< ২ বংশাবলি 22 >

1 তেতিয়া যিৰূচালেমৰ নিবাসীসকলে যিহোৰামৰ কনিষ্ঠ পুত্ৰ অহজিয়াক তেওঁৰ পদত ৰজা পাতিলে; কাৰণ আৰবীয়াসকলৰ সৈতে ছাউনিলৈ অহা লোকৰ দলটোৱে তেওঁৰ আটাই কেইজন বৰ পুত্ৰক বধ কৰিছিল। সেয়েহে যিহূদাৰ ৰজা যিহোৰামৰ পুত্ৰ অহজিয়া ৰজা হ’ল।
А Јерусалимљани зацарише на његово место Охозију најмлађег сина његовог, јер старије све поби чета која дође с Арапима у логор; и тако Охозија, син Јорамов, поста цар Јудин.
2 অহজিয়াই বিয়াল্লিশ বছৰ বয়সত ৰাজত্ৱ আৰম্ভ কৰিছিল৷ তেওঁ যিৰূচালেমত এবছৰ ৰাজত্ব কৰিলে৷ তেওঁৰ মাতৃৰ নাম অথলিয়া আছিল; তেখেত অম্ৰীৰ নাতিয়েক আছিল।
Имаше Охозија четрдесет и две године кад поче царовати, и царова годину дана у Јерусалиму. Матери му беше име Готолија, кћи Амријева.
3 তেওঁৰ মাতৃয়ে তেওঁক মন্ত্রণা দিছিল, আৰু তেওঁ আহাবৰ বংশৰ পথত চলি কু-আচৰণ কৰিছিল।
И он хођаше путевима дома Ахавовог, јер га мати наговараше на зла дела.
4 আহাবৰ বংশৰ লোকসকলৰ নিচিনাকৈ তেওঁ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিছিল, কাৰণ তেওঁৰ পিতৃৰ মৃত্যুৰ পাছত তেওঁলোকেই তেওঁৰ পৰামর্শ দিওঁতা অাছিল, আৰু তেওঁলোকেই তেওঁক বিনাশ কৰিলে।
И чињаше што је зло пред Господом као дом Ахавов; јер му они беху саветници по смрти оца његовог на погибао његову.
5 তেওঁ তেওঁলোকৰ পৰামৰ্শ অনুসৰণ কৰিলে; তেওঁ ইস্ৰায়েলৰ ৰজা আহাবৰ পুত্ৰ যিহোৰামৰ লগত ৰামোৎ-গিলিয়দত অৰামৰ ৰজা হজায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গ’ল৷ তাতে অৰামীয়াসকলে যোৰামক আঘাত কৰিলে।
И по њиховом савету ходећи изиђе с Јорамом сином Ахавовим, царем Израиљевим, на војску на Азаила, цара сирског, у Рамот галадски; и онде Сирци ранише Јорама.
6 এই হেতুকে, তেওঁ অৰামৰ ৰজা হজায়েলে সৈতে যুদ্ধ কৰা সময়ত, অৰামীয়াসকলে ৰামাত তেওঁক যি আঘাত কৰিছিল, সেই ঘা-বোৰৰ পৰা সুস্থ হ’বলৈ তেওঁ যিজ্ৰিয়েললৈ ঘূৰি আহিল। তেতিয়া যিহূদাৰ ৰজা যিহোৰামৰ পুত্ৰ অজৰিয়াই আহাবৰ পুত্ৰ যোৰামক চাবলৈ যিজ্ৰিয়েললৈ নামি গ’ল; কিয়নো তেওঁক আঘাত কৰা হৈছিল৷
А он се врати да се лечи у Језраелу од рана које му задаше у Рами, кад се бише с Азаилом, царем сирским. А Азарија, син Јорамов цар Јудин, дође у Језраел да види Јорама, сина Ахавовог, јер беше болестан.
