< ২ বংশাবলি 23 >

1 পাছত সপ্তম বছৰত যিহোয়াদাই প্ৰভাৱশালীৰে কার্য কৰিলে৷ তেওঁ শতপতিসকলক, যিৰোহমৰ পুত্ৰ অজৰিয়াক; যিহোহাননৰ পুত্ৰ ইশ্মায়েলক; ওবেদৰ পুত্ৰ অজৰিয়াক; অদায়াৰ পুত্ৰ মাচেয়াক; আৰু জিখ্ৰীৰ পুত্ৰ ইলীচাফটক লৈ নিজৰে সৈতে এটি নিয়ম কৰিলে।
А седме године ослободи се Јодај, и узе к себи стотнике Азарију сина Јероамовог и Исмаила сина Јоанановог и Азарију сина Овидовог и Масију сина Адајевог и Елисафата сина Зихријевог, и ухвати веру с њима,
2 তাৰ পাছত তেওঁলোকে যিহূদা দেশত ফুৰি, যিহূদাৰ সকলো নগৰৰ পৰা লেবীয়াসকলক আৰু ইস্ৰায়েলৰ পিতৃ-বংশৰ মুখীয়ালসকলক গোটাই লৈ তেওঁলোকে যিৰূচালেমলৈ আহিল।
Те пролазећи земљу Јудину сабраше Левите из свих градова Јудиних и главаре породица отачких у Израиљу, и дођоше у Јерусалим.
3 পাছত গোটেই সমাজে ঈশ্বৰৰ গৃহত ৰজাৰ লগত এটি নিয়ম কৰিলে। যিহোয়াদাই তেওঁলোকক কলে, “চোৱা, দায়ূদৰ সন্তান সকলৰ বিষয়ে কোৱা যিহোৱাৰ বাক্য অনুসাৰে ৰজাৰ পুত্ৰই ৰাজত্ৱ কৰিব।
И сав збор учини веру у дому Божјем с царем; и Јодај им рече: Ево, син ће царев царовати, као што је рекао Господ за синове Давидове.
4 এইটোৱেই হৈছে তোমালোকে কৰিবই লাগিব: তোমালোকৰ পুৰোহিত আৰু লেবীয়াসকলৰ যিমান লোক বিশ্ৰাম-বাৰত সেৱা কৰিব তেওঁলোকৰ তিনি ভাগৰ এভাগে দুৱৰী হ’ব;
Ово учините: трећина вас који долазите у суботу између свештеника и Левита нека буду вратари на прагу;
5 দ্বিতীয় ভাগ ৰাজগৃহত থাকিব; আৰু তৃতীয় ভাগে প্ৰৱেশ দুৱাৰত থাকিব৷ সকলো লোক যিহোৱাৰ গৃহৰ চোতালত থাকিব।
А друга трећина нека буде у царском двору; а остала трећина на вратима од темеља, а сав народ у тремовима дома Господњег.
6 কিন্তু পুৰোহিতসকল আৰু পৰিচৰ্যা কৰোঁতা লেবীয়াসকলৰ বাহিৰে আন কোনো লোকক যিহোৱাৰ গৃহত প্ৰৱেশ কৰিবলৈ নিদিবা; তেওঁলোকহে সোমাব, কাৰণ তেওঁলোকে সেই ঠাইতে কার্য কৰে৷ সকলোৱে যিহোৱাৰ আজ্ঞাবোৰ পালন কৰিব লাগিব।
Нико да не улази у дом Господњи осим свештеника и оних Левита који служе; они нека улазе, јер су посвећени, а сав народ нека чини оно што је Господ заповедио да чини.
7 আৰু লেবীয়াসকলৰ প্ৰতিজনে নিজ হাতত অস্ত্ৰ লৈ ৰজাক আবৰি ৰাখিব লাগিব৷ যি জন লোকেই গৃহৰ ভিতৰত সোমাব, তেওঁক বধ কৰা হওঁক৷ ৰজাই যেতিয়া ভিতৰলৈ আহে বা বাহিৰলৈ ওলাই যায়, তেতিয়া তোমালোকে তেওঁৰ লগে লগে থাকিবা৷”
И Левити нека опколе цара, сваки с оружјем својим у руци; и ко би год ушао у дом, да се погуби; и будите уз цара кад стане улазити и излазити.
