< ১ কৰিন্থীয়া 12 >

1 হে ভাই সকল, আত্মিক বৰৰ বিষয়ে আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই।
Περὶ δὲ τῶν πνευματικῶν, ἀδελφοί, οὐ θέλω ὑμᾶς ἀγνοεῖν.
2 আপোনালোকে জানে, যেতিয়া আপোনালোক মূৰ্তিপূজক আছিল, তেতিয়া নিৰ্ব্বাক মূৰ্তিবোৰৰ ওচৰলৈ গৈছিল।
οἴδατε ὅτι ὅτε ἔθνη ἦτε πρὸς τὰ εἴδωλα τὰ ἄφωνα ὡς ἂν ἤγεσθε ἀπαγόμενοι.
3 এই কাৰণে মই আপোনালোকক জনাইছোঁ যে, ঈশ্বৰৰ আত্মাৰে কথা কওঁতা কোনেও “যীচুক শাপগ্ৰস্থ বুলি নকয়; আৰু পবিত্ৰ আত্মাৰ দ্বাৰাই নহ’লে, কোনেও যীচুক ‘প্ৰভু’ বুলিব নোৱাৰে”।
διὸ γνωρίζω ὑμῖν ὅτι οὐδεὶς ἐν πνεύματι θεοῦ λαλῶν λέγει, ἀνάθεμα Ἰησοῦς, καὶ οὐδεὶς δύναται εἰπεῖν, κύριος Ἰησοῦς, εἰ μὴ ἐν πνεύματι ἁγίῳ.
4 নানা প্ৰকাৰ আত্মিক বৰ আছে, কিন্তু আত্মা একে;
Διαιρέσεις δὲ χαρισμάτων εἰσίν, τὸ δὲ αὐτὸ πνεῦμα·
5 আৰু পৰিচৰ্যা অনেক বিধ কিন্তু প্ৰভু একে;
καὶ διαιρέσεις διακονιῶν εἰσιν, καὶ ὁ αὐτὸς κύριος·
6 কৰ্মসাধক গুণো অনেক বিধ, কিন্তু ঈশ্বৰ এক, তেওঁ সকলোতে সকলো কৰ্মৰ সাধনকৰ্তা।
καὶ διαιρέσεις ἐνεργημάτων εἰσίν, ὁ δὲ αὐτὸς θεός, ὁ ἐνεργῶν τὰ πάντα ἐν πᾶσιν.
7 কিন্তু হিতৰ কাৰণে প্ৰতিজনকে আত্মা-প্ৰকাশক গুণ দিয়া হৈছে।
ἑκάστῳ δὲ δίδοται ἡ φανέρωσις τοῦ πνεύματος πρὸς τὸ συμφέρον.
8 তাতে আত্মাৰ দ্বাৰাই এজনক বুদ্ধিৰ কথা, একে আত্মাৰ ইচ্ছা অনুসাৰে আন জনক জ্ঞানৰ কথা,
ᾧ μὲν γὰρ διὰ τοῦ πνεύματος δίδοται λόγος σοφίας, ἄλλῳ δὲ λόγος γνώσεως κατὰ τὸ αὐτὸ πνεῦμα,
9 একে আত্মাৰে আন জনক বিশ্বাস দিয়া হৈছে; সেই একে আত্মাৰ দ্বাৰাই কোনোক সুস্থ কৰিব পৰা বৰ,
ἑτέρῳ πίστις ἐν τῷ αὐτῷ πνεύματι, ἄλλῳ δὲ χαρίσματα ἰαμάτων ἐν τῷ ἑνὶ πνεύματι,
10 ১০ আন কোনো জনক পৰাক্ৰম কাৰ্য সাধন কৰিবলৈ, আন কোনোক ভাববাণী ক’বৰ, আন কোনোক আত্মাবোৰ বিচাৰ কৰিবৰ, আন কোনোক নানা বিধ ভাষা ক’বৰ, আৰু আন কোনোক নানা ভাষাৰ অৰ্থ প্ৰকাশ কৰিবৰ শক্তিৰূপ বৰ দিয়া হৈছে;
ἄλλῳ δὲ ἐνεργήματα δυνάμεων, ἄλλῳ δὲ προφητεία, ἄλλῳ δὲ διάκρισις πνευμάτων, ἑτέρῳ γένη γλωσσῶν, ἄλλῳ δὲ ἑρμηνεία γλωσσῶν·
11 ১১ কিন্তু সেই একমাত্ৰ আত্মাই যাকে যি বৰ দিবলৈ মন কৰে, সেয়াই তেওঁক ভাগ-বাঁটি দি, সেই সকলোকে সাধন কৰিছে।
πάντα δὲ ταῦτα ἐνεργεῖ τὸ ἓν καὶ τὸ αὐτὸ πνεῦμα, διαιροῦν ἰδίᾳ ἑκάστῳ καθὼς βούλεται.
