< পাঁচনি 21 >

1 সেই ঠাইত আমি তেওঁলোকৰ পৰা পৃথক হৈ জাহাজেৰে পোন বাটেদি কো দ্বীপলৈ গৈ পাছদিনা ৰোদঃ দ্বীপ পালোঁ৷ তাৰ পৰা আমি পাতাৰা নগৰলৈ যাত্ৰা কৰিলোঁ।
তৈ র্ৱিসৃষ্টাঃ সন্তো ৱযং পোতং বাহযিৎৱা ঋজুমার্গেণ কোষম্ উপদ্ৱীপম্ আগত্য পরেঽহনি রোদিযোপদ্ৱীপম্ আগচ্ছাম ততস্তস্মাৎ পাতারাযাম্ উপাতিষ্ঠাম|
2 পাতাৰাত ফৈনীকিয়া অঞ্চলেদি যোৱা এখন জাহাজ পোৱাত, আমি সেই জাহাজত উঠি যাত্ৰা কৰিলোঁ।
তত্র ফৈনীকিযাদেশগামিনম্ পোতমেকং প্রাপ্য তমারুহ্য গতৱন্তঃ|
3 পাছত কুপ্ৰ দ্বীপ দেখা পাই, তাক বাঁওহাতে এৰি, চিৰিয়া দেশলৈ গৈ, তুৰনগৰত নামিলো; কিয়নো তাত জাহাজৰ মাল-বস্তু দিবলগীয়া আছিল।
কুপ্রোপদ্ৱীপং দৃষ্ট্ৱা তং সৱ্যদিশি স্থাপযিৎৱা সুরিযাদেশং গৎৱা পোতস্থদ্রৱ্যাণ্যৱরোহযিতুং সোরনগরে লাগিতৱন্তঃ|
4 সেই ঠাইৰ শিষ্য সকলক বিচাৰি পোৱাত, আমি তাতে সাত দিন থাকিলো; তেওঁলোকে পবিত্র আত্মাৰ দ্বাৰাই পৌলক যিৰূচালেমলৈ যাবৰ বাবে মানা কৰিলে।
তত্র শিষ্যগণস্য সাক্ষাৎকরণায ৱযং তত্র সপ্তদিনানি স্থিতৱন্তঃ পশ্চাত্তে পৱিত্রেণাত্মনা পৌলং ৱ্যাহরন্ ৎৱং যিরূশালম্নগরং মা গমঃ|
5 আমি সেই কেইদিন তাতে থাকি ওলাই যাওঁতে, তেওঁলোকে লৰা-তিৰোতাৰ সৈতে সকলোৱে নগৰৰ বাহিৰলৈকে আমাক আগবঢ়াই থলে আৰু সাগৰৰ তীৰত আঁঠু লৈ প্ৰাৰ্থনা কৰি, পৰস্পৰে বিদায় ললোঁ৷
ততস্তেষু সপ্তসু দিনেষু যাপিতেষু সৎসু ৱযং তস্মাৎ স্থানাৎ নিজৱর্ত্মনা গতৱন্তঃ, তস্মাৎ তে সবালৱৃদ্ধৱনিতা অস্মাভিঃ সহ নগরস্য পরিসরপর্য্যন্তম্ আগতাঃ পশ্চাদ্ৱযং জলধিতটে জানুপাতং প্রার্থযামহি|
6 আমি জাহাজত উঠিলো কিন্তু তেওঁলোকে নিজ নিজ ঘৰলৈ উলটি গল।
ততঃ পরস্পরং ৱিসৃষ্টাঃ সন্তো ৱযং পোতং গতাস্তে তু স্ৱস্ৱগৃহং প্রত্যাগতৱন্তঃ|
7 পাছত আমি তুৰৰ পৰা গৈ, তলিমায়ি পাই, সমুদ্ৰ-যাত্ৰা শেষ কৰিলোঁ আৰু ভাই সকলক মঙ্গলবাদ জনাই তেওঁলোকৰ লগত এদিন থাকিলোঁ।
ৱযং সোরনগরাৎ নাৱা প্রস্থায তলিমাযিনগরম্ উপাতিষ্ঠাম তত্রাস্মাকং সমুদ্রীযমার্গস্যান্তোঽভৱৎ তত্র ভ্রাতৃগণং নমস্কৃত্য দিনমেকং তৈঃ সার্দ্ধম্ উষতৱন্তঃ|