8 তাতে যিহোয়াদা পুৰোহিতে যি যি আজ্ঞা দিছিল, লেবীয়াসকল আৰু গোটেই যিহূদাই সেইদৰে সকলো সেৱা কৰিলে৷ তেওঁলোক প্ৰতিজনে বিশ্ৰাম বাৰে সোমোৱা আৰু বিশ্ৰাম বাৰে ওলোৱা নিজ নিজ লোকসকলক ল’লে, কিয়নো যিহোয়াদা পুৰোহিতে পাল আদায় হোৱা লোকসকলক বিদায় নিদিলে।
И учинише Левити и сав народ Јудин све што заповеди свештеник Јодај; и узеше сваки своје људе који долажаху у суботу и који одлажаху у суботу; јер Јодај свештеник не отпусти редове.
9 তাৰ পাছত দায়ুদ ৰজাৰ যি যি বৰচা, ঢাল আৰু বাৰূ ঈশ্বৰৰ গৃহত আছিল, যিহোয়াদা পুৰোহিতে সেইবোৰ শতপতিসকলক দিলে।
И даде Јодај свештеник стотиницима копља и штитове и штитиће цара Давида што беху у дому Божијем.
10 ১০ তেওঁ সকলো লোকক গৃহৰ সোঁ কাষৰ পৰা বাওঁ কাষলৈকে যজ্ঞবেদীৰ আৰু গৃহৰ মাজ ঠাইত ৰজাৰ চাৰিওফালে ৰাখিলে; তেওঁলোকৰ প্ৰতিজনৰ হাতত অস্ত্ৰ আছিল।
И постави сав народ све с оружјем у руку, од десне стране дома до леве према олтару и према дому, око цара.
11 ১১ তাৰ পাছত তেওঁলোকে ৰাজকোঁৱৰক বাহিৰলৈ উলিয়াই আনি, তেওঁৰ মূৰত কিৰীটি আৰু হাতত সাক্ষ্যপুস্তক দি তেওঁক ৰজা পাতিলে আৰু যিহোয়াদা ও তেওঁৰ পুত্ৰসকলে তেওঁক অভিষেক কৰিলে৷ তেতিয়া সকলোৱে ক’লে, “ৰজা চিৰজীৱি হওঁক।”
Тада изведоше сина царевог, и метнуше му на главу венац, и дадоше му сведочанство, и зацарише га, и Јодај и синови његови помазаше га и рекоше: Да живи цар!
12 ১২ যেতিয়া অথলিয়াই লোকসকলক লৰাঢাপৰা কৰা আৰু ৰজাক প্ৰশংসা কৰি চিঞৰ-বাখৰ কৰা শুনিলে তেতিয়া তেওঁ যিহোৱাৰ গৃহলৈ লোকসকলৰ ওচৰলৈ আহিল;
А кад Готолија чу вику народа који се стецаше и хваљаше цара, дође к народу у дом Господњи.
13 ১৩ আৰু চাই দেখিলে যে, সোমোৱা ঠাইত ৰজা নিজ স্তম্ভটোৰ ওচৰত থিয় হৈ আছে আৰু শতপতিসকল ও তুৰী বজোৱাসকল ৰজাৰ ওচৰত আছে৷ দেশৰ সকলো লোকসকলে আনন্দ কৰি আছিল, তুৰী বজাই আছিল আৰু প্ৰশংসা কৰিব জনা নিপুণ গায়কসকলে বাদ্যযন্ত্ৰ লৈ গীত গাই আছিল। তেতিয়া অথলিয়াই নিজৰ কাপোৰ ফালি, “ৰাজদ্ৰোহী! ৰাজদ্ৰোহী!” বুলি চিঞৰি চিঞৰি ক’লে।
И погледа, и гле, цар стајаше код свог ступа на уласку, а кнезови и трубе око цара, и сав народ земаљски радоваше се и трубе трубљаху и певачи певаху уз оруђа музичка и они који почињаху у певању. Тада раздре Готолија хаљине своје и повика: Буна! Буна!
