< পাঁচনি 27 >

1 পাছত যেতিয়া আমাৰ ইটালী দেশলৈ জাহাজেৰে যোৱাৰ কথা নিশ্চিত হ’ল, তেওঁলোকে পৌল আৰু অন্য কিছুমান কাৰাবন্দীক ৰাজাধিৰাজৰ সৈন্য দলৰ যুলিয় নামৰ এজন এশৰ সেনাপতিৰ হাতত শোধাই দিলে৷
And when it was determined that we should sail into Italy, they delivered Paul and certain other prisoners to one named Julius, a centurion of Augustus’ band.
2 আদ্ৰামুত্তিয়ৰ পৰা আহি থকা এখন জাহাজত আমি উঠিলো৷ এই জাহাজ খন এচিয়া দেশৰ সমুদ্ৰ-পথৰ উপকূলৰ কাষে কাষে যাত্ৰা কৰাৰ কথা আছিল৷ তাতে আমাৰ লগত থিচলনীকী নগৰৰ মাকিদনিয়াৰ আৰিষ্টাৰ্খ আছিল৷
And entering into a ship of Adramyttium, we launched, meaning to sail by the coasts of Asia; one Aristarchus, a Macedonian of Thessalonica, being with us.
3 পাছদিনা আমি চীদোন নগৰৰ পাৰত নামিলো৷
And the next day we touched at Sidon. And Julius courteously treated Paul, and gave him liberty to go to his friends to refresh himself.
4 তাতে যুলিয়ই পৌলক দয়াৰে গণ্য কৰি বন্ধু-বান্ধৱ সকলৰ ওচৰলৈ গৈ প্ৰাণ জুৰাই আহিবলৈ দিলে৷ সেই ঠাইৰ পৰা আমি জলযাত্ৰা কৰি যাওঁতে সন্মুখত বতাহ পালোঁ, সেই বাবে কুপ্ৰ দ্ৱীপৰ কাষেদি যাবলৈ ললোঁ৷
And when we had launched from there, we sailed under Cyprus, because the winds were contrary.
5 পাছত কিলিকিয়াৰ আৰু পাম্ফুলিয়াৰ সন্মুখত থকা সাগৰ পাৰ হৈ, লুকিয়া দেশৰ ‘মুৰা নগৰ’ পালোঁ৷
And when we had sailed over the sea of Cilicia and Pamphylia, we came to Myra, a city of Lycia.
6 সেই ঠাইতে এশৰ সেনাপতিয়ে, ইটালী দেশলৈ যোৱা আলেকজেন্দ্ৰিয়া নগৰৰ এখন জাহাজ লগ পোৱাত, আমাক তাতে তুলি দিলে৷
And there the centurion found a ship of Alexandria sailing into Italy; and he put us on board.
7 এনেদৰে বহু দিন লাহে লাহে গৈ, কোনো প্ৰকাৰে ক্লীদৰ ওচৰ পালোঁ, তাতে বতাহে আমাক বাধা দিয়াত আগুৱাই যাব নোৱাৰি, ক্ৰীতী দ্ৱীপৰ সুৰক্ষিত এলেকাৰ কাষে কাষে চল্‌মোনীৰ সন্মুখেদি আহি,
And when we had sailed slowly many days, and scarce had come off Cnidus, the wind did not permit us, we sailed under Crete, off Salmone;
8 কোনো প্ৰকাৰে সুন্দৰ ঘুলি নামেৰে এখন ঠাই পালোঁ; এই ঠাইৰ ওচৰত লাচেয়া নগৰ আছিল৷
And, scarcely passing it, came to a place which is called The fair havens; near which was the city of Lasea.
9 এইদৰে বহু সময় নষ্ট হ’ল আৰু আমাৰ সমুদ্ৰ-যাত্ৰাও অতি বিপদজ্জনক হৈ উঠিছিল; ইয়াৰ উপৰি আমাৰ উপবাস পর্বৰ দিনো পাৰ হৈ গ’ল, সেয়েহে পৌলে তেওঁলোকক পৰামর্শ দিব ধৰিলে;
Now when much time was spent, and when sailing was now dangerous, because the fast was now already past, Paul admonished them,
10 ১০ তেওঁ ক’লে যে, “হে লোকসকল, মই দেখিছোঁ যে এই যাত্ৰাত আমাৰ বিপদ আৰু বহু ক্ষতি হব; ইয়াত আমাৰ অকল সামগ্ৰী আৰু জাহাজৰে নহয়; আনকি আমাৰ প্ৰাণো সংকটত পৰিব৷”
And said to them, Sirs, I perceive that this voyage will be with harm and much damage, not only of the cargo and ship, but also of our lives.