8 পাছদিনা আমি তাৰ পৰা ওলাই গৈ, চীজাৰিয়া পালোঁ৷ তাতে সাত জনৰ মাজৰ শুভবার্তা প্ৰচাৰক যি ফিলিপ, তেওঁৰ ঘৰত থাকিলোঁ।
পরে ঽহনি পৌলস্তস্য সঙ্গিনো ৱযঞ্চ প্রতিষ্ঠমানাঃ কৈসরিযানগরম্ আগত্য সুসংৱাদপ্রচারকানাং সপ্তজনানাং ফিলিপনাম্ন একস্য গৃহং প্রৱিশ্যাৱতিষ্ঠাম|
9 তাত তেওঁৰ ভাবোক্তি প্ৰচাৰ কৰা চাৰিজনী অবিবাহিতা জীয়েক আছিল।
তস্য চতস্রো দুহিতরোঽনূঢা ভৱিষ্যদ্ৱাদিন্য আসন্|
10 ১০ তাত আমি কেইদিনমান থাকোঁতে, যিহুদীয়াৰ পৰা আগাব নামেৰে এজন ভাববাদী আহিল।
১০তত্রাস্মাসু বহুদিনানি প্রোষিতেষু যিহূদীযদেশাদ্ আগত্যাগাবনামা ভৱিষ্যদ্ৱাদী সমুপস্থিতৱান্|
11 ১১ তেওঁ আমাৰ ওচৰলৈ আহি পৌলৰ ককালৰ পৰা টঙালি লৈ নিজৰ হাত-ভৰি বান্ধি কবলৈ ধৰিলে, “পবিত্ৰ আত্মাই এই কথা কৈছে যাৰ এই টঙালি, সেই মানুহক যিৰূচালেমত ইহুদী সকলে এইদৰে বান্ধি অনা-ইহুদী লোকৰ হাতত শোধাই দিব।”
১১সোস্মাকং সমীপমেত্য পৌলস্য কটিবন্ধনং গৃহীৎৱা নিজহস্তাপাদান্ বদ্ধ্ৱা ভাষিতৱান্ যস্যেদং কটিবন্ধনং তং যিহূদীযলোকা যিরূশালমনগর ইত্থং বদ্ধ্ৱা ভিন্নদেশীযানাং করেষু সমর্পযিষ্যন্তীতি ৱাক্যং পৱিত্র আত্মা কথযতি|
12 ১২ এই কথা শুনি তাত থকা লোক সকলে আৰু আমিও পৌলক এই ঠাই এৰি যিৰূচালেমলৈ নাযাবৰ বাবে মিনতি কৰিলোঁ।
১২এতাদৃশীং কথাং শ্রুৎৱা ৱযং তন্নগরৱাসিনো ভ্রাতরশ্চ যিরূশালমং ন যাতুং পৌলং ৱ্যনযামহি;
13 ১৩ তেতিয়া পৌলে উত্তৰ দিলে, “আপোনালোকে কান্দি কান্দি মোৰ হৃদয় বিদাৰি, কি কৰিব বিছাৰিছে? কিয়নো মই প্ৰভু যীচুৰ নামৰ কাৰণে, যিৰূচালেমত কেৱল বান্ধ খাবলৈ নহয়, মৰিবলৈকো যুগুত হৈ আছোঁ।”
১৩কিন্তু স প্রত্যাৱাদীৎ, যূযং কিং কুরুথ? কিং ক্রন্দনেন মমান্তঃকরণং ৱিদীর্ণং করিষ্যথ? প্রভো র্যীশো র্নাম্নো নিমিত্তং যিরূশালমি বদ্ধো ভৱিতুং কেৱল তন্ন প্রাণান্ দাতুমপি সসজ্জোস্মি|
14 ১৪ তাতে পৌলে আমাৰ কথা গ্রহণ কৰিবলৈ নিবিচৰাত, আমি ক্ষান্ত হলোঁ আৰু কলোঁ, “প্ৰভুৰ যি ইচ্ছা সেয়ে হওক।”
১৪তেনাস্মাকং কথাযাম্ অগৃহীতাযাম্ ঈশ্ৱরস্য যথেচ্ছা তথৈৱ ভৱৎৱিত্যুক্ত্ৱা ৱযং নিরস্যাম|
15 ১৫ তাৰ পাছত আমাৰ সম্বল গোটাই প্রস্তুত হলোঁ আৰু যিৰূচালেমলৈ যাত্ৰা কৰিলোঁ।