12 ১২ কিয়নো যেনেকৈ শৰীৰ এক আৰু তাৰ অঙ্গ-প্ৰত্যঙ্গ অনেক, কিন্তু সেই শৰীৰৰ সকলো অঙ্গ-প্ৰত্যঙ্গ অনেক হ’লেও এক শৰীৰ হয়, তেনেকৈ খ্ৰীষ্টও।
Καθάπερ γὰρ τὸ σῶμα ἕν ἐστιν καὶ μέλη πολλὰ ἔχει, πάντα δὲ τὰ μέλη τοῦ σώματος πολλὰ ὄντα ἕν ἐστιν σῶμα, οὕτως καὶ ὁ Χριστός·
13 ১৩ কাৰণ আমি ইহুদী হওঁ বা গ্ৰীক হওঁ, দাস হওঁ বা স্বাধীন হওঁ, সকলোৱেই এক শৰীৰ হবলৈ এক আত্মাত বাপ্তাইজিত হ’লোঁ; আৰু সকলোৱে এক আত্মা পান কৰিবলৈ পালোঁ।
καὶ γὰρ ἐν ἑνὶ πνεύματι ἡμεῖς πάντες εἰς ἓν σῶμα ἐβαπτίσθημεν, εἴτε Ἰουδαῖοι εἴτε Ἕλληνες, εἴτε δοῦλοι εἴτε ἐλεύθεροι, καὶ πάντες ἓν πνεῦμα ἐποτίσθημεν.
14 ১৪ কিয়নো শৰীৰ এক অঙ্গ নহয়, কিন্তু অনেক।
καὶ γὰρ τὸ σῶμα οὐκ ἔστιν ἓν μέλος ἀλλὰ πολλά.
15 ১৫ ভৰিয়ে যদি কয়, মই হাত নোহোৱা কাৰণে শৰীৰৰ অংশ নহওঁ, তেনেহলে সি সেই কাৰণে শৰীৰৰ অংশ নহয়, এনে নহয়।
ἐὰν εἴπῃ ὁ πούς, ὅτι οὐκ εἰμὶ χείρ, οὐκ εἰμὶ ἐκ τοῦ σώματος, οὐ παρὰ τοῦτο οὐκ ἔστιν ἐκ τοῦ σώματος·
16 ১৬ আৰু কাণেও যদি কয়, মই চকু নোহোৱা কাৰণে শৰীৰৰ অংশ নহওঁ, তেনেহলে সি সেই কাৰণে যে শৰীৰৰ অংশ নহয়, এনে নহয়।
καὶ ἐὰν εἴπῃ τὸ οὖς, ὅτι οὐκ εἰμὶ ὀφθαλμός, οὐκ εἰμὶ ἐκ τοῦ σώματος, οὐ παρὰ τοῦτο οὐκ ἔστιν ἐκ τοῦ σώματος·
17 ১৭ গোটেই শৰীৰেই চকু হোৱা হ’লে, শ্ৰৱণ ক’ত হ’লহেঁতেন? আৰু গোটেইটো শ্ৰৱণ হোৱা হ’লে, ঘ্ৰাণ ক’ত হ’লহেঁতেন?
εἰ ὅλον τὸ σῶμα ὀφθαλμός, ποῦ ἡ ἀκοή; εἰ ὅλον ἀκοή, ποῦ ἡ ὄσφρησις;
18 ১৮ কিন্তু এতিয়া ঈশ্বৰে নিজ ইচ্ছামতে অঙ্গ-প্ৰত্যঙ্গবোৰক, এনে কি, সেইবোৰৰ প্ৰত্যেকক শৰীৰত লগাই দিলে।
νυνὶ δὲ ὁ θεὸς ἔθετο τὰ μέλη, ἓν ἕκαστον αὐτῶν, ἐν τῷ σώματι καθὼς ἠθέλησεν.
19 ১৯ নতুবা আটাইবোৰ অঙ্গ-প্ৰত্যঙ্গ এক অঙ্গ হোৱা হ’লে, তেনেহলে শৰীৰ ক’ত হ’লহেঁতেন?
εἰ δὲ ἦν τὰ πάντα ἓν μέλος, ποῦ τὸ σῶμα;
20 ২০ কিন্তু এতিয়া অনেক অঙ্গ-প্ৰত্যঙ্গ হলেও, শৰীৰ এক।
νῦν δὲ πολλὰ μὲν μέλη, ἓν δὲ σῶμα.
