ಮಾಂ ಗವೇಷಯಿಷ್ಯಥ ಕಿನ್ತೂದ್ದೇಶಂ ನ ಪ್ರಾಪ್ಸ್ಯಥ ಏಷ ಕೋದೃಶಂ ವಾಕ್ಯಮಿದಂ ವದತಿ?
37 ৩৭ পৰ্বৰ শেষৰ দিন - যি দিনটো পর্বৰ প্ৰধান দিন, সেইদিনা যীচুৱে অশ্ৰু টুকি থিয় হল, আৰু উচ্চস্বৰে ক’লে, “কোনো মানুহৰ যদি পিয়াহ লাগে, তেওঁ মোৰ ওচৰলৈ আহি পান কৰক।
ಅನನ್ತರಮ್ ಉತ್ಸವಸ್ಯ ಚರಮೇಽಹನಿ ಅರ್ಥಾತ್ ಪ್ರಧಾನದಿನೇ ಯೀಶುರುತ್ತಿಷ್ಠನ್ ಉಚ್ಚೈಃಕಾರಮ್ ಆಹ್ವಯನ್ ಉದಿತವಾನ್ ಯದಿ ಕಶ್ಚಿತ್ ತೃಷಾರ್ತ್ತೋ ಭವತಿ ತರ್ಹಿ ಮಮಾನ್ತಿಕಮ್ ಆಗತ್ಯ ಪಿವತು|
38 ৩৮ যি কোনোৱে মোত বিশ্বাস কৰে, ধৰ্মশাস্ত্ৰত কোৱাৰ দৰে, তেওঁৰ ভিতৰৰ পৰা জীৱনময় জলৰ নৈবোৰ ওলাই বৈ যাব।”
ಯಃ ಕಶ್ಚಿನ್ಮಯಿ ವಿಶ್ವಸಿತಿ ಧರ್ಮ್ಮಗ್ರನ್ಥಸ್ಯ ವಚನಾನುಸಾರೇಣ ತಸ್ಯಾಭ್ಯನ್ತರತೋಽಮೃತತೋಯಸ್ಯ ಸ್ರೋತಾಂಸಿ ನಿರ್ಗಮಿಷ್ಯನ್ತಿ|
39 ৩৯ যীচুক বিশ্বাস কৰা সকলে যে আত্মা পাব, সেই বিষয়ে তেওঁ এই কথা ক’লে। কিয়নো তেতিয়ালৈকে আত্মা দিয়া হোৱা নাছিল, কাৰণ তেতিয়ালৈকে যীচু মহিমান্বিত হোৱা নাছিল।
ಯೇ ತಸ್ಮಿನ್ ವಿಶ್ವಸನ್ತಿ ತ ಆತ್ಮಾನಂ ಪ್ರಾಪ್ಸ್ಯನ್ತೀತ್ಯರ್ಥೇ ಸ ಇದಂ ವಾಕ್ಯಂ ವ್ಯಾಹೃತವಾನ್ ಏತತ್ಕಾಲಂ ಯಾವದ್ ಯೀಶು ರ್ವಿಭವಂ ನ ಪ್ರಾಪ್ತಸ್ತಸ್ಮಾತ್ ಪವಿತ್ರ ಆತ್ಮಾ ನಾದೀಯತ|
40 ৪০ এই সকলো কথা শুনি, লোক সকলৰ কোনো কোনোৱে ক’লে, “এওঁ সঁচাই সেই ভাৱবাদী।” আন কিছুমানে ক’লে, “এওঁ খ্ৰীষ্ট।”
ಏತಾಂ ವಾಣೀಂ ಶ್ರುತ್ವಾ ಬಹವೋ ಲೋಕಾ ಅವದನ್ ಅಯಮೇವ ನಿಶ್ಚಿತಂ ಸ ಭವಿಷ್ಯದ್ವಾದೀ|
41 ৪১ কিন্তু কিছুমানে ক’লে, “কি? খ্ৰীষ্ট জানো গালীল প্ৰদেশৰ পৰা ওলাব?
ಕೇಚಿದ್ ಅಕಥಯನ್ ಏಷಏವ ಸೋಭಿಷಿಕ್ತ್ತಃ ಕಿನ್ತು ಕೇಚಿದ್ ಅವದನ್ ಸೋಭಿಷಿಕ್ತ್ತಃ ಕಿಂ ಗಾಲೀಲ್ ಪ್ರದೇಶೇ ಜನಿಷ್ಯತೇ?
42 ৪২ ধৰ্মশাস্ত্ৰত কোৱা নাই জানো, খ্ৰীষ্ট যে দায়ুদৰ বংশৰ পৰা হব আৰু দায়ুদ যি বৈৎলেহম নগৰত আছিল, তেওঁ তাৰ পৰাই আহিব?”
ಸೋಭಿಷಿಕ್ತ್ತೋ ದಾಯೂದೋ ವಂಶೇ ದಾಯೂದೋ ಜನ್ಮಸ್ಥಾನೇ ಬೈತ್ಲೇಹಮಿ ಪತ್ತನೇ ಜನಿಷ್ಯತೇ ಧರ್ಮ್ಮಗ್ರನ್ಥೇ ಕಿಮಿತ್ಥಂ ಲಿಖಿತಂ ನಾಸ್ತಿ?
