< পাঁচনি 6 >

1 সেই সময়ত শিষ্য সকলৰ সংখ্যা দিনে দিনে বৃদ্ধি হৈ আছিল। গ্ৰীকভাষী ইহুদী সকলে স্থানীয় ইব্ৰী ভাষী ইহুদী সকলৰ বিৰুদ্ধে অভিযোগ আনিলে যে, খাদ্য বিতৰণৰ সময়ত প্ৰতিদিনে তেওঁলোকৰ বিধৱা সকলক অৱহেলা কৰা হৈছে।
Baadaye, idadi ya wanafunzi ilipokuwa inazidi kuongezeka, kulitokea manung'uniko kati ya wanafunzi waliosema Kigiriki na wale waliosema Kiebrania. Wale waliosema Kigiriki walinung'unika kwamba wajane wao walikuwa wanasahauliwa katika ugawaji wa mahitaji ya kila siku.
2 তেতিয়া বাৰ জন পাঁচনিয়ে সকলো শিষ্যকে মাতি আনি কলে- “আমাৰ কাৰণে ঈশ্বৰৰ বাক্য অৱহেলা কৰি ভোজনৰ পৰিচৰ্যা কৰা কামত লাগি থকা সঠিক কার্য হোৱা নাই।
Kwa hiyo, mitume kumi na wawili waliita jumuiya yote ya wanafunzi, wakasema, “Si vizuri sisi tuache kulihubiri neno la Mungu ili tushughulikie ugawaji wa mahitaji.
3 এই কাৰণে হে ভাই সকল, আপোনালোকে নিজৰ মাজৰ পৰা সাত জন সুখ্যাতি সম্পন্ন আৰু পবিত্ৰ আত্মাৰে পৰিপূর্ণ, জ্ঞানী লোকক বাছি লওঁক। আমি তেওঁলোকৰ ওপৰত এই কামৰ ভাৰ দিম।
Hivyo, ndugu zetu, chagueni miongoni mwenu watu saba wenye sifa njema, waliojawa na Roho na wenye hekima; nasi tutawakabidhi jukumu hilo.
4 ইয়াৰ পাছত আমি প্ৰাৰ্থনা আৰু ঈশ্বৰৰ বাক্যৰ পৰিচর্যাত সদায় লাগি থাকিব পাৰিম।”
Sisi, lakini, tutashughulika na sala na kazi ya kuhubiri neno la Mungu.”
5 তেওঁলোকৰ এই প্রস্তাৱ শুনি সকলোৱে সন্তোষ পালে অাৰু তেওঁলোকে তেতিয়া এই লোক সকলক মনোনীত কৰিলে - স্তিফান, তেওঁ বিশ্বাসী আৰু পবিত্ৰ আত্মাৰে পূর্ণ আছিল; ফিলিপ, প্ৰখৰ, নিকানৰ, তীমোন, পার্মিনা আৰু আন্তিয়খিয়াৰ নিকলায় এই ব্যক্তি জনে ইহুদী ধৰ্ম গ্রহণ কৰিছিল।
Jambo hilo likaipendeza jumuiya yote ya waumini. Wakawachagua Stefano, mtu mwenye imani kubwa na mwenye kujawa na Roho Mtakatifu, Filipo, Prokoro, Nikanora, Timona, Parmena na Nikolao wa Antiokia ambaye hapo awali alikuwa ameongokea dini ya Kiyahudi.
6 বিশ্বাসী সকলে এই সাত জন লোকক পাঁচনি সকলৰ আগলৈ আনিলে আৰু পাঁচনি সকলে প্ৰাৰ্থনা কৰি তেওঁলোকৰ ওপৰত হাত দিলে।
Wakawaweka mbele ya mitume, nao wakawaombea na kuwawekea mikono.
7 তাৰ পাছত ঈশ্বৰৰ বাক্য চৌদিশে বিয়পি গল আৰু শিষ্য সকলৰ সংখ্যা যিৰূচালেমত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিলে। ইয়াৰ উপৰি ইহুদী পুৰোহিত সকলৰ মাজৰ অনেকে খ্ৰীষ্টীয় বিশ্বাসৰ অনুগামী হৈ শৰণ ললে।
Neno la Mungu likazidi kuenea na idadi ya waumini huko Yerusalemu ikaongezeka zaidi, na kundi kubwa la makuhani wakaipokea imani.
