< ইফিচীয়া 2 >

1 পূর্বতে আপোনালোক নিজ অপৰাধ আৰু পাপবোৰত মৰি আছিল।
පුරා යූයම් අපරාධෛඃ පාපෛශ්ච මෘතාඃ සන්තස්තාන්‍යාචරන්ත ඉහලෝකස්‍ය සංසාරානුසාරේණාකාශරාජ්‍යස්‍යාධිපතිම් (aiōn g165)
2 এইবোৰৰ সৈতে আপোনালোকে জীৱন-যাপন কৰি জগতৰ নিয়ম অনুসাৰে চলি আছিল। আপোনালোকে আকাশৰ মন্দ শক্তিৰ অধিকাৰীৰ অনুসৰণকাৰী হৈ, অবাধ্যতাৰ সন্তান সকলৰ জীৱনত কার্য কৰি থকা অশুচি আত্মাৰ দৰে চলি আছিল। (aiōn g165)
අර්ථතඃ සාම්ප්‍රතම් ආඥාලඞ්ඝිවංශේෂු කර්ම්මකාරිණම් ආත්මානම් අන්වව්‍රජත|
3 আমি সকলোৱেই এসময়ত মাংস আৰু মনৰ ইচ্ছাৰে কার্য কৰিছিলোঁ আৰু আমাৰ মাংসিক কু-অভিলাষবোৰৰ কামনা পূর্ণ কৰি সেই বিশ্বাসবিহীন লোক সকলৰ মাজত জীয়াই আছিলোঁ। আমিও আন সকলোৰে নিচিনা, স্বভাবতে ঈশ্বৰৰ ক্ৰোধৰ সন্তান আছিলোঁ।
තේෂාං මධ්‍යේ සර්ව්වේ වයමපි පූර්ව්වං ශරීරස්‍ය මනස්කාමනායාඤ්චේහාං සාධයන්තඃ ස්වශරීරස්‍යාභිලාෂාන් ආචරාම සර්ව්වේ(අ)න්‍ය ඉව ච ස්වභාවතඃ ක්‍රෝධභජනාන්‍යභවාම|
4 কিন্তু দয়া ধনেৰে ধনৱান ঈশ্বৰে যি মহা প্ৰেমেৰে আমাক প্ৰেম কৰিলে,
කින්තු කරුණානිධිරීශ්වරෝ යේන මහාප්‍රේම්නාස්මාන් දයිතවාන්
5 তাৰ কাৰণে আমি অপৰাধত মৰি থকা কালতেই, খ্ৰীষ্টৰ সৈতে তেওঁ আমাক নতুন জীৱন দিলে; অনুগ্ৰহেৰে আপোনালোকে পৰিত্ৰাণ পালে;
තස්‍ය ස්වප්‍රේම්නෝ බාහුල්‍යාද් අපරාධෛ ර්මෘතානප්‍යස්මාන් ඛ්‍රීෂ්ටේන සහ ජීවිතවාන් යතෝ(අ)නුග්‍රහාද් යූයං පරිත්‍රාණං ප්‍රාප්තාඃ|
6 তেওঁ আমাক খ্রীষ্ট যীচুৰ সৈতে তুলিলে আৰু খ্রীষ্ট যীচুৰ সৈতে স্বর্গীয় ঠাইবোৰত বহুৱালে।
ස ච ඛ්‍රීෂ්ටේන යීශුනාස්මාන් තේන සාර්ද්ධම් උත්ථාපිතවාන් ස්වර්ග උපවේශිතවාංශ්ච|
7 ঈশ্বৰে এই কাম কৰিলে, যাতে খ্রীষ্ট যীচুত আমাৰ বাবে তেওঁৰ যি স্নেহ, তাৰ দ্বাৰাই যেন ভাবী যুগত তেওঁৰ অনুগ্রহৰ মহা ধন যুগে যুগে প্রকাশ কৰিব পাৰে। (aiōn g165)
ඉත්ථං ස ඛ්‍රීෂ්ටේන යීශුනාස්මාන් ප්‍රති ස්වහිතෛෂිතයා භාවියුගේෂු ස්වකීයානුග්‍රහස්‍යානුපමං නිධිං ප්‍රකාශයිතුම් ඉච්ඡති| (aiōn g165)
8 কিয়নো অনুগ্ৰহৰ যোগেদি বিশ্বাসৰ দ্বাৰাই আপোনালোকে পৰিত্ৰাণ পালে; আৰু সেয়ে আমাৰ পৰা নহয়; কিন্তু সেয়া ঈশ্বৰৰহে এক দান।