11 ১১ কিন্তু এশৰ সেনাপতিয়ে পৌলে কোৱা কথাতকৈ জাহাজৰ পথ নির্মাণ কৰা লোক জনৰ আৰু জাহাজৰ গৰাকীৰ কথাতহে বেছি গুৰুত্ৱ দিলে৷
Nevertheless the centurion believed the master and the owner of the ship, more than the things which were spoken by Paul.
12 ১২ সেই বন্দৰটো শীতকালত থাকিবৰ বাবে বেছি সুবিধাজনক নোহোৱাত, দক্ষিণ-পশ্চিম আৰু উত্তৰ-পশ্চিম দিশে থকা ক্ৰীতীৰ ফৈনীক বন্দৰ যদি কোনো প্ৰকাৰে পাব পাৰে, তাতে শীত কালৰ সময়খিনি থাকিবৰ আশাৰে বেছি ভাগ নাবিকে তালৈ যাবলৈ ওলোৱা বিষয়টোত মত দিলে৷
And because the haven was not suitable to winter in, the greater part advised to depart from there also, if by any means they might attain to Phenice, and there to winter; which is an haven of Crete, and lieth toward the south west and north west.
13 ১৩ পাছত দক্ষিণৰ বতাহ অলপ বলিবলৈ ধৰাত, তেওঁলোকৰ অভিপ্ৰায় সিদ্ধ হোৱা বুলি ভাবি, জাহাজ মেলি ক্ৰীতীৰ ওচৰেদি যাবলৈ ধৰিলে৷
And when the south wind blew softly, supposing that they had obtained their purpose, loosing from there, they sailed close by Crete.
14 ১৪ কিন্তু অলপ সময়ৰ পাছতে উৰাকুলো নামৰ বৰ ধুমুহা বতাহ দ্ৱীপটোৰ ইমূৰৰ পৰা সিমূৰলৈ বলিব ধৰিলে;
But not long after there arose against it a tempestuous wind, called Euroclydon.
15 ১৫ তেতিয়া আমাৰ জাহাজ খন সেই ধুমুহাৰ মাজত সোমাই পৰিল৷ বাধা নেউচি আগবাঢ়িব নোৱাৰাত বতাহৰ গতিত চলি যাবৰ বাবে জাহাজ খনত পাল তৰি দিয়া হ’ল; তেতিয়া বতাহৰ বলতে জাহাজ খন চলি যাব ধৰিলে৷
And when the ship was caught, and could not bear up into the wind, we let her drive.
16 ১৬ এনেদৰে আমি কৌদা নামেৰে এটা সৰু দ্ৱীপৰ আঁৰে আঁৰে গৈ থাকিলো; তাতে কোনো প্ৰকাৰে জাহাজৰ লগত থকা সৰু নাও খন তুলি লবলৈ সক্ষম হ’ল৷
And running under a certain isle which is called Clauda, we had much work to secure the boat:
17 ১৭ তাৰ পাছত নাও খন তুলি লৈ, তাত থকা ৰছী ব্যৱহাৰ কৰি কোনো প্ৰকাৰেৰে জাহাজ খন তলেদি মেৰাই বান্ধিলে; কিন্তু চুর্ত্তি নামৰ বালিৰ বাধাটোত জাহাজ খন লাগিব বুলি ভাবি ভয় খালে আৰু পাল নমাই দি, আগবাঢ়ি যাব ধৰিলে৷
Which when they had taken it up, they used cables, undergirding the ship; and, fearing lest they should fall into the quicksands, struck sail, and so were driven.
18 ১৮ তাতে ধুমুহাৰ প্ৰকোপ বাঢ়ি যোৱাত জাহাজ খন বেয়াকৈ ঢলং-পলং কৰিবলৈ ধৰাত, পাছদিনা তেওঁলোকে জাহাজ খনৰ পৰা কিছুমান সামগ্ৰী পেলাবলৈ ধৰিলে৷
And we being exceedingly tossed with a tempest, the next day they lightened the ship;
19 ১৯ তিনি দিনৰ দিনা তেওঁলোকে নিজ হাতে জাহাজৰ সঁজুলিবোৰ পেলাই দিলে৷
And the third day we cast out with our own hands the tackling of the ship.
20 ২০ ধুমুহাৰ প্ৰকোপ ক্ৰমে বাঢ়ি থকাত আৰু কেইবাদিনলৈ সূর্য, তৰাও নোলোৱাকৈ থকাত আমাৰ প্ৰাণৰক্ষাৰ সকলো আশা নোহোৱা হৈছিল৷
And when neither sun nor stars in many days appeared, and no small tempest lay on us, all hope that we should be saved was then taken away.