7 কিন্তু অহজিয়াই যোৰামৰ ওচৰলৈ যোৱাৰ কাৰণে ঈশ্বৰৰ পৰা তেওঁলৈ বিনাশ আহিল; কিয়নো তেওঁ যেতিয়া আহিছিল, তেতিয়া তেওঁ আৰু যিহোৰামে নিমচীৰ পুত্ৰ যেহূক আক্রমণ কৰিবলৈ ওলাই আহিছিল। কিয়নো যেহূক আহাবৰ বংশ উচ্ছন্ন কৰিবৰ বাবে যিহোৱাই অভিষেক কৰিছিল।
Али беше од Бога на пропаст Охозији што дође к Јораму; јер дошав отиде с Јорамом на Јуја, сина Нимсијиног, кога Господ помаза да истреби дом Ахавов.
8 পাছত যেহূৱে যি সময়ত আহাবৰ বংশৰ ওপৰত ঈশ্বৰৰ দণ্ড সাধিছিল, সেই সময়ত তেওঁ যিহূদাৰ অধ্যক্ষসকলক আৰু অহজিয়াৰ পৰিচৰ্যা কৰোঁতা তেওঁৰ ভায়েকসকলৰ পুত্ৰসকলক পাই বধ কৰিছিল।
Јер кад Јуј извршаваше освету на дому Ахавовом, нађе кнезове Јудине и синове браће Охозијине, који служаху Охозији, и погуби их.
9 পাছত তেওঁ অহজিয়াক বিচাৰিলে; লোকসকলে তেওঁক চমৰিয়াত লুকাই থকা অৱস্থাত ধৰি যেহূৰ ওচৰলৈ আনি তেওঁক বধ কৰিলে৷ লোকসকলে তেওঁক মৈদাম দি ক’লে বোলে, “যি যিহোচাফটে তেওঁৰ সকলো মনে সৈতে যিহোৱাক বিচাৰিছিল, তেওঁ সেই জনৰ সন্তান৷” তাতে সেই ৰাজ্যভাৰ ল’বলৈ অহজিয়াৰ বংশৰ মাজত কাৰো সমর্থ নাছিল।
Потом потражи Охозију, и ухватише га кад се сакриваше у Самарији, и доведавши га к Јују погубише га, и погребоше га; јер рекоше: Син је Јосафата који је тражио Господа свим срцем својим. И тако не би никога од дома Охозијиног који би могао бити цар.
10 ১০ অহজিয়াৰ মাক অথলিয়াই যেতিয়া নিজৰ পুত্ৰৰ মৃত্যু হোৱা দেখিলে, তেতিয়া তেওঁ উঠি যিহূদাৰ গোটেই ৰাজ-বংশকে সংহাৰ কৰিলে।
Зато Готолија, мати Охозијина, видевши да јој син погибе, уста и поби све царско семе дома Јудиног.
11 ১১ কিন্তু ৰজাৰ জীয়েক যিহোচাবতে অহজিয়াৰ পুত্ৰ যোৱাচক বধ কৰিবলগীয়া ৰাজকোঁৱৰসকলৰ মাজৰ পৰা চুৰ কৰি আনিলে, আৰু তেওঁক ধাইমাকে সৈতে বিছনা ৰখা কোঁঠালি এটাত ৰাখি হ’ল৷ এইদৰে যিহোয়াদা পুৰোহিতৰ ভাৰ্য্যা, যিহোৰাম ৰজাৰ জীয়েক আৰু অহজিয়াৰ ভনীয়েক সেই যিহোচাবতে যোৱাচক অথলিয়াৰ পৰা লুকুৱালে যাতে ৰাণীয়ে তেওঁক বধ কৰিব নোৱাৰে।
Али Јосавеја, кћи царева, узе Јоаса, сина Охозијиног и украде га између синова царевих, које убијаху; и сакри га с дојкињом његовом у ложницу. И тако Јосавеја, кћи цара Јорама, жена Јодаја свештеника, сакри га од Готолије, јер беше сестра Охозијина, те га не уби.
12 ১২ পাছত তেওঁ তেওঁলোকে সৈতে ঈশ্বৰৰ গৃহত ছবছৰ লুকাই থাকিল; সেই সময়ত অথলিয়াই দেশৰ ওপৰত ৰাজত্ব কৰিছিল।
И беше с њима сакривен у дому Божијем шест година; а Готолија цароваше у земљи.

< ২ বংশাবলি 22 >