යූයම් අනුග්‍රහාද් විශ්වාසේන පරිත්‍රාණං ප්‍රාප්තාඃ, තච්ච යුෂ්මන්මූලකං නහි කින්ත්වීශ්වරස්‍යෛව දානං,
9 কোনেও যেন গর্ব কৰিব নোৱাৰে, সেয়ে কর্মৰ পৰাও নহয়।
තත් කර්ම්මණාං ඵලම් අපි නහි, අතඃ කේනාපි න ශ්ලාඝිතව්‍යං|
10 ১০ কিয়নো আমি ঈশ্বৰৰ কাৰিকৰী; যি সৎ কাম ঈশ্বৰে আমাৰ কাৰণে আগেয়ে প্রস্তুত কৰিলে, সেই পথত চলিবলৈ আৰু সৎ কাম কৰিবলৈ ঈশ্বৰে আমাক খ্রীষ্ট যীচুত সৃষ্টি কৰিলে।
යතෝ වයං තස්‍ය කාර‍්‍ය්‍යං ප්‍රාග් ඊශ්වරේණ නිරූපිතාභිඃ සත්ක්‍රියාභිඃ කාලයාපනාය ඛ්‍රීෂ්ටේ යීශෞ තේන මෘෂ්ටාශ්ච|
11 ১১ মনত ৰাখিব যে, মাংসত আপোনালোক অনা-ইহুদী লোক আছিল; মাংসত হাতেৰে যি সকলৰ চুন্নৎ কৰা হৈছে অর্থাৎ যি সকলে নিজকে চুন্নৎ কৰা লোক বুলি কয়, তেওঁলোকে আপোনালোকক অচুন্নৎ লোক বুলি কয়।
පුරා ජන්මනා භින්නජාතීයා හස්තකෘතං ත්වක්ඡේදං ප්‍රාප්තෛ ර්ලෝකෛශ්චාච්ඡින්නත්වච ඉතිනාම්නා ඛ්‍යාතා යේ යූයං තෛ ර‍්‍යුෂ්මාභිරිදං ස්මර්ත්තව්‍යං
12 ১২ সেই সময়ত আপোনালোক খ্রীষ্টৰ পৰা পৃথক হৈ আছিল; আপোনালোক ইস্ৰায়েলৰ নাগৰিক নাছিল; প্ৰতিজ্ঞাযুক্ত বিধান সমূহৰ লগত আপোনালোকৰ কোনো সম্বন্ধ নাছিল; আপোনালোকৰ আশা নাছিল; এই পৃথিৱীত আপোনালোক ঈশ্বৰবিহীন আছিল।
යත් තස්මින් සමයේ යූයං ඛ්‍රීෂ්ටාද් භින්නා ඉස්‍රායේලලෝකානාං සහවාසාද් දූරස්ථාඃ ප්‍රතිඥාසම්බලිතනියමානාං බහිඃ ස්ථිතාඃ සන්තෝ නිරාශා නිරීශ්වරාශ්ච ජගත්‍යාධ්වම් ඉති|
13 ১৩ আগেয়ে আপোনালোক ঈশ্বৰৰ পৰা বহুত দূৰৈত আছিল, কিন্তু এতিয়া খ্ৰীষ্ট যীচুত থকাৰ কাৰণে তেওঁৰ তেজৰ দ্বাৰাই ঈশ্বৰৰ ওচৰলৈ অনা হ’ল।
කින්ත්වධුනා ඛ්‍රීෂ්ටේ යීශාවාශ්‍රයං ප්‍රාප්‍ය පුරා දූරවර්ත්තිනෝ යූයං ඛ්‍රීෂ්ටස්‍ය ශෝණිතේන නිකටවර්ත්තිනෝ(අ)භවත|
14 ১৪ তেৱেঁই আমাৰ শান্তি। কিয়নো তেওঁ ইহুদী আৰু অনা-ইহুদী উভয়কে এক কৰিলে। খ্রীষ্টই ক্রুচত নিজৰ দেহ উৎসর্গ কৰি আমাৰ পৰস্পৰৰ মাজৰ ঘৃণা আৰু শত্রুতাৰ প্রাচীৰ ভাঙি পেলালে।
යතඃ ස ඒවාස්මාකං සන්ධිඃ ස ද්වයම් ඒකීකෘතවාන් ශත්‍රුතාරූපිණීං මධ්‍යවර්ත්තිනීං ප්‍රභේදකභිත්තිං භග්නවාන් දණ්ඩාඥායුක්තං විධිශාස්ත්‍රං ස්වශරීරේණ ලුප්තවාංශ්ච|