21 ২১ তাতে তেওঁলোকে কেইবাদিনো লঘোনে থকাত, পৌলে তেওঁলোকৰ মাজত থিয় হৈ ক’লে, “হে লোকসকল, আপোনালোকৰ এই বিপদ আৰু ক্ষতি নহলেহেতেন যদি মোৰ কথা শুনি ক্ৰীতীৰ পৰা জাহাজ এৰি নিদিলেহেঁতেন৷
But after being long without food Paul stood forth in the midst of them, and said, Sirs, ye should have hearkened to me, and not have loosed from Crete, and to have gained this harm and loss.
22 ২২ কিন্তু এতিয়াও মই আপোনালোকক উৎসাহ দিওঁ, অাপোনালোকে সাহস কৰক; কিয়নো আপোনালোকৰ মাজৰ কোনো জীৱৰে প্ৰাণ হানি নহব, মাত্ৰ জাহাজ খনৰহে ক্ষতি হ’ব৷
And now I exhort you to be of good cheer: for there shall be no loss of life among you, but of the ship.
23 ২৩ কিয়নো মই যি জন ঈশ্ৱৰৰ লোক আৰু যি জনৰ মই আৰাধনা কৰোঁ; তেওঁৰ দূতে যোৱাৰাতি মোৰ ওচৰত দেখা দিলে;
For there stood by me this night the angel of God, whose I am, and whom I serve,
24 ২৪ আৰু থিয় হৈ ক’লে ‘হে পৌল, তুমি ভয় নকৰিবা৷ চীজাৰৰ আগত তুমি থিয় হ’ব লাগিব আৰু চোৱা, তোমাৰ লগত যোৱা সকলো মানুহক ঈশ্ৱৰে অনুগ্ৰহ কৰি তোমাক দিলে৷’
Saying, Fear not, Paul; thou must be brought before Caesar: and, lo, God hath given thee all them that sail with thee.
25 ২৫ এই কাৰণে, হে মোৰ প্রিয় সকল, আপোনালোকে সাহস কৰক; কিয়নো মোক যেনেকৈ ক’লে, তেনেকৈ নিশ্চয় ঘটিব৷ ঈশ্ৱৰত মোৰ এনে বিশ্বাস আছে৷
Therefore, sirs, be of good cheer: for I believe God, that it shall be even as it was told to me.
26 ২৬ কিন্তু আমি কোনো এটা দ্ৱীপত উঠিব লাগিব৷”
But we must be cast upon a certain isle.
27 ২৭ এনেদৰে ধুমুহাৰ মাজত ইফাল-সিফাল কৰি আন্দ্ৰিয়া সমুদ্ৰত প্ৰায় চৌদ্ধ ৰাতি পাৰ হৈ যোৱাত, মাজনিশা জাহাজৰ খালাচী সকলে বামৰ ওচৰ পালেহি বুলি ভাবিলে৷
But when the fourteenth night was come, as we were driven up and down in Adria, about midnight the shipmen thought that they drew near to some country;
28 ২৮ তাতে তেওঁলোকে পানী জোখোতে প্ৰায় এক শ বিশ ফুট পালে আৰু অলপ সময়ৰ পাছত আকৌ জোখাত নব্বৈ ফুট পালে৷
And sounded, and found it twenty fathoms: and when they had gone a little further, they sounded again, and found it fifteen fathoms.
29 ২৯ কোনো শিলাময় ঠাইত লাগিব বুলি ভয় কৰি, জাহাজৰ পাছফালে লঙ্গৰ পেলালে আৰু ৰাতিপুৱাবৰ বাবে প্ৰাৰ্থনাৰে বাট চাই থাকিল৷
Then fearing lest we should fall upon rocks, they cast four anchors out of the stern, and wished for the day.
30 ৩০ নাৱৰীয়া সকলে জাহাজ খনৰ আগফালে লঙ্গৰ পেলোৱাৰ ছলেৰে সাগৰত নাও খন নমাই পলোৱাৰ উপায় কৰি থাকোতে,
And as the shipmen were about to flee out of the ship, when they had let down the boat into the sea, under pretence as though they would cast anchors out of the foreship,
31 ৩১ পৌলে এশৰ সেনাপতি আৰু সেনাবোৰক ক’লে, “যদিহে এইবোৰ মানুহ জাহাজত নাথাকে তেনেহলে আপোনালোকেও নিজৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিব৷”
Paul said to the centurion and to the soldiers, Except these abide in the ship, ye cannot be saved.
32 ৩২ তেতিয়া পলাবলৈ খোজা লোকসকলে নাৱৰ লেজু কাতি তাক পানীত উটি যাবলৈ দিলে৷
Then the soldiers cut off the ropes of the boat, and let her fall off.
33 ৩৩ পাছত ৰাতিপুৱাৰ সময়ত, পৌলে সকলোকে আহাৰ কৰিবলৈ অনুৰোধ কৰিলে৷ তেওঁ ক’লে, “আজি চৌদ্ধ দিন আপোনালোকে বাট চাই একো নোখোৱাকৈ অনাহাৰে আছে,
And while the day was coming on, Paul besought them all to take food, saying, This day is the fourteenth day that ye have tarried and continued fasting, having taken nothing.