১৫পরেঽহনি পাথেযদ্রৱ্যাণি গৃহীৎৱা যিরূশালমং প্রতি যাত্রাম্ অকুর্ম্ম|
16 ১৬ তাতে চীজাৰিয়াৰ পৰাও কিছুমান শিষ্য আমাৰ লগত আহিল৷ ম্লাচোন নামেৰে কুপ্র দ্বীপৰ তেওঁৰ যি পুৰণি শিষ্যৰ ঘৰত আমি আলহী হৈ থকাৰ কথা আছিল, তেওঁকো লগত লৈ অহা হ’ল।
১৬ততঃ কৈসরিযানগরনিৱাসিনঃ কতিপযাঃ শিষ্যা অস্মাভিঃ সার্দ্ধম্ ইৎৱা কৃপ্রীযেন ম্নাসন্নাম্না যেন প্রাচীনশিষ্যেন সার্দ্ধম্ অস্মাভি র্ৱস্তৱ্যং তস্য সমীপম্ অস্মান্ নীতৱন্তঃ|
17 ১৭ আমি যিৰূচালেম পোৱাত, ভাই সকলে আনন্দেৰে আমাক গ্ৰহণ কৰিলে।
১৭অস্মাসু যিরূশালম্যুপস্থিতেষু তত্রস্থভ্রাতৃগণোঽস্মান্ আহ্লাদেন গৃহীতৱান্|
18 ১৮ পাছদিনা পৌল আমাৰ সৈতে যাকোবৰ তাত সোমোৱাত পৰিচাৰক সকলো তাত উপস্থিত হ’ল।
১৮পরস্মিন্ দিৱসে পৌলেঽস্মাভিঃ সহ যাকূবো গৃহং প্রৱিষ্টে লোকপ্রাচীনাঃ সর্ৱ্ৱে তত্র পরিষদি সংস্থিতাঃ|
19 ১৯ পাছত তেওঁ তেওঁলোকক মঙ্গলবাদ কৰিলে আৰু ঈশ্বৰে তেওঁৰ পৰিচর্যাৰ দ্বাৰাই অনা-ইহুদী লোকৰ মাজত যি যি কৰিলে; সেই বিষয়ে এটা এটাকৈ বর্ণনা কৰিলে৷
১৯অনন্তরং স তান্ নৎৱা স্ৱীযপ্রচারণেন ভিন্নদেশীযান্ প্রতীশ্ৱরো যানি কর্ম্মাণি সাধিতৱান্ তদীযাং কথাম্ অনুক্রমাৎ কথিতৱান্|
20 ২০ এই কাৰ্যবোৰ শুনি তেওঁলোকে ঈশ্বৰৰ প্ৰশংসা কৰিলে আৰু তেওঁক কলে, “হে ভাই, তুমি জানা যে, ইহুদী লোকৰ মাজত বিশ্বাস কৰা সকলৰ যি লোক আছে আৰু তেওঁলোক সকলোৱে বিধানত উৎসাহী।
২০ইতি শ্রুৎৱা তে প্রভুং ধন্যং প্রোচ্য ৱাক্যমিদম্ অভাষন্ত, হে ভ্রাত র্যিহূদীযানাং মধ্যে বহুসহস্রাণি লোকা ৱিশ্ৱাসিন আসতে কিন্তু তে সর্ৱ্ৱে ৱ্যৱস্থামতাচারিণ এতৎ প্রত্যক্ষং পশ্যসি|
21 ২১ কিন্তু তোমাৰ বিষয়ে তেওঁলোকে এই সম্বাদ পালে; তুমি বোলে, অনা-ইহুদী সকলৰ মাজত থকা ইহুদী লোকক মোচিক ত্যাগ কৰিবলৈ শিকাইছা আৰু কৈছা বোলে, তেওঁলোকে লৰাৰ চুন্নৎ কৰিব নালাগে আৰু ৰীতি মতে আচৰণ কৰিব নালাগে।
২১শিশূনাং ৎৱক্ছেদনাদ্যাচরণং প্রতিষিধ্য ৎৱং ভিন্নদেশনিৱাসিনো যিহূদীযলোকান্ মূসাৱাক্যম্ অশ্রদ্ধাতুম্ উপদিশসীতি তৈঃ শ্রুতমস্তি|
22 ২২ এতেকে কি হব? তুমি আহিলা বুলিও তেওঁলোকে অৱশ্যে শুনিছে।