43 ৪৩ এইদৰে যীচুৰ বিষয়ক লৈ লোক সকলৰ মাজত মতভেদ সৃষ্টি হ’ল।
ಇತ್ಥಂ ತಸ್ಮಿನ್ ಲೋಕಾನಾಂ ಭಿನ್ನವಾಕ್ಯತಾ ಜಾತಾ|
44 ৪৪ তেওঁলোকৰ কোনো কোনোৱে তেওঁক ধৰিবলৈ বিচাৰিলে, তথাপি কোনেও তেওঁৰ গাত হাত নিদিলে।
ಕತಿಪಯಲೋಕಾಸ್ತಂ ಧರ್ತ್ತುಮ್ ಐಚ್ಛನ್ ತಥಾಪಿ ತದ್ವಪುಷಿ ಕೋಪಿ ಹಸ್ತಂ ನಾರ್ಪಯತ್|
45 ৪৫ তেতিয়া যি বিষয়া সকলক পঠোৱা হৈছিল, তেওঁলোক প্ৰধান পুৰোহিত আৰু ফৰীচী সকলৰ ওচৰলৈ ঘূৰি আহিল। তেওঁলোকে সিহঁতক সুধিলে, “তাক কিয় নানিলা?”
ಅನನ್ತರಂ ಪಾದಾತಿಗಣೇ ಪ್ರಧಾನಯಾಜಕಾನಾಂ ಫಿರೂಶಿನಾಞ್ಚ ಸಮೀಪಮಾಗತವತಿ ತೇ ತಾನ್ ಅಪೃಚ್ಛನ್ ಕುತೋ ಹೇತೋಸ್ತಂ ನಾನಯತ?
46 ৪৬ তেতিয়া বিষয়া সকলে উত্তৰ দিলে, “সেই জনৰ দৰে কোনো মানুহে কেতিয়াও আগেয়ে কথা কোৱা নাই।”
ತದಾ ಪದಾತಯಃ ಪ್ರತ್ಯವದನ್ ಸ ಮಾನವ ಇವ ಕೋಪಿ ಕದಾಪಿ ನೋಪಾದಿಶತ್|
47 ৪৭ তেতিয়া ফৰীচী সকলে উত্তৰ দিলে, “তোমালোকো তেনেহলে ভোল গলা নেকি?
ತತಃ ಫಿರೂಶಿನಃ ಪ್ರಾವೋಚನ್ ಯೂಯಮಪಿ ಕಿಮಭ್ರಾಮಿಷ್ಟ?
48 ৪৮ শাসনকৰ্তা বা ফৰীচী সকলৰ মাজৰ কোনোবাই জানো তাক বিশ্বাস কৰিছে?
ಅಧಿಪತೀನಾಂ ಫಿರೂಶಿನಾಞ್ಚ ಕೋಪಿ ಕಿಂ ತಸ್ಮಿನ್ ವ್ಯಶ್ವಸೀತ್?
49 ৪৯ কিন্তু এই লোক সকলে বিধানৰ একোকে নাজানে, তেওঁলোক অভিশপ্ত।”
ಯೇ ಶಾಸ್ತ್ರಂ ನ ಜಾನನ್ತಿ ತ ಇಮೇಽಧಮಲೋಕಾಏವ ಶಾಪಗ್ರಸ್ತಾಃ|
50 ৫০ তেওঁলোকৰ মাজৰ নীকদীম, যি জনে আগেয়ে যীচুৰ ওচৰলৈ গৈছিল, সেই জনে তেওঁলোকক ক’লে,
ತದಾ ನಿಕದೀಮನಾಮಾ ತೇಷಾಮೇಕೋ ಯಃ ಕ್ಷಣದಾಯಾಂ ಯೀಶೋಃ ಸನ್ನಿಧಿಮ್ ಅಗಾತ್ ಸ ಉಕ್ತ್ತವಾನ್
51 ৫১ “প্ৰথমে কোনো মানুহৰ কথা নুশুনিলে আৰু তেওঁৰ কৰ্ম নাজানিলে, আমাৰ বিধানে জানো তেওঁক দোষী কৰে?”
ತಸ್ಯ ವಾಕ್ಯೇ ನ ಶ್ರುತೇ ಕರ್ಮ್ಮಣಿ ಚ ನ ವಿದಿತೇ ಽಸ್ಮಾಕಂ ವ್ಯವಸ್ಥಾ ಕಿಂ ಕಞ್ಚನ ಮನುಜಂ ದೋಷೀಕರೋತಿ?
52 ৫২ তাতে তেওঁলোকে তেওঁক উত্তৰ দিলে, “তুমিও গালীল প্ৰদেশৰ মানুহ নেকি? বিচাৰি চোৱা, দেখিবা যে গালীল প্ৰদেশৰ পৰা কোনো ভাৱবাদীৰ আবির্ভাৱ হোৱা নাই।”
ತತಸ್ತೇ ವ್ಯಾಹರನ್ ತ್ವಮಪಿ ಕಿಂ ಗಾಲೀಲೀಯಲೋಕಃ? ವಿವಿಚ್ಯ ಪಶ್ಯ ಗಲೀಲಿ ಕೋಪಿ ಭವಿಷ್ಯದ್ವಾದೀ ನೋತ್ಪದ್ಯತೇ|
53 ৫৩ তাৰ পাছত ইহুদী সকল নিজৰ নিজৰ ঘৰলৈ গুছি গ’ল।
ತತಃ ಪರಂ ಸರ್ವ್ವೇ ಸ್ವಂ ಸ್ವಂ ಗೃಹಂ ಗತಾಃ ಕಿನ್ತು ಯೀಶು ರ್ಜೈತುನನಾಮಾನಂ ಶಿಲೋಚ್ಚಯಂ ಗತವಾನ್|

< যোহন 7 >