34 ৩৪ সেই বাবে আপোনালোকক মিনতি কৰিছোঁ, আপোনালোকে যেন অলপ আহাৰ গ্ৰহণ কৰে, কিয়নো সেয়ে আপোনালোকৰ জীয়াই থকাত উপকাৰ স্ৱৰূপ হব; কাৰণ আপোনালোকৰ কোনোজনৰে মূৰৰ এডাল চুলিও নষ্ট নহ’ব৷”
Therefore I beseech you to take some food: for this is for your health: for there shall not an hair fall from the head of any of you.
35 ৩৫ ইয়াকে কৈ তেওঁ পিঠা লৈ, সকলোৰে আগত ঈশ্ৱৰৰ স্তুতি কৰি পিঠাটো ভাঙি ভোজন কৰিলে৷
And when he had thus spoken, he took bread, and gave thanks to God in presence of them all: and when he had broken it, he began to eat.
36 ৩৬ তেতিয়া সকলোৱে উৎসাহিত হৈ নিজ নিজ আহাৰ গ্ৰহন কৰিলে৷
Then they were all of good cheer, and they also took food.
37 ৩৭ জাহাজত আমি দুই শ ছয়সওৰ জন লোক আছিলোঁ৷
And we were in all in the ship two hundred and seventy and six souls.
38 ৩৮ সকলোৱে আহাৰ কৰি তৃপ্ত হোৱাত, তেওঁলোকে জাহাজ খনৰ ওজন কমাবলৈ ঘেহুঁবোৰ সাগৰত দলিয়াই দিলে৷
And when they had eaten enough, they lightened the ship, and cast the wheat into the sea.
39 ৩৯ পাছত যেতিয়া দিন হ’ল, তেতিয়াও তেওঁলোকে সেই অঞ্চল চিনি নাপালে, কিন্তু সমান তীৰেৰে এডোখৰ ঘুপীয়া ঠাই দেখি জাহাজ খন তাত সুমুৱাবলৈ চেষ্টা কৰিলে৷
And when it was day, they knew not the land: but they discovered a certain creek with a shore, into which they purposed, if it were possible, to thrust in the ship.
40 ৪০ সেইবাবে লঙ্গৰবোৰ কাতি সাগৰত পেলাই দিলে আৰু একে সময়তে হালিৰ বান্ধ খুলি দি, বতাহত পাল তৰি সেই তীৰলৈ আগবাঢ়ি গ’ল৷
And when they had taken up the anchors, they committed themselves to the sea, and loosed the rudder bands, and hoisted the mainsail to the wind, and made toward the shore.
41 ৪১ কিন্তু জাহাজ খন আহি আহি দুখন সাগৰৰ সঙ্গম স্থলৰ এক অশান্ত অঞ্চলত সোমাই পৰিল; তাতে জাহাজৰ আগ অংশটো বালিত খুন্দা খোৱাত, জাহাজ খন নলৰাকৈ লাগি ধৰিল আৰু পাছ অংশটো ভাঙি যাব ধৰিলে৷
And falling into a place where two seas met, they ran the ship aground; and the bow stuck fast, and remained unmoveable, but the stern was broken with the violence of the waves.
42 ৪২ সেনা সকলে বন্দীবোৰ সাঁতুৰি পলায় বুলি ভাবি তেওঁলোকে সেই বন্দী সকলক বধ কৰাৰ আচনি কৰিছিল;
And the soldiers’ counsel was to kill the prisoners, lest any of them should swim out, and escape.
43 ৪৩ কিন্তু এশৰ সেনাপতিয়ে পৌলক ৰক্ষা কৰাৰ মনেৰে নিজে সেনা সকলৰ উদ্দেশ্যৰ পৰা তেওঁলোকক নিষেধ কৰি, এই আজ্ঞা দিলে যে, ‘যিবোৰে সাঁতুৰিব জানে, সেইবোৰে যেন আগেয়ে জাঁপ মাৰি সাঁতুৰি বামলৈ যাওক’;
But the centurion, willing to save Paul, kept them from their purpose; and commanded that they who could swim should cast themselves first into the sea, and get to land:
44 ৪৪ আৰু বাকিবোৰে জাহাজৰ কাঠৰ পাট বা আন কোনো জাহাজৰ বস্তুৰ সহায় লৈ পাছে পাছে যাবলৈ কোৱাত, আমি সকলোৱে বামত উঠি ৰক্ষা পালোঁ৷
And the rest, some on boards, and some on broken pieces of the ship. And so it came to pass, that they all escaped safe to land.

< পাঁচনি 27 >