২২ৎৱমত্রাগতোসীতি ৱার্ত্তাং সমাকর্ণ্য জননিৱহো মিলিৎৱাৱশ্যমেৱাগমিষ্যতি; অতএৱ কিং করণীযম্? অত্র ৱযং মন্ত্রযিৎৱা সমুপাযং ৎৱাং ৱদামস্তং ৎৱমাচর|
23 ২৩ এতেকে আমি তোমাক এটা কথা কওঁ, তুমি তাকে কৰা; সঙ্কল্প কৰা আমাৰ চাৰি জন মানুহ আছে;
২৩ৱ্রতং কর্ত্তুং কৃতসঙ্কল্পা যেঽস্মাংক চৎৱারো মানৱাঃ সন্তি
24 ২৪ তেওঁলোকৰ লগত একেলগে নিজকে শুচি কৰা আৰু তেওঁলোকৰ মূৰ খূৰাবলৈ তুমি খৰচ দিয়া। এই বিষয়ে যি সম্বাদ পালে, সেয়ে যে একো নহয়, আৰু তুমি যে নিজে বিধান পালন কৰি নিয়মিতৰূপে আচৰণ কৰি চলিছা, সেই বিষয়ে সকলোৱে জানিব।
২৪তান্ গৃহীৎৱা তৈঃ সহিতঃ স্ৱং শুচিং কুরু তথা তেষাং শিরোমুণ্ডনে যো ৱ্যযো ভৱতি তং ৎৱং দেহি| তথা কৃতে ৎৱদীযাচারে যা জনশ্রুতি র্জাযতে সালীকা কিন্তু ৎৱং ৱিধিং পালযন্ ৱ্যৱস্থানুসারেণেৱাচরসীতি তে ভোৎসন্তে|
25 ২৫ কিন্তু অনা-ইহুদী সকলৰ মাজত বিশ্বাস কৰা সকলৰ বিষয়ে হলে, তেওঁলোকে মূৰ্তিক দিয়া প্ৰসাদ, টেটু-চেপা দি মৰা জন্তুৰ মাংস আৰু তেজ খোৱা আৰু ব্যভিচাৰৰ পৰা নিজকে ৰাখিবলৈ আমি নিশ্চয় কৰি নিৰ্দেশনা লিখি পঠালোঁ।”
২৫ভিন্নদেশীযানাং ৱিশ্ৱাসিলোকানাং নিকটে ৱযং পত্রং লিখিৎৱেত্থং স্থিরীকৃতৱন্তঃ, দেৱপ্রসাদভোজনং রক্তং গলপীডনমারিতপ্রাণিভোজনং ৱ্যভিচারশ্চৈতেভ্যঃ স্ৱরক্ষণৱ্যতিরেকেণ তেষামন্যৱিধিপালনং করণীযং ন|
26 ২৬ তেতিয়া পৌলে সেই মানুহকেইজনক লৈ পাছদিনা মন্দিৰত সোমাল আৰু তেওঁলোকৰ প্ৰতিজনৰ কাৰণে নৈৱেদ্য উ‌‌ৎসৰ্গ হোৱালৈকে, শুচি কৰা কার্যত কিমান দিন লাগিব, সেই বিষয়ে জনালে।
২৬ততঃ পৌলস্তান্ মানুষানাদায পরস্মিন্ দিৱসে তৈঃ সহ শুচি র্ভূৎৱা মন্দিরং গৎৱা শৌচকর্ম্মণো দিনেষু সম্পূর্ণেষু তেষাম্ একৈকার্থং নৈৱেদ্যাদ্যুৎসর্গো ভৱিষ্যতীতি জ্ঞাপিতৱান্|
27 ২৭ কিন্তু সেই সাত দিন প্ৰায় শেষ হলত, এচিয়া দেশৰ ইহুদী সকলে তেওঁক মন্দিৰত দেখি, গোটেই লোক সকলক উচতাই, তেওঁক ধৰি ৰিঙিয়াই কলে,
২৭তেষু সপ্তসু দিনেষু সমাপ্তকল্পেষু আশিযাদেশনিৱাসিনো যিহূদীযাস্তং মধ্যেমন্দিরং ৱিলোক্য জননিৱহস্য মনঃসু কুপ্রৱৃত্তিং জনযিৎৱা তং ধৃৎৱা
