< ১ সামুয়েল 13 >

1 চৌলে ত্ৰিশ বছৰ বয়সত ৰাজ্য শাসন কৰিবলৈ আৰম্ভ কৰে, আৰু তেওঁ ইস্ৰায়েলৰ লোকসকলক দুবছৰ শাসন কৰে।
Кад Саул би цар годину дана (а царова две године над Израиљем),
2 চৌলে ইস্ৰায়েলৰ মাজৰ পৰা তিনি হাজাৰ সৈন্য মনোনীত কৰিলে; তাৰে দুই হাজাৰ সৈন্য মিকমচত আৰু বৈৎএল পৰ্বতত চৌলৰ লগত থাকিল, একহাজাৰ বিন্যামীন প্ৰদেশৰ গিবিয়াত যোনাথনৰ লগত থাকিল, আৰু আনসকলো লোকক তেওঁ নিজ নিজ তম্বুলৈ পঠাই দিলে।
Изабра себи Саул три хиљаде између синова Израиљевих; и беху код Саула две хиљаде у Михмасу и у гори ветиљској, а једна хиљада с Јонатаном у Гаваји Венијаминовој; а остали народ распусти у шаторе њихове.
3 যোনাথনে গেবাত থকা ফিলিষ্টীয়াসকলৰ নগৰ ৰক্ষী সৈন্যদলক পৰাস্ত কৰিলে আৰু পলেষ্টীয়াসকলে এই সকলো কথা শুনিলে। তাৰ পাছত চৌলে দেশৰ সকলোফালে শিঙা বজাই ক’লে, “ইব্ৰীয়াসকলে শুনক।”
И Јонатан поби стражу филистејску која беше у Гаваји, и чуше за то Филистеји. А Саул заповеди, те трубише у трубе по свој земљи говорећи: Нека чују Јевреји.
4 এইদৰে পলেষ্টীয়াসকলৰ নগৰ ৰক্ষী সৈন্যদলক চৌলে পৰাস্ত কৰা কথা ইস্ৰায়েলৰ সকলো লোকে শুনিলে, আৰু ইস্ৰায়েল সকল ফিলিষ্টীয়া সকলৰ কাৰণে ঘৃণাৰ পাত্ৰ হ’ল, তাৰ পাছত গিলগলত চৌলক লগ ধৰিবলৈ সৈন্যসকল একগোট হ’ল।
И тако чу сав Израиљ где рекоше: Поби Саул стражу филистејску; и стога Израиљ омрзну Филистејима. И сазван би народ за Саулом у Галгал.
5 এইদৰে পলেষ্টীয়াসকলে ইস্ৰায়েলৰ লগত যুদ্ধ কৰিবলৈ গোট খালে; তেওঁলোকৰ ত্ৰিশ হাজাৰ ৰথ, ছয় হাজাৰ অশ্বাৰোহী আৰু সাগৰৰ তীৰত থকা বালিৰ দৰে অসংখ্য পদাতিক সৈন্য আছিল; তেওঁলোকে আহি মিকমচত বৈৎ-আবনৰ পূবদিশে ছাউনি পাতিলে।
А Филистеји се скупише да војују на Израиља, тридесет хиљада кола и шест хиљада коњика, и мноштво народа као песак на брегу морском; и изашавши стадоше у логор у Михмасу, с истока од Вен-Авена.
6 যেতিয়া ইস্ৰায়েল লোকসকলে দেখিলে যে, তেওঁলোক বিপদত পৰিছে, কাৰণ লোকসকলে যাতনা পাইছিল, সেয়ে লোকসকলে গুহাত, হাবিত, শিলৰ খোৰোঙত দুৰ্গম ঠাইত আৰু গাতত নিজকে লুকুৱালে।
И Израиљци се видеше у невољи, јер народ би притешњен; те се сакри у пећине и у честе и у камењаке и у раселине и у јаме.