21 ২১ আৰু তোমাত মোৰ প্ৰয়োজন নাই বুলি চকুৱে হাতক ক’ব নোৱাৰে; বা তোমালোকত মোৰ প্ৰয়োজন নাই বুলি মূৰে ভৰি দুখনক ক’ব নোৱাৰে।
οὐ δύναται δὲ ὁ ὀφθαλμὸς εἰπεῖν τῇ χειρί, χρείαν σου οὐκ ἔχω, ἢ πάλιν ἡ κεφαλὴ τοῖς ποσίν, χρείαν ὑμῶν οὐκ ἔχω·
22 ২২ কওক ছাৰি, শৰীৰৰ যি যি অঙ্গ আন অঙ্গতকৈ দূৰ্বল বোধ হয়, সেই সকলো অঙ্গ-প্ৰত্যঙ্গও প্ৰয়োজনীয়হে হয়
ἀλλὰ πολλῷ μᾶλλον τὰ δοκοῦντα μέλη τοῦ σώματος ἀσθενέστερα ὑπάρχειν ἀναγκαῖά ἐστιν,
23 ২৩ শৰীৰৰ যি যি অঙ্গ আনতকৈ অনাদৰণীয় জ্ঞান কৰোঁ, সেইবোৰক অধিক আদৰেৰে ভূষিত কৰোঁ;
καὶ ἃ δοκοῦμεν ἀτιμότερα εἶναι τοῦ σώματος, τούτοις τιμὴν περισσοτέραν περιτίθεμεν, καὶ τὰ ἀσχήμονα ἡμῶν εὐσχημοσύνην περισσοτέραν ἔχει,
24 ২৪ আৰু আমাৰ কুৰূপ অঙ্গবোৰেও অধিক শোভা পায়। কিন্তু আমাৰ সুৰূপ অঙ্গবোৰৰ একো প্ৰয়োজন নাই।
τὰ δὲ εὐσχήμονα ἡμῶν οὐ χρείαν ἔχει. ἀλλὰ ὁ θεὸς συνεκέρασεν τὸ σῶμα, τῷ ὑστερουμένῳ περισσοτέραν δοὺς τιμήν,
25 ২৫ কিন্তু শৰীৰত যেন বিভেদ নহয়, বৰং অঙ্গ-প্ৰত্যঙ্গবোৰে পৰস্পৰে হিত চিন্তা কৰে, এই কাৰণে ঈশ্বৰে অনাদৰণীয়টোক অধিক আদৰণীয় কৰি, শৰীৰ সংগঠিত কৰিলে।
ἵνα μὴ ᾖ σχίσματα ἐν τῷ σώματι, ἀλλὰ τὸ αὐτὸ ὑπὲρ ἀλλήλων μεριμνῶσιν τὰ μέλη.
26 ২৬ তাতে এক অঙ্গই দুখ পালে, তাৰে সৈতে সকলো অঙ্গ-প্ৰত্যঙ্গই দুখ পায়; আৰু এক অঙ্গই মৰ্যদা পালে, তাৰে সৈতে সকলো অঙ্গ-প্ৰত্যঙ্গই আনন্দ কৰে।
καὶ εἴτε πάσχει ἓν μέλος, συνπάσχει πάντα τὰ μέλη· εἴτε δοξάζεται μέλος, συνχαίρει πάντα τὰ μέλη.
27 ২৭ আপোনালোক খ্ৰীষ্টৰ শৰীৰ আৰু একো একোজনেই এক এক অঙ্গ স্বৰূপ।
ὑμεῖς δέ ἐστε σῶμα Χριστοῦ καὶ μέλη ἐκ μέρους.
28 ২৮ আৰু ঈশ্বৰে মণ্ডলীত প্ৰথমে পাঁচনি সকলক, দ্বিতীয়তে ভাববাদী সকলক, তৃতীয়তে উপদেশক সকলক স্থাপন কৰিলে; তাৰ পাছত পৰাক্ৰম কাৰ্যবোৰ, তাৰ পাছত সুস্থ কৰিব পৰা বৰ, উপকাৰ, শাসন-পদ আৰু নানা ভাষা দিলে।
καὶ οὓς μὲν ἔθετο ὁ θεὸς ἐν τῇ ἐκκλησίᾳ πρῶτον ἀποστόλους, δεύτερον προφήτας, τρίτον διδασκάλους, ἔπειτα δυνάμεις, ἔπειτα χαρίσματα ἰαμάτων, ἀντιλήμψεις, κυβερνήσεις, γένη γλωσσῶν.
29 ২৯ সকলোৱেই পাঁচনি নে? সকলোৱেই ভাববাদী নে? সকলোৱেই উপদেশক নে? সকলোৱেই পৰাক্ৰম কাৰ্য কৰোঁতা নে?
μὴ πάντες ἀπόστολοι; μὴ πάντες προφῆται; μὴ πάντες διδάσκαλοι; μὴ πάντες δυνάμεις;
30 ৩০ সকলোৱেই সুস্থ কৰিব পৰা বৰ পাইছে নে? সকলোৱেই পৰভাষা কয় নে? সকলোৱেই অৰ্থ বুজাই দিয়ে নে?
μὴ πάντες χαρίσματα ἔχουσιν ἰαμάτων; μὴ πάντες γλώσσαις λαλοῦσιν; μὴ πάντες διερμηνεύουσιν;
31 ৩১ কিন্তু উত্তম উত্তম বৰলৈ হাবিয়াহ কৰা; তথাপি তাতকৈয়ো এক উত্তম পথ মই আপোনালোকক দেখুৱাওঁ।
ζηλοῦτε δὲ τὰ χαρίσματα τὰ μείζονα. καὶ ἔτι καθ’ ὑπερβολὴν ὁδὸν ὑμῖν δείκνυμι.

< ১ কৰিন্থীয়া 12 >