15 ১৫ খ্রীষ্ট যীচুৱে সমস্ত আজ্ঞা আৰু বিধান লোপ কৰিলে, যাতে দুই দলৰ পৰা তেওঁ এক নতুন লোকৰ সৃষ্টি কৰিব পাৰে আৰু তাৰ দ্বাৰাই শান্তি স্থাপন হয়।
යතඃ ස සන්ධිං විධාය තෞ ද්වෞ ස්වස්මින් ඒකං නුතනං මානවං කර්ත්තුං
16 ১৬ তেওঁলোকৰ মাজত থকা শত্রুতাৰ অৱসান ঘটাই ক্ৰুচৰ দ্বাৰাই উভয় পক্ষক এক দেহত ঈশ্বৰে সৈতে মিলন কৰিবৰ কাৰণে তেওঁ এইদৰে কৰিলে।
ස්වකීයක්‍රුශේ ශත්‍රුතාං නිහත්‍ය තේනෛවෛකස්මින් ශරීරේ තයෝ ර්ද්වයෝරීශ්වරේණ සන්ධිං කාරයිතුං නිශ්චතවාන්|
17 ১৭ এই বাবেই খ্রীষ্টই আহি আপোনালোক যি সকল দূৰৈত আছিল, তেওঁলোকৰ আগতো শুভবার্তা আৰু তেওঁৰ শান্তি প্রচাৰ কৰিলে আৰু যি সকল ওচৰত আছিল তেওঁলোকৰ আগতো শান্তি প্রচাৰ কৰিলে।
ස චාගත්‍ය දූරවර්ත්තිනෝ යුෂ්මාන් නිකටවර්ත්තිනෝ (අ)ස්මාංශ්ච සන්ධේ ර්මඞ්ගලවාර්ත්තාං ඥාපිතවාන්|
18 ১৮ কিয়নো খ্রীষ্টৰ মাধ্যমেদি আমি উভয় পক্ষৰ লোকে এক আত্মাৰে পিতৃৰ ওচৰলৈ যাবৰ বাবে অধিকাৰ পালোঁ।
යතස්තස්මාද් උභයපක්‍ෂීයා වයම් ඒකේනාත්මනා පිතුඃ සමීපං ගමනාය සාමර්ථ්‍යං ප්‍රාප්තවන්තඃ|
19 ১৯ হে অনা-ইহুদী সকল, আপোনালোক এতিয়াৰ পৰা পুনৰ অতিথি বা বিদেশী নহয়; কিন্তু ঈশ্বৰৰ পবিত্ৰ লোকৰ সৈতে আপোনালোকো সহ-নাগৰিক আৰু ঈশ্বৰৰ পৰিয়াল স্বৰূপ হৈছে।
අත ඉදානීං යූයම් අසම්පර්කීයා විදේශිනශ්ච න තිෂ්ඨනතඃ පවිත්‍රලෝකෛඃ සහවාසින ඊශ්වරස්‍ය වේශ්මවාසිනශ්චාධ්වේ|
20 ২০ এইবোৰৰ ভিত্তিমূল পাঁচনি আৰু ভাৱবাদী সকল; খ্ৰীষ্ট যীচু স্বয়ং সেই ভিত্তিমূলৰ চুকৰ প্রধান শিল আৰু সেই ভিত্তিমূলৰ ওপৰতে আপোনালোক গঁথা হৈ আছে।
අපරං ප්‍රේරිතා භවිෂ්‍යද්වාදිනශ්ච යත්‍ර භිත්තිමූලස්වරූපාස්තත්‍ර යූයං තස්මින් මූලේ නිචීයධ්වේ තත්‍ර ච ස්වයං යීශුඃ ඛ්‍රීෂ්ටඃ ප්‍රධානඃ කෝණස්ථප්‍රස්තරඃ|
21 ২১ যীচুৰ শক্তিত ঈশ্বৰৰ পৰিয়ালৰ সকলো গাঁথনি একেলগে সংলগ্ন হৈ, প্রভুৰ কাৰণে এক পবিত্ৰ গৃহ স্বৰূপে বৃদ্ধি পাইছে৷
තේන කෘත්ස්නා නිර්ම්මිතිඃ සංග්‍රථ්‍යමානා ප්‍රභෝඃ පවිත්‍රං මන්දිරං භවිතුං වර්ද්ධතේ|
22 ২২ তেওঁতেই আপোনালোক একেলগে গঁথা হৈ, আত্মাত ঈশ্বৰৰ এক আবাস ৰূপে গঢ়ি উঠিছে।
යූයමපි තත්‍ර සංග්‍රථ්‍යමානා ආත්මනේශ්වරස්‍ය වාසස්ථානං භවථ|

< ইফিচীয়া 2 >