7 আৰু কিছুমান ইব্ৰীয়ালোক যৰ্দ্দন পাৰহৈ, গাদ আৰু গিলিয়দ দেশলৈ গ’ল; কিন্তু চৌল গিলগলতে থাকিল, আৰু তেওঁক অনুসৰণ কৰা লোক সকলে কঁপিবলৈ ধৰিলে।
А други Јевреји пређоше преко Јордана у земљу Гадову и Галадову. А Саул још беше у Галгалу, и сав народ што иђаше за њим беше у страху.
8 চমূৱেলে নিৰূপন কৰাৰ দৰে চৌলে সাতদিন অপেক্ষা কৰিলে; কিন্তু চমূৱেল হ’লে গিলগললৈ নাহিল আৰু লোকসকল চৌলৰ পৰা ছিন্ন-ভিন্ন হৈ গ’ল।
И почека седам дана до рока Самуиловог. Али Самуило не дође у Галгал; те се народ стаде разлазити од њега.
9 চৌলে ক’লে, “মোৰ ওচৰলৈ হোম-বলি আৰু মঙ্গলাৰ্থক বলিবোৰ আনা।” তাৰ পাছত তেওঁ হোমবলি উৎসৰ্গ কৰিলে।
Тада рече Саул: Додајте ми жртву паљеницу и жртве захвалне. И принесе жртву паљеницу.
10 ১০ হোমবলি উৎসৰ্গ কৰাৰ পাছত চমূৱেল আহি পালেহি; তাতে চৌলে তেওঁক মঙ্গলবাদ কৰিবলৈ আগবাঢ়ি গ’ল।
И кад принесе жртву паљеницу, гле, дође Самуило. И Саул изађе му на сусрет да га поздрави.
11 ১১ চমূৱেলে ক’লে, “তুমি কি কৰিলা?” চৌলে ক’লে, “মই যেতিয়া দেখিলোঁ লোকসকল মোৰ পৰা ছিন্ন-ভিন্ন হৈ গৈছে আৰু আপুনি নিৰূপিত সময়ত আহি পোৱা নাই, আনফালে পলেষ্টীয়াসকল আহি মিকমচত গোট খাই আছে;
А Самуило му рече: Шта си учинио? А Саул одговори: Кад видех где се народ разлази од мене, а ти не дође до рока, и Филистеји се скупили у Михмасу,
12 ১২ তেতিয়া মই কলোঁ, পলেষ্টীয়াসকল এতিয়া মোৰ বিৰুদ্ধে গিলগললৈ নামি আহিছে, আৰু মই যিহোৱাৰ দয়া নিবিছাৰিলোঁ। সেই কাৰণে মই সাহস কৰি হোম-বলি উৎসৰ্গ কৰিলোঁ।”
Рекох: Сад ће ударити Филистеји на ме у Галгал, а ја се још не помолих Господу: те се усудих и принесох жртву паљеницу.
13 ১৩ সেয়ে চমূৱেলে চৌলক ক’লে, “তুমি অজ্ঞানৰ কৰ্ম কৰিলা। তোমাৰ ঈশ্বৰ যিহোৱাই তোমাক যি আজ্ঞা দিছিল, তাক পালন নকৰিলা। কৰা হ’লে যিহোৱাই ইস্ৰায়েলৰ ওপৰত তোমাৰ ৰাজত্ব চিৰস্থায়ী কৰিলহেঁতেন।
Тада рече Самуило Саулу: Лудо си радио што ниси држао заповести Господа Бога свог, коју ти је заповедао; јер би сада Господ утврдио царство твоје над Израиљем довека.
14 ১৪ কিন্তু এতিয়া তোমাৰ ৰাজত্ব স্থায়ী নহ’ব। যিহোৱাই এজন নিজৰ মনৰ মানুহ বিচাৰিব আৰু নিজৰ প্ৰজাসকলৰ ওপৰত তেওঁকেই অধিপতি নিযুক্ত কৰিব কাৰণ যিহোৱাই তোমাক যি আজ্ঞা কৰিছিল, তুমি সেয়া পালন নকৰিলা।”
А сада царство твоје неће се одржати. Господ је нашао себи човека по срцу свом, и њему је заповедио Господ да буде вођ народу Његовом, јер ниси држао шта ти је заповедио Господ.
