< ১ তীমথিয় 1 >

1 মই পৌল, খ্ৰীষ্ট যীচুৰ এজন পাঁচনি৷ আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰ আৰু আশাভুমি খ্ৰীষ্ট যীচুৰ আজ্ঞা অনুসাৰে নিযুক্ত৷
Paulo, apóstolo de Cristo Jesus segundo o mandado de Deus, nosso Salvador, e do Senhor Jesus Cristo, nossa esperança.
2 বিশ্বাসী হিচাবে মোৰ এজন প্ৰকৃত পুত্ৰ তীমথিয়ৰ সমীপলৈ, পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি হওক।
Para Timóteo, [meu] verdadeiro filho na fé. Graça, misericórdia [e] paz da parte de Deus Pai, e de Cristo Jesus, nosso Senhor.
3 মাকিদনিয়ালৈ যোৱাৰ সময়ত মই তোমাক যি কৈছিলোঁ, এতিয়াও সেই বিষয়ে কওঁ তুমি ইফিচতে থাকা, তাতে কিছুমান লোকক পুণৰ ভুল শিক্ষা নিদিবলৈ আদেশ দিব পাৰিবা ৷
Assim como te roguei quando eu estava indo à Macedônia, fica em Éfeso, para advertires a alguns que não ensinem outra doutrina,
4 কাৰণ তেওঁলোকে বাধাৰহে সৃষ্টি কৰে৷ গল্প-কথা আৰু অন্তহীন বংশ তালিকাত মনোযোগ নিদিবা৷ এইবোৰে অযথা তর্ক-বিতর্কৰ সৃষ্টি কৰে আৰু ঈশ্ৱৰৰ কামত সহায় নকৰে৷ ঈশ্ৱৰৰ কাম বিশ্বাসৰ দ্ৱাৰা হয়৷
Nem prestem atenção a mitos nem a genealogias intermináveis, que mais produzem discussões que a administração da parte de Deus na fé.
5 এই আদেশৰ উদ্দেশ্য হৈছে প্ৰেম; যি প্ৰেম নিৰ্মল চিত্ত, সৎ বিবেক আৰু অকপট বিশ্বাসৰ পৰা হয়৷
O fim do mandamento é o amor que vem de um coração puro, e de uma boa consciência, e de uma fé não fingida.
6 এইবোৰৰ পৰা কোনো কোনো এফলীয়া হৈ অনৰ্থক কথাৰ বাবে বিপথে গ’ল৷
Alguns se desviaram dessas coisas, e se entregaram a discursos inúteis;
7 তেওঁলোকে বিধানৰ অধ্যাপক হবলৈ ইচ্ছা কৰে, কিন্তু তেওঁলোকে নিজৰ কথা নিজেই নুবুজে বা যি বিষয়ে জোৰ দি কয়, সেই সম্বন্ধেও নাজানে৷
querendo ser mestres da Lei, mas não entendendo, nem o que dizem, nem o que afirmam.
8 কিন্তু বিধান যে কোনো লোকে আইনসংগত ভাৱে ব্যৱহাৰ কৰিলে উত্তম হয়, ইয়াক আমি জানো;
Nós, porém, sabemos que a Lei é boa, se alguém usa dela legitimamente;
9 তথাপি, বিধান ধাৰ্মিক লোকৰ নহয়, কিন্তু সেয়া দিয়া হৈছিল, সেই লোক সকলৰ কাৰণে, যি সকল বিধানহীন আৰু বিদ্ৰোহী, ভক্তিহীন আৰু পাপী, অপবিত্ৰ আৰু অধার্মিক, যি সকল পিতৃবধী, মাতৃবধী, নৰবধী,
pois sabemos isto: que a Lei não foi feita para o justo, mas sim, para os injustos e insubordinados, para os ímpios e pecadores, para os irreligiosos e profanos, para os matadores dos pais e das mães, para os homicidas,
10 ১০ ব্যভিচাৰী, সমকামী, দাস বিক্ৰীৰ সৰবৰাহকাৰী, মিছলীয়া, মিছা সাক্ষী আৰু যি সকলে সত্য শিক্ষাৰ বিপৰীতে আন কিবা কাম কৰা, মিছা শপতকাৰী,
para os que cometem pecados sexuais, para os homens que efetuam sexualidade com homens, para os que roubam a liberdade das pessoas, para os mentirosos, para os que juram falsamente, e qualquer outra coisa contrária à sã doutrina,
11 ১১ পৰমধন্য ঈশ্বৰৰ গৌৰৱময় শুভবাৰ্তা অনুসাৰে সেই শিক্ষাৰ ভাৰ তেওঁ মোৰ ওপৰত দিলে৷
conforme o evangelho da glória do Deus bendito, que foi confiado a mim.
