< ১ সামুয়েল 12 >

1 চমূৱেলে ইস্ৰায়েলৰ লোকসকলক ক’লে, “চোৱা, তোমালোকে মোক যি যি কৈছিলা, সেই সকলো কথা মই শুনিলো, সেয়ে তোমালোকৰ কাৰণে এজন ৰজা পাতি দিলোঁ।
Тада рече Самуило свему Израиљу: Ето, послушао сам глас ваш у свему што ми рекосте, и поставих цара над вама.
2 এতিয়া ৰজাই তোমালোকৰ আগত অহা-যোৱা কৰি আছে; কাৰণ মই পকা চুলিয়া বৃদ্ধ হ’লো; আৰু মোৰ সন্তান সকল তোমালোকৰ লগত আছে। যুৱক অৱস্থাৰ পৰা এতিয়ালৈকে মই তোমালোকৰ আগত অহা-যোৱা কৰি আছিলোঁ।
И сада ето, цар иде пред вама, а ја сам остарео и оседео; и синови моји ето су међу вама; и ја сам ишао пред вама од младости своје до данас.
3 মই ইয়াতে আছোঁ; যিহোৱা আৰু অভিষিক্ত জনাৰ সন্মুখত মোৰ বিৰুদ্ধে সাক্ষ্য দিছা। কাৰ ষাঁড়-গৰু মই ল’লো? কাৰ গাধ মই ল’লো? কাক মই প্ৰবঞ্চনা কৰিলোঁ? কাক মই উপদ্ৰৱ কৰিলোঁ? মোৰ নিজৰ চকু অন্ধ কৰিবলৈ কাৰ হাতৰ পৰা ভেটী ল’লো? তোমালোকে যিহোৱাৰ সাক্ষাতে আৰু তেওঁৰ অভিষিক্ত জনৰ আগত মোৰ বিৰুদ্ধে সাক্ষ্য দি কোৱা, মই তোমালোকক তাক ওভোটাই দিম।”
Ево ме, одговорите ми пред Господом и пред помазаником Његовим. Коме сам узео вола или коме сам узео магарца? Коме сам учинио насиље? Коме сам учинио криво? Или из чије сам руке узео поклон, да бих стискао очи њега ради? Па ћу вам вратити.
4 তেওঁলোকে ক’লে, আপুনি আমাক প্ৰবঞ্চনা, উপদ্ৰৱ বা আমাৰ হাতৰ পৰা একো বস্তু লোৱা নাই।’
А они рекоше: Ниси нам учинио силе нити си коме учинио криво, нити си узео шта из чије руке.
5 তেওঁ তেওঁলোকক ক’লে, “যিহোৱা তোমালোকৰ বিৰুদ্ধে সাক্ষী আছে, আৰু তেওঁৰ অভিষিক্ত জনো সাক্ষী হৈ আছে, যে, তোমালোকে মোৰ হাতত একো বস্তু পোৱা নাই।” তেওঁলোকে উত্তৰ দি ক’লে, “যিহোৱা সাক্ষী হৈ আছে।”
Још им рече: Сведок је Господ на вас, и сведок је помазаник Његов данас, да нисте нашли ништа у мојим рукама. и рекоше: Сведок је.
6 চমূৱেলে লোকসকলক ক’লে, যিহোৱাই মোচি আৰু হাৰোণক নিযুক্ত কৰিছিল, আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিলে।
Тада рече Самуило народу: Господ је који је поставио Мојсија и Арона, и који је извео оце ваше из земље мисирске.
7 তোমালোকে এতিয়া প্ৰস্তুত হোৱা; তোমালোকলৈ আৰু তোমালোকৰ পূৰ্বপুৰুষসকললৈ যিহোৱাই যি উপযুক্ত কাৰ্য কৰিলে, তাৰ বিষয়ে যিহোৱাৰ সন্মুখত মই তোমালোকৰ লগত কথা পাতিম।
Сада, дакле, станите да се прем с вама пред Господом за сва добра што је чинио Господ вама и вашим оцима.
8 যাকোব মিচৰলৈ অহাৰ পাছত, যেতিয়া তোমালোকৰ পূৰ্ব-পুৰুষসকলে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, তেতিয়া যিহোৱাই মোচি আৰু হাৰোণক পঠালে; তেওঁলোকে মিচৰৰ পৰা তোমালোকৰ পূৰ্বপুৰুষসকলক উলিয়াই আনিলে আৰু এই ঠাইতে তেওঁলোকক নিবাস কৰিবলৈ দিলে।
Пошто дође Јаков у Мисир, викаше оци ваши ка Господу, и Господ посла Мојсија и Арона, који изведоше оце ваше из Мисира и населише их на овом месту.