15 ১৫ তাৰ পাছত চমূৱেলে তাৰ পৰা উঠিল আৰু গিলগলৰ পৰা বিন্যামীনৰ গেবালৈ গ’ল। তেতিয়া চৌলে তেওঁৰ লগত থকা লোকসকলক গণনা কৰি প্ৰায় ছশ লোক পালে।
Потом диже се Самуило и отиде из Галгала у Гавају Венијаминову. И Саул изброја народ који оста код њега, и беше га до шест стотина људи.
16 ১৬ চৌল আৰু তেওঁৰ পুত্ৰ যোনাথন আৰু তেওঁৰ লগৰ লোকসকল বিন্যামীনৰ গেবাত থাকিল। কিন্তু পলেষ্টীয়াসকলে মিকমচত ছাউনি পাতিলে।
И Саул и син му Јонатан и народ што беше с њима, стајаху у Гаваји Венијаминовој; а Филистеји стајаху у логору у Михмасу.
17 ১৭ পলেষ্টীয়াসকলৰ ছাউনিৰ পৰা হঠাতে আক্ৰমণ কৰা তিনিটা দল ওলাই আহিল। তেওঁলোকৰ এটা দল অফ্ৰাৰ বাটেদি চুৱাল প্ৰদেশৰ ফাললৈ গ’ল;
И изиђоше три чете из логора филистејског да плене: Једна чета удари путем к Офри у земљу совалску;
18 ১৮ আন এটা দল বিপৰীত মুখে বৈৎ-হোৰোণলৈ গ’ল, আৰু আনটো দল চবোয়ীম উপত্যকাৰ সীমাৰে মৰুপ্ৰান্তৰ অভিমুখ কৰা ওপৰ অঞ্চলৰ বাটেদি গ’ল।
А друга чета удари путем к Вет-Орону; а трећа удари путем к међи која гледа према долини севојимској у пустињу.
19 ১৯ সেই সময়ত গোটেই ইস্ৰায়েল দেশত কোনো কমাৰ পোৱা নগৈছিল; কাৰণ পলেষ্টীয়াসকলে কয় “কমাৰ থাকিলে ইব্ৰীয়াসকলে নিজৰ কাৰণে তৰোৱাল বা যাঠি গঢ়াই লব।”
А у целој земљи израиљској не беше ковача, јер Филистеји рекоше: Да не би градили Јевреји мачева ни копаља.
20 ২০ সেই কাৰণে নিজৰ নিজৰ অস্ত্ৰ, বা কুঠাৰ, বা কোৰ বা নাঙল শানেৰে ধাৰ দিবলৈ, ইস্ৰায়েল লোকসকল পলেষ্টীয়াসকলৰ ওচৰলৈ নামি যাব লগা হয়।
Зато силажаху сви Израиљци к Филистејима кад који хтеде поклепати раоник или мотику или секиру или срп.
21 ২১ নাঙল আৰু চিপ্ৰাং ধাৰ কৰিবলৈ এক চেকলৰ তিনি ভাগৰ দুভাগ, আৰু কুঠাৰ ধাৰ আৰু পোন কৰিবলৈ এক চেকলৰ তিনি ভাগৰ এভাগ লাগিছিল।
И беху се затупили раоници и мотике и виле тророге и секире, и саме остане требаше заоштрити.
22 ২২ সেয়ে যুদ্ধৰ সময়ত চৌল আৰু যোনাথনৰ সৈন্যসকলৰ হাতত তৰোৱাল বা যাঠী নাছিল; কেৱল চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনৰ হাততহে আছিল।
Зато кад дође време боју, не нађе се мача ни копља ни у кога у народу који беше са Саулом и Јонатаном; само беше у Саула и у Јонатана сина његовог.
23 ২৩ পলেষ্টীয়াসকল নগৰ ৰক্ষী সৈন্যসকল মিকমচলৈ ওলাই গ’ল।
И стража филистејска изађе у кланац код Михмаса.

< ১ সামুয়েল 13 >