28 ২৮ “হে ইস্ৰায়েলৰ সন্তান সকল, সহায় কৰা; যি মানুহে আমাৰ জাতিৰ বিধানৰ আৰু এই ঠাইৰ বিৰুদ্ধে আটাই ঠাইতে সকলো লোকক শিক্ষা দিব লাগিছে, এই জনেই তেওঁ। ইয়াৰ বাহিৰেও গ্ৰীক মানুহকো মন্দিৰৰ ভিতৰলৈ আনি, এই পবিত্ৰ ঠাই অপবিত্ৰ কৰিলে।”
২৮প্রোচ্চৈঃ প্রাৱোচন্, হে ইস্রাযেল্লোকাঃ সর্ৱ্ৱে সাহায্যং কুরুত| যো মনুজ এতেষাং লোকানাং মূসাৱ্যৱস্থাযা এতস্য স্থানস্যাপি ৱিপরীতং সর্ৱ্ৱত্র সর্ৱ্ৱান্ শিক্ষযতি স এষঃ; ৱিশেষতঃ স ভিন্নদেশীযলোকান্ মন্দিরম্ আনীয পৱিত্রস্থানমেতদ্ অপৱিত্রমকরোৎ|
29 ২৯ কিয়নো তেওঁলোকে আগেয়ে ত্ৰফিম নামেৰে ইফিচীয়া এজনক নগৰৰ মাজত পৌলৰ লগত দেখিছিল; আৰু তেওঁ তাক মন্দিৰৰ ভিতৰলৈ আনিছিল বুলি তেওঁলোকে ভাবিছিল।
২৯পূর্ৱ্ৱং তে মধ্যেনগরম্ ইফিষনগরীযং ত্রফিমং পৌলেন সহিতং দৃষ্টৱন্ত এতস্মাৎ পৌলস্তং মন্দিরমধ্যম্ আনযদ্ ইত্যন্ৱমিমত|
30 ৩০ তাতে গোটেই নগৰ অস্থিৰ হোৱাত, মানুহবোৰ লৰি আহি পৌলক ধৰি মন্দিৰৰ পৰা বাহিৰলৈ টানি লৈ গল আৰু তেতিয়াই দুৱাৰবোৰ বন্ধ কৰা হল।
৩০অতএৱ সর্ৱ্ৱস্মিন্ নগরে কলহোৎপন্নৎৱাৎ ধাৱন্তো লোকা আগত্য পৌলং ধৃৎৱা মন্দিরস্য বহিরাকৃষ্যানযন্ তৎক্ষণাদ্ দ্ৱারাণি সর্ৱ্ৱাণি চ রুদ্ধানি|
31 ৩১ এইদৰেই তেওঁলোকে তেওঁক বধ কৰিবলৈ যত্ন কৰোঁতেই, যিৰূচালেমৰ গোটেইখনত হুলস্থুল লগাৰ কথা সৈন্য দলৰ হাজাৰৰ সেনাপতিয়ে শুনিলে,
৩১তেষু তং হন্তুমুদ্যতেষু যিরূশালম্নগরে মহানুপদ্রৱো জাত ইতি ৱার্ত্তাযাং সহস্রসেনাপতেঃ কর্ণগোচরীভূতাযাং সত্যাং স তৎক্ষণাৎ সৈন্যানি সেনাপতিগণঞ্চ গৃহীৎৱা জৱেনাগতৱান্|
32 ৩২ তেতিয়াই তেওঁ সেনাবোৰৰ সৈতে এশৰ সেনাপতিবিলাকক লগত লৈ তেওঁলোকৰ ওচৰলৈ বেগাই আহিল। তাতে তেওঁলোকে হাজাৰৰ সেনাপতি আৰু সেনাবোৰক দেখি, পৌলক কোবাবলৈ এৰিলে।
৩২ততো লোকাঃ সেনাগণেন সহ সহস্রসেনাপতিম্ আগচ্ছন্তং দৃষ্ট্ৱা পৌলতাডনাতো ন্যৱর্ত্তন্ত|
33 ৩৩ পাছত হাজাৰৰ সেনাপতিয়ে ওচৰলৈ আহি, তেওঁক ধৰি, দুডাল শিকলিৰে বান্ধিবলৈ আজ্ঞা দিলে; পাছত সুধিলে- “এইটো কোন আৰু কি নো কৰিলে।”
৩৩স সহস্রসেনাপতিঃ সন্নিধাৱাগম্য পৌলং ধৃৎৱা শৃঙ্খলদ্ৱযেন বদ্ধম্ আদিশ্য তান্ পৃষ্টৱান্ এষ কঃ? কিং কর্ম্ম চাযং কৃতৱান্?
34 ৩৪ তাতে লোক সকলৰ মাজত বেলেগ বেলেগ মানুহে বেলেগ বেলেগ কথাৰে ৰিঙিয়া-ৰিঙি কৰাত, কোলাহলৰ কাৰণে তেওঁ একো নিশ্চয় কৰিব নোৱাৰি, পৌলক দুর্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে।
৩৪ততো জনসমূহস্য কশ্চিদ্ একপ্রকারং কশ্চিদ্ অন্যপ্রকারং ৱাক্যম্ অরৌৎ স তত্র সত্যং জ্ঞাতুম্ কলহকারণাদ্ অশক্তঃ সন্ তং দুর্গং নেতুম্ আজ্ঞাপযৎ|
35 ৩৫ পাছত জখলাত উঠোতে, লোক সকলৰ উগ্ৰতাৰ কাৰণে, সেনাবোৰৰ দ্বাৰাই তেওঁক দাঙি নিয়া হল;
৩৫তেষু সোপানস্যোপরি প্রাপ্তেষু লোকানাং সাহসকারণাৎ সেনাগণঃ পৌলমুত্তোল্য নীতৱান্|
36 ৩৬ কিয়নো লোক সকলে পাছে পাছে গৈ ৰিঙিয়াই ৰিঙিয়াই কলে, “তাক দূৰ কৰক”।
৩৬ততঃ সর্ৱ্ৱে লোকাঃ পশ্চাদ্গামিনঃ সন্ত এনং দুরীকুরুতেতি ৱাক্যম্ উচ্চৈরৱদন্|
37 ৩৭ পাছত পৌলক দুর্গৰ ভিতৰলৈ নিবলৈ ধৰোতেই, তেওঁ হাজাৰৰ সেনাপতিক কলে, “আপোনাৰ আগত মই কিছু কথা কবলৈ পাৰোঁ নে?” তেতিয়া সেনাপতিয়ে সুধিলে, “তুমি গ্ৰীক ভাষা কব জানা নে?
৩৭পৌলস্য দুর্গানযনসমযে স তস্মৈ সহস্রসেনাপতযে কথিতৱান্, ভৱতঃ পুরস্তাৎ কথাং কথযিতুং কিম্ অনুমন্যতে? স তমপৃচ্ছৎ ৎৱং কিং যূনানীযাং ভাষাং জানাসি?
38 ৩৮ যি জন মিচৰীয়াই ইয়াৰ আগেয়ে ঘাতক সকলৰ মাজৰ চাৰি হাজাৰ মানুহক উচতাই লগত লৈ অৰণ্যলৈ গৈছিল, তুমি সেই জন নোহোৱা নে?”
৩৮যো মিসরীযো জনঃ পূর্ৱ্ৱং ৱিরোধং কৃৎৱা চৎৱারি সহস্রাণি ঘাতকান্ সঙ্গিনঃ কৃৎৱা ৱিপিনং গতৱান্ ৎৱং কিং সএৱ ন ভৱসি?
39 ৩৯ কিন্তু পৌলে কলে, “মই কিলিকিয়া দেশৰ তাৰ্চ নগৰৰ যিহুদী মানুহ, সামান্য মানুহ নহওঁ। বিনয় কৰোঁ, মানুহবোৰৰ আগত কথা কবলৈ মোক অনুমতি দিয়ক।”
৩৯তদা পৌলোঽকথযৎ অহং কিলিকিযাদেশস্য তার্ষনগরীযো যিহূদীযো, নাহং সামান্যনগরীযো মানৱঃ; অতএৱ ৱিনযেঽহং লাকানাং সমক্ষং কথাং কথযিতুং মামনুজানীষ্ৱ|
40 ৪০ পাছত তেওঁক অনুমতি দিয়াত, পৌলে জখলাৰ ওপৰত থিয় হৈ, মানুহবোৰৰ সন্মূখত হাত দাঙি সম্ভাষণ জনালে; তাৰ পাছত লোক সমূহ অতি নিজম দি থাকিল আৰু তেওঁ ইব্ৰী ভাষাৰে তেওঁলোকক কবলৈ আৰম্ভ কৰিলে,
৪০তেনানুজ্ঞাতঃ পৌলঃ সোপানোপরি তিষ্ঠন্ হস্তেনেঙ্গিতং কৃতৱান্, তস্মাৎ সর্ৱ্ৱে সুস্থিরা অভৱন্| তদা পৌল ইব্রীযভাষযা কথযিতুম্ আরভত,

< পাঁচনি 21 >