12 ১২ যিজনাই মোক শক্তি দিলে আৰু মোক বিশ্বাসী জ্ঞান কৰি পৰিচৰ্যা পদত নিযুক্ত কৰিলে, সেই প্ৰভু খ্ৰীষ্ট যীচুক মই ধন্যবাদ জনাওঁ৷
Agradeço àquele que tem me fortalecido, Cristo Jesus, nosso Senhor, porque me considerou fiel, pondo-me no serviço.
13 ১৩ যদিও আগেয়ে মই খ্ৰীষ্টৰ নিন্দক আছিলোঁ, অত্যাচাৰী আৰু হিংস্ৰ আছিলোঁ, তথাপি তেওঁ মোক দয়া কৰিলে কাৰণ মই নুবুজি অবিশ্বাসী হৈ সেইবোৰ কৰিছিলোঁ৷
Antes eu era um blasfemo, perseguidor, e opressor; porém recebi misericórdia, pois foi por ignorância que eu agia com incredulidade.
14 ১৪ কিন্তু আমাৰ প্ৰভুৰ অনুগ্ৰহ, খ্ৰীষ্ট যীচুত বিশ্বাস আৰু প্ৰেমৰ সৈতে মোক বাহুল্যৰূপে দিয়া হ’ল৷
Mas a graça do nosso Senhor Jesus Cristo foi mais abundante, com a fé e amor que há em Cristo Jesus.
15 ১৫ পাপী লোকৰ পৰিত্ৰাণ কৰিবৰ কাৰণে খ্ৰীষ্ট যীচু যে জগতলৈ আহিল, এই কথা বিশ্বাসযোগ্য আৰু সকলোৱে গ্ৰহণ কৰিবৰ যোগ্য৷ আৰু এই পাপী লোকৰ মাজত ময়েই প্ৰধান।
Esta é uma palavra fiel e digna de toda aceitação: que Cristo Jesus veio ao mundo para salvar os pecadores, dos quais eu sou o principal.
16 ১৬ এই কাৰণেই মোক প্ৰথমে দয়া কৰা হ’ল যাতে প্ৰধান পাপী যি মই, মোৰ যোগেদি যেন যীচু খ্ৰীষ্টই তেওঁৰ অসীম সহনশীলতা দেখুৱাব পাৰে আৰু অনন্ত জীৱন পাবলৈ যি সকলে তেওঁৰ ওপৰত বিশ্বাস কৰিব, সেই সকলৰ বাবে মোক এক দৃষ্টান্ত স্ৱৰূপে ৰাখিলে৷ (aiōnios g166)
Mas por isso me foi concedida misericórdia, para que em mim, o principal, Jesus Cristo mostrasse toda a sua paciência como exemplo aos que haviam de crer nele para a vida eterna. (aiōnios g166)
17 ১৭ এতিয়া অনন্ত কালৰ ৰজালৈ, অাৰু চিৰস্থায়ী, অদৃশ্য একমাত্ৰ ঈশ্বৰলৈ মৰ্যদা আৰু গৌৰৱ চিৰকাল হওক। আমেন। (aiōn g165)
Ao Rei dos tempos, imortal, invisível, o único Deus, [seja] a honra, e a glória, para todo o sempre, amém! (aiōn g165)
18 ১৮ মই তোমাক এই আদেশ দিওঁ, হে মোৰ পুত্ৰ তীমথিয়; মই তোমাৰ সম্বন্ধে জনোৱা ভাৱবাণীৰ দৰে, তুমি তাতে একমত হৈ সেই অনুসাৰে যেন উত্তম যুজঁত প্ৰাণপণ কৰা৷
Este mandamento, filho Timóteo, te dou: que, conforme as profecias antes feitas acerca de ti, que batalhes por elas a boa batalha;
19 ১৯ আৰু তুমি যেন বিশ্ৱাস আৰু উত্তম বিবেক ৰক্ষা কৰি চলা৷ কোনো কোনো লোকে সেই বিশ্ৱাস আৰু উত্তম বিবেক ত্যাগ কৰাত, তেওঁলোকৰ বিশ্বাসৰূপ নৌকা ভগ্ন হ’ল।
mantendo a fé e a boa consciência, que alguns rejeitaram, e naufragaram na fé.
20 ২০ তেওঁলোকৰ ভিতৰত হুমিনায় আৰু আলেকজেন্দাৰ নামৰ দুজনো আছে৷ এওঁলোকে যেন নিন্দা কৰিবলৈ পুণৰ নিশিকে, তাৰ বাবে মই এওঁলোকক চয়তানৰ হাতত সমর্পণ কৰি দিলোঁ৷
Dentre esses foram Himeneu e Alexandre. Eu os entreguei a Satanás, para aprenderem a não blasfemar.

< ১ তীমথিয় 1 >