8 স্তিফানে ঈশ্বৰৰ অনুগ্ৰহ আৰু শক্তিৰে পৰিপূর্ণ হৈ লোক সকলৰ মাজত বহু অলৌকিক আৰু আচৰিত কার্য কৰিবলৈ ধৰিলে।
Mungu alimjalia Stefano neema tele, akampa nguvu nyingi hata akawa anatenda miujiza na maajabu kati ya watu.
9 কিন্তু লিবর্ত্তীন নামৰ সমাজৰ কেইজনমান ব্যক্তিৰ লগতে কুৰীণীয়, আলেকজেন্দ্রিয়া, কিলিকিয়া আৰু এচিয়া, এই ঠাই সমূহৰ পৰা অহা কিছুমান ব্যক্তিয়ে স্তিফানৰ সৈতে তর্ক কৰিলে।
Lakini watu fulani wakatokea ili wabishane na Stefano. Baadhi ya watu hao walikuwa wa sunagogi moja lililoitwa “Sunagogi la Watu Huru”, nao walitoka Kurene na Aleksandria; wengine walitoka Kilikia na Asia.
10 ১০ কিন্তু স্তিফানে যি জ্ঞান আৰু আত্মাৰে কথা কলে, সেই কথাক তেওঁলোকে প্ৰতিৰোধ কৰিব নোৱাৰিলে।
Lakini hawakuweza kumshinda kwa sababu ya hekima yake na kwa sababu ya yule Roho aliyeongoza maneno yake.
11 ১১ তেতিয়া তেওঁলোকে কিছুলোকক গুপুতে উচটাই এই বুলি কবলৈ দিলে যে, “আমি শুনিছোঁ স্তিফানে মোচি আৰু ঈশ্বৰক নিন্দা কৰিছে।”
Kwa hiyo waliwahonga watu kadhaa waseme: “Tumemsikia Stefano akisema maneno ya kumkashifu Mose na kumkashifu Mungu.”
12 ১২ এনেদৰে তেওঁলোকে জনসাধাৰণ, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকলক উত্তেজিত কৰি তুলিলে আৰু তেওঁলোকে স্তিফানক ধৰি মহাসভালৈ আনিলে।
Kwa namna hiyo, waliwachochea watu, wazee na walimu wa Sheria. Basi, wakamjia Stefano, wakamkamata na kumleta mbele ya Baraza kuu.
13 ১৩ তেওঁলোকে মিছা সাক্ষী দি থিয় কৰালে আৰু ক’লে, “এই মানুহ জনে পবিত্ৰ স্থান আৰু বিধানৰ বিৰুদ্ধে কথা কবলৈ নেৰে।
Walileta Barazani mashahidi wa uongo ambao walisema, “Mtu huyu haachi kamwe kusema maneno ya kupakashifu mahali hapa patakatifu na Sheria ya Mose.
14 ১৪ কিয়নো আমি তেওঁক কোৱা শুনিছো যে, এই নাচৰতীয়া যীচুৱে এই ঠাই নষ্ট কৰিব আৰু মোচিয়ে আমাক দিয়া বিধানও সলনি কৰিব।”
Kwa maana tulikwisha msikia akisema eti huyo Yesu wa Nazareti atapaharibu kabisa mahali hapa na kufutilia mbali desturi zile tulizopokea kutoka kwa Mose.”
15 ১৫ তেতিয়া সভাত বহা সকলোৱে তেওঁলৈ একেথৰে চাই থাকিল আৰু স্তিফানৰ মুখ স্বৰ্গৰ দূতৰ মুখৰ নিচিনা দেখিলে।
Wote waliokuwa katika kile kikao cha Baraza walimkodolea macho Stefano, wakauona uso wake umekuwa kama wa malaika.

< পাঁচনি 6 >