< ১ তীমথিয় 2 >

1 মোৰ প্ৰথম নিবেদন এই যে, সকলোবোৰ মানুহৰ কাৰণে অনুৰোধ, প্ৰাৰ্থনা, নিবেদন আৰু ধন্যবাদ কৰা হওক৷
Por isso eu te exorto, antes de tudo, que se façam pedidos, orações, intercessões [e] atos de gratidão por todas as pessoas;
2 ইয়াৰ বাবে ৰজা আৰু অধিকাৰী সকলৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে, যাতে আমি সকলো ঈশ্বৰভক্তই সততাত থাকি ক্ষান্ত আৰু শান্তিপূৰ্ণ জীৱন-যাপন কৰিব পাৰোঁ;
pelos reis, e por todos os que estão em posição superior, para que tenhamos uma vida quieta e sossegada, em toda devoção divina e honestidade.
3 এয়ে আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ দৃষ্টিত উত্তম আৰু গ্ৰহণীয়৷
Isso é bom e agradável diante de Deus nosso Salvador;
4 তেওঁৰ ইচ্ছা এয়ে যে, সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়।
que quer que todas as pessoas se salvem e venham ao conhecimento da verdade.
5 কাৰণ ঈশ্বৰ এজন আৰু তেওঁৰ সৈতে মানুহৰ মাজত মধ্যস্থও এজন, তেৱেঁই মনুষ্য খ্ৰীষ্ট যীচু;
Pois [há] um só Deus, e um só Mediador entre Deus e os seres humanos: o humano Cristo Jesus.
6 তেওঁ সকলো মানুহৰ কাৰণে মুক্তিৰ মূল্য হিচাবে নিজৰ জীৱন দান কৰিলে৷ যীচুৰ এই কাৰ্যই সঠিক সময়ত সকলোকে সাক্ষ্য দিলে৷
Ele mesmo se deu como resgate por todos, [como] testemunho ao seu tempo.
7 এই সাক্ষ্য দিবৰ কাৰণে মোক এজন ঘোষণাকাৰী আৰু পাঁচনি ৰূপে নিযুক্ত কৰিলে৷ মই বিশ্বাস আৰু সত্যত অনা-ইহুদী সকলৰ শিক্ষক হলোঁ৷ মই সঁচা কথা কওঁ; মই মিছা নকওঁ৷
Para isso fui constituído pregador e apóstolo, instrutor dos gentios na fé e na verdade (estou dizendo a verdade, não mentindo).
8 মোৰ ইচ্ছা এয়ে যে, সকলো ঠাইতে পুৰুষ সকলে ক্ৰোধ আৰু বাদ-বিবাদৰ মনোভাৱ নাৰাখি পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰক৷
Portanto, quero que os homens orem em todo lugar, levantando mãos santas, sem ira nem briga.
9 সেইদৰে মই বিচাৰো, মহিলা সকলেও সুলাজ, নম্ৰ আৰু সুবোধেৰে সৈতে পৰিপাটি পোছাকেৰে নিজকে ভূষিত কৰক; নানা ধৰণৰ কেশ-বিন্যাস কৰি, সোণ বা মুক্তা পিন্ধি অথবা বহুমূল্য কাপোৰেৰে নহয়;
De semelhante maneira, as mulheres se adornem com roupa respeitosa, com pudor e sobriedade, não com tranças, ouro, pérolas, ou roupas caras;
10 ১০ কিন্তু ঈশ্বৰভক্তি স্বীকাৰ কৰা বিষয়ত হ’লে, সৎ কার্যৰ দ্ৱাৰাই ঈশ্ৱৰভক্তৰ পৰিচয় দিয়াই মহিলা সকলৰ উপযুক্ত ভূষণ হওক৷
mas sim, com boas obras, como é adequado às mulheres que declaram reverência a Deus.
11 ১১ মহিলা সকলে সম্পূৰ্ণ বাধ্যতা আৰু নীৰৱতাৰে বশৱৰ্ত্তী হৈ শিক্ষা গ্ৰহন কৰক।
A mulher aprenda quietamente, com toda submissão.
12 ১২ শিক্ষা দিবৰ বাবে বা পুৰুষৰ ওপৰত ক্ষমতা চলাবৰ বাবে মই মহিলাক অধিকাৰ নিদিওঁ; কিন্তু শান্তভাবে থাকিবলৈহে কওঁ।
Porém não permito que a mulher ensine, nem use de autoridade sobre o marido, mas sim, que esteja em silêncio.
13 ১৩ কিয়নো প্ৰথমে আদমক পাছতহে হাৱাক নিৰ্ম্মাণ কৰা হৈছিল;
Pois primeiro foi formado Adão, depois Eva.
14 ১৪ আৰু আদমক ভুলুউৱা নহ’ল কিন্তু মহিলা গৰাকীক সম্পূর্ণভাৱে ভুলাই অপৰাধত পেলালে;
E Adão não foi enganado; mas a mulher foi enganada, e caiu em transgressão.
15 ১৫ তথাপি যদি সুবোধেৰে সৈতে বিশ্বাস, প্ৰেম আৰু পবিত্ৰতাত থাকি তেওঁলোকে জীৱন-যাপন কৰে, তেনেহলে মহিলাই সন্তান প্ৰসৱৰ দ্বাৰাই পৰিত্ৰাণ পাব৷
Porém ela se salvará tendo parto, se permanecerem na fé, amor, e santificação com sobriedade.

< ১ তীমথিয় 2 >