14 ১৪ কিন্তু যিহোয়াদা পুৰোহিতে সৈন্যৰ অধ্যক্ষ শতপতিসকলক বাহিৰলৈ আনি ক’লে, “তাইক দুই শাৰীৰ মাজেদি বাহিৰলৈ লৈ যোৱা; যি জন লোক তাইৰ পাছত যাব, তেওঁক তৰোৱালেৰে বধ কৰা হওক।” কিয়নো পুৰোহিতে কৈছিল, “যিহোৱাৰ গৃহৰ ভিতৰত তাইক বধ নকৰিবা।”
А Јодај свештеник заповеди да изађу стотиници који беху над војском, и рече им: Изведите је из врста напоље, и ко пође за њом нека се погуби мачем; јер рече свештеник: Немојте је убити у дому Господњем.
15 ১৫ তেতিয়া লোকসকলে তেওঁৰ বাবে বাট এৰি দিলে আৰু তেওঁ অশ্ব-দুৱাৰৰ সোমোৱা ঠাইলৈ গৈ ৰাজগৃহত সোমাল আৰু সেই ঠাইতে তেওঁলোকে তেওঁক বধ কৰিলে।
И начинише јој место, те отиде како се иде вратима коњским у дом царев, и онде је погубише.
16 ১৬ তাৰ পাছত লোকসকলে যেন যিহোৱাৰ প্ৰজা হয়, এই ভাবেৰে যিহোয়াদাই নিজৰ আৰু আটাই প্ৰজা ও ৰজাৰ মাজত এটি নিয়ম কৰিলে।
Тада Јодај учини веру међу собом и свим народом и царем да ће бити народ Господњи.
17 ১৭ তেতিয়া সকলো লোক বালৰ ঘৰলৈ গৈ সেই ঘৰ ভাঙি পেলালে৷ তাতে তাৰ বেদী ও মূৰ্ত্তিবোৰ ডোখৰ ডোখৰ কৰিলে আৰু বেদীবোৰৰ আগত বালৰ পুৰোহিত মত্তনক বধ কৰিলে।
Потом сав народ отиде у дом Валов, и раскопаше га, и олтаре његове и ликове његове изломише, а Матана, свештеника Валовог, убише пред олтарима.
18 ১৮ আৰু দায়ূদৰ আদেশ অনুসাৰে, আনন্দেৰে আৰু গানেৰে সৈতে, মোচিৰ ব্যৱস্থাত লিখামতে, যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিবলৈ, দায়ূদে যিহোৱাৰ গৃহত যি লেবীয়া পুৰোহিতসকলক ভাগ ভাগ কৰি দিছিল, তেওঁলোকৰ হাতত যিহোয়াদাই যিহোৱাৰ গৃহৰ কাৰ্য্যভাৰৰ বাবে তেওঁলোকক নিযুক্ত কৰিলে।
И Јодај уреди опет службу у дому Господњем међу свештеницима и Левитима, које Давид беше одредио дому Господњем, да би приносили жртве паљенице Господу, као што пише у закону Мојсијевом, с весељем и песмама по наредби Давидовој.
19 ১৯ যাতে কোনো প্ৰকাৰ অশুচি লোকে যেন নোসোমায়, এই কাৰণে তেওঁ যিহোৱাৰ গৃহৰ আটাই দুৱাৰত দুৱৰী ৰাখিলে।
Постави и вратаре на вратима дома Господњег да не би улазио нечист ода шта му драго.
20 ২০ পাছত যিহোয়াদাই শতপতিসকলক, মান্যৱন্ত লোকসকলক, লোকসকলৰ শাসনকৰ্ত্তাসকলক আৰু দেশৰ সকলো লোকক লগত লৈ ৰজাক যিহোৱাৰ গৃহৰ পৰা নমাই আনিলে; তেওঁলোকে ওপৰ দুৱাৰেদি আহি ৰাজ গৃহত সোমাই ৰাজ সিংহাসনত ৰজাক বহুৱালে।
И узе стотинике и знатније људе и који управљаху народом, сав народ земаљски, и изведе цара из дома Господњег и уђоше високим вратима у дом царски, и посадише цара на царски престо.
21 ২১ তেতিয়া দেশৰ সকলো মানুহে আনন্দ কৰিলে আৰু নগৰ সুথিলে থাকিল। কিন্তু অথলিয়াক হ’লে লোকসকলে তৰোৱালেৰে বধ কৰিলে৷
И радоваше се сав народ земаљски, и град се умири, кад Готолију убише мачем.

< ২ বংশাবলি 23 >