< ২ কৰিন্থীয়া 9 >

1 কিয়নো পবিত্ৰ লোক সকলৰ পৰিচৰ্যা কৰা কাৰ্যৰ বিষয়ে মই আপোনালোকলৈ লিখাৰ প্ৰয়োজন নাই৷
পৱিত্রলোকানাম্ উপকারার্থকসেৱামধি যুষ্মান্ প্রতি মম লিখনং নিষ্প্রযোজনং|
2 মই আপোনালোকৰ কামনা জানো, যাৰ বিষয়ে মই মাকিদনিয়া সকলৰ আগত আপোনালোকৰ পক্ষে গৌৰৱ কৰিছিলোঁ৷ মই তেখেত সকলক কৈছিলোঁ যে, এবছৰৰ আগৰ পৰাই আখায়া প্ৰস্তুত হৈ আছিল; আৰু আপোনালোকৰ সেই আগ্ৰহে অধিক ভাগ মানুহক প্ৰভাৱত পেলালে।
যত আখাযাদেশস্থা লোকা গতৱর্ষম্ আরভ্য তৎকার্য্য উদ্যতাঃ সন্তীতি ৱাক্যেনাহং মাকিদনীযলোকানাং সমীপে যুষ্মাকং যাম্ ইচ্ছুকতামধি শ্লাঘে তাম্ অৱগতোঽস্মি যুষ্মাকং তস্মাদ্ উৎসাহাচ্চাপরেষাং বহূনাম্ উদ্যোগো জাতঃ|
3 এতিয়া মই আপোনালোকৰ ওচৰলৈ ভাই সকলক পঠালোঁ, যাতে আপোনালোকৰ পক্ষে আমাৰ সেই গৌৰৱ যেন ব্যৰ্থ নহয় আৰু মই যেনেকৈ কৈছিলোঁ, আপোনালোকে তেনেকৈ যেন প্ৰস্তুত হৈ থাকে৷
কিঞ্চৈতস্মিন্ যুষ্মান্ অধ্যস্মাকং শ্লাঘা যদ্ অতথ্যা ন ভৱেৎ যূযঞ্চ মম ৱাক্যানুসারাদ্ যদ্ উদ্যতাস্তিষ্ঠেত তদর্থমেৱ তে ভ্রাতরো মযা প্রেষিতাঃ|
4 নহ’লে মাকিদনিয়াৰ পৰা মোৰ লগত অহা কোনো মানুহে যদি আপোনালোকক অপ্ৰস্তুত পায়, তেনেহলে আমি আপোনালোকৰ প্ৰতি সেই দৃঢ় আশা ৰখাত, আমি লাজত পৰিম - মই আপোনালোকৰ বিষয়ে এনে একো কথা নকওঁ, কাৰণ আপোনালোকৰ বিশ্ৱাসৰ ওপৰত মই নিশ্চিত হৈ আছোঁ৷
যস্মাৎ মযা সার্দ্ধং কৈশ্চিৎ মাকিদনীযভ্রাতৃভিরাগত্য যূযমনুদ্যতা ইতি যদি দৃশ্যতে তর্হি তস্মাদ্ দৃঢৱিশ্ৱাসাদ্ যুষ্মাকং লজ্জা জনিষ্যত ইত্যস্মাভি র্ন ৱক্তৱ্যং কিন্ত্ৱস্মাকমেৱ লজ্জা জনিষ্যতে|
5 সেই কাৰণে মই ভাই কেইজনক উৎসাহিত কৰিবলৈ প্ৰয়োজন দেখি, আপোনালোকৰ ওচৰত পঠিয়াম বুলি ভাবিলোঁ; আপোনালোকে যি পূৰ্বৰে পৰা প্ৰতিজ্ঞা কৰা সেই আশীৰ্বাদ স্বৰূপ দান, সেই বিষয়ে তেখেত সকলে আপোনালোকৰ ওচৰলৈ আহি যেন আয়োজন কৰে৷ এই বিনামূলীয়া আশীর্বাদ দানৰ দৰে যেন যুগুত থাকে, কিন্তু আপোনালোকে বাধ্যত পৰি দান কৰিলে, এনে যেন নহয়৷
অতঃ প্রাক্ প্রতিজ্ঞাতং যুষ্মাকং দানং যৎ সঞ্চিতং ভৱেৎ তচ্চ যদ্ গ্রাহকতাযাঃ ফলম্ অভূৎৱা দানশীলতাযা এৱ ফলং ভৱেৎ তদর্থং মমাগ্রে গমনায তৎসঞ্চযনায চ তান্ ভ্রাতৃন্ আদেষ্টুমহং প্রযোজনম্ অমন্যে|
6 কিন্তু সেই বিষয়ে সাৰ কথা এই- যি জনে অলপকৈ বয়, তেওঁ অলপকৈ চপাব; আৰু যি জনে অধিককৈ বয়, তেওঁ অধিককৈ চপাব।
অপরমপি ৱ্যাহরামি কেনচিৎ ক্ষুদ্রভাৱেন বীজেষূপ্তেষু স্ৱল্পানি শস্যানি কর্ত্তিষ্যন্তে, কিঞ্চ কেনচিদ্ বহুদভৱেন বীজেষূপ্তেষু বহূনি শস্যানি কর্ত্তিষ্যন্তে|
7 প্ৰতিজনে নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে, তেনেকৈ দিয়ক৷ মনোদুখেৰে যেন নহয় বা আৱশ্যকতাৰেও যেন নিদিয়ে- কিয়নো হৰ্ষিত মনেৰে দিয়া জনক ঈশ্বৰে প্ৰেম কৰে।