9 কিন্তু তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাক পাহৰিলে; তাতে তেওঁ হাচোৰৰ সেনাপতি চীচৰাৰ, পলেষ্টীয়াসকলৰ আৰু মোৱাবৰ ৰজাৰ হাতত তেওঁলোকক বেচিলে; আৰু সিহঁতে তেওঁলোকৰ লগত যুদ্ধ কৰিলে।
Али заборавише Господа Бога свог, те их даде у руке Сисари, војводи асорском, и у руке Филистејима, и у руке цару моавском, који војеваше на њих.
10 ১০ তাৰ পাছত তেওঁলোকে যিহোৱাৰ ওচৰত কাতৰোক্তি কৰি ক’লে, ‘আমি পাপ কৰিলোঁ; কাৰণ আমি যিহোৱাক ত্যাগ কৰি বাল দেৱতাবোৰক আৰু অষ্টাৰেৎ দেৱীবোৰক পূজা কৰিলোঁ। কিন্তু এতিয়া আপুনি আমাক শত্ৰুৰ হাতৰ পৰা উদ্ধাৰ কৰক; আৰু আমি আপোনাৰ আৰাধনা কৰিম।’
Али викаше ка Господу и рекоше: Сагрешисмо што остависмо Господа и служисмо Валима и Астаротама; али сада избави нас из руку непријатеља наших, па ћемо ти служити.
11 ১১ তাৰ পাছত যিহোৱাই যিৰুব্বাল, বাৰাক, যিপ্তহ আৰু চমূৱেলক পঠাই তোমালোকৰ চাৰিওফালে থকা শত্ৰুবোৰৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিলে; তাতে তোমালোকে নিৰাপদে বসতি কৰিলা।
И Господ посла Јеровала и Ведана и Јефтаја и Самуила, и оте вас из руку непријатеља ваших унаоколо, те живесте без страха.
12 ১২ অম্মোনৰ সন্তান সকলৰ ৰজা নাহচ যেতিয়া তোমালোকৰ অহিতে ওলাই অহা দেখিলা, তেতিয়া তোমালোকে মোক ক’লা, ‘নহয় যদিও তোমালোকৰ ঈশ্ৱৰ যিহোৱা তোমালোকৰ ৰজা আছিল, তথাপিও তোমালোকে ৰাজত্ৱ কৰিবলৈ এজন ৰজা বিচাৰিলা’।
Али кад видесте Наса, цара амонског, где дође на вас, рекосте ми: Не, него цар нека царује над нама, премда Господ Бог ваш беше Цар ваш.
13 ১৩ তোমালোকে মনোনীত কৰা আৰু তোমালোকে বিচাৰা ৰজা এইজন; যিহোৱাই তোমালোকৰ কাৰণে ৰজা নিযুক্ত কৰি দিলে।
Сада дакле, ето цара ког изабрасте, ког искасте; ево Господ је поставио цара над вама.
14 ১৪ তোমালোকে যদি যিহোৱালৈ ভয় ৰাখি তেওঁৰ আৰাধনা কৰা, তেওঁৰ বাক্য পালন কৰা, যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ নকৰা, তেনেহলে তোমালোক তথা তোমালোকৰ ওপৰত ৰাজত্ব কৰা ৰজা উভয়ে ঈশ্বৰ যিহোৱাৰ অনুগামী হ’বা।
Ако се узбојите Господа, и Њему узаслужите, и узаслушате глас Његов и не успротивите се заповести Господњој, тада ћете и ви и цар ваш који царује над вама ићи за Господом Богом својим.
15 ১৫ কিন্তু যদি তোমালোকে যিহোৱাৰ বাক্য পালন নকৰা, যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰা, তেন্তে, যিহোৱাৰ হাত যেনেকৈ তোমালোকৰ ওপৰ পিতৃসকলৰ বিৰুদ্ধে আছিল তেনেকৈ তোমালোকৰো বিৰুদ্ধে হ’ব।
Ако ли не узаслушате глас Господњи, него се успротивите заповести Господњој, тада ће бити рука Господња против вас као што је била против отаца ваших.
16 ১৬ সেয়ে তোমালোকে যিহোৱাৰ ওচৰত নিজকে সমর্পণ কৰা আৰু তোমালোকৰ চকুৰ সন্মুখত কৰা যিহোৱাৰ মহৎ কৰ্মবোৰ চোৱা।
Али станите сада још, и видите ову ствар велику коју ће учинити Господ пред вашим очима.
17 ১৭ আজি জানো ঘেঁহু ধান দোৱা সময় নহয়? যিহোৱাই যেন মেঘ-গৰ্জ্জনেৰে বৃষ্টি বৰষাই, ইয়াৰ বাবে মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিম। ‘তোমালোকে তোমালোকৰ বাবে এজন ৰজা খোজা, যিহোৱাৰ দৃষ্টিত কিমান ডাঙৰ অপৰাধ আছিল, সেই বিষয়ে তোমালোকে বুজিবা আৰু দেখিবলৈ পাবা’।
Није ли данас жетва пшенична? Ја ћу призвати Господа, и спустиће громове и дажд, да разумете и видите колико је зло што учинисте пред Господом искавши себи цара.
18 ১৮ তাৰ পাছত চমূৱেলে যিহোৱাৰ ওচৰত নিবেদন কৰিলে, আৰু সেই দিনাই যিহোৱাই মেঘ-গৰ্জ্জনেৰে বৃষ্টি বৰষালে। এই সকলো দেখি, লোক সকলে যিহোৱালৈ আৰু চমূৱেললৈ অতিশয় ভয় কৰিলে।
Тада Самуило завапи ка Господу, и Господ спусти громове и дажд у тај дан; и сав се народ побоја врло Господа и Самуила.
19 ১৯ তাৰ পাছত সকলো লোকে চমূৱেলক ক’লে, “আপোনাৰ ঈশ্ৱৰ যিহোৱাৰ আগত আপোনাৰ দাস সকলৰ কাৰণে প্ৰার্থনা কৰক; যাতে আমাৰ মৃত্যু নহয়। কাৰণ আমি আমাৰ বাবে এজন ৰজা বিচাৰি অধিক পাপ কৰিলোঁ।”
И рече сав народ Самуилу: Моли се за слуге своје Господу Богу свом да не помремо; јер додасмо к свим гресима својим зло иштући себи цара.
20 ২০ চমূৱেলে উত্তৰ দি ক’লে, ভয় নকৰিবা; তোমালোকে এই সকলো দুষ্কৰ্ম কৰিছা হয়, কিন্তু তোমালোকে যিহোৱাৰ পথ ত্যাগ নকৰিবা আৰু তোমালোকে সকলো হৃদয়েৰে যিহোৱাৰ আৰাধনা কৰিবা।
Тад рече Самуило народу: Не бојте се, ви сте учинили све ово зло; али не одступајте од Господа, него служите Господу свим срцем својим.
21 ২১ কোনো অসাৰ বস্তুৰ পাছত তোমালোক নাযাবা; সেয়া তোমালোকৰ কাৰণে লাভ জনক নহয় বা তোমালোকক ৰক্ষা নকৰে, কাৰণ এই সকলো অসাৰ।
Не одступајте; јер бисте пошли за ништавим стварима, које не помажу, нити избављају, јер су ништаве.
22 ২২ যিহোৱাই নিজৰ মহান নামৰ উদ্দেশ্যে নিজৰ প্ৰজাসকলক ত্যাগ নকৰে; কাৰণ তেওঁলোকক নিজৰ প্ৰজা কৰিবলৈ যিহোৱা সন্তোষ হয়।
Јер Господ неће оставити народ свој ради великог имена свог; јер Господу би воља да вас учини својим народом.
23 ২৩ মই তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ এৰি দিয়াৰ দ্বাৰাই যিহোৱাৰ বিৰুদ্ধে পাপ কৰিম, এনে নহওঁক, ইয়াৰ পৰিবৰ্তে, মই তোমালোকক উত্তম আৰু সৰল পথ শিকাম।
А мени не дао Бог да згрешим Господу и престанем молити се за вас; него ћу вас упућивати на пут добар и прав.
24 ২৪ তোমালোকে কেৱল যিহোৱালৈ ভয় ৰাখা আৰু সত্যতাৰে সকলো হৃদয়েৰে তেওঁৰ আৰাধনা কৰা; আৰু তেওঁ তোমালোকৰ অৰ্থে কৰা মহৎ কর্মৰ কথা বিবেচনা কৰা।
Само се Бојте Господа и служите му истинито, свим срцем својим, јер видите, какве је велике ствари учинио за вас.
25 ২৫ কিন্তু তোমালোকে যদি বেয়া আচৰণ কৰা, তেন্তে তোমালোক আৰু তোমালোকৰ ৰজা উভয়ে বিনষ্ট হ’বা।
Ако ли зло ушчините, пропашћете и ви и цар ваш.

< ১ সামুয়েল 12 >