একৈকেন স্ৱমনসি যথা নিশ্চীযতে তথৈৱ দীযতাং কেনাপি কাতরেণ ভীতেন ৱা ন দীযতাং যত ঈশ্ৱরো হৃষ্টমানসে দাতরি প্রীযতে|
8 ঈশ্বৰে আপোনালোকক সকলো বিষয়তে অনুগ্ৰহত বৃদ্ধি কৰিব পাৰে আৰু সকলো সময়তে আপোনালোকৰ সকলো জোৰাওকৈ থকাত, আপোনালোক সকলো সৎকৰ্মত যেন উপচি পৰিব পাৰে৷
অপরম্ ঈশ্ৱরো যুষ্মান্ প্রতি সর্ৱ্ৱৱিধং বহুপ্রদং প্রসাদং প্রকাশযিতুম্ অর্হতি তেন যূযং সর্ৱ্ৱৱিষযে যথেষ্টং প্রাপ্য সর্ৱ্ৱেণ সৎকর্ম্মণা বহুফলৱন্তো ভৱিষ্যথ|
9 এই বিষয়ে যি দৰে লিখাও আছে, “তেওঁ নিজ ধন-সম্পত্তি দৰিদ্ৰ সকলক বিলাই দি, দান কৰিলে; তেওঁৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে৷” (aiōn g165)
এতস্মিন্ লিখিতমাস্তে, যথা, ৱ্যযতে স জনো রাযং দুর্গতেভ্যো দদাতি চ| নিত্যস্থাযী চ তদ্ধর্ম্মঃ (aiōn g165)
10 ১০ যি জনে কঠীয়া সিচোতাজনক সিচিঁবলৈ কঠীয়া আৰু ভোজনৰ কাৰণে আহাৰ যোগাই, তেৱেঁই আপোনালোকৰ কঠীয়া যোগাই বাহুল্য কৰিব আৰু আপোনালোকৰ ধাৰ্মিকতাৰ ফল বৃদ্ধি কৰিব;
১০বীজং ভেজনীযম্ অন্নঞ্চ ৱপ্ত্রে যেন ৱিশ্রাণ্যতে স যুষ্মভ্যম্ অপি বীজং ৱিশ্রাণ্য বহুলীকরিষ্যতি যুষ্মাকং ধর্ম্মফলানি ৱর্দ্ধযিষ্যতি চ|
11 ১১ এইদৰে আপোনালোক সকলো দানশীলতাৰ অৰ্থে সকলো বিষয়তে ধনৱন্ত হব, আৰু সেই দানশীলতাই আমাৰ দ্বাৰাই ঈশ্বৰলৈ ধন্যবাদ সাধন কৰাব।
১১তেন সর্ৱ্ৱৱিষযে সধনীভূতৈ র্যুষ্মাভিঃ সর্ৱ্ৱৱিষযে দানশীলতাযাং প্রকাশিতাযাম্ অস্মাভিরীশ্ৱরস্য ধন্যৱাদঃ সাধযিষ্যতে|
12 ১২ কিয়নো এই দান দি পৰিচৰ্যা কৰা কাৰ্যই পবিত্ৰ লোকৰ অভাৱ পূৰ কৰিছে, অকল এয়ে নহয়, কিন্তু ঈশ্বৰৰ অনেক ধন্যবাদত ঈশ্বৰৰ উদ্দেশ্যেও উপচি পৰিছে৷
১২এতযোপকারসেৱযা পৱিত্রলোকানাম্ অর্থাভাৱস্য প্রতীকারো জাযত ইতি কেৱলং নহি কিন্ত্ৱীশ্চরস্য ধন্যৱাদোঽপি বাহুল্যেনোৎপাদ্যতে|
13 ১৩ আপোনালোকক এই পৰিচৰ্যা কৰা কাৰ্যত পৰীক্ষাৰ দ্ৱাৰাই নিযুক্ত কৰা হ’ল; আপোনালোকে ঈশ্বৰক মহিমান্বিত কৰিছে, কিয়নো আপোনালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ বিষয়ে স্বীকাৰ কৰি বশৱৰ্ত্তী হোৱা কাৰণে আৰু তেখেত সকললৈ আৰু আন লোকলৈও আপোনালোকে ভালেমান দান কৰিলে৷
১৩যত এতস্মাদ্ উপকারকরণাদ্ যুষ্মাকং পরীক্ষিতৎৱং বুদ্ধ্ৱা বহুভিঃ খ্রীষ্টসুসংৱাদাঙ্গীকরণে যুষ্মাকম্ আজ্ঞাগ্রাহিৎৱাৎ তদ্ভাগিৎৱে চ তান্ অপরাংশ্চ প্রতি যুষ্মাকং দাতৃৎৱাদ্ ঈশ্ৱরস্য ধন্যৱাদঃ কারিষ্যতে,
14 ১৪ তেওঁলোকে আপোনালোকলৈ অতিশয় হাবিয়াহ কৰি আছে আৰু আপোনালোকৰ কাৰণে প্ৰার্থনাত আছে, কিয়নো ঈশ্বৰৰ সেই মহৎ অনুগ্ৰহ আপোনালোকৰ ওপৰত আছে৷
১৪যুষ্মদর্থং প্রার্থনাং কৃৎৱা চ যুষ্মাস্ৱীশ্ৱরস্য গরিষ্ঠানুগ্রহাদ্ যুষ্মাসু তৈঃ প্রেম কারিষ্যতে|
15 ১৫ ঈশ্বৰৰ বৰ্ণনাতীত দানৰ কাৰণে তেওঁৰ ধন্যবাদ হওক।
১৫অপরম্ ঈশ্ৱরস্যানির্ৱ্ৱচনীযদানাৎ স ধন্যো ভূযাৎ|

< ২ কৰিন